ধন্য নৰ তনু ভাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধন্য নৰ তনু ভাল  

গ্ৰন্থখনৰ বেটুপাত
লেখক চৈয়দ আব্দুল মালিক
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ জীৱনভিত্তিক উপন্যাস
প্ৰকাশ ১৯৮৭
মিডিয়া প্ৰকাৰ মুদ্ৰণ

ধন্য নৰ তনু ভাল (ইংৰাজী: Dhanya Nara Tanu Bhaal) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক, নাট্যকাৰ চৈয়দ আব্দুল মালিকৰ দ্বাৰা লিখিত এখনি বিশিষ্ট উপন্যাস। উপন্যাসখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজী অংকিত কৰা হৈছে। গ্ৰন্থখনি ১৯৮৭ চনত প্ৰকাশিত হৈছিল।[1]

গ্ৰন্থকাৰৰ চমু পৰিচয়[সম্পাদনা কৰক]

চৈয়দ আব্দুল মালিক (১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেওঁ ২৫ খনৰো অধিক গল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি হয়। তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৯ চনত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মান লাভ কৰে।

উপন্যাসৰ সংক্ষিপ্ত বিৱৰণ[সম্পাদনা কৰক]

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-আধাৰিত উপন্যাসখনৰ আংগিকত অসমীয়া সংস্কৃতিৰ পোনপটীয়া প্ৰতিফলন ঘটিছে বুলি কোৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱীয় দৃষ্টিভংগীক উপন্যাসখনিত বিশেষভাৱে ফুটাই তোলা হৈছে। ইয়াৰ লগতে তেখেতৰ মানৱতাবাদী দৰ্শনকো ঔপন্যাসিকে তুলি ধৰিছে। উপন্যাসখনত মহাপুৰুষজনাৰ শিল্পী সত্তাৰ মননশীল উপস্থাপন ঘটিছে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 বৰুৱা, শান্তনু কৌশিক (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬০৫. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.