ৰাজ ভাটৌ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজ ভাটৌ (Alexandrine Parakeet)
Male (left) and female (right)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Psittaciformes
মহাপৰিয়াল: Psittacoidea
পৰিয়াল: Psittaculidae
উপপৰিয়াল: Psittaculinae
গোত্ৰ: Psittaculini
গণ: Psittacula
প্ৰজাতি: P. eupatria
বৈজ্ঞানিক নাম
Psittacula eupatria
(Linnaeus, 1766)

ৰাজ ভাটৌ (ইংৰাজী: 'Alexandrine Parakeet, বৈজ্ঞানিক নাম-Psittacula eupatria) চ্চিটাচিফৰমিছ (psittaciformes) বৰ্গ আৰু চ্চিত্তাকুলিডি (Psittaculidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভাটৌৰ প্ৰজাতি৷ এই প্ৰজাতিটোৰ ইংৰাজী নামটো সম্ৰাট আলেকজেণ্ডাৰ (Alexander the Great)ৰ নামৰ ভিত্তিত দিয়া হৈছে কিয়নো সম্ৰাট আলেকজেণ্ডাৰে বহুতো ৰাজ ভাটৌ পঞ্জাবৰ পৰা ইউৰোপৰ বিভিন্ন ঠাইলৈ পঠিয়াইছিল আৰু এই ঠাইসমূহৰ ৰাজকীয়া পৰিয়ালত ৰাজ-ভাটৌক বহু মূলীয়া সম্পদ বুলি গণ্য কৰা হৈছিল৷ [2]

ৰাজ ভাটৌৰ বৈজ্ঞানিক নামৰ eupatria গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ eu মানে 'ভাল বাসন্মানীয় (good or noble) আৰু patria মানে পূৰ্বস্থান বা পূৰ্বপুৰুষ (ancestry)

টেক্সনমি আৰু বিতৰণ[সম্পাদনা কৰক]

গোলকীয় বিতৰণৰ ভিত্তিত ৰাজ ভাটৌৰ তলত উল্লেখ কৰা উপ-প্ৰজাতি সমূহ পোৱা যায়-

বিৱৰণ[সম্পাদনা কৰক]

মতা ৰাজ ভাটৌ
মাইকী ৰাজ ভাটৌ

ৰাজ ভাটৌ অন্যান্য ভাটৌৰ প্ৰজাতিসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ আকাৰৰ৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৫৮ ছে: মি: আৰু ডেউকা আৰু নেজৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে ১৮.৯-২১.৫ ছে: মি: আৰু ২১.৫-৩৫.৫ ছে: মি: হোৱা দেখা যায়৷ পূৰ্ণবয়স্ক চৰাইৰ ওজন সাধাৰণতে ২০০-৩০০ গ্ৰাম পৰ্যন্ত হয়৷ [3][4] ইয়াৰ দেহটো সেউজীয়া, মুখত কিছু নীলা আভা আছে৷ পেট অংশ সেউজ-হালধীয়া৷ ৰাজ ভাটৌৰ ডেউকাৰ ওপৰ অংশ মেৰুণ (maroon or reddish brown) ৰঙৰ হোৱা দেখা যায়৷ ইয়াৰ ঠৌঁত ৰঙা আৰু ঠেং সাধাৰণতে মটিয়া বৰণৰ হয়৷

পূৰ্ণবয়স্ক ৰাজ ভাটৌৰ মতা-মাইকীৰ ভিন্নতা দেখা যায় কিন্তু পোৱালীৰ মাজত লিংগ ভেদ কৰিব পৰা নাযায়৷ পূৰ্ণবয়স্ক মতা ৰাজ ভাটৌৰ ডিঙিত ঘুৰণীয়াকৈ ক'লা আঁচ আৰু ডিঙিৰ ওপৰফালে (nape) ডাঙৰকৈ গুলপীয়া দাগ থাকে৷ আনহাতে মাইকী ৰাজ ভাটৌৰ ডিঙিত পাতল মটিয়া বৰণৰ আঁচহে দেখা যায়৷

এভিকালচাৰ[সম্পাদনা কৰক]

ৰাজ ভাটৌ পোহনীয়া চৰাই হিচাপে খুবেই সমাদৃত৷ ইউৰোপ মহাদেশত পোৱা পোহনীয়া চৰাইসমূহৰ ভিতৰত ৰাজ ভাটৌ সৰ্বপ্ৰথমে পোহ মনা চৰাইৰ প্ৰজাতি৷ ইয়াৰ বৃহৎ দেহ আৰু দীঘল নেজৰ বাবে অৱশ্যে অন্য ভাটৌ চৰাইতকৈ ইয়াক ডাঙৰ সঁজাৰ প্ৰয়োজন হয়৷

কৃত্ৰিম পৰিৱেশত[সম্পাদনা কৰক]

সঁজাত বন্দী এটা মতা ৰাজ ভাটৌ

ৰাজ ভাটৌৰ মাত বিভিন্ন পৰিৱেশত যথেষ্ট ডাঙৰ হ'ব পাৰে৷ কৃত্ৰিম পৰিৱেশত ই পানীৰ সৈতে খেলিবলৈ পছন্দ কৰে আৰু যাঁচি দিয়া খাদ্য বস্তুও তৎক্ষণাত গ্ৰহণ কৰে৷ ইয়াৰ গড় আয়ুস প্ৰায় ৪০ বছৰ৷

প্ৰজনন[সম্পাদনা কৰক]

ৰাজ ভাটৌৱে সাধাৰণতে নৱেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত প্ৰজনন কৰে৷ এবাৰত ই ২-৪ টাকৈ কণী পাৰে৷ ২৮ দিনৰ উমনিৰ অন্তত কণী ফুটি পোৱালি জগে৷ প্ৰায় সাত সপ্তাহ মানৰ পিছত পোৱালিৰ পাখি গজে৷

খাদ্য[সম্পাদনা কৰক]

ৰাজ ভাটৌৱে সাধাৰণতে গুটি, ফল-মূল, ফুল আদি খাই জীয়াই থাকে৷ কাৎচিৎ ই পোক-পতংগ আদি চিকাৰ কৰাও দেখা পোৱা যায়৷ ইহঁতে খেতি-পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে৷

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

পাকিস্তান ত এই প্ৰজাতিটোৰ স্থিতি সংকটজনক বুলি তথ্য পোৱা যায়৷ বাসস্থান ধ্বংস তথা বন্য পোৱালিৰ চোৰাং চিকাৰকেই ইয়াৰ প্ৰধান কাৰণ বুলি অভিহিত কৰা হয়৷ ইয়াৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে যদিও লাহোৰকে ধৰি ভাৰতৰো বহুতো অঞ্চলত ইয়াক মুকলিকৈ বিক্ৰী কৰা দেখা যায়৷

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]


তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Psittacula eupatria". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106001527। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Campbell-Johnston, Rachell (2007-02-13). "A squawk on the wild side". The Times. প্ৰকাশক London. http://www.thetimes.co.uk/tto/arts/article2394250.ece। আহৰণ কৰা হৈছে: 16 January 2013. 
  3. Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-149-563731-3. 
  4. del Hoyo, J; Elliot, A; Sargatal, J (1996). Handbook of the Birds of the World. 3. প্ৰকাশক Barcelona: Lynx Edicions. ISBN 84-87334-20-2. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

Informative websites:

Conservation related links: