মাধুৰী কানিটকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Madhuri Kanitkarৰ পৰা পুনঃনিৰ্দেশিত)
লেফ্টটেনেণ্ট জেনেৰেল
মাধুৰী কানিটকৰ
এভিএছএম, ভিএছএম

মাধুৰী কানিটকৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা অতি বিশিষ্ট সেৱা মডেল প্ৰাপ্ত কৰা মুহূৰ্ত
জন্ম ১৯৬০
ধাৰৱাড, কৰ্ণাটক
আনুগত্য  ভাৰত
চাকৰি/শাখা ভাৰতীয় থলসেনা
চাকৰিৰ কাৰ্যকাল ১৯৮২ – বৰ্তমান
পদমৰ্যদা লেফ্টটেনেণ্ট জেনেৰেল
পুৰস্কাৰ অতি বিশিষ্ট সেৱা মডেল
বিশিষ্ট সেৱা মডেল

লেফ্টটেনেণ্ট জেনেৰেল (ড॰) মাধুৰী কানিটকৰ (ইংৰাজী: Madhuri Kanitkar), এভিএছএম, ভিএছএম এগৰাকী ভাৰতীয় থল সেনাৰ বিষয়া। লেফ্টটেনেণ্ট জেনেৰেল পুনিতা অৰোৰা আৰু এয়াৰ মাৰ্শ্বাল পদ্মাৱতী বন্দ্যোপাধ্যায়ৰ পিছত তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তৃতীয় মহিলা যি তিনিতাৰকা পদলৈ উন্নীত হৈছিল।[1] তেওঁ বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানৰ অধীনত ইণ্টিগ্ৰেটেড ডিফেন্স ষ্টাফৰ (চিকিৎসা) উপ-প্ৰধান হিচাপে কৰ্মৰত।[2] কানিটকৰে প্ৰধানমন্ত্ৰীৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন উপদেষ্টা পৰিষদৰ লগতো জড়িত।[3]

তেওঁৰ স্বামী লেফ্টটেনেণ্ট জেনেৰেল ৰাজীৱ কানিটকৰ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া। তেওঁ শেষবাৰৰ বাবে ভাৰতীয় সেনাৰ কোৱাৰ্টাৰমাষ্টাৰ জেনেৰেল হিচাপে সেৱা আগবঢ়াইছিল। তেওঁলোক হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰথমহাল দম্পতী যিয়ে তিনি তাৰকা পদবী লাভ কৰিছে।[4]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

তেওঁ ১৯৬০ চনত কৰ্ণাটকৰ ধাৰৱাদত মহাৰাষ্ট্ৰীয়ান ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ আইতা আৰু ককাদেউতাক দুয়োগৰাকী চিকিৎসক আছিল।[5] তেওঁ ১৯৭৮ চনত পুনেৰ সশস্ত্ৰ বাহিনী চিকিৎসা মহাবিদ্যালয়ত যোগদান কৰে। তেওঁ এমবিবিএছৰ তিনিটা পৰ্যায়ত পুনে বিশ্ববিদ্যালয়ত প্ৰথম স্থান লাভ কৰিছিল। শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে কলিংগ ট্ৰফীৰ উপৰিও শিক্ষা আৰু পাঠ্যক্ৰমৰ বাহিৰা কাৰ্যৰ বাবে স্নাতক শাখাৰ শ্ৰেষ্ঠ বিদায়ী শিক্ষাৰ্থীৰ হিচাপে ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক প্ৰদান কৰা হৈছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

মাধুৰী কানিটকাৰে ১৯৮২ চনৰ ডিচেম্বৰ মাহত আৰ্মী মেডিকেল কৰ্পছত যোগদান কৰে। তেওঁ ১৯৯০ চনত স্নাতকোত্তৰ সম্পূৰ্ণ কৰিছিল আৰু এগৰাকী শিশু চিকিৎসাৰ বিশেষজ্ঞ হিচাপে ডিগ্ৰী অৰ্জন কৰিছিল। তেওঁ নতুন দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত পেডিয়াট্ৰিক নেফ্ৰোলজিত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। কানিটকৰে ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় চিকিৎসালয়, ছিংগাপুৰ আৰু গ্ৰেট অৰমণ্ড ষ্ট্ৰীট হস্পিটেল, লণ্ডন আৰু চিকিৎসা শিক্ষাত এফএআইএমইআৰ ফেলোশ্বিপ সম্পূৰ্ণ কৰিছে।[6]

তেওঁ পুনেৰ সশস্ত্ৰ বাহিনী চিকিৎসা মহাবিদ্যালয়ত শিশু ৰোগ বিভাগৰ অস্থায়ী সহযোগী অধ্যাপক হিচাপে যোগদান কৰে। ইয়াৰ লগতে তেওঁ মহাবিদ্যালয়খনৰ অস্থায়ী অধ্যাপক আৰু মুৰব্বী অধ্যাপকো আছিল। তেওঁ আৰ্মী কলেজ অৱ মেডিকেল চাইন্সেচ আৰু সেনা চিকিৎসালয়ত অধ্যাপক হিচাপেও কাম কৰিছিল। তেওঁ আৰ্মী মেডিকেল কৰ্পছত প্ৰথম পেডিয়াট্ৰিক নেফ্ৰোলজি সেৱা স্থাপন কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল আৰু ভাৰতীয় শিশু চিকিৎসা বিজ্ঞান সমাজৰ সভাপতি পদতো অধিষ্ঠিত হৈছিল।[7] তেওঁ নতুন দিল্লীৰ কাৰ্যালয়ত সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাৰ উপ সঞ্চালক হিচাপে কৰ্মৰত আছিল।

