মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Ministry of Women and Child Developmentৰ পৰা পুনঃনিৰ্দেশিত)
মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়, ভাৰত চৰকাৰ

ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
সংস্থাৰ ৰূপৰেখা
ক্ষেত্ৰাধিকাৰ ভাৰতভাৰত
মুখ্য কাৰ্যালয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়
শাস্ত্ৰী ভৱন,
ডঃ ৰাজেন্দ্ৰ প্ৰসাদ মাৰ্গ
নতুন দিল্লী
বাৰ্ষিক বাজেট ২৪,৭০০ কোটি (৩.৪৬ বিলিয়ন ডলাৰ) (২০১৮-১৯ আনুমানিক)[1]
দায়বদ্ধ মন্ত্ৰী স্মৃতি ইৰানী, মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়
ৱেবছাইট wcd.nic.in ৰাজ্যিক মন্ত্ৰী এম. বীৰেন্দ্ৰ কুমাৰ[2]

মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয় ভাৰত চৰকাৰৰ অন্তৰ্গত এখন মন্ত্ৰণালয়। মহিলা আৰু শিশুৰ সৰ্বাংগীন উন্নয়নৰ বাবে ২০০৬ চনৰ ৩০ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে এই মন্ত্ৰণালয় গঠন কৰিছিল। ভাৰতত মহিলা আৰু শিশুৰ বিকাশৰ বাবে গ্ৰহণ কৰা নীতি আৰু আইন সমূহ এই মন্ত্ৰণালয়ে প্ৰস্তুত কৰে। বৰ্তমান মহিলা আৰু শিশুৰ বিকাশ মন্ত্ৰী হৈছে স্মৃতি ইৰানী। ২০১৪ চনৰ মে' মাহৰ পৰা তেওঁ এই পদত অধিষ্ঠিত হৈ আছে।

ইতিহাস[সম্পাদনা কৰক]

মহিলা আৰু শিশুৰ বিকাশৰ বাবে ১৯৮৫ চনত এই বিভাগটো সৃষ্টি কৰা হৈছিল। প্ৰথমে ই মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ অধীনত আছিল। পিছলৈ ২০০৬ চনৰ ৩০ জানুৱাৰী তাৰিখে এই বিভাগে সুকীয়া মন্ত্ৰণালয়ৰ মৰ্যদা লাভ কৰে। তেতিয়াৰে পৰা এই মন্ত্ৰণালয়ে মহিলা আৰু শিশুৰ বিকাশৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈ আহিছে।[3]

নীতিসমূহ[সম্পাদনা কৰক]

শিশু আৰু মহিলাৰ সৰ্বাংগীন বিকাশৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে বিভিন্ন নীতি হাতত লয়। ই পৃথিৱীৰ সৰ্ববৃহৎ সংযুক্ত শিশু বিকাশ সেৱাৰ কাৰ্যসূচী চলায়। ইয়াৰ লগত জড়িত বিষয়সমূহ হৈছে পৰিপুষ্টি, সম্পূৰ্ণ টীকাকৰণ, স্বাস্থ্য সেৱা, অংগনবাদী আৰু অনানুষ্ঠানিক শিক্ষা। ইয়াৰ লগতে মন্ত্ৰণালয়ে বহুতো ক্ষেত্ৰ ভিত্তিক প্ৰকল্পৰ কামকাজ চলায়। বেছিভাগ প্ৰকল্প আৰু আঁচনি বেচৰকাৰী সংগঠনৰ সহায়ত সম্পাদন কৰা হয়। ইয়াৰ উল্লেখযোগ্য নীতি সমূহ হ'ল সংযুক্ত শিশু বিকাশ সেৱা, কিশোৰী সকলৰ বাবে পৰিপুষ্টিৰ আঁচনি কিশোৰী শক্তি যোজনা, শিশু অধিকাৰ ৰক্ষা কৰিবলৈ আয়োগ গঠন কৰা আৰু মহিলাক ঘৰুৱা হিংসাৰ পৰা ৰক্ষা কৰিবলৈ আইন প্ৰণয়ন।[3]

নাৰী শক্তি পুৰস্কাৰ[সম্পাদনা কৰক]

নাৰী শক্তি পুৰস্কাৰ মহিলায়ে আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে প্ৰদান কৰা বঁটা। সৰ্বমুঠ ছয়টা শিতানত এই বঁটা প্ৰদান কৰা হয়। কঠিন পৰিস্থিতিৰ মাজতো মহিলায়ে অদম্য সাহসৰ বলত ব্যক্তিগত, সামাজিক আৰু পেছাদাৰী জীৱনত উৎকৃষ্ট ফলাফল দেখুৱা নাৰীক এই বঁটা প্ৰদান কৰা হয়। লগতে মহিলা সবলীকৰণ আৰু মহিলাৰ সামাজিক স্থিতিৰ উন্নতি সাধন কৰাৰ স্বীকৃতি স্বৰূপ পুৰুষ আৰু মহিলা উভয়কে এই বঁটা প্ৰদান কৰা হয়।[4]

১৯৯১ চনত পোন প্ৰথম বাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। সেই বছৰৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৮ মাৰ্চ তাৰিখে নতুন দিল্লীভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটাৰ শুভাৰম্ভভণি কৰে। তেতিয়াৰে পৰা প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখে এই বঁটা প্ৰদান কৰা হয়। পূৰ্বতে এই বঁটাৰ নাম স্ত্ৰী শক্তি পুৰস্কাৰ আছিল। পিছলৈ ইয়াৰ নাম নাৰী শক্তি পুৰস্কাৰ কৰা হল। এই বঁটাৰ লগতে পূৰ্বতে ১ লাখ টকা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰা হৈছিল। বৰ্তমান ইয়াৰ অৰ্থমুল্য ৩ লাখ টকা কৰা হল।[5]

মন্ত্ৰী সমূহৰ তালিকা[সম্পাদনা কৰক]

  • মেনকা গান্ধী, ২০১৪ চনৰ জুলাই মাহৰ পৰা বৰ্তমানলৈকে
  • কৃষ্ণা ত্ৰিপাঠী, ২০০৯ চনৰ মে' মাহৰ পৰা ২০১৪ চনৰ মে' মাহলৈ

তথ্য উৎস[সম্পাদনা কৰক]

  1. "DEMAND NO. 98 : Ministry of Women and Child Development" (PDF). Indiabudget.gov.in. http://www.indiabudget.gov.in/ub2018-19/eb/sbe98.pdf। আহৰণ কৰা হৈছে: 15 September 2018. 
  2. "Meet the Minister of State - Ministry of Women & Child Development - GoI". WCD.NIC.IN. http://wcd.nic.in/about-us/meet-minister-state। আহৰণ কৰা হৈছে: 15 September 2018. 
  3. 3.0 3.1 "Homepage : Ministry of Women & Child Development". Wcd.nic.in. http://wcd.nic.in/। আহৰণ কৰা হৈছে: 15 September 2018. 
  4. "Stree Shakti Puraskar". Ministry of Women and Child Development. http://wcd.nic.in/schemes/StreeShaktiPurashkar.pdf। আহৰণ কৰা হৈছে: 2014-03-14. 
  5. "Press Information Bureau". Government of India. http://pib.nic.in/newsite/PrintRelease.aspx?relid=158917। আহৰণ কৰা হৈছে: 2017-03-07. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]