আমাজন অভিযান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমাজন অভিযান
পৰিচালক কমলেশ্বৰ মুখাৰ্জী
ৰচনা কমলেশ্বৰ মুখাৰ্জী
ভিত্তি বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ দ্বাৰা ৰচিত চান্দেৰ পাহাৰৰ চৰিত্ৰ
প্ৰযোজক মহেন্দ্ৰ ছোনী
শ্ৰীকান্ত মোহতা
অভিনয়ত
  • দেব
  • লাবণী চৰকাৰ
  • ডেভিড জেমছ
  • শ্বেতলানা গুলাকোভা
চিত্ৰগ্ৰহণকাৰী সৌমিক হালদাৰ
সম্পাদনা ৰবীৰঞ্জন মৈত্ৰ
সংগীত পৰিচালক দেবজ্যোতি মিশ্ৰ
প্ৰযোজনা
কোম্পানী
পৰিবেশক শ্ৰী ভেংকটেশ ফিল্মছ্
মুক্তি
২২ ডিচেম্বৰ ২০১৭ (2017-12-22)
দৈৰ্ঘ্য
১৩৭ মিনিট[1]
দেশ ভাৰত
ভাষা বাংলা
বাজেট est.₹২০ কোটি[2]
সৰ্বমুঠ আয় ₹৪৮.৬৩ কোটি[3]

আমাজন অভিযান হৈছে ২০১৭ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এটি একচন-এডভেঞ্চাৰ চলচ্চিত্ৰ।[4] ছবিখনৰ ৰচনা আৰু পৰিচালনা কৰিছে কমলেশ্বৰ মুখাৰ্জীয়ে। শ্ৰী ভেংকটেশ ফিল্মছৰ বেনাৰত শ্ৰীকান্ত মোহতা আৰু মহেন্দ্ৰ ছোনীয়ে ছবিখনৰ প্ৰযোজনা কৰিছে। অভিনেতা দেবে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এইখন ২০১৩ বৰ্ষৰ ছবি চান্দেৰ পাহাৰৰ ছিকুৱেল তথা চান্দেৰ পাহাৰ চলচ্চিত্ৰ ধাৰাবাহিকৰ দ্বিতীয় কিস্তি। ছবিখনৰ কাহিনীভাগ শংকৰ নামৰ এজন দুঃসাহসিক কৰ্মীক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে। তেওঁ এগৰাকী ভদ্ৰমহিলা আৰু তাইৰ পিতৃৰ সৈতে চিটি অৱ গ'ল্ড নামে খ্যাত এল ড'ৰাড'ৰ সন্ধানত আমাজন ভ্ৰমণ কৰে।[5]

আমাজন অভিযান প্ৰযোজনা গৃহখনৰ ১০০ তম চলচ্চিত্ৰ।[6] এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা বাংলা ছবিখন ২০১৭ চনৰ ২২ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰে।[7] ২০১৮ চনৰ ৫ জানুৱাৰীত হিন্দী, তামিল, তেলেগু, ওড়িয়া আৰু অসমীয়াকে ধৰি মুঠ পাঁচটা ভাষাত ডাবকৃত ৰূপত মুক্তি লাভ কৰে। ইয়াৰ উপৰিও ২০১৮ চনৰ ১২ জানুৱাৰীত যুক্তৰাজ্যৰ থিয়েটাৰত মুক্তি পোৱা প্ৰথমখন বাংলা ছবিৰ খিতাপ অৰ্জন কৰে।

কাহিনীভাগ[সম্পাদনা কৰক]

চান্দেৰ পাহাৰ ছবিখনৰ ছিকুৱেল, এই ছবিখনৰ কাহিনীটো আৰম্ভ হয় শংকৰ নামৰ এজন দুঃসাহসিক কৰ্মীৰ গৃহ চহৰৰ পৰা। শংকৰে নিজ গৃহ চহৰত বাস কৰা কালত আন্না ফ্লৰিয়ান নামৰ এগৰাকী ইটালীয় যুৱতী তেওঁৰ কাষ চাপে। তাইক আৰু তাইৰ পিতৃ মাৰ্কো ফ্লৰিয়ানক আমাজনৰ পৌৰাণিক সোণৰ চহৰ এল ড'ৰাড' বিচাৰি উলিয়াবলৈ তাই শংকৰৰ সংগ বিচাৰে। এইদৰেই আৰম্ভ হয় শংকৰৰ যাত্ৰা।

কলা-কুশলী[সম্পাদনা কৰক]

  • দেব - শংকৰ ৰায় চৌধুৰী
  • লাবণী চৰকাৰ - শংকৰৰ মাতৃ
  • তামল ৰায় চৌধুৰী - শংকৰৰ পিতৃ
  • ডেভিড জেমছ - মাৰ্কো ফ্ল'ৰিয়ান[8]
  • শ্বেতলানা গুলাকোভা - আন্না ফ্ল'ৰিয়ান
  • এডুয়াৰ্ডো মুনিজ - আনকোমা
  • অগাষ্টো চেজাৰ - ডাক্তৰ

উৎপাদন[সম্পাদনা কৰক]

২০১৪ চনৰ আৰম্ভণিতে, এখন বঙালী আলোচনী অনুসৰি, পৰিচালক কমলেশ্বৰ মুখাৰ্জীয়ে ইতিমধ্যে চিত্ৰনাট্যখন লিখিছে, কাহিনীটো য'ৰ পৰা এৰিছিল তাৰ পৰা আগুৱাই লৈ যাব আৰু দেৱক উদ্ধৃত কৰি কোৱা হৈছিল যে আফ্ৰিকান চাফাৰীৰ পিছত পৰৱৰ্তী স্থানটো হ'ব আমাজন বৰ্ষাৰণ্যৰ ঘন অৰণ্য।[9] ছবিখনৰ শিৰোনাম আমাজন অভিযান[4] ২০১৬ চনৰ মে মাহৰ পৰা শ্বুটিং আৰম্ভ কৰা হৈছিল।[4]

বিপণন[সম্পাদনা কৰক]

২০১৭ চনৰ ২১ ছেপ্টেম্বৰত মুক্তি পোৱা প্ৰথমটো টিজাৰ আৰু পোষ্টাৰ।[10]

মোহন বাগান খেলপথাৰত উন্মোচন কৰা ছবিখনৰ আনুষ্ঠানিক পোষ্টাৰখনে ২০১৭ চনৰ ৪ নৱেম্বৰত ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ চলচ্চিত্ৰ পোষ্টাৰৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই ছবিখনে বাহুবলীৰ পোষ্টাৰৰ পূৰ্বৰ অভিলেখ ভংগ কৰি গিনিজ বুক বিশ্ব অভিলেখ অৰ্জন কৰে।[11][12]

২০১৭ চনৰ ১ ডিচেম্বৰত বাংলা, অসমীয়া,[13][14] ওড়িয়া, হিন্দী, তামিল আৰু তেলেগু ভাষাত ছবিখনৰ ট্ৰেইলাৰ মুক্তি লাভ কৰে।[15]

সচিত্ৰ উপন্যাস[সম্পাদনা কৰক]

একে নামৰ ছবিখনৰ আধাৰত নিৰ্মিত ২০১৭ চনৰ এখন সচিত্ৰ উপন্যাস আমাজন অভিযান।[16] পৰিচালক কমলেশ্বৰ মুখাৰ্জীৰ দ্বাৰা ৰচিত ছবিখন ইংৰাজী আৰু বাংলা ভাষাত উপলব্ধ।[17] সচিত্ৰ উপন্যাসখনে ছবিখনৰ প্ৰচাৰৰ কাম হিচাপে কাম কৰে। ২০১৭ চনৰ ১১ নৱেম্বৰত ছবিখনে মুক্তি পাইছিল।[18]

