অসমৰ পৰম্পৰাগত খেল-ধেমালি
সমগ্ৰ পৃথিৱীৰ সকলো জাতিৰ মানুহৰ মাজত থকা আমোদ-প্ৰমোদেই হ’ল নানা ধৰণৰ খেল-ধেমালি। সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি থকাটো দেখা যায়। অসমৰো সকলো জাতি-জনগোষ্ঠীৰ মাজত অতি প্ৰিয় বহুতো খেল-ধেমালি আছে।
খেল-ধেমালিসমূহৰ তালিকা
[সম্পাদনা কৰক]অসমত প্ৰচলিত কিছুমান জনপ্ৰিয় খেল আৰু সেই খেলসমূহৰ তালিকা আৰু বিতং বৰ্ণনা তলত উল্লেখ ক’ৰা হ’ল।
|
|
ভটা-গুটি বা টাং-গুটি
[সম্পাদনা কৰক]ভটা-গুটি এবিধ অতি পুৰনি দিনৰ খেল, নামটো ভটা-গুটি নামেৰেই জনাজাত। অসমৰ কিছুমান ঠাইত ইয়াক টাং-গুটি নামেৰেও জনা যায়। এই খেল চেমনীয়াসকলে গৰুৰ পাল চৰাবলৈ যোৱাৰ সময়ত পথাৰত সমনীয়াহঁতৰ লগত খেলা হয়। এই খেলত ৬ ইঞ্চি মান দীঘল বাঁহ বা কাঠৰ মাৰি এডাল থাকে। প্ৰতিজনে খেলুৱৈ হাতত এডাল বাঁহ বা কাঠৰ দীঘল লাঠী লৈ থাকে। সাধাৰণ বহল খোলা জেগাত এই খেল খেলা হয়। খেলৰ সময়ত মাটিত প্ৰায় ৪ ইঞ্চি মান দ গাত এটা কৰি লোৱা হয়, যাক স্থানবিশেষ গফ/গপ বুলি কোৱা হয়। দুটা দলত বিভক্ত হৈ এই খেল খেলা হয়। প্ৰত্যেক দলতে মুঠ ৬ জনকৈ খেলুৱৈ থাকে। উপস্থিত খেলুৱৈৰ সংখ্যা অনুসৰি সদস্যৰ সংখ্যা বঢ়া-টুটা হ'ব পাৰে। প্ৰত্যেক খেলুৱৈয়ে হাতত বাঁহ বা কাঠৰ এডাল লাঠি লৈ দলত অন্তৰ্ভুক্ত হব লাগে।
হাতীযু্ঁজ
[সম্পাদনা কৰক]হাতীযু্ঁজ আহোম যুগৰ এক উল্লেখযোগ্য খেল । দেওধাই বুৰঞ্জী মতে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা এই খেলৰ প্ৰচলন হয় । যুঁজৰ বাবে হাতীবোৰক কিছুদিন আগৰেপৰা পুৱা-গধূলি বৰা চাউলৰ ভাত আৰু মাটিমাহ খুৱাই সাজু কৰা হৈছিল ।
শেনযুঁজ
[সম্পাদনা কৰক]স্বৰ্গদেউসকলৰ আন এক মনোৰঞ্জনৰ ব্যৱস্থা আছিল শেনযুঁজ । বুৰঞ্জীবিদ হৰকান্ত বৰুৱা সদৰামিনৰ মতে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত সন্দিকৈ ফুকনেই বহৰী শেনৰ খেল উলিয়াই - 'চৈয়দ বাবাকৰ নবাব পৰিলত তাৰ লগৰ মীৰা শেনচোৱাক কুহিশেনে সহিতে ধৰি ৰাখিলে । তাৰেপৰা সৰু শেনৰ খেল চলিল ।
বুলবুলি যুঁজ
[সম্পাদনা কৰক]এই খেল কেৱল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰহে সংস্কৃতি । ইয়াৰ প্ৰৱৰ্তক হেনো কোনোবা ৰজা । মন্দিৰ প্ৰাংগণত মাঘবিহুৰ দিনাই অনুষ্ঠিত হোৱা খেলবিধৰ সম্বন্ধে জনবিশ্বাস হ'ল যে এবাৰ ৰজাই মন্দিৰ দৰ্শন কৰিবলৈ আহোতে এহাল বুলবুলিৰ যুঁজ দেখি মুগ্ধ হয় আৰু তেতিয়াৰে পৰা এই খেলবিধ প্ৰচলন কৰিবলৈ নিৰ্দেশ দিয়ে ।[3]
দাৰিয়া কোৰ্ট খেল
[সম্পাদনা কৰক]এই খেল সাধাৰণতে অসমৰ গাওঁ অঞ্চলত খেলা দেখা যায়। নামনি আৰু উজনি অসমত খেলৰ বিধৰ প্ৰচলন তুলনামুলক ভাবে কম দেখা যায়। ঠাই বিশেষে খেলৰ নাম আৰু নিয়মবোৰো বেলেগ বেলেগ দেখা যায়। খেলৰ সামগ্ৰী বিশেষ একো প্ৰয়োজন নহয়, এই খেলৰ বাবে মাত্ৰ মুকলি পথাৰ বা সমতল মাটিৰহে প্ৰয়োজন হয়। খেলৰ বাবে তলত দিয়া নক্সাৰ দৰে মাটিত ৪টা বা ৬টা কোঠালী সন্নিবিষ্ট দাগ বা চিহ্ন দি লোৱা হয়। দাৰিয়া কোৰ্ট খেলত খেলুৱৈৰ সংখ্যা ন্যূনতম ৬জন আৰু সৰ্বাধিক যুগ্ম সংখ্যক খেলুৱৈ ১০জনলৈকে হ’ব পাৰে।
