ইটাগুৰীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইটাগুৰীয়া
ৰঙা বগলী
Cinnamon Bittern
উত্তৰ প্ৰদেশত এখন ধাননি পথাৰত চৰি থকা অৱস্থাত ইটাগুৰীয়া চৰাই
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Pelecaniformes
পৰিয়াল: Ardeidae
গণ: Ixobrychus
প্ৰজাতি: I. cinnamomeus
বৈজ্ঞানিক নাম
Ixobrychus cinnamomeus
(Gmelin, 1789)

ইটাগুৰীয়া [2] (ইংৰাজী: Cinnamon Bittern বা Chestnut Bittern, বৈজ্ঞানিক নাম-Ixobrychus cinnamomeus) এটা সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ এছিয়া মহাদেশৰ পাকিস্তান, চীন, ইণ্ডোনেছিয়া আদি দেশত প্ৰজনন কৰে বুলি জনা যায়৷

বিৱৰণ[সম্পাদনা কৰক]

এলিজাবেথ গুইলিমে (Elizabeth Gwillim) ১৮০৭ চনত অংকণ কৰা এটা ইটাগুৰীয়া

ইটাগুৰীয়াৰ দেহৰ আকাৰ সৰু, দৈৰ্ঘ্য প্ৰায় ৩৮ ছে: মি:৷ ইয়াৰ ডিঙি চুটি, ঠোঁট দীঘল৷ পূৰ্ণবয়স্ক মতা ইটাগুৰীয়াৰ দেহটো মাখন বৰণীয়া আৰু পেট অংশ বগা৷ মাইকী ইটাগুৰীয়া চৰাই মতাটোৰ সৈতে দেখিবলৈ একে যদিও ইয়াৰ পৃষ্ঠ অংশ আৰু মূৰৰ মুকুটটো ক'লা বৰণৰ হোৱা দেখা যায়৷ পোৱালি ইটাগুৰীয়াৰ দেহটো মটীয়া ঘন আঁচেৰে পূৰ্ণ হৈ থাকে৷

বিতৰণ[সম্পাদনা কৰক]

ইটাগুৰীয়া বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, জাপান, কোৰিয়া, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, পাকিস্তান, ফিলিপাইন্‌ছ, চিংগাপুৰ, শ্ৰীলংকা, টাইৱান, থাইলেণ্ড, ভিয়েটনাম আদি দেশত স্থানীয় চৰাই৷ আনহাতে আফগানিস্তান, ওমান, আৰব আদিত ইয়াক কেতিয়াবা কেতিয়াবা দেখা পোৱা যায়৷[3]

বাসস্থান[সম্পাদনা কৰক]

আচৰণ[সম্পাদনা কৰক]

ইটাগুৰীয়াক বাহত বা অন্য ঠাইত চৰি থকা অৱস্থাত ভয় খুৱালে বা সজাগ কৰি তুলিলে ই এবিধ বিশেষ ধৰণৰ আচৰণ দেখুৱায়৷ ইয়াৰ ডিঙিটো উলম্বভাৱে মেলি দি ঠোঁটটো আকাশলৈ টোঁৱাই সমগ্ৰ দেহতো ঠাইতে থৰ লাগে আৰু বাহ্যিক পৰিৱেশৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নেদেখুৱায়৷[4]

খাদ্য[সম্পাদনা কৰক]

ইটাগুৰীয়া চৰায়ে সাধাৰণতে পোক-পতংগ, মাছ , উভচৰ প্ৰাণী আদি চিকাৰ কৰি খায়৷ ইয়াক সহজে দেখা পোৱা নাযায় কাৰণ ই গধূলি সময়তহে খাদ্যৰ সন্ধানত ওলাই আহে৷

প্ৰজনন[সম্পাদনা কৰক]

ইটাগুৰীয়াই সাধাৰণতে জলচৰ ঘাঁহজাতীয় বননিত চৰে৷ এনে বননিত পানীয়ে ঢুকি নোপোৱাকৈ ই জোপোহাৰ মাজত বাহ সাজে৷ এবাৰত ৪-৬ টাকৈ কণী পাৰে৷

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

ইটাগুৰীয়া সমগ্ৰ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াৰ জনসংখ্যা বৰ্তমান প্ৰায় স্থিতাৱস্থাত আছে৷ এই দিশসমূহলৈ লক্ষ্য কৰি আই. ইউ. চি. এন. এ ইয়াক সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিছে৷[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2008). Ixobrychus cinnamomeus. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 2 February 2009. Database entry includes justification for why this species is of least concern.
  2. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  3. IUCN. 2012. IUCN Red List of Threatened Species (ver. 2012.1). Available at: http://www.iucnredlist.org. (Accessed: 19 June 2012).
  4. Ali, Salim; J C Daniel (1983). The book of Indian Birds, Twelfth Centenary edition. Bombay Natural History Society/Oxford University Press. 
  5. IUCN. 2012. IUCN Red List of Threatened Species (ver. 2012.1). Available at: http://www.iucnredlist.org. (Accessed: 19 June 2012).