অবিভক্ত গোৱালপাৰা জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অবিভক্ত গোৱালপাৰা জিলা[1] (পূৰ্বতে: উত্তৰ-পূব ৰংপুৰ জিলা) বৰ্তমান ভাৰতৰ অসম ৰাজ্যৰ এখন পুৰণি জিলাব্ৰিটিছ ঔপনিৱেশিক অসমৰ শাসকসকলে ইয়াক ব্ৰিটিছ শাসিত বংগৰ বৃহত্তৰ ৰংপুৰ জিলাৰ পৰা পৃথক কৰি অসমৰ লগত সংযুক্ত কৰি এই জিলাখন গঠন কৰিছিল। বৰ্তমানৰ অসম ৰাজ্যৰ পশ্চিম অংশৰ ছয়খন জিলা পূৰ্বতে এই জিলাৰ অন্তৰ্গত আছিল। সেইবোৰ হ'ল: গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, চিৰাং, বঙাইগাঁও আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা

ইতিহাস[সম্পাদনা কৰক]

ঐতিহাসিক পটভূমি[সম্পাদনা কৰক]

এই অঞ্চলটো প্ৰথম সহস্ৰাব্দত কামৰূপ ৰাজ্যৰ অংশ আছিল। কামৰূপ ৰাজ্যৰ বিভাজনৰ পিছত, অঞ্চলটো কমতা ৰাজ্যৰ অধীনলৈ আহে। ১৪৯৮ চনত, আলাউদ্দিন হুছেইন শ্বাহৰ কমতা বিজয়ৰ ফলত অঞ্চলটো বংগ চুলতানীৰ অন্তৰ্ভুক্ত হৈ পৰে। বংগ চুলতানিত থকা সময়ত অঞ্চলটো ৰাঙামাটি নামেৰে জনাজাত আছিল। ১৫০৫-০৯ চনৰ ভিতৰত অসমৰ বাৰ ভূঞাসকলে হুছেইন শ্বাহৰ পুত্ৰ আৰু কমতাৰ শাসক শ্বাহজাদা দানিয়াল ওৰফে দুলাল গাজীক পৰাস্ত কৰি অঞ্চলটোৰ নিয়ন্ত্ৰণ লৈছিল। তাৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশে তেওঁলোকক উৎখাত কৰে অঞ্চলটোৰ নিয়ন্ত্ৰণ লয়।

ষোড়শ শতিকাৰ শেষৰ ফালে কোচ ৰাজ্য ভাঙি যায় আৰু এই অঞ্চল কোচ হাজো ৰাজ্যৰ অংশ হৈ পৰে। আহোম-মোগল সংঘাত আৰম্ভ হোৱাৰ পিছত (১৬১৯-১৬৮২) মোগল সাম্ৰাজ্যই অঞ্চলটো জয় কৰি বংগ চুবাহৰ লগত সংযুক্ত কৰে । ১৬৫৮ চনৰ আশে-পাশে এই অঞ্চলটো প্ৰায় তিনি বছৰ আহোম ৰাজ্যৰ প্ৰভাৱত আছিল। কিন্তু অঞ্চলটো কেতিয়াও আহোম ৰাজ্যৰ নিয়মীয়া অংশ নাছিল।[2] মোগলৰ অধীনত ইয়াৰ প্ৰশাসনিক এলেকা চৰকাৰ ঢেকুৰী নামেৰে গঠিত হয়।[3] ১৭৬৫ চনত বংগত নৱাবী শাসন পতনৰ পিছত বংগৰ বাকী অংশৰ লগতে এই অঞ্চলটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিয়ন্ত্ৰণলৈ আহে। সেই সময়ত, তেওঁলোকে ৰংপুৰ প্ৰশাসনৰ অধীনত অঞ্চলটো পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ সেই সময়ৰ পৰা গোৱালপাৰা ৰংপুৰ জিলাৰ অংশ আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সীমান্ত নীতিৰ অংশ হিচাপে, ১৮১৬ চনৰ কিছু সময়ৰ পিছত "ৰংপুৰৰ উত্তৰ-পূব অংশ" নামৰ এক বিশেষ প্ৰশাসনিক অঞ্চল গঠন কৰা হৈছিল। ১৮২২ চনৰ জানুৱাৰী মাহত ডেভিড স্কটক ইয়াৰ অসামৰিক আয়ুক্ত হিচাপে নিযুক্ত কৰা হয়।[4]

গোৱালপাৰা গঠন[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://lsi.gov.in/library/handle/123456789/3171[সংযোগবিহীন উৎস]
  2. " Ahom territory (i e, by and large, the Brahmaputra Valley without the Goalpara district)."(Guha 1983)
  3. (Dutta 1995)
  4. (Bannerjee 1992)

সন্দৰ্ভ[সম্পাদনা কৰক]