সমললৈ যাওক

ছিক্কিমৰ জিলাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(List of districts of Sikkimৰ পৰা পুনঃনিৰ্দেশিত)
A clickable map of Sikkim exhibiting its six districts.
A clickable map of Sikkim exhibiting its six districts.

ছিক্কিম (ইংৰাজী: Sikkim) (শুনক) হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত ভাৰতবৰ্ষৰ এখন ৰাজ্য। | এই ৰাজ্যখন ছখন জিলাত ভাগ কৰা হৈছে। এই ছখন জিলা হৈছে গেংটক, মাংগন, নামছি, গেইজিঙ, পাকয়ং আৰু ছৰেং। [1] কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া জিলা উপায়ুক্তই এই জিলা সমূহ পৰিচালনা কৰে। এই জিলা সমূহ পুনৰ মহকুমাত ভাগ কৰা হৈছে। ৰাজ্যখনৰ বহুতো অংশ ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা নিয়ন্ত্ৰিত। কাৰণ, ছিক্কিমত চীনৰ লগত বহুতো স্পৰ্শকাতৰ সীমান্তৱৰ্তী এলেকা আছে। বহুতো অঞ্চল বিদেশী লোকৰ বাবে নিষিদ্ধ কৰা আছে আৰু সেই ঠাই সমূহ ভ্ৰমণ কৰিবৰ বাবে বিশেষ চৰকাৰী অনুমতিৰ প্ৰয়োজন। ছিক্কিমত সৰ্বমুঠ ৮খন চহৰ আৰু ৯টা মহকুমা আছে।

ছিক্কিমত আগতে চাৰিখন জিলা আছিল। ২১ ডিচেম্বৰ ২০২১ চনত ছিক্কিমৰ চৰকাৰে ২খন নতুন জিলা গঠনৰ কথা ঘোষণা কৰে আৰু আগৰ ৪খন জিলাৰ নাম সলনি কৰে।[2]

ছিক্কিমৰ জিলা কেইখন হৈছে:


#
ক'ড[3]
জিলা[4]
সদৰ
জনসংখ্যা (২০১১)
(2011)
মাটিকালি (বৰ্গ কিঃমিঃ)
ঘনত্ব (/বৰ্গ কিঃমিঃ)[4]
চৰকাৰী ৱেবচাইট
মানচিত্ৰ
ESগেংটকগেংটক২৮১,২৯৩৯৫৪২৯৫ gangtokdistrict.nic.in
NSমাংগনমাংগন৪৩,৩৫৪৪,২২৬১০ mangan.nic.in
PSপাকয়ংপাকয়ং৭৪,৫৮৩৪০৪১৮০
SGSছৰেংছৰেং৬৪,৭৬০২৯৩২২১ soreng.nic.in
SSনামছিনামছি১৪৬,৭৪২৭৫০১৯৬ namchi.nic.in
WSগেইজিঙগেইজিঙ১৩৬,২৯৯১,১৬৬১১৭ gyalshing.nic.in


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]