কণী যুঁজ
[সম্পাদনা কৰক]কণী যুঁজ অসমৰ এটি প্ৰিয় খেল। ব’হাগ বিহুৰ কেইদিনমান আগৰেপৰাই ই আৰম্ভ হৈ বিহু উৰুকালৈকে কণী যুঁজ চলি থাকে। যুঁজত সাধাৰণতে পাতিহাঁহৰ কণীৰে যুঁজাই।[4] খেলাৰুসকলে বিভিন্ন ঠাইৰপৰা টান কণী কিনি আনি যুঁজলৈ সাজু হয়। টান কণীৰ নাম সৈয়া ( বা হৈয়া)। কড়ি অথবা নখেৰে টুকুৰীয়াই কণীৰ কাঠিন্য নিৰূপণ কৰিব লাগে। কণী যুঁজৰ আগতে দুই যুঁজাৰুৰ মাজত ‘দৰ-দাম’ ঠিক কৰা প্ৰয়োজন। ‘দৰ-দাম’ৰ দ্বাৰা কণীৰ জোঙা আৰু বহল- এই ফাল দুটাৰ কোনটোৰ দ্বাৰা কণীক যুঁজোৱা হ’ব তাকেই বুজায়। দৰ-দাম ঠিক হোৱাৰ পিছত এজনে কণীৰ এটা ফালেৰে আনজনৰ কণীটোৰ নিৰ্দিষ্টকৈ দিয়া ফালটোত খুন্দা মাৰি দিয়ে। যাৰ কণী ভাগে, তেওঁ কণীটো কণী নভগাজনক দিব লাগে। কোনো কোনোৱে হাঁহ কণীৰ মাজত দুই এটা কুকুৰা অথবা গিনিফাউলৰ কণী মিহলাই কণী যুঁজায়। পিছত উল্লেখ কৰা কণীসমূহ হেনো পাতিহাঁহৰ কণীতকৈ টান। কোনো কোনোৱে সাত বিহুলৈকে বা হৈয়া কণী নভগাকৈ ৰাখি গৌৰৱৰ ভাগী হয়। এনে কণীক কোৱা হয়- ‘সাত বিহুৰ সৈয়া কণী’। কণী যুঁজত আবাল-বৃদ্ধ-বনিতা সকলোৱে অংশ গ্ৰহণ কৰে।
অনান্য জনপ্ৰিয় খেল
[সম্পাদনা কৰক]ৰছী টনা খেল
[সম্পাদনা কৰক]ৰছী টনা খেলটোও অতীজৰে পৰাই জনপ্ৰিয় খেল। সৰু-ডাঙৰ সকলোৱে এই খেল খেলিব পাৰে, ইয়াত কোনো বয়সৰ সীমা নাই। এই খেলটো সাধাৰণতে অসমৰ মাঘ আৰু ব’হাগ বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা খেল-ধেমালিৰ অংশৰূপে প্ৰায়ে খেলা দেখা যায়।
খেলৰ সামগ্ৰী
[সম্পাদনা কৰক]খেলৰ সামগ্ৰী বুলিবলৈ বিশেষ একো প্ৰয়োজন নহয়, মাত্ৰ এডাল দীঘল (১০ৰ পৰা ১৫মি. মান) মজবুত ৰছীৰ প্ৰয়োজন হয়, যাতে খেল খেলাৰ সময়ত ৰছীডাল চিগি নাযায়।
খেলুৱৈ সংখ্য
[সম্পাদনা কৰক]ৰছীটনা খেলত খেলুৱৈৰ সংখ্যা ৰছীডালৰ কেন্দ্ৰবিন্দুৰ পৰা দুই ফালে সমান সংখ্যক খেলুৱৈ থাকিব লাগিব। দুই ফালে সমান সংখ্যক খেলুৱৈ লৈ দুটা দলত বিভক্ত কৰি লোৱা হয়। এই খেলত কোনো নিদিষ্ট সংখ্যক খেলুৱৈ নাথাকে, মাথোঁ দুয়ো দলত সমান সংখ্যক খেলুৱৈ থাকিব লাগিব। আটাইতকৈ প্ৰয়োজনীয় কথা হল দুয়ো ফালৰ খেলুৱৈ সকল যাতে সমান চেহেৰাৰ অথবা সমান ওজনৰ হয়।
খেলৰ নিয়ম
[সম্পাদনা কৰক]ৰছীটনা খেলৰ খেলুৱৈ সকল দুটা দলত বিভক্ত হৈ ৰছীডালৰ কেন্দৰ পৰা দুই ফালে এটা সমান দুৰত্বত অৱস্থান কৰিবলৈ দিয়া হয়। ৰছীডালৰ কেন্দ্ৰত ঠিক পোনে পোনে মাটিত এটা চিহ্ন দিয়া হয় যাতে কোন দলৰ জোৰ বেচি বা কোন দলে ৰছীডাল নিজৰ ফাললৈ বেছিকৈ টানি নিব পাৰিছে সেইটো সহজেই নিৰুপন কৰিব পাৰি। এতিয়া সকলো সাজু হোৱাৰ পাছত কোনো এজন লোকক (দলৰ বাহিৰৰ) বিচাৰক ৰূপে নিয়োগ কৰি খেল আৰম্ভ কৰা হয়। কোনো কোনো ঠাইত বিচাৰক নোহোৱাকৈও খেল খেলা হয়। বিচাৰক থাকিলে বিচাৰকৰ নিৰ্দ্দেশ ক্ৰমে খেল আৰম্ভ কৰা হয় বা ৰছীডাল দুই দলে দুয়ো ফালে টনা হয়, বিচাৰক নাথাকিলে দুই দলৰ খেলুৱৈ পচন্দৰ মতে দলপতি বাচি লৈ সেই দুই দলপতিৰ নিৰ্দ্দেশ ক্ৰমে খেল খেলা হয়। প্ৰথমে নিৰ্দ্দেশ পোৱাৰ লগে লগে দুই দলে ৰছীডাল যিমান পাৰি টনা-টনি আৰম্ভ কৰি দিয়ে, এনেকৈ টনা-টনি কৰি কেন্দ্ৰৰ পৰা যি দলে ৰছীডাল সৰ্বাধিক দূৰ টানি নিব পাৰিছে সেই দলে এক এককৈ নম্বৰ পায় বুলি ধৰা হয়। এনেকৈ তিনিবাৰলৈ সুবিধা দিয়া হয় এটা দলক, মুঠ তিনিবাৰৰ ভিতৰত যদি এটা দলে সৰ্বাধিক দুবাৰেই ৰছীডাল কেন্দ্ৰৰ পৰা নিজৰ ফাললৈ টানি নিবলৈ সক্ষম হয়, তেনেহলে সেই দলে দুই নম্বৰ পায় আৰু বিপৰীত দলে এক নম্বৰ পায়, এনেকৈ মুঠ তিনিটা ৰাউণ্ডৰ খেল অনুষ্ঠিত হয় আৰু সেই তিনি ৰাউণ্ডৰ ভিতৰত যি দলেই সৰ্বাধিক নম্বৰ আহৰন কৰিবলৈ সক্ষম হয় সেই দলকেই বিজয়ী দল বুলি ঘোষনা কৰা হয়। এই খেলৰ নিয়ম বা খেলৰ নাম ঠাই বিশেষে বেলেগ হব পাৰে।
হাউ খেল
[সম্পাদনা কৰক]প্ৰায় ষাঠিৰ পৰা আশী দশকৰ সময়ছোৱাত অসমৰ নানা প্ৰান্তৰ খেলপথাৰবোৰত হাউ খেলৰ প্ৰচলন আছিল। সেই সময়ৰ ঘাইকৈ গাঁৱলীয়া অঞ্চলবোৰত এই খেলবিধে ডেকা-গাভৰুসকলৰ অৱসৰ বিনোদনৰ লগতে শৰীৰ চৰ্চাৰো এক আমোদজনক মাধ্যম আছিল।[5]
খেলৰ সামগ্ৰী
[সম্পাদনা কৰক]- অলপ বহল ঠাই/ কিছু নিৰ্দ্দিষ্ট সীমা
- এটি ঘাই খুটি বা কেন্দ্ৰ বিন্দু[5]
নিয়মাৱলী
[সম্পাদনা কৰক]- সৰ্বপ্ৰথমে দলটোৰ যিকোনো এজন ( নিজৰ ইচ্ছা মতে) গৈ ঘাই খুটি টোৰ ওচৰত থিয় হ’ব আৰু বাকি কেইজন এটি নিৰ্দ্দিষ্ট দূৰত্বত থাকিব।
- তাৰ পিছত বাকীকেইজনে নিৰ্ধাৰিত কৰা সময় অনুযায়ী ঘাই খুটিটোৰ ওচৰত থকাজনে আনটো পক্ষৰ ওচৰলৈ খেদি যোৱাৰ দৰে যাব লাগে।
- খেদি যোৱাৰ সময়ছোৱাত খেলুৱৈজনে মুখেৰে “হাউ কুট …. হাউ কুট…” বুলি উচ্চাৰণ কৰিহে যাব লাগিব।
- খেদি যোৱা খেলুৱৈজনৰ মুল উদ্দেশ্য হ’ল বিপৰীত দলৰ অতি কমেওঁ এজনক চুই আহি সফলতাৰে নিজৰ ঘাই খুটি পোৱা আৰু যদি তেনে কৰাত ব্যৰ্থ হয় তেন্তে একেজন খেলুৱৈয়ে আকৌ সেই দায়িত্বৰ পুনৰাবৃত্তি কৰিব।
- সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল খেদি যোৱা খেলুৱৈজনে দ্বিতীয় বাৰ উশাহ নোলোৱাকৈয়ে তেওঁৰ দায়িত্ব সম্পন্ন কৰিব লাগিব আৰু যদি খেদি থকা মুহূৰ্ত্তত তেওঁ দ্বিতীয় উশাহ লয় তেতিয়া হ’লেও তেওঁ তেওঁৰ দায়িত্বৰ পুনৰাবৃত্তি কৰিব।
- তদুপৰি বিপক্ষৰো তেওঁক জোৰেৰে ধৰি ৰখাৰ সম্পূৰ্ণ অধিকাৰ থাকে। বিপক্ষৰ উদ্দেশ্য হ’ল; খেদি যোৱাজনক দ্বিতীয়বাৰৰ বাবে উশাহ লবলৈ বাধ্য কৰোৱা।
- অৱশ্যে কোনো কোনো ঠাইত খেলটো খেলোতে মুখেৰে উচ্চাৰণ নকৰাকৈয়ে খেলাৰো দৃষ্টান্ত পোৱা যায়।[5]
বাঘ ঐ … বৰাহ ঐ …
