জুৰি দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুৰি দত্ত
পেচা অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ, পি.এইচ.ডি
ধৰণ অসমীয়া সাহিত্য
বিষয় অনুবাদ সাহিত্য, তুলনামূলক সাহিত্য, আঞ্চলিক সাহিত্য
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমীৰ অনুবাদ বঁটা
দাম্পত্যসংগী দেৱৰ্ষি প্ৰসাদ নাথ

জুৰি দত্ত একাধাৰে অনুবাদক, গল্পকাৰ, প্ৰবন্ধ লেখক, সম্পাদক আৰু সমালোচক। তেওঁ বৰ্তমানলৈকে আঠখন গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা সহকাৰী অধ্যাপক৷ তেওঁ ২০২২ বৰ্ষত নাৰায়ণৰ কচাৰেথিঃ আৰায়া নাৰী- গ্ৰন্থৰ অনুবাদেৰে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে৷[1]

জন্ম[সম্পাদনা কৰক]

তেওঁৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ জালভাৰী গাঁৱত।[2]

শিক্ষা[সম্পাদনা কৰক]

তেওঁ পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰে৷ তাৰপাছতে কটন কলেজৰ পৰা স্নাতক মহলাৰ শিক্ষা গ্ৰহণ কৰে৷ তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৮ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ উল্লেখযোগ্য যে, তেওঁ অসমীয়া বিষয়ৰো স্নাতকোত্তৰ৷ তাৰ উপৰিও ২০০৭ চনত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি. ডিগ্ৰীও লাভ কৰিছে৷

কৰ্ম জীৱন[সম্পাদনা কৰক]

তেওঁ বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক৷ তাৰ পূৰ্বে তেওঁ অধ্যাপক হিচাপে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়তো কাৰ্যনিৰ্বাহ কৰিছিল৷

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

অনুবাদ[সম্পাদনা কৰক]

  1. শিৰৰ বাবে এজোপা হালধীয়া সোণাৰু (তেমচুলা আওৰ ইংৰাজী চুটিগল্প সংকলন Laburnum for My Head-ৰ অনুবাদ), পূৰ্বায়ণ প্ৰকাশন, ISBN: 978-81-19001-08-8, ২০২৩৷
  2. কচাৰেথিঃ আৰায়া নাৰী (নাৰায়ণৰ মালায়ালম উপন্যাস Kocharethi: the araya woman-ৰ অনুবাদ), কস্তুৰী প্ৰকাশন, ISBN: 978-93-5105-357-6, ২০১৮৷

সম্পাদনা[সম্পাদনা কৰক]

  1. নিৰ্বাচিত অসমীয়া কুইয়ৰ গল্প, ষ্টুডেণ্ট হাউছ, ISBN: 978-93-94776-12-8, (জিন্তু গীতাৰ্থৰ সৈতে যুটীয়াভাবে), ২০২২৷

প্ৰবন্ধ সংকলন[সম্পাদনা কৰক]

  1. Ethnic Worlds in Select Indian Fictions, SAGE Publication India: New Delhi, ISBN: 978-81-321-1846-6, 2014৷[3]
  2. Ethnicity in the Fiction of Lummer Dai and Yeshe Dorjee Thongchi: A New Historicist Approach, Adhyayan Publishers and Distributors: New Delhi, ISBN 978-81-8435-322-8, 2012৷

গল্প সংকলন[সম্পাদনা কৰক]

  1. কিউবাৰ উপকূলত সপোন দেখা ছোৱালীজনী, এঞ্জেলিকা ইমপ্ৰিণ্টছ্, ২০০৯৷


বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  1. সাহিত্য অকাডেমীৰ অনুবাদ বঁটা, ২০২২৷[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Sentinel Digital Desk (২৪ ডিচেম্বৰ ২০২২). "Tezpur University Assistant Professor Dr Juri Dutta felicitated for bagging Sahitya Akademi Award". www.sentinelassam.com. https://www.sentinelassam.com/north-east-india-news/assam-news/tezpur-university-assistant-professor-dr-juri-dutta-felicitated-for-bagging-sahitya-akademi-award-629587। আহৰণ কৰা হৈছে: ২৪ ছেপ্টেম্বৰ ২০২৩. 
  2. Asomiya Pratidin. “সাহিত্য অকাডেমী বঁটাৰে উজ্বলিল ঢকুৱাখনাৰ ডঃ জুৰি দত্ত.” Asomiya Pratidin, 22 Dec. 2022, www.asomiyapratidin.in/homepage/sahitya-akademi-award-to-dr-juri-dutta. Accessed 24 Sept. 2023.
  3. Dutta Juri (২০১৪). Ethnic Worlds in Select Indian Fiction. Sage Publications India Private Limited. পৃষ্ঠা. ১৬৬. ISBN 9353880211, 9789353880217. https://books.google.co.in/books/about/Ethnic_Worlds_in_Select_Indian_Fiction.html?id=rMtHzQEACAAJ&redir_esc=y.