ষ্টিভিয়া
ষ্টিভিয়া | |
---|---|
Stevia rebaudiana ৰ ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
সাম্ৰাজ্য: | Eukaryota |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Asterales |
পৰিয়াল: | Asteraceae |
গোত্ৰ: | Eupatorieae |
গণ: | Stevia Cav. |
Species | |
About 240 species, including:
|
ষ্টিভিয়া (ইংৰাজী: Stevia) এষ্টাৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ উদ্ভিদ। ই দক্ষিণ আমেৰিকাৰ পাৰাগুৱে আৰু ব্ৰাজিল মূলৰ। ইয়াক সাধাৰণতে "Sweet leaf" বুলি জনা যায়। ভাৰতৰ কিছুমান ঠাইত ইয়াক "মধুপত্ৰ" বুলি নামকৰণ কৰিছে। ইয়াৰ পাত চেনিতকৈ ৩০-৪০ শতাংশ মিঠা বাবে চেনিৰ সলনি বহুতো দেশত ব্যৱহাৰ কৰা দেখা যায়। ষ্টিভিয়া বৰ্গৰ অন্তৰ্গত ১৫৪টা সদস্যৰ ভিতৰত অকল ষ্টিভিয়া ৰিবাউডিয়ানা প্ৰজাতিতহে মিঠা গ্লাইক'ছাইড-ষ্টিভিয়ল প্ৰকৃতিগতভাৱে পোৱা যায়। ইয়াৰ পাতৰপৰা নিষ্কাশন কৰি উলিওৱা ষ্টিভিঅ'ছাইড চেনিতকৈ ৩০০-৪০০ গুণ বেছি মিঠা।[1]
ইতিহাস
[সম্পাদনা কৰক]হাবি-বননিত পোৱা ষ্টিভিয়া পাৰাগুৱান-ইণ্ডিয়ানসকলে বহু বছৰৰ পৰা মিঠা হিচাপে ব্যৱহাৰ কৰি আহিছে। বাৰ্টনি (M.S.Bertoni) চাহাবে ১৮৮৭ চনত পাৰাগুৱে ভ্ৰমণ কৰা সময়ত তাৰ বাসিন্দাসকলৰপৰা এইবিধ আচৰিত গছৰ কথা জানিব পাৰি ইউৰোপৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ষ্টিভিয়াৰ ব্যৱসায়িক খেতি ১৯৬৪ চনৰপৰাহে পাৰাগুৱেত আৰম্ভ হয়।[1]
বিৱৰণ
[সম্পাদনা কৰক]ষ্টিভিয়া এবিধ বহুবৰ্ষী সৰু জোপোহা গছ। ই প্ৰায় ৬৫-১০০ চেণ্টিমিটাৰ ওখ হয়। ইয়াৰ পাতবোৰ দীঘে প্ৰায় ৫ চেণ্টিমিটাৰ আৰু বহল প্ৰায় ২ চেণ্টিমিটাৰ। ফুলবোৰ সৰু (৭-১৫ মিলিমিটাৰ),বগা আৰু ইয়াৰ পুষ্প বিন্যাস অনিয়মিত চাইম(irregular cyme)।
ষ্টিভিয়াৰ গুটিবোৰ বৰ সৰু,একনি (achene) লগতে পাখিযুক্ত (feathery pappus) হয়। ষ্টিভিয়া দিপ্লইড (diploid) আৰু ১১যোৰ ক্ৰম'জম যুক্ত। ইয়াৰ মিঠা ৰাসায়নিক চৰিত্ৰৰ কাৰণ ইয়াত থকা ষ্টিভিঅ'ছাইড বুলি ১৯৩১ চনত বিজ্ঞানীসকলে উৎঘাটন কৰে।[1]
কৃষি পদ্ধতি