[সম্পাদনা কৰক]আশীৰ দশকৰ পৰা নব্বৈৰ ভাগলৈ নামনি অসমৰ যুৱক-যুৱতী সমূহৰ মাজত বাঘ ঐ .. বৰাহ ঐ… যথেষ্ট জনপ্ৰিয় খেল-ধেমালি আছিল। বিশেষকৈ সৰু ল’ৰা-ছোৱালী সমূহৰ মাজত এই খেলবিধ বৰকৈ জনপ্ৰিয় হৈছিল। ই খেলুৱৈসুলভ প্ৰতিভাৰ বিকাশ ঘটোৱাৰ উপৰিও এক আনন্দময়ী শৰীৰ চৰ্চাৰ মাধ্যম আছিল।[6]
খেলৰ সামগ্ৰী
[সম্পাদনা কৰক]- কৰবী ফুলৰ গুটি (যিহেতু এনে গুটি ডাঙৰ আছিল)
- খেলা ঠাইখিনি অকণমান জঙ্ঘল থকা হ’লে বেছি ভাল।[6]
নিয়মাৱলী
[সম্পাদনা কৰক]- প্ৰথমতে এজনে ফুলৰ গুটি বোৰ লৈ থিয় হ’ব
- কিছু পিছত গুটি বোৰ জংঘল ঠাই খিনিত যেনি তেনিয়ে ছটিয়াই দিব
- তাৰ পিছত আটায়বোৰে মিলি গুটি বোৰ বিচাৰিব
- গুটি বিছাৰি থকা সময়ত প্ৰতিজন খেলুৱৈয়ে “বাঘ ঐ.. বৰাহ ঐ” বুলি মুখেৰে উচ্চাৰণ কৰিব লাগে ( ইয়াৰ দ্বাৰা ইয়াকে সূচোৱা হৈছে যে জংঘলত বাঘো থাকিব পাৰে আৰু বৰাহো থাকিব পাৰে; সেয়েহে গুটিবোৰ বিছাৰোতে সাৱধান হোৱা উচিত )।
- গোটেই কেইজনৰ ভিতৰত যিজন খেলুৱৈয়ে আটাইতকৈ বেছি গুটি সংগ্ৰহ কৰিব পাৰিব তেৱেই পৰৱৰ্তী সময়ত গুটি বোৰ জংঘলত ছটিয়াব পাৰিব।[6]
শিশুৰ খেল-ধেমালী সমূহ
[সম্পাদনা কৰক]শিশু সকলৰ মাজতো বহুতো খেল-ধেমালি দেখা যায়, শিশুৰ এই খেল-ধেমালীবোৰ স্বভাবতেই গীত সমৃদ্ধ হয়। ঠাই বিশেষে শিশুৰ খেল-ধেমালীৰ লগত জডিত গীতবোৰ সুকীয়া সুকীয়া। অসমত প্ৰচলিত কিছুমান শিশুৰ খেল-ধেমালি জনপ্ৰিয় খেল তলত উল্লেখ কৰা হ'ল:
- কপটি বা হৈ গুদু
- কুকুৰা যুঁজ
- ৰজা ৰাণী খেল
কপটি বা হৈ গুদু
[সম্পাদনা কৰক]কপটি বা হৈ গুদু খেলটো অসমৰ গ্ৰামাঞ্চলত শিশু সকলৰ মাজত জনপ্ৰিয়। সাধাৰণতে মুকলি খেলপথাৰত হৈ গুদু খেলা হয়। মাটিত মাজতে এডাল আঁক পাৰি দুফালে দুটা দল হৈ এদলৰ এটাই আন দলটোৰ যিকোনো এজনক একে উশাহতে চুবলৈ যায়। খেদি যোৱা জনৰ মুখত উশাহ নসলোৱাকৈ এটা গীত গাই হাতেৰে চুই সাৰি আহিব পাৰিলেই চুই অহাজন খেলৰ পৰা বাহিৰ হৈ যাব লাগে। লগে লগে আনটো দলৰ এটাই উশাহ নসলোৱাকৈ মুখত আন এটা গীত গাই গাই বিপৰীত দলৰ খেলুৱৈ বোৰক খেদি আহে। এইদৰেই খেল চলি থাকে। যিদলৰে আটাইকেজন খেলুৱৈ মৰি মৰি খেলৰ পৰা বাহিৰ হব, সেইদলটো হাৰিব আৰু আনটো দল জিকিল বুলি ধৰা হয়।
কুকুৰা যুঁজ
[সম্পাদনা কৰক]সৰু লৰা-ছোৱালীৰ মাজত কুকুৰাযুঁজ খেলবিধ খেলা দেখা যায়। সাধাৰণতে ল'ৰাবোৰেহে এই খেলত অংশ লয়। কুকুৰা যুঁজ খেলৰ বাবে কোনো আহিলাৰ প্ৰয়োজন নহয়। সাধাৰণতে খেলুৱৈ সমূহ দুটা দলত ভাগ হয়। দুই দলৰ একো একোজন খেলুৱৈয়ে বাওঁহাত সোঁকান্ধত থৈ সোঁহাতেৰে সোঁভৰি ডাঙি ধৰি ইটোৱে সিটোক খুন্দা মাৰে, এইদৰে খুন্দিয়া খুন্দি লাগি থাকে যেতিয়ালৈকে কোনো এজনৰ হাত সুলকি নপৰে বা বাগৰি নপৰে। যিজনৰ প্ৰথমেই হাত সুলকিব বা বাগৰি পৰিব সেইজন হাৰিল বুলি ধৰা হয় আৰু আনজন জিকিল বুলি ধৰা হয। এইদৰে দুই দলৰে প্ৰতিজনে এজন এজনকৈ যুঁজ লাগে। এটা সময়ত যি দলে বিপক্ষ দলৰ সকলো খেলুৱৈক হৰুৱাবলৈ সক্ষম হৱ সেই দলেই বিজয়ী হল বুলি ধৰা হয়।
ৰজা ৰাণী খেল