সংগীত[সম্পাদনা কৰক]

ছবিখনৰ গীত ৰচনা কৰিবলৈ ইন্দ্ৰাদিপ দাসগুপ্তক চুক্তিবদ্ধ কৰা হৈছিল।

আমাজন অভিযান
ইন্দ্ৰদীপ দাসগুপ্তৰ
সংগীত এলবাম
মুক্তি ২০১৭
বাণীবন্ধন ২০১৭
শৈলী/ধৰণ ফিচাৰ ফিল্ম চাউণ্ডট্ৰেক
দৈৰ্ঘ্য ৫:২২
লেবেল এছ ভি এফ
প্ৰযোজক


গীতৰ তালিকা
নং শিৰোনামগায়ক দৈৰ্ঘ্য
1. "চল না যাই"  অৰিজিৎ সিং ৫:২২
মুঠ দৈৰ্ঘ্য:
৫:২২

অভ্যৰ্থনা[সম্পাদনা কৰক]

দ্য টাইমছ অৱ ইণ্ডিয়াই ছবিখনক ৩/৫ ৰেটিং দি লিখিছে, "চিনেমাখন চাবই লাগিব। কেৱল ইয়াৰ ভৱিষ্যৎৰ বাবেই নহয় কমলেশ্বৰৰ কল্পনাশক্তিৰ সোৱাদ ল'বলৈও। পৌৰাণিক চহৰ এল ড'ৰাড'খন আমি শৈশৱত কল্পনা কৰা ধৰণে প্ৰায় একেই। আৰু শেষত, ছবিখনৰ অন্ত পৰে য'ত সকলো আৰম্ভ হৈছিল — বহু বছৰৰ আগতে শংকৰৰ প্ৰথম দুঃসাহসিক অভিযান চান্দেৰ পাহাৰৰ ধাৰণা মুকলি কৰা কিতাপ ৰিডাৰছ ডাইজেষ্টৰ উল্লেখেৰে।" [19]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Amazon Obhijaan". British Board of Film Classification. https://www.bbfc.co.uk/release/amazon-obhijaan-film-qxnzzxq6vlgtotk2mti3। আহৰণ কৰা হৈছে: 20 April 2022. 
  2. "SVF unveils biggest film poster for Bengali film 'Amazon Obhijaan'". Economic Times. https://economictimes.indiatimes.com/magazines/panache/svf-unveils-the-biggest-film-poster-for-bengali-film-amazon-obhijaan/articleshow/61510003.cms। আহৰণ কৰা হৈছে: 13 March 2018. 
  3. "'Amazon Obhijan' Becomes Highest Grossing Bengali Film Ever". https://www.thestatesman.com/entertainment/amazon-obhijan-becomes-highest-grossing-bengali-film-ever-1502565557.html/amp. 
  4. 4.0 4.1 4.2 "Dev's Amazon adventure starts now! - Times of India". http://timesofindia.com/entertainment/bengali/movies/news/Devs-Amazon-adventure-starts-now/articleshow/52127042.cms। আহৰণ কৰা হৈছে: 31 August 2016. 
  5. "Locations of Dev's Amazon Obhijan will make you gasp - The Times of India". The Times of India. http://timesofindia.com/articleshow_comments/53671271.cms. 
  6. "Shree Venkatesh Films on a new high with its 100th film production". The Times of India. http://timesofindia.com/entertainment/bengali/movies/news/Shree-Venkatesh-Films-on-a-new-high-with-its-100th-film-production/articleshow/52024602.cms. 
  7. "‘Amazon Obhijan’ becomes highest grossing Bengali film ever!". The Statesman. 16 January 2018. https://www.thestatesman.com/entertainment/bengali-cinema/amazon-obhijan-becomes-highest-grossing-bengali-film-ever-1502565557.html/amp. 
  8. "South African actor David James recollects 'magical experience' of acting in Amazon Obhijaan". Daily News and Analysis. http://www.dnaindia.com/entertainment/report-south-african-actor-david-james-recollects-magical-experience-of-acting-in-amazon-obhijaan-2562270। আহৰণ কৰা হৈছে: 24 Nov 2017. 
