ষ্টিফেন হকিং
ষ্টিৱেন হকিং | |
---|---|
![]() Stephen Hawking at NASA, 1980s | |
জন্ম | ষ্টিৱেন ৱিলিয়াম হকিং জানুৱাৰী ৮ , ১৯৪২ অক্সফোৰ্ড, ইংলেণ্ড |
মৃত্যু | মাৰ্চ ১৪ , ২০১৮ (৭৬ বছৰ) কেম্ব্ৰিজ, ইংলেণ্ড |
বাসস্থান | যুক্তৰাজ্য |
জাতীয়তা | ব্ৰিটিছ |
ক্ষেত্ৰ |
|
প্ৰতিষ্ঠান |
|
শিক্ষানুষ্ঠান |
|
ডক্তৰেল পৰামৰ্শদাতা | ডেনিছ চিএমা |
আন academic advisors | ৰবাৰ্ট বেৰমান |
উল্লেখযোগ্য ছাত্ৰ |
|
জনা যায় |
|
প্ৰভাৱ |
|
উল্লেখনীয় বঁটা |
|
দাম্পত্যসঙ্গী |
|
স্বাক্ষৰ![]() |
ষ্টিৱেন ৱিলিয়াম হকিং (ইংৰাজী: Stephen William Hawking; ৮ জানুৱাৰী ১৯৪২ – ১৪ মাৰ্চ ২০১৮) হৈছে এজন তাত্ত্বিক পদাৰ্থবিদ, ব্ৰহ্মাণ্ডবিজ্ঞানী আৰু লেখক। তেওঁৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱৎকালতেই এক অনন্য কিংবদন্তীত পৰিণত কৰিছিল৷ তেওঁ মৃত্যুৰ আগতে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ 'চেণ্টাৰ ফৰ থিওৰেটিকেল কজমলজি'ৰ গৱেষণা পৰিচালক আছিল আৰু ১৯৭৯ চনৰপৰা ২০০৯ চন পৰ্যন্ত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গণিতৰ লুকাচীয় অধ্যাপক আছিল। তেওঁ 'ৰয়েল ছ’ছাইটি অৱ আৰ্টছ'ৰ সন্মানীয় ফেল’, 'পণ্টিফিকেল একাডেমী'ৰ আজীৱন সদস্য, আৰু ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান 'প্ৰেচিডেন্সিয়েল মেডেল অৱ ফ্ৰীডম' সন্মানেৰে ভূষিত কৰা হৈছিল৷ মটৰ নিউৰন ৰোগৰ (ইংৰাজী: Motor neuron disease) দৰে এক মাৰাত্মক ব্যাধিৰ সৈতে সহবাস কৰিও নিজস্ব ইচ্ছাশক্তি আৰু অধ্যৱসায়েৰে বিজ্ঞান জগতত এক চমৎকাৰী সত্বা হিচাপে নিজকে তেওঁ উপস্থাপন কৰিব পাৰিছিল৷
২০১৮ চনৰ ১৪ মাৰ্চ তাৰিখে যুক্তৰাজ্যৰ কেম্ব্ৰিজত অৱস্থিত নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।
জন্ম[সম্পাদনা কৰক]
১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলেণ্ডৰ অ'ক্সফ'ৰ্ডত হকিঙৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ আৰু মাতৃ আছিল ক্ৰমে ড° ফ্ৰেংক হকিং আৰু ইছাবেল হকিং৷[1][2]
শিক্ষা[সম্পাদনা কৰক]
ছেন্ট এলবান হাইস্কুলত শিক্ষা গ্ৰহণ৷ ১৯৬২ চনত অক্সফ’ৰ্ডৰ পৰা বি এ ডিগ্ৰী পোৱাৰ পিছত তাতে তেওঁ মহাকাশ বিজ্ঞান অধ্যয়ন কৰে৷ তেওঁ ক্ৰমে ট্ৰিনিটি হল আৰু কেম্ব্ৰিজত সিদ্ধান্তগত মহাকাশ বিজ্ঞান আৰু অন্তৰীক্ষ বিজ্ঞান অধ্যয়ন কৰে।
কৰ্মজীৱন[সম্পাদনা কৰক]
ষ্টিৱেন হকিঙে প্ৰধানকৈ বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক সূত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ ৰ’জাৰ পেনৰ’জৰ () সৈতে তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰই দৰ্শায় যে মহাকাশ আৰু সময়ৰ আৰম্ভণি বিগ বেঙৰ জৰিয়তে আৰু সমাপ্তি হয় কৃষ্ণ গহ্বৰত৷ তেওঁ বৰ্তমানে চেন্টাৰ ফৰ থিয়ৰিটিকেল কচম’ল’জি, কেম্ব্ৰিজত গৱেষণা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷
মৃত্যু[সম্পাদনা কৰক]
২০১৮ চনৰ ১৪ মাৰ্চ তাৰিখে ইংলেণ্ডৰ কেম্ব্ৰিজত অৱস্থিত নিজা বাসগৃহত তেওঁৰ দেহাৱহান হয়।
গ্ৰন্থৰাজী[সম্পাদনা কৰক]
- A Brief History of Time (১৯৮৮)
- Black Holes and Baby Universes and Other Essays (১৯৯৩)
- The Universe in a Nutshell (২০০১)
- On the Shoulders of Giants (২০০২)
- God Created the Integers: The Mathematical Breakthroughs That Changed History (২০০৫)
- The Dreams That Stuff Is Made of: The Most Astounding Papers of Quantum Physics and How They Shook the Scientific World (২০০১)
- My Brief History (২০১৩)
- Brief Answers to the Big Questions (২০১৮)
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Larsen 2005, পৃষ্ঠা. xiii, 2.
- ↑ Ferguson 2011, পৃষ্ঠা. 21.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ষ্টিফেন হকিং সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আনুষ্ঠানিক ৱেবছাইট
- আমেৰিকা যুক্তৰাষ্ট্ৰৰ C-SPAN-ৰ তথ্যভঁৰালত [1]-ৰ বিষয়ে তথ্য
- ষ্টিফেন হকিং সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ষ্টিফেন হকিং সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
- Works by or about ষ্টিফেন হকিং in libraries (WorldCat catalog)
- ষ্টিফেন হকিং সংগ্ৰহিত বাতৰি আৰু মন্তৱ্য দ্যা গাৰ্জেনত
- ষ্টিফেন হকিং সম্পৰ্কে সংগ্ৰহিত বাতৰি আৰু মন্তৱ্য দ্যা নিউয়ৰ্ক টাইমছৰ সৌজন্যত
- Archival material relating to ষ্টিফেন হকিং listed at the UK National Archives