[সম্পাদনা কৰক]গ্ৰামাঞ্চলৰ শিশু সকলৰ মাজত আন এবিধ জনপ্ৰিয় খেল হ'ল ৰজা ৰাণী খেল। ৰজা-ৰাণী খেলটি-শিশু সকল এইখেলত দুটা দলহৈ খেলা কোনো খেলৰ বাবে প্ৰথমতে লৰা বা ছোৱালীবোৰ দুভাগ কৰি 'লবলৈ খেলুৱৈ বোৰৰ মাজৰ দুজন ৰজা-ৰাণী হয়। জাকটোৰ বাকীবোৰে দুজন দুজনকৈযোৰ পাতি প্ৰত্যেকেই মনে মনে সোণ-ৰূপ, ফলু-পাত, আদি বিভিন্ন ধৰণৰ নাম লৈ আহি ৰজা-ৰাণীক সোধেহি যে- সোণ লাগে নে ৰূপ লাগে বা ফুল লাগে নে পাত লাগে। ডাকে ডাক সিকে ডাক বুলি কোনো কোনোৱে আকৌ গীত বা যোজনা এফাকি গাই আহে। ৰজাই যদি সোণ লাগে বুলি কয় সোণ নামলৈ অহাজন ৰজাৰ ফালে আৰু ৰূপ নামলৈ অহাজন ৰাণীৰ ফালৰ দলত ভৰ্তি হয়। এইদৰে আটাইকেইটা যোৰা আহি সোধোতে সোধোতে গোটেই খেলুৱৈৰ দলটো দুভাগ হৈ যায়। দুভাগহৈ যোৱাৰ পাছত যি কোনো খেল খেলিবলৈ সুবিধা হয় আৰু দলৰ খেলুৱৈ সকলৰ মাজত কোনো আপত্তি ও নাথাকে। এতিয়া তেওঁলোকে হৈ গুদু, বৌ-গুদু যিকোনো খেল নিজৰ পচন্দ মতে খেলে।
চেংগুটি
[সম্পাদনা কৰক]- খেলৰ সামগ্ৰী
পাঁচটা গুটি (শিলগুটি হ’লে ভাল), খেলুৱৈ দুজন বা ততোধিক।
- নিয়মাৱলী
এই খেলত কিছুমান নিৰ্দিষ্ট ঢাপ (Step) আছে। প্ৰত্যেকটো ঢাপৰ কৌশল বেলেগ বেলেগ। খেলখনত প্ৰায় পাঁচ-ছটা মান ঢাপ থাকে। স্থানভেদে, ঢাপৰ সংখ্যা ভিন ভিন হোৱা দেখা যায়। খেলৰ মাজতে যদি কোনো এটা ঢাপত খেলুৱৈজনে ভুল কৰে, তেতিয়া পৰৱৰ্তী খেলুৱৈজনে খেলিবলৈ সুবিধা পায়। আটাইকেইটা ঢাপ শেষ কৰাৰ পাছত খেলুৱৈজনে একোটা নম্বৰ লাভ কৰে আৰু পুনৰ প্ৰথমটো ঢাপৰ পৰা খেল আৰম্ভ কৰে। এনেদৰেই খেলখন আগবাঢ়ি গৈ থাকে।
খলিগুটি
[সম্পাদনা কৰক]- খেলৰ সামগ্ৰী
পঞ্চাশটা শিলগুটি, দহটা সৰু সৰু গাঁত, দুজন খেলুৱৈ
- নিয়মাৱলী
দুটা শাৰীত পাঁচোটাকৈ মুঠ দহটা সৰু সৰু গাঁত মাটিত খান্দি লোৱা হয়। প্ৰথমতে, প্ৰত্যেকটো গাঁততে পাঁচটাকৈ গুটি ৰখা হয়। এজন খেলুৱৈয়ে নিজৰ ফালে থকা যিকোনো এটা গাঁতৰ পৰা পাঁচোটা শিলগুটি লৈ খেল আৰম্ভ কৰে। খেলুৱৈজনে এই গুটিখিনি পৰৱৰ্তী গাঁতসমূহত বিলাই যায়। এই কাৰ্য তেতিয়ালৈকে চলি থাকে, যেতিয়ালৈকে গুটি বিলাই শেষ হোৱাৰ পিছত পৰৱৰ্তী গাঁতটো খালি থাকে। তেতিয়া খেলুৱৈজনে খালি গাঁতটোৰ পৰৱৰ্তী গাঁতটোৰ গুটিখিনি লাভ কৰে। ইয়াৰ পিছত পিছৰ খেলুৱৈজনে খেল আৰম্ভ কৰে। এনেদৰেই খেলখন আগবাঢ়ি গৈ থাকে।
ঘিলাখেল
[সম্পাদনা কৰক]এই ঘিলাখেল পুৰুষ আৰু তিৰোতা সকলোৱে খেলে। এডোখৰ সমান ঠাইত এটা ঘিলা পাতি ১২ আঙুলৰ আঁতৰে আঁতৰে কেইবাটাও ঘিলা পাতে আৰু তাক নিৰ্দিষ্ট দূৰত্বৰ পৰা ঘিলা এটা দলিয়াই লগাব পাৰিলে ঘিলা পায়। আনহাতে,মাজৰ ঘিলাটোত লাগিলে ঘিলা ভৰিব লাগে। বুৰবুৰি,চেলচেলি,নৰখোৱা,চিউট আদি কৰি বিভিন্ন ধৰণৰ নিয়মৰে ঘিলা মৰা হয়।
কড়িখেল