[সম্পাদনা কৰক]ষ্টিভিয়াৰ খেতি পানী নজমা ওখ যিকোনো মাটিতেই কৰিব পৰা যায়। মাটি দীঘে-পথালিয়ে সমান কৰি ল'ব লাগে। ষ্টিভিয়া গুটিৰপৰা পুলি কৰা কিছু কঠিন। গতিকে কাটিঙৰপৰা ষ্টিভিয়া ৰোৱা হয়। যদি গুটিৰপৰা পুলি কৰা হয় তেতিয়া ট্ৰেত গুটি দি গ্ৰীন হাউচত ৭-৮ সপ্তাহ ৰাখিব লাগে। ষ্টিভিয়াৰ শাৰীৰ মাজত ৬০ চেণ্টিমিটাৰ আৰু পুলিৰ মাজত ৩০ চেণ্টিমিটাৰ পাৰ্থক্য ৰাখিব লাগে।
ইয়াৰ খেতিত সাৰৰ প্ৰয়োজন বৰ বেছি নহয়। সাধাৰণ মাটিত N100 P2 50K2 050 কিল'গ্ৰাম প্ৰতি হেক্টৰ মাটিত প্ৰয়োগ কৰিব লাগে। অপতৃণ,তৃণনাশক দ্ৰব্য ব্যৱস্থা কৰাৰ সলনি হাতেৰে বন উঠোৱা অধিক ফলপ্ৰসূ হয় বুলি জনা যায়। কীট-পতংগৰ ভিতৰত সাধাৰণতে পাত কটা আৰু লুপাৰ পোক অধিক হোৱা দেখা যায়। আনহাতে,গৰু-ছাগলীৰ পৰা এই খেতি সততে আঁতৰত ৰাখিব লাগে। ষ্টিভিয়া ফুলাৰ আগে আগে কাটিলে বা আগবোৰ চিঙিলে অধিক পাত আৰু ষ্টিভিঅ'ছাইড পোৱা যায়। বছৰত ৩-৪ বাৰ ছিঙিব পাৰি। হেক্টৰে প্ৰতি প্ৰায় ২২,০০০ কিল'গ্ৰাম কেঁচা পাতৰপৰা ৬,০০০ কিল'গ্ৰাম শুকান পাত পোৱা যায়। কাটি অনা ডাল-পাতবোৰ লগে লগে শুকাব লাগে।[1]
ব্যৱসায়
[সম্পাদনা কৰক]১৯৭৭ চনৰপৰাই জাপানে ব্যৱসায়িক ভিত্তিত ষ্টিভিয়াৰ খেতি কৰিছে আৰু খাদ্য-দ্ৰব্য,কোমল পানীয় আদিত ব্যৱহাৰ কৰি আহিছে। জাপানে ৪০ শতাংশতকৈ অধিক ষ্টিভিয়াৰ চেনি ব্যৱহাৰ কৰে। এছিয়া মহাদেশৰ চীন,কোৰিয়া,টাইৱান,থাইলেণ্ড,মালয়েছিয়া,ভাৰত আদি দেশত ইয়াৰ ব্যৱসায়িক খেতি কৰিবলৈ লৈছে। বৰ্তমান ষ্টিভিঅ'ছাইড ৰপ্তানি কৰাত চীন দেশ পৃথিৱীৰ ভিতৰত প্ৰথম।[1]
ঔষধি গুণ
[সম্পাদনা কৰক]ষ্টিভিয়া পাতৰ ৰসত বহুবোৰ গুণ আছে। চেনিৰ সলনি ব্যৱহাৰ কৰাৰ উপৰিও ইয়াৰ এণ্টি-বেক্টেৰিয়েল,এণ্টি-ফাংগেল,এণ্টি-ইনফ্ৰেমেটৰি,এণ্টি-মাইক্ৰ'বিয়েল,এণ্টি-ইষ্ট আদি বিশেষ গুণ আছে। ইয়াৰ কাৰ্ড'টনিক ডাইৰেটিক আৰু হাইপ'গ্লাইচেমিক গুণ আছে। সেয়ে মধুমেহ ৰোগীৰ বাবে ই আৰ্শীবাদস্বৰূপ। ইয়াৰ ৰস কটা-চিঙাত ব্যৱহাৰ কৰিলে সোনকালে শুকায়। উচ্চ ৰক্তচাপ আৰু শৰীৰৰ মেদ কমায়। হজম হোৱাত সহায় কৰাৰৰ উপৰিও গেষ্টিক আলচাৰ নিৰাময় কৰে। সাধাৰণ পানী লগাতো ই উপকাৰী। আনকি,ষ্টিভিয়াৰ পাতৰ ৰস ব্যৱহাৰ কৰিলে মদৰ ৰাগী বা ধপাত খোৱা অভ্যাস আঁতৰাব পাৰি।[1]