  9. "Dev, Kamaleswar planning Chander Pahar sequel!". The Times of India. http://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Dev-Kamaleswar-planning-Chander-Pahar-sequel/articleshow/47655129.cms। আহৰণ কৰা হৈছে: 13 June 2015. 
  10. "Teaser of 'Amazon Obhijaan' launched on digital platforms". https://www.outlookindia.com/newsscroll/teaser-of-amazon-obhijaan-launched-on-digital-platforms/1152106। আহৰণ কৰা হৈছে: 22 September 2017. 
  11. India.com Buzz Desk (5 November 2017). "Biggest Poster Measuring 60,800 Sq Ft of Bengali Film Amazon Obhijaan Launched At Mohun Bagan in Kolkata". http://www.india.com/buzz/biggest-poster-measuring-60800-sq-ft-of-bengali-film-amazon-obhijaan-launched-at-mohun-bagan-in-kolkata-2602828/। আহৰণ কৰা হৈছে: 12 November 2017. 
  12. Himatsingka, Anuradha (4 November 2017). "SVF unveils the biggest film poster for Bengali film 'Amazon Obhijaan'". https://economictimes.indiatimes.com/magazines/panache/svf-unveils-the-biggest-film-poster-for-bengali-film-amazon-obhijaan/articleshow/61510003.cms। আহৰণ কৰা হৈছে: 12 November 2017. 
  13. "Amazon Obhijaan trailer: From anacondas to panthers, this Bengali movie is making Twitter go WOW". Times Now. http://www.timesnownews.com/entertainment/article/amazon-obhijaan-trailer-dev-chander-pahar-sequel-shankar-roy-chowdhury/137214। আহৰণ কৰা হৈছে: 1 December 2017. 
  14. "Amazon Obhijaan trailer: Dev's film marks monumental feat for Bengali film industry". Firstpost. http://www.firstpost.com/entertainment/amazon-obhijaan-trailer-devs-film-marks-monumental-feat-for-bengali-film-industry-4237399.html। আহৰণ কৰা হৈছে: 1 December 2017. 
  15. "(bengali-movie-amazon-obhijaan-to-release-in-six-languages) హాలీవుడ్ రేంజ్‌లో మరో భారతీయ సినిమా!". 9 December 2017. https://m.telugu.samayam.com/telugu-movies/cinema-news/bengali-movie-amazon-obhijaan-to-release-in-six-languages/articleshow/61997404.cms। আহৰণ কৰা হৈছে: 10 December 2017. 
  16. "Amazon Obhijaan graphic novel launched". https://www.outlookindia.com/newsscroll/amazon-obhijaan-graphic-novel-launched/1186534। আহৰণ কৰা হৈছে: 12 November 2017. 
  17. "Amazon Obhijaan graphic novel launched". http://indiatoday.intoday.in/story/amazon-obhijaan-graphic-novel-launched/1/1087602.html। আহৰণ কৰা হৈছে: 12 November 2017. 
  18. "গ্ৰাফিক নভেলৰ আটাইতকৈ ডাঙৰ পোষ্টাৰৰ পাছত পুনৰ ‘আমাজন অভিযান’ৰ চমক". http://www.sangbadpratidin.in/svf-launches-the-amazon-obhijaan-graphic-novel/। আহৰণ কৰা হৈছে: 12 November 2017. 
  19. "Amazon Obhijaan Movie Review, Trailer, & Show timings at Times of India". https://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/amazon-obhijaan/movie-review/62229265.cms। আহৰণ কৰা হৈছে: 27 January 2018. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]