[সম্পাদনা কৰক]কড়ি খেল অসমৰ এবিধ পৰম্পৰাগত গ্ৰামীণ খেল। অসমৰ লোকসকলে পৰম্পৰাগত ভাৱে বহাগ বিহুৰ সময়ত এই খেল খেলিছিল। কড়ি খেল হৈছে একক বা দলীয়ভাৱে দুজনৰ পৰা দহজনলৈকে খেলিব পৰা একপ্ৰকাৰৰ প্ৰতিযোগিতামূলক খেল। এইখেলত পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰে। ৰঙালী বিহুৰ সময়ত এই খেল এতিয়াও জনপ্ৰিয়। কড়ি খেল ধৰ্মীয়কৃত্যৰ লগত জড়িত আৰু ই প্ৰজননৰ প্ৰতীক হিচাপে অসমীয়া সমাজত গৃহীত। আদিম সমাজত কড়িৰ ওপৰত ধৰ্মীয় গুন আৰোপ কৰা হৈছিল। টাই আহোমসকলৰ ভিতৰ চ’ৰাত কড়ি আছিল অন্যতম জনপ্ৰিয় খেল।
ঢোপখেল
[সম্পাদনা কৰক]ঢোপখেল পুৰুষ –মহিলা উভয়ে মাঘ আৰু বহাগ বিহুত খেলে। ফটা কানিৰে মেৰিয়াই টোপোলা বান্ধি এফালে নেজৰ দৰে দীঘল কৰি ঢোপ সাজে। দুটা ফৈদহৈ দলিয়া দলি কৰি খেলে।
টাং গুটি
[সম্পাদনা কৰক]গছৰ বুঢ়াআঙুলিৰ সমান ডাল এটাৰ চাৰি আঙুলমান কাটিলৈ দুয়োটা মূৰৰ বিপৰীত দিশত চেপেটা কৰি টাংগুটি সাজি লোৱা হয়। ডেৰহাট মান দীঘল এডাল দেন্দায়মাৰি থাকে। দেন্দায় ডালেৰে ওকট মাৰি দলিওৱা হয় আৰু বিপৰীত দলে হাতেৰে ধৰিব লাগে। ধৰিব পাৰিলে পাল যায়,আৰু নোৱাৰিলে সেই ঠাইৰ পৰা দেন্দায় মাৰিৰে টাংগুটিটো মাৰিব লাগে। যিমান দূৰত পৰিব জুখি হিচাপ কৰা হয়।
লুকা-লুকি
[সম্পাদনা কৰক]এই খেল কেইবাটাও লৰা-ছোৱালীয়ে খেলে। এজনে চকু মুদি বাকীবোৰক লুকাবলৈ দি সোধে –হ’লনে নৌ, বাকীবোৰে কয় –মাণিকী মৌ। চকু মুদাজনে বাকীবোৰক বিচাৰিব লাগে। আটাইকে বিচাৰি পালে পুনৰ খেল আৰম্ভ হয়।
অনান্য
[সম্পাদনা কৰক]ঘিলা খেল- এই ঘিলাখেল পুৰুষ আৰু তিৰুতা সকলোৱে খেলে। এডোখৰ সমান ঠাইত এটা ঘিলা পাতি ১২ আঙুলৰ আঁতৰে কেইবাটাও ঘিলা পাতে আৰু তাক নিৰ্দিষ্ট দূৰত্বৰ পৰা ঘিলা এটা দলিয়াই লগাব লাগে আৰু পাৰিলে ঘিলা পাই। আনহাতে, মাজৰ ঘিলাটোত লাগিলে ঘিলা ভৰিব লাগে। বুৰবুৰি, চেলচেলি, নৰখোৱা, চিউট আদি কৰি বিভিন্ন ধৰণৰ নিয়মেৰে ঘিলা মৰা হয়।
ঢোপ খেল-ঢোপ খেল খেলে পুৰুষ-তিৰুতা উভয়ে। এই খেলটো সাধাৰণতে মাঘ আৰু বহাগ বিহুত খেলা হয়। ফটাকানিৰে মেৰিয়াই টোপোলা এটা বান্ধি এফালে নেজৰ দৰে দীঘল কৰি ঢোপ সাজে। দুটা ফৈদ হৈ দলিয়া-দলি খেলে।
চাৰি চুকীয়া খেল-এডৰা মাটিত চাৰি চুকত থকা চাৰিটা ল'ৰাক মাজত থকা ঘাই খুটিৰ পৰা চুব লাগে।
হৈ গুডু খেল- এই খেলত দুটা পক্ষ হৈ "হৈ গুডু-গুডু" কৰি বিপক্ষ দলক চুলে মৰে আৰু উশাহ চিগিলে গুডু দিয়াজন মৰে। পাছলৈ এই খেলটোৰ সাল-সলনি ঘটি কাবাদি নামৰ খেলটোৰ সৃষ্টি হৈছে।
মঙ্গল খেল- এজনে এটাকৈ গুটি লৈ দুজনে খেলে। মাটিত তিনি তৰপীয়াকৈও আঁকি লৈ গুটি তিনিটাকৈ দিব লাগে, কিন্তু বিপৰীত জনে বাধা দিয়ে বাবে যিজনে ৯ টাকৈ দিব পাৰে তেওঁ জিকে।
টাং গুটি- গছৰ বুঢ়া আঙুলিৰ সমান ডাল এটাৰ চাৰি আঙুলমান কাটি লৈ দুয়োটা মূৰৰ বিপৰীত দিশত চেপেটা কৰি টাংগুটি সাজি উলিওৱা হয়। ডেৰহাট মান দীঘল এডাল দেন্দায়্মাৰি থাকে। দেন্দায় ডালেৰে ওকট মাৰি দলিওৱা হয় আৰু বিপৰীত দলে হাতেৰে ধৰিব লাগে। ধৰিব পাৰিলে পাল পায় নোৱাৰিলে সেই ঠাইৰ পৰা দেন্দায় মাৰিৰে টাংগুটিটো মাৰিব লাগে। যিমান দূৰত পৰিব জুখি চোৱা হয়।
