ইজিপ্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মিছৰৰ পৰা পুনঃনিৰ্দেশিত)
ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ
جمهورية مصر العربية
যুম্‌হুৰিয়াৎ মিস্ব্‌ৰ্ আল্‌ ʿআৰাবিয়্যাহ্‌
গুম্‌হুৰিয়েৎ মাস্ব্‌ৰ্ এল্‌ ʿআৰাবিয়্যাহ্‌
ৰাষ্ট্ৰীয় সঙ্গীত
বিলাদি, বিলাদি, বিলাদি

ইজিপ্ত-ৰ অৱস্থান
ইজিপ্ত-ৰ অৱস্থান
ৰাজধানীকাইৰো
30°2′N 31°13′E / 30.033°N 31.217°E / 30.033; 31.217
বৃহত্তম নগৰ আলেকজান্দ্ৰীয়া
ৰাষ্ট্ৰভাষা (সমূহ) আৰবী
চৰকাৰ অৰ্ধ-ৰাষ্ট্ৰপতি প্ৰজাতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি আবদেল ফাত্তাহ আল চিচি
 -  প্ৰধানমন্ত্ৰী ইব্ৰাহীম মাহলাব
প্ৰতিষ্টিত
 -  প্ৰথম ৰাজবংশ প্ৰায় ৩১৫০ BCE 
 -  স্বাধীনতা লাভ কৰিছে ফেব্ৰুৱাৰী ২৮ ১৯২২ 
 -  প্ৰজাতন্ত্ৰ ঘোষণা কৰিছে জুন ১৮ ১৯৫৩ 
 -  জাতীয় দিবস ২৩শে জুলাই (২৩শে জুলাই ১৯৫২ উদযাপন কৰাত) 
 -  জলভাগ (%) ০.৬৩২
জনসংখ্যা
 -  ২০০৯ আনুমানিক ৭,৭৪,২০,০০০'"`UNIQ--ref-০০০০০০০০-QINU`"' 
 -  ১৯৯৬ লোকপিয়ল ৫,৯৩,১২,৯১৪ 
 -  ঘনত্ব ৮২.৩ প্ৰতি বৰ্গকিমি (১২০তম)
২১৪.৪ প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০০৯ আনুমানিক
 -  মুঠ $৪৭১.৫০৯ বিলিয়ন[2] (২৬তম)
 -  জনমুৰি $৬,১৪৭.১২[2] (১০১তম)
জিডিপি (নামমাত্ৰ) ২০০৯ আনুমানিক
 -  মুঠ $১৮৭.৯৫৬ বিলিয়ন[2] (৪৯তম)
 -  জনমুৰি $২,৪৫০.৪১[2] (১১৭তম)
জিনি সহগ? (১৯৯৯–০০) ৩৪.৫ (মধ্যম
মানৱ উন্নয়ন সূচক (২০০৭) বৃদ্ধি ০.৭০৩[3] (মধ্যম) (১২৩তম)
মুদ্ৰা ইজিপ্তীয় পাউণ্ড (ইজিপি)
ইণ্টাৰনেট টিএলডি .eg
কলিং ক'ড +২০
1 কথিত ভাষা ইজিপ্তীয় আৰবী

ইজিপ্ত বা মিছৰ (আৰবী ভাষাত: مصر মিস্ব্‌ৰ্, কথিত ইজিপ্তীয় আৰবী مصر মাস্ব্‌ৰ্, ইংৰাজী ভাষাত: Egypt), চৰকাৰী নাম ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ, উত্তৰ আফ্ৰিকাৰ এখন প্ৰাচীন ৰাষ্ট্ৰ। দেশখনৰ বেছি ভাগ অংশ আফ্ৰিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূৰ্বৰ অংশটো চিনাই উপদ্বীপ। চিনাই উপদ্বীপ আফ্ৰিকা মহাদেশৰ মধ্য স্থলসেতুৰ দৰে কাম কৰে। ইজিপ্তৰ অধিকাংশ এলেকা মৰুময়। নীল নদীয়ে দেশখনক দুটা অসমান অংশত ভাগ কৰিছে। নীল নদীৰ উপত্যকা আৰু ব-দ্বীপ অঞ্চলতেই ইজিপ্তৰ বেছি ভাগ মানুহ বাস কৰে। কাইৰো দেশৰ এখন ডাঙৰ চহৰ আৰু ৰাজধানী

নামকৰণ[সম্পাদনা কৰক]

ইংৰাজী শব্দ Egypt গ্ৰীক ভাষা, ফৰাচী ভাষা, ইংৰাজী ভাষা আৰু আৰবী ভাষাৰ মিশ্ৰণৰ দ্বাৰা সৃষ্টি হৈছে আৰু মিছৰ শব্দটো আৰবী ভাষাৰ পৰা আহিছে।

ভূগোল আৰু জলবায়ু[সম্পাদনা কৰক]

ইজিপ্তৰ অধিকাংশ অঞ্চলেই মৰুভূমি কিন্তু নীল নদী বৈ যোৱাৰ ফলত উপত্যকা অঞ্চলটো যথেষ্ট উৰ্বৰা। সেই বাবে নীল নদীক ইজিপ্তবাসীৰ প্ৰাণ প্ৰৱাহস্বৰূপে জনা যায়। এই উপত্যকা অঞ্চল প্ৰায় ১৬ কিঃমিঃ বহল। ইজিপ্তৰ এই উপত্যকা আৰু ব-দ্বীপ অঞ্চলটোৰ আয়তন ৩১,০০০ বৰ্গ কিলোমিটাৰ। ইয়াৰ উৰ্বৰা অঞ্চলটো দুভাগত বিভক্ত- ১) নীল উপত্যকা আৰু ২) নীল ব-দ্বীপ। ইজিপ্তত পৃথিৱী বিখ্যাত ছুৱেজ খালটো অৱস্থিত। এই খালৰ দ্বাৰা ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰা হৈছে। ১৯৫৬ চনৰ পূৰ্বে ব্ৰিটিছ আৰু ফৰাচী কোম্পানীসমূহৰ হাতত আছিল। ১৯৫৬ চনত ইজিপ্ত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰে।[4]

কৃষি[সম্পাদনা কৰক]

দেশখনৰ উপত্যকা অঞ্চলটোত অতীজৰে পৰা জলসিঞ্চনৰ দ্বাৰা খেতি কৰা হয়। ধান এই অঞ্চলৰ প্ৰধান কৃষি। আচোৱান বান্ধৰ পৰা খাল খান্দি ইয়াৰ খেতি-পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা হয়। আনহাতে 'ব'দ্বীপ অঞ্চলটোত খালৰ দ্বাৰা জলসিঞ্চন কৰা হয়। উপত্যকা অঞ্চলত উৎকৃষ্ট মানৰ কপাহ খেতি হয়। খাদ্য শস্যৰ ভিতৰত মাকৈ, ধান, কুহিঁয়াৰ আদি গ্ৰীষ্মকালত আৰু ঘেঁহু, বাৰ্লি, বীন আদিৰ খেতি শীতকালত হয়।[4]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Central Agency for Population Mobilisation and Statistics - Population Clock (July 2008)". Archived from the original on 2018-12-24. https://web.archive.org/web/20181224183713/http://www.msrintranet.capmas.gov.eg/pls/fdl/tst12e?action=&lname=%20। আহৰণ কৰা হৈছে: 2015-09-20. 
  2. 2.0 2.1 2.2 2.3 "Egypt". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2009/02/weodata/weorept.aspx?sy=2006&ey=2009&scsm=1&ssd=1&sort=country&ds=.&br=1&c=469&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=58&pr.y=13। আহৰণ কৰা হৈছে: 2009-10-01. 
  3. "Human Development Report 2009. Human development index trends: Table G". The United Nations. http://hdr.undp.org/en/media/HDR_2009_EN_Complete.pdf। আহৰণ কৰা হৈছে: 2009-10-10. 
  4. 4.0 4.1 ভূ-দৰ্শন; দিলীপ কুমাৰ গোহাঁই, হৰেন্দ্ৰনাথ বৰা (২০০২). ইজিপ্ত. প্ৰকাশক গুৱাহাটী: কামাখ্যা বুক ষ্টল. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • ৱিকিমিডিয়া কমন্সত ইজিপ্ত সম্পৰ্কীয় মিডিয়া ফাইল।