চচমা-চকুৱা বান্দৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
r2.7.1) (ৰবট যোগ দিছে :ca:Langur de Phayre
57 নং শাৰী: 57 নং শাৰী:


[[bn:চশমাপরা হনুমান]]
[[bn:চশমাপরা হনুমান]]
[[ca:Langur de Phayre]]
[[de:Phayre-Brillenlangur]]
[[de:Phayre-Brillenlangur]]
[[en:Phayre's leaf monkey]]
[[en:Phayre's leaf monkey]]

16:13, 28 April 2012ৰ সংস্কৰণ

চচমা-চকুৱা বান্দৰ (Phayre's leaf monkey)[1]
চচমা-চকুৱা বান্দৰ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Cercopithecidae
গণ: Trachypithecus
প্ৰজাতি: T. phayrei
বৈজ্ঞানিক নাম
Trachypithecus phayrei
(Blyth, 1847)
চচমা-চকুৱা বান্দৰৰ বিতৰণ

চচমা-চকুৱা বান্দৰ (ইংৰাজী: Phayre's leaf monkey) দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷ এই প্ৰাণীবিধ সম্পৰ্কে বৈজ্ঞানিক তথ্য এতিয়াও সীমিত৷ এই প্ৰজাতিটোৰ চকুৰ চাৰিওদিশে থকা বগা আঁকটো চছমাৰ দৰে দেখা যায় বাবে ইয়াক চচমা-চকুৱা বান্দৰ বুলি অভিহিত কৰা হয়৷ চোৰাংচিকাৰ আৰু বনাঞ্চল ধ্বংসৰ বাবে এই আপুৰুগীয়া প্ৰাণীবিধৰ জনসংখ্যা দিনে দিনে হ্ৰাস পাই আহিছে৷

দৈহিক গঠন

চচমা-চকুৱা বান্দৰৰ বান্দৰৰ মতা প্ৰাণীৰ দেহৰ ওজন প্ৰায় ৭.৩ কি: গ্ৰা: আৰু মাইকীৰ প্ৰায় ৬.২ কি: গ্ৰা:[3]৷ ইয়াৰ দেহৰ বৰণ ডাঠ নীলা-মটীয়া, পৃষঠ দিশত বগা[4]৷ মূৰ আৰু নেজৰ শেষৰ অংশ দেহৰ বাকীবোৰ অংশতকৈ তুলনামূলকভাৱে ডাঠ৷ বাহু, ঠেং আৰু নেজত ৰূপালী-মটীয়া বৰণ আছে৷[5] ওঁঠ আৰু চকুৰ চাৰিওফালে থকা অঞ্চল বগা হোৱা দেখা যায়৷ পোৱালীবোৰ জন্মতে কমলা বৰণৰ হয় আৰু তিনি বছৰ বয়সৰ পৰা ইঁহতৰ ৰং সলনি হ’বলৈ আৰম্ভ কৰে[6]

বিতৰণ

চচমা-চকুৱা বান্দৰ বাংলাদেশ, বাৰ্মা, চীন, ভাৰতবৰ্ষ, থাইলেণ্ড আৰু ভিয়েটনাম ত বিস্তৃত হৈ আছে[7][8]ভাৰত ত এই প্ৰাণীবিধ ত্ৰিপুৰা, মিজোৰাম আৰু অসমত পোৱা যায়[9][10]অসমকাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ অঞ্চল এই প্ৰাণীৰ প্ৰধান বসতিস্হল [11]৷ চচমা-চকুৱা বান্দৰ প্ৰধানত: চিৰসেউজীয়া অৰণ্যত পোৱা যায়[12] ৷ অসমত এই প্ৰাণীবিধ চিৰসেউজীয়া অৰণ্যৰ বাঁহনিত থকা দেখা যায় [13]

এই প্ৰজাতিৰ তিনিটা উপ-প্ৰজাতি পোৱা যায়৷

  • Trachypithecus phayrei phayrei :

এই উপ-প্ৰজাতিটো পেগুৰ পৰা ত্ৰিপুৰা, দক্ষিণ অসম আৰু বাংলাদেশ পৰ্য্যন্ত বিস্তৃত হৈ আছে৷

  • Trachypithecus phayrei crepusculus :

ইয়াক মুলত: বাংলাদেশ, দক্ষিণ চীন, লাওছ, থাইলেণ্ড, ভিয়েটনাম আদি দেশত পোৱা যায়৷ বাংলাদেশত ই Trachypithecus phayrei phayrei ৰ পৰা দক্ষিণত বিস্তৃত হৈ আছে৷ (Groves, 2001)

  • Trachypithecus phayrei shanicus :

এই উপ-প্ৰজাতিটো উত্তৰ বাৰ্মাৰ পৰা দক্ষিণে চীনলৈকে বিস্তৃত[14]

আচৰণ

চচমা-চকুৱা বান্দৰ মূলত: পাতভোজী প্ৰাণী [15] ,[16]৷ ই মূলত: গছৰ পাত খাদ্য হিচাপে গ্ৰহণ কৰে[17]৷ অসমৰ অৰণ্যত ই প্ৰধানত : বাঁহৰ গাঁজ খোৱা দেখা যায়[18]৷ চচমা-চকুৱা বান্দৰে সাধাৰণতে ৰাতিপুৱা আৰু গধুলি খাদ্য বেছিকৈ খায় ৷ কেতিয়াবা উপ-গোটত ভাগ হৈ খাদ্যৰ সন্ধান কৰে ৷ শীতকালত (৩৬.৯%) গ্ৰীষ্মকাল (৩৩.৬%) আৰু বাৰিষাকাল (৩১.১%) তকৈ অধিক সময় খোৱাত অব্যাহত কৰে [19]

ইহঁতে দল বান্ধি বাস কৰে ৷ একোটা দলত ৩-৩০ টা পৰ্য্যন্ত প্ৰাণী থাকে ৷ শীতকালত ইহঁতে টুপীমূৰীয়া বান্দৰৰ দৰে ৰ’দ লয় [20]

চচমা-চকুৱা বান্দৰে এবাৰত এটাকৈ পোৱালি দিয়ে [21]

স্থিতি তথা সংৰক্ষণ

আই. ইউ. চি. এন. (IUCN) ৰ তালিকাত এই প্ৰাণীবিধক বিলুপ্তপ্ৰায় বুলি ঘোষণা কৰা হৈছে৷

তথ্যসুত্ৰ

  1. Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 178. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100733. 
  2. Bleisch, B., Brockelman, W., Timmins, R. J., Nadler, T., Thun, S., Das, J. & Yongcheng, L. (2008). Trachypithecus phayrei. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 4 January 2009.
  3. Fleagle, J. G. 1988. Primate Adaptation and Evolution. Academic Press: New York.
  4. Choudhury, A. 1987. Notes on the distribution and conservation of Phayre's leaf monkey and hoolock gibbon in India. Tiger Paper. Vol. 14(2), 2-6.
  5. Srivastava, A. 1999. Primates of Northeast India. Megadiversity Press: Bikaner, India.
  6. Srivastava, A. 1999. Primates of Northeast India. Megadiversity Press: Bikaner, India.
  7. Ruggeri, N. and Timmins, R.J. 1995/1996. An initial summary of diurnal primate status in Laos. Asian Primates. Vol. 5(3/4), 1-3.
  8. Stanford, C.B. 1988. Ecology of the capped langur and Phayre's leaf monkey in Bangladesh. Primate Conservation. Vol. 9, 125-128.
  9. Mukherjee, R.P. 1982. Phayre's leaf monkey of Tripura. Journal of the Bombay Natural History Society. Vol. 79(1), 47-56.
  10. Choudhury, A. 1994. Phayre's leaf monkey (Presbytis phayrei) in northeastern India. TigerPaper. Vol. 21(3), 1-4.
  11. Choudhury, A. 1996. Primates in Assam – Status and conservation. TigerPaper. Vol. 23(3), 14-17.
  12. Nisbett, R.A. and Ciochon, R.L. 1993. Primates in northern Viet Nam: A review of the ecology and conservation status of extant species, with notes on Pleistocene localities. International Journal of Primatology. Vol. 14(5), 765-795.
  13. Choudhury, A. 1987. Notes on the distribution and conservation of Phayre's leaf monkey and hoolock gibbon in India. Tiger Paper. Vol. 14(2), 2-6.
  14. Groves, C.P. 2001. Primate Taxonomy. Smithsonian Institute Press: Washington, D.C.
  15. Bose, J. and Bhattacharjee, P.C. 2002. Behavioural profile of a troop of Phayre's leaf monkey (Trachypithecus phayrei) in a fragmented and disturbed habitat, northeast India. (abstract) XIX Congress of the International Primatological Society. Beijing, China, 0287.
  16. Gupta, A. K. and Kumar, A. 1994. Feeding ecology and conservation of the Phayre's leaf monkey Presbytis phayrei in northeast India. Biological Conservation. Vol. 69, 301-306.
  17. Bose, J. and Bhattacharjee, P.C. 2002. Behavioural profile of a troop of Phayre's leaf monkey (Trachypithecus phayrei) in a fragmented and disturbed habitat, northeast India. (abstract) XIX Congress of the International Primatological Society. Beijing, China, 0287.
  18. Srivastava, A. 1999. Primates of Northeast India. Megadiversity Press: Bikaner, India.
  19. Gupta, A. K. and Kumar, A. 1994. Feeding ecology and conservation of the Phayre's leaf monkey Presbytis phayrei in northeast India. Biological Conservation. Vol. 69, 301-306.
  20. Choudhury, A. 1994. Phayre's leaf monkey (Presbytis phayrei) in northeastern India. TigerPaper. Vol. 21(3), 1-4.
  21. Lu, A., Borries, C., Czekala, N.M., and Beehner, J.C. 2010. Reproductive characteristics of wild female Phayre's leaf monkeys. American Journal of Primatology. Vol. 72(12), 1073-1081.