ঘাই পকোৱা খেল- এই খেল দুটা ফৈদহৈ বহি থাকি হাত পাছফালে কৰিব লাগে। ঘাইদ'লে গুটি প্ৰত্যেকজনৰ হাতত দিয়াৰ নিচিনা কৰে যদিও এজনৰ হাতথে দিয়ে আৰু তাক বিপৰীত পক্ষৰ ঘাইজনে ধৰা পেলাব পাৰিলে জিকে আৰু অন্যথা গুটি হাতত থকাজন এক জাপ আগলৈ যায়।
হৈ খেল- ইয়াতো এডৰা মাটিত দুটা ফৈড হৈ এজনে বৃত্তৰ মাজত সোমাই ওলাই যাব খোজে, বিপক্ষ দলে বাধা দি চুব লাগে।
গৰখীয়া এচাৰি খেল- বৰ গৰখীয়াই নিজৰ এচাৰিডাল নৰানি বা যি ঠাইত পেলাই যায় আৰু বাকীবোৰ গৰখীয়াই দেই গ'লে এচাৰিডালৰ গাঁঠিৰ সমান তামোল-পাণ ভৰিব লাগে।
পেং খেল- দুডাল বাঁহৰ দাংলৈ তলৰ পৰা মূৰৰ সমান ওপৰত বিন্ধা কৰি অন্য দুটুকুৰা বাঁহ ভৰি দিব পৰাকৈ বান্ধি লয়। চাং বা ওখ ঠাইৰ পৰা পেঙত উঠি যায় আৰু জান-জুৰি পাৰ হয়। পেঙত উঠি বেগাই যোৱাৰ খেল খেলে।
কোমোৰা খেল- ল'ৰা-ছোৱালীবোৰে এটাৰ ককাঁল অন্যটোৱে ধৰি ১০/১২টা মানে এডাল শিকলিৰ দৰে সাজে। অন্য দলটোৱে আহি "ইৰিকটি মিৰিকটি বাঁহৰ শলা, মোমাই পদূলিত বান্ধিলো ঘোঁৰা, ৰজাৰ জীয়েকে ফুৰিবলৈ যাঁওতে পহু এটা পালে, তাকে খাবলৈ জালি কোমোৰা এটা লাগে" বুলি ইজনে-সিজনে ধৰি থকাৰ পৰা ছিঙিবলৈ যায়। এৰুৱাব পাৰিলে জিকে, নহ'লে হাৰে।
টোপা খেল- ধনু এখনৰ মূৰত বাঁহৰটোপা এটা লগাই ধৰি থাকে। বাকী বিলাকে বাঁহৰটোপা লগোৱা মেগেলা কাঁড় ২০/২১ হাত আঁতৰৰ পৰা লগাব লাগে।
কচুগুটি খেল- দুজনৰ মাজত খেলা হয়। এজনে হাতৰ মুঠিত পিছলৈ নি লুকুৱাই দুয়োখন হাত মুঠিমাৰি আগলৈ আনে আৰু আনজনে অলৌগুটি-টলৌগুটি-কচুগুটি খায়, এইখন হাতৰ গুটিটো সেইজনে পায় বুলি দেখুৱায়।
দৰা-কইনা বা পুতলা খেল- ভাৰতবৰ্ষত পুতলা নৃত্য অতি প্ৰাচীন। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ল'ৰা-ছোৱালীবোৰে এতিয়াও শলাকানিৰ হাত দি ফটাকানিৰ দৰা-কন্যা সাজি খেলা দেখা যায়।
কড়ি খেল- আদিম সমাজত কড়িৰ ওপৰত ধৰ্মীয় গুন আৰোপ কৰা হৈছিল। কড়ি প্ৰজনন অঙ্গৰ প্ৰতীক। টাই আঁহোম সকলৰ ভিতৰচ'ৰাত কড়ি আছিল অন্যতম জনপ্ৰিয় খেল।
কুকুৰ খেল- ইয়াত দুটা ফৈদ থাকে। কলীয়া লতাৰে ঘাঁহ-বন এমুঠি বান্ধি টোপোলা কৰি ঘাইজনে পথাৰৰ এমূৰৰ পৰা দলি মাৰি পঠিয়াই, আনিবলৈ যোৱাজনৰ গাত বিপক্ষ দলে কুকুৰ গুটি দলিয়াই লগাব লাগে, লাগিলে হাৰে।
মানুহৰ শক্তি পৰীক্ষা খেল- মাঘ বিহু, বহাগ বিহু আৰু বিশেষ বিশেষ সময়্ত গাঁৱৰ ল'ৰাই কঁকালে কঁকালে, বাহুৱে বাহুৱে, বগৰা বগৰিকৈ যুঁজি শক্তি পৰীক্ষা কৰে।
গছ কুমতি খেল- এজোপা চাপৰ ডালপাত বেছিকৈ থকা গছত ল'ৰাবিলাক উঠে। মাটিত এটা কুমটি হৈ থাকে। সকলো ল'ৰা গছত উঠা হ'লে কুমটি গৈ প্ৰথম যিজনক চুব সি নামি আহি কুমটি হ'ব।
দৰীয়া বন্ধা খেল- এই খেল পথাৰত বহু খেলুৱৈৰ মাজত হয় আৰু খেলুৱৈ অনুসৰি ঘৰ সাঁজি লয়। বৰ্তমানৰ খো-খো খেলৰ দৰে খেলখন হয়। ইয়াক বেৰিয়া বোলে। ১০/১২ ফুটকৈ যিমান খেলুৱৈ থাকে সিমান পৰিমাণৰ ঘৰ বনাই দুটা ভাগ কৰি মাজৰ আঁচ ডালত এজন এজনকৈ থাকি ঘৰবোৰ পাৰ হৈ যাব নোৱাৰাকৈ বাধা দিয়ে। ঘৰবোৰ চুব নোৱাৰাকৈ পাৰহৈ পুনৰ ঘূৰি যাব লাগে।
কুকুৰা যুঁজ খেল- এইটো খুবেই জনপ্ৰিয় খেল। ল'ৰাবিলাকে এটা ভৰি হাতেৰে পাছ্ফালে ধৰি থাকি দেউদি ইজনে সিজনক খুন্দিয়াই বগৰাব লাগে।
আদা খেল- দুয়োখন হাতেৰে আঙুলি এটাৰ ওপৰত অন্যটো উঠাই আদা বনাই কিনিব নেকি সোধে আৰু কাঁহি-বাটি খোজে। কাঁহি-বাটি নাদত পৰিল বুলি ক'লে অন্য বস্তু বিচাৰে আৰু পুনৰ নাদত পৰিল বুলি ক'লে আদা ভাঙি দিয়ে।
টোকৰ মৰা খেল- দুজন ঘাইৰে দুটা শাৰীত সন্মুখকৈ বহি থাকে আৰু এজনে নিজৰ শাৰীৰ এজনৰ চকু মুদাই ধৰি বিপক্ষ দলক টোকৰ মাৰিব দিয়ে। টোকৰ মৰাজনক ধৰা পেলাব লাগে।
তীৰ মৰা খেল- কেইবাজনেও ধনুকাড়ঁ দূৰলৈ মাৰে আৰু বাকীবোৰে তাত লগাব লাগে।
আলি চিগা খেল- এইটো খেলত দুটা দলৰ এটা দলে " হেইচ কুট কুট" বুলি বিপক্ষ দলক চুব বিচাৰে। আন এজনে পুনৰ "হৰি নিলে নিলে, বেলি দিলে ভাটি, ৰজাই গৰখীয়া বীন বায় ৰাতি, উৰি যাওঁ পুৰি যাওঁ, ডালে-পাতে লাগি যাওঁ, ডালে ধৰ-ফৰায়, গুটি ধৰ-ফৰায়। এইদৰে গাই চুবলৈ খেদি যায়।
তিৰোতাৰ চৰিয়া খেল- চাৰি-পাঁচজনী ছোৱালী মুখামুখিকৈ বহি ভৰি দুটা দীঘলকৈ মেলি ইজনীয়ে সিজনীৰ ভৰি তলুৱাই তলুৱাই লগাই হাতত ধৰি ঘূৰণীয়াকৈ জোৰেৰে ঘূৰে।
টোকা
[সম্পাদনা কৰক]অসমৰ পৰম্পৰাগত খেল-ধেমালিত অন্তৰ্ভুক্ত হৈ থকা দাৰিয়া কোৰ্ট আৰু ৰছী টনা খেল দুবিধ লেখকৰ সৰ্ম্পূন নিজস্ব শৈশৱৰ স্মৃতি সমৃদ্ধ। টাংগুটি বা ভটাগুটি খেলত প্ৰদ্যুত জ্যোতি শইকীয়াৰ কিছু মিশ্ৰণ আৰু শিশুৰ খেল-ধেমালীত নিৰ্মল প্ৰভা বৰদলৈৰ অসমৰ লোক সংস্কৃতি নামৰ কিতাপ খনৰ থুল-মূল আভাস লোৱা হৈছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ অসমৰ খেল ধেমালি, লেখক: নাৰায়ন শৰ্মা
- ↑ অসমৰ পুৰণি খেল ধেমালি - লেখিকা: সুবোধমালা বৰুৱা
- ↑ দীপক কুমাৰ বৰা (২০১৪). অসমীয়া কথা সাহিত্য. পৃষ্ঠা. পৃষ্ঠা-১৫১-১৫৮.
- ↑ অসমীয়া সংস্কৃতিৰ কণিকা; সম্পাদক: ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী; পৃষ্ঠা: ৫৯-৬০
- ↑ 5.0 5.1 5.2 অলকেশ শৰ্মা (১৫ জুলাই, ২০১২). "হাউ খেল". সন্ধান (Xondhan). http://xondhan.com/2012/07/%E0%A6%B9%E0%A6%BE%E0%A6%89-%E0%A6%96%E0%A7%87%E0%A6%B2/। আহৰণ কৰা হৈছে: October 16, 2012.[সংযোগবিহীন উৎস]
- ↑ 6.0 6.1 6.2 "বাঘ ঐ … বৰাহ ঐ". সন্ধান (Xondhan). ১৫ ছেপ্তেম্বৰ, ২০১২. http://xondhan.com/2012/09/%E0%A6%AC%E0%A6%BE%E0%A6%98-%E0%A6%90-%E0%A6%AC%E0%A7%B0%E0%A6%BE%E0%A6%B9-%E0%A6%90/। আহৰণ কৰা হৈছে: October 16, 2012.[সংযোগবিহীন উৎস]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত অসমৰ সংস্কৃতি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |