পাইথাগ’ৰাছ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
Pythagoras.jpg

পাইথাগ’ৰাছ(আনুমানিক খ্ৰী:পূ: ৫৭০-খ্ৰী: পূ: ৪৯৫) আছিল প্ৰাচীন গ্ৰীছৰ গনিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু দাৰ্শনিক । তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় জনা নাযায় । তেওঁৰ জন্ম হৈছিল গ্ৰীছৰ ছামোছত । পাইথাগ’ৰাছে প্ৰচাৰ কৰিছিল যে ক্ষমতালোভী লোক কিছুমানক পৰম্পৰাগতভাৱে শাসকৰ আসনত বহুওৱাৰ সলনি গুণী-জ্ঞানী লোককহে তেনে পদত বহুৱাব লাগে । ইয়াৰ ফলত তেওঁ শাসকসকলৰ ৰোষত পৰিল । খ্ৰীষ্টপূৰ্ব ৫৩২ত তেওঁ ছামোছ এৰি ইটালীৰ ক্ৰটন নগৰলৈ যায় আৰু তাত নীতি আৰু ধৰ্মশাস্ত্ৰ অধ্যয়নৰ এক টোল গঢ়ি তোলে । কোনো কোনোৱে বিশ্বাস কৰে যে পাইথাগ’ৰাছ থেলিছৰ চিন্তা-চৰ্চাৰ দ্বাৰা প্ৰভাৱিত হৈছিল । থেলিছৰ সমস্ত ৰচনা তেওঁৰ হাতত পৰিছিল বুলিও বিশ্বাস কৰা হয় । পাইথাগ’ৰাছৰ কোনো ৰচনা বা গ্ৰন্থয়েই পোৱা হোৱা নাই । তেওঁৰ মতে বাস্তৱ জগতখনৰ সকলো তথ্যয়েই আনকি সংগীতকো গণিতৰ ভাষাত বা সংখ্যাত প্ৰকাশ কৰিব পাৰি । জ্যামিতিৰ কেইবাটাও কথা যেনে বিখ্যাত ‘পাইথাগ’ৰাছৰ সূত্ৰ’ তেওঁ আৱিষ্কাৰ কৰা বুলি কোৱা হয় । পঞ্চম শতিকাৰ মাজভাগত পাইথাগ’ৰাছৰ মতবাদৰ বিৰুদ্ধে শাসকগোষ্ঠী আৰু ৰাইজ সজাগ হৈ উঠে আৰু টোলবোৰ ধ্বংস কৰা হয় । পাইথাগ’ৰাছৰ ছাত্ৰ ফিল’লাউছে পাইথাগ’ৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ নানা উদ্ভাৱন কিতাপৰ আকাৰত লেখি উলিয়াইছিল । পাছৰ দাৰ্শনিক এৰিষ্ট’টলএ এই সকলো ধাৰণাকে পাইথাগ’ৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ সন্মিলিত ধাৰণা বুলি অভিহিত কৰিছে । পাইথাগ’ৰাছ আছিল অসামান্য প্ৰতিভাৰ অধিকাৰী৷ তেওঁ আছিল গণিত, দৰ্শন, জ্যোতিবিজ্ঞান আদি সকলোতে পাৰ্গত৷ পাইথাগ’ৰাছৰ শিক্ষাত গণিত শাস্ত্ৰ আৰু অতীন্দ্ৰিয়বাদ ধাৰণাৰ সংমিশ্ৰণত দেখা যায় ৷ তেখেতে গণিতলৈ দুটা অমূল্য অৱদান আগবঢ়াইছে ৷ প্ৰথম, জ্যামিতিৰ প্ৰমেয়ৰ যুক্তিযুক্ত প্ৰমাণ দিয়া আৰু তেওঁ আঢ়ৈহাজাৰ বছৰ পূৰ্বেই অনুভৱ কৰিছিল যে স্বাভাৱিক সংখ্যাসমূহেই (১, ২, ৩, ৪, ………..) যথেষ্ট নহয় ৷ তেওঁ স্বাভাৱিক সংখ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷ যথাযথভাৱে বিন্দু সজ্জিত কৰি কেনেকৈ বৰ্গক্ষেত্ৰ আৰু ত্ৰিভুজ নিৰ্মাণ কৰিব পৰা যায়, উদঙাই দেখুৱাই তেখেতে এহাতে সংখ্যাৰ লগত জ্যামিতিৰ সম্বন্ধ স্থাপন কৰিছিল আৰু তাঁৰৰ দৈৰ্ঘ্যৰ সৰল অনুপাত ক্ৰমে সুষম সংগীতধৰ্মী ধ্বনি, যেনে- তৃতীয়, অষ্টক আদি যে সৃষ্টি কৰিব পৰা যায়, সেই কথা আৱিষ্কাৰ কৰি তেখেতে পদাৰ্থবিদ্যাৰ লগত সংখ্যাৰ সম্বন্ধ স্থাপন কৰিছিল ৷ ত্ৰিভুজ, বৰ্গক্ষেত্ৰ আৰু পঞ্চভুজৰ ওপৰত মহাজাগতিক গুৰুত্ব আৰোপ কৰি পাইথাগ’ৰাছৰ শিষ্যসকলে সমগ্ৰ গ্ৰীক জ্যামিতিৰ ভেটি গঢ়ি তুলিছিল ৷



[সম্পাদনা কৰক] তথ্যসংগ্ৰহ-

  • দৈনিক জনমভূমি ১০ জুন ২০০৯ ত প্ৰকাশিত (উজ্জীৱন কুমাৰ দত্ত)

(লেখকৰ অনুমতি সাপক্ষে)

  • গণিতৰ ক্ৰমবিকাশৰ ইতিহাস –ড০ বুদ্ধ প্ৰসাদ চেতিয়া
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত