ৰীমা কাগতি
| ৰীমা কাগতি | |
|---|---|
জ'য়া আখতাৰৰ সৈতে ৰীমা কাগতি(বাওঁফালে) |
|
| জন্ম | ৰীমা কাকতি ১৯৭২ (বয়স ৪০–৪১) গুৱাহাটী , অসম ,ভাৰত |
| পেচা | পৰিচালক, চিত্ৰনাট্যলেখক |
| সক্ৰিয় হৈ থকা সময় | ২০০৭ ৰ পৰা বৰ্তমানলৈকে |
ৰীমা কাগতি (ইংৰাজী: Reema_Kagti), পূৰ্বৰ নাম ৰীমা কাকতি এগৰাকী ভাৰতীয় বোলছবি জগতৰ চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, কাহিনী লেখক আৰু চিত্ৰ নাট্যকাৰ। হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড (Honeymoon Travels Pvt. Ltd.) নামৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত বোলছবি খনৰ জৰিয়তে তেওঁ প্ৰথম ছবি পৰিচালক হিচাপে পদাৰ্পন কৰিছিল[উদ্ধৃতিৰ প্ৰয়োজন]।
সূচী |
ব্যক্তিগত জীৱন [সম্পাদনা কৰক]
ৰীমাই মুম্বাইৰ ছ'ফিয়া কলেজৰ (Sophia College, Mumbai) পৰা ইংৰাজী সাহিত্যত কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছল। ছ'ফিয়া পলিটেকনিকত তেওঁ সামাজিক গণসংযোগ মাধ্যমৰ স্নাতকোত্তৰ শিক্ষাও গ্ৰহণ কৰিছল।
কেৰিয়াৰ [সম্পাদনা কৰক]
ৰীমা কাগতিয়ে কেইবাগৰাকী যশস্বী পৰিচালকৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ফাৰহান আখতাৰৰ দিল চাহতা হেঁই, লক্ষ্য; আশুতোষ গোৱাড়িকাৰৰ লগান; হনী ইৰাণীৰ আৰমান আৰু মীৰা নায়াৰৰ ভেনিটী ফেয়াৰ এইবিলাকৰ ভিতৰত উল্লেখযোগ্য[1]।
প্ৰতিস্থাৰ কালৰে পৰা ৰীমা Excel Entertainment Pvt. Ltd নামৰ প্ৰতিস্থানটোৰ সহযোগী হিচাপে কৰ্মৰত। ৰীমাই ফাৰহান আৰ জ'য়া আখতাৰক তেওঁলোকৰ সকলো বোলছবি আৰু বাণিজ্যিক চিত্ৰতে আজি পৰ্য্যন্ত সহযোগিতা আগবঢ়াই আহিছে[2]।
ৰীমাই ২০০৬ চনৰ হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড নামৰ ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ পৰিচালনাৰ জগতত খোজ পেলাইছিল[3]। তেওঁৰ পৰৱৰ্ত্তী ছবি তলাশ এখন চাছপেঞ্চ্ ড্ৰামা আৰু এই ছবিখনত আমিৰ খান, ৰাণী মূখাৰ্জী আৰু কৰীণা কাপুৰে অভিনয় কৰিছে[4]।
চলচ্চিত্ৰ জীৱন [সম্পাদনা কৰক]
অভিনেত্ৰী হিচাপে [সম্পাদনা কৰক]
| বৰ্ষ | চলচ্চিত্ৰ | টোকা |
|---|---|---|
| ২০০৮ | ৰ'ক অন!! | |
| ২০১২ | তলাশ |
পৰিচালক [সম্পাদনা কৰক]
| বৰ্ষ | চলচ্চিত্ৰ | টোকা |
|---|---|---|
| ২০০৭ | হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড | |
| 2012 | তলাশ |
কাহিনী লেখক [সম্পাদনা কৰক]
| বৰ্ষ | চলচ্চিত্ৰ | টোকা |
|---|---|---|
| ২০০৭ | হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড | |
| ২০১১ | জিন্দেগী না মিলেগী দোবাৰা | |
| ২০১২ | তলাশ |
চিত্ৰ নাট্যকাৰ [সম্পাদনা কৰক]
| বৰ্ষ | চলচ্চিত্ৰ | টোকা |
|---|---|---|
| ২০০৭ | হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড | |
| ২০১১ | জিন্দেগী না মিলেগী দোবাৰা | |
| ২০১২ | তলাশ |
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ ""Initially I had plans to make a dark film; in fact it was darker than an average film" - Reema Kagti". Bollywoodhungama.com. 2006-11-07. http://www.bollywoodhungama.com/features/2006/11/07/1798/index.html। আহৰণ কৰা হৈছে: ২০১২-১১-০৯.
- ↑ "Honeymoon Travels". Imagineindia.net. http://www.imagineindia.net/archivo/2009/eng/Programme/SeccionIndia/RetroShabanaAzmi/Honeymoon-Travels/honeymoon.html। আহৰণ কৰা হৈছে: ২০১২-১১-০৯.
- ↑ http://www.excelmovies.com/images/Directors/swfs/Directors_Reema.swf
- ↑ "Aamir's Khan's next is suspense drama directed by Reema Kagti". Bollywoodhungama.com. 2010-11-01. http://www.bollywoodhungama.com/news/2010/11/01/14868/index.html। আহৰণ কৰা হৈছে: ২০১২-১১-০৯.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
- ৰীমা কাগতি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য
- Reema Kagti: Filmography and Profile