পৰঘুমা
পৰঘুমা | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Columbiformes |
পৰিয়াল: | Columbidae |
গণ: | Ducula |
প্ৰজাতি: | D. aenea |
বৈজ্ঞানিক নাম | |
Ducula aenea (Linnaeus, 1766) | |
সমাৰ্থক | |
|
পৰঘুমা (ইংৰাজী: Green Imperial Pigeon, বৈজ্ঞানিক নাম-Ducula aenea) কপৌ গোটৰ এবিধ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় দক্ষিণ এছিয়াত ভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি।
বিৱৰণ
[সম্পাদনা কৰক]পৰঘুমাৰ দেহটো থুপুকা। দেহৰ দৈৰ্ঘ্য ৪৫ ছে:মি। দেহটৌৰ বৰণ পাতল নীলা-বেঙুনীয়া। ডেউকা ধাতব সেউজীয়া বৰণৰ। মূৰ অংশ বগা। মতা আৰু মাইকী দুয়োবিধেই দেখিবলৈ একে হয়।
বিতৰণ
[সম্পাদনা কৰক]পৰঘুমা সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত চৰাইৰ প্ৰজাতি। ইয়াক প্ৰধানকৈ বাংলাদেশ, ভূটান, ব্ৰুনেই, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, চিংগাপুৰ, ম্যানমাৰ, ফিলিপাইনছ, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনাম আদিত দেখা পোৱা যায়।
আচৰণ
[সম্পাদনা কৰক]এই চৰাইবিধে উদ্ভিদজাত সামগ্ৰী খাই জীয়াই থাকে। ইয়াৰ উৰণ দ্ৰুত। ই গছত গছৰ ঠানি আদিৰ বাহ সাজি এটা মাত্ৰ বগা কণী পাৰে। ইহঁতে সৰু সৰু জাক গঠন কৰিব পাৰে।
খাদ্য
[সম্পাদনা কৰক]পৰঘুমাই সাধাৰণতে গছৰ ওপৰ অংশ (tree canopy)ৰ পৰা পাত আদি খায়। ইহঁতে সৰু সৰু গোটত চৰে। ইয়াৰ মাতটো গভীৰ আৰু অনুনাদীয় (resonant)।
প্ৰজনন
[সম্পাদনা কৰক]ই এবিধ বনাঞ্চলত বাস কৰা চৰাইৰ প্ৰজাতি। ই গছত ডালৰ টুকুৰা আদিৰে বাহ সাজে, এবাৰত এটাকৈ বগা বৰণৰ কণী পাৰে।
আলোকচিত্ৰৰ ভঁৰাল
[সম্পাদনা কৰক]-
Illustration by Keulemans, 1893
-
Nominate race
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2012). "Ducula aenea". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002715। আহৰণ কৰা হৈছে: 16 July 2012.
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৱিকিমিডিয়া কমন্সত Ducula aenea সম্পৰ্কীয় মিডিয়া ফাইল।