২০১৭ চনৰ ২৮ জানুৱাৰী তাৰিখে তেওঁ পুনেৰ মাতৃশিক্ষানুষ্ঠান সশস্ত্ৰ বাহিনী চিকিৎসা মহাবিদ্যালয়ৰ ডিন আৰু ডেপুটি কমাণ্ডেণ্টৰ কাৰ্যভাৰ গ্ৰহণ কৰে।[8] তাৰ পিছত তেওঁ উধামপুৰৰ উত্তৰ কমাণ্ডত মুখ্য জেনেৰেল মেডিকেল হিচাপে কাম কৰিছিল।[9]

২০২০ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে তেওঁক লেফ্টটেনেণ্ট জেনেৰেল পদলৈ উন্নীত কৰা হয়। ভাৰতীয় থলসেনাৰ এই পদবী লাভ কৰা তেওঁ দ্বিতীয় গৰাকী মহিলা।[10][11]

পুৰস্কাৰ আৰু সন্মান[সম্পাদনা কৰক]

মাধুৰী কানিটকৰক জিঅ'চি-ইন-চি প্ৰশংসা কাৰ্ড প্ৰদান কৰা হৈছে আৰু পাঁচবাৰ সেনা প্ৰধানৰ প্ৰশংসা কাৰ্ড প্ৰদান কৰা হৈছে।[12]

তেওঁক ২০১৪ চনত বিশিষ্ট সেৱা পদক আৰু ২০১৮ চনত আতি বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছিল।[13]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Meet Dr. Madhuri Kanitkar: 3rd woman to hold Lieutenant General rank - Breaking the glass ceiling in Indian Army". The Economic Times. https://economictimes.indiatimes.com/news/defence/meet-major-general-madhuri-kanitkar-3rd-woman-to-hold-lieutenant-general-rank/other-woman-rank-holders/slideshow/74472925.cms. 
  2. Service, Tribune News. "Madhuri Kanitkar becomes third woman to assume rank of lieutenant general" (en ভাষাত). Tribuneindia News Service. https://www.tribuneindia.com/news/madhuri-kanitkar-becomes-third-woman-to-assume-rank-of-lieutenant-general-50316. 
  3. "Prime Minister's Science, Technology and Innovation Advisory Council (PM-STIAC) | Office of the Principal Scientific Adviser". psa.gov.in. Archived from the original on 2020-08-11. https://web.archive.org/web/20200811153921/http://psa.gov.in/prime-ministers-science-technology-and-innovation-advisory-council-pm-stiac। আহৰণ কৰা হৈছে: 2021-02-18. 
  4. An, Akriti; DelhiFebruary 29, New; February 29, New; Ist, New. "Major General Madhuri Kanitkar becomes third woman to hold lieutenant general rank" (en ভাষাত). India Today. https://www.indiatoday.in/india/story/major-madhuri-kanitkar-becomes-third-woman-indian-army-lieutenant-general-rank-1651187-2020-02-29. 
  5. Gupta, Poorvi (5 March 2020). "She Defied Her Father To Join The Army. Meet Lt Gen Madhuri Kanitkar". SheThePeople TV. Archived from the original on 30 September 2020. https://web.archive.org/web/20200930151524/https://www.shethepeople.tv/top-stories/opinion/meet-lt-gen-madhuri-kanitkar-interview/। আহৰণ কৰা হৈছে: 18 February 2021. 
  6. "Welcome to Armed Forces Medical College". 2 January 2019. https://www.afmc.nic.in/Departments/Administration/officeofdean.html. 
  7. "Welcome to Armed Forces Medical College". 2 January 2019. https://www.afmc.nic.in/Departments/Administration/officeofdean.html. 
  8. "Welcome to Armed Forces Medical College". 2 January 2019. https://www.afmc.nic.in/Departments/Administration/officeofdean.html. 
  9. "Madhuri Kanitkar Makes It to the Rank Of Lieutenant General". SheThePeople TV. 2 March 2020. https://www.shethepeople.tv/news/madhuri-kanitkar-lieutenant-general-third-woman-to-do-so. 
  10. An, Akriti; DelhiFebruary 29, New; February 29, New; Ist, New. "Major General Madhuri Kanitkar becomes third woman to hold lieutenant general rank" (en ভাষাত). India Today. https://www.indiatoday.in/india/story/major-madhuri-kanitkar-becomes-third-woman-indian-army-lieutenant-general-rank-1651187-2020-02-29. 
  11. "Madhuri Kanitkar Makes It to the Rank Of Lieutenant General". SheThePeople TV. 2 March 2020. https://www.shethepeople.tv/news/madhuri-kanitkar-lieutenant-general-third-woman-to-do-so. 
  12. "Welcome to Armed Forces Medical College". 2 January 2019. https://www.afmc.nic.in/Departments/Administration/officeofdean.html. 
  13. "LIST OF PERSONNEL BEING CONFERRED GALLANTRY AND DISTINGUISHED AWARDS ON THE OCCASION OF REPUBLIC DAY-2018". pibphoto.nic.in. http://pibphoto.nic.in/documents/rlink/2018/jan/i201812501.htm.