সমললৈ যাওক

আমিৰ খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমিৰ খান
জন্ম মহম্মদ আমিৰ হুচেইন খান ১৪ মাৰ্চ, ১৯৬৫ (৬১ বছৰ)
বম্বে, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা Narsee Monjee College of Commerce and Economics
পেচা
  • অভিনেতা
  • চলচ্চিত্ৰ পৰিচালক
  • চলচ্চিত্ৰ প্ৰযোজক
  • চিত্ৰনাট্যকাৰ
  • গায়ক
  • talk-show host
সক্ৰিয় হৈ থকা সময় ১৯৭৩–বৰ্তমান
দাম্পত্যসঙ্গী
  • ৰিনা দত্ত (বি. ১৯৮৬; বিবি. ২০০২)
  • কিৰন ৰাঁও (বি. ২০০৫)
পিতৃ-মাতৃ তাহিৰ হুছেইন পিতৃ)
জিনত হুছেইন (মাতৃ)
সন্তান
ৱেবছাইট
www.aamirkhan.com

মহম্মদ আমিৰ হুচেইন খান (হিন্দী: आमिर खान; জন্ম: ১৪ মাৰ্চ ১৯৬৫)[1] হ'ল এজন বিখ্যাত ভাৰতীয় অভিনেতা। হিন্দী ছবিত ত্ৰিছ বছৰৰো বেছি সময় ধৰি তেওঁৰ কেৰিয়াৰত খানে নিজকে ভাৰতীয় চলচ্চিত্ৰৰ এজন অন্যতম জনপ্ৰিয় আৰু প্ৰভাৱশালী অভিনেতা হিচাপে প্ৰতিষ্ঠিত কৰিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৬৫ চনৰ ১৪ মাৰ্চত ভাৰতৰ মুম্বাইৰ বান্দ্ৰা হলি ফেমেলি‍ হস্পিটেলত মুছলমান সম্ভ্ৰান্ত পৰিয়ালৰ সদস্য আমিৰ খানৰ জন্ম হৈছিল; তেওঁৰ সম্পূৰ্ণ নাম আছিল আমিৰ হুছেইন খান। দশক দশক ধৰি তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁৰ পিতৃ তাহিৰ হুছেইন এজন চলচ্চিত্ৰ পৰিচালক আৰু ককাক নাছিৰ হুছেইন আছিল এজন চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেতা।[2] তেওঁৰ পৰিয়ালটো ভাৰতীয় চিনেমাৰ সৈতে দশক দশক ধৰি জড়িত হৈ আছে। আমিৰ খানৰ মাতৃৰ নাম জিনাত হোছেইন।[3][4][5] তেওঁৰ ভাই-ভনী হৈছে "ফাইছাল খান", "ফাৰহাট খান" আৰু "নিখাত খান।" ইমৰাণ খান আমিৰ খানৰ ভাগিন।

আমিৰ খানৰ পূৰ্বপুৰুষ আফগানিস্তানৰ স্থানীয় লোক আছিল। আমিৰ খান বিখ্যাত ৰাজনীতিবিদ আবুল কালাম আজাদ (মৌলানা আবুল কালাম আজাদ)ৰ বংশধৰ। আমিৰ খানৰ উচ্চতা মাত্ৰ পাঁচ ফুট পাঁচ ইঞ্চি।[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৮৬ চনৰ ১৮ এপ্ৰিলত আমিৰে কায়ামত সে কায়ামত টক ছবিৰ এটা গীতত চমুকৈ অভিনয় কৰা ৰীনা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ জুনাইদ নামৰ এজন পুত্ৰ আৰু ইৰা নামৰ এগৰাকী কন্যা সন্তান আছে। আমিৰৰ লগান ছবিৰ প্ৰযোজক হিচাপে কাম কৰিছিল ৰীনাই। ২০০২ চনৰ ডিচেম্বৰ মাহত আমিৰে ৰীনাক তালাক দিয়ে আৰু ৰীনাই জুনাইদ আৰু ইৰাৰ দায়িত্ব লয়।[7]

২০০৫ চনৰ ২৮ ডিচেম্বৰত আমিৰৰ লগান বোলছবিখনৰ পৰিচালক আশুতোষ গোৱাৰিকাৰৰ সহকাৰী পৰিচালক হিচাপে কাম কৰা কিৰণ ৰাওৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[8] ২০২১ চনৰ ৩ জুলাইত আমিৰ খানৰ পত্নী কিৰণ ৰাওৰ সৈতে‍ বিবাহ বিচ্ছেদ হয়।

আঠ বছৰ বয়সৰ পৰাই আমিৰ খানে য়াদো কি বাৰাত (১৯৭৩) আৰু মদহুছ (১৯৭৪) ছবিত শিশু অভিনেতা হিচাপে কাম আৰম্ভ কৰে। প্ৰাপ্তবয়স্ক অভিনেতা হিচাপে ১১ বছৰ পিছত কেতন মেহতাৰ হোলী (১৯৮৪)ত অভিনয় কৰে যদিও ছবিখনে বিশেষ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয়। প্ৰথমখন উল্লেখযোগ্য ছবি আছিল মনছুৰ খানৰ পৰিচালনাত ১৯৮৮ চনত কায়ামত ছে কায়ামত টক। ছবিখনে বিপুল সফলতা লাভ কৰাৰ লগতে মুখ্য চৰিত্ৰত জনপ্ৰিয় হৈ পৰে আমিৰ খান। চকলেট হিৰো লুকৰ বাবে আমিৰক "টিন আইডল" বুলি জনা যায়। আমিৰে ৰাখ নামৰ ছবিখনৰ বাবে বিশেষ জুৰী শাখাত ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ৮০ৰ দশকৰ শেষৰ ফালে আৰু ৯০ৰ দশকৰ আৰম্ভণিতে আমিৰে কেইবাখনো চিনেমাত অভিনয় কৰিছিল যেনে, দিল (১৯৯০), দিল হায় কে মানতা নেহি (১৯৯১), জো জীতা ওহি চিকন্দৰ (১৯৯২), হম হায় ৰহী প্যায়াৰ কে (১৯৯৩) (যিখনৰ তেওঁ চিত্ৰনাট্যও লিখিছিল), আৰু ৰংগিলা (১৯৯৫)। সকলো ছবিয়েই সমালোচনাত্মক আৰু ব্যৱসায়িক সফলতা লাভ কৰিছিল। সাতবাৰ মনোনীত হোৱাৰ পিছত ৰাজা হিন্দুস্তানীৰ বাবে আমিৰে প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০০১ চনত তেওঁ ‘লগান’ ছবিত ‘ভুৱন’ৰ চৰিত্ৰত অভিনয় কৰি আমাক এটা আচৰিত কাহিনী দিছিল যিয়ে ২০০১ চনৰ নেটৱেষ্ট ছিৰিজ আৰু ২০০৩ চনৰ ক্ৰিকেট বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলটোক অনুপ্ৰাণিত কৰিছিল। লগানে ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল আৰু ৭৪ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে মনোনীত হৈছিল। ২০০৬ চনত আমিৰে ৰং দে বসন্তীৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ (সমালোচকৰ পছন্দ) ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০০৬ চনৰ সৰ্বশ্ৰেষ্ঠ ব্যৱসায়িক সফলতা লাভ কৰা এই ছবিখনে বিদেশী চলচ্চিত্ৰ শাখাত অস্কাৰৰ বাবে মনোনীত হৈছিল। ২০০৭ চনত আমিৰে চলচ্চিত্ৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি আমালৈ লৈ আহিছিল ডিছলেক্সিয়া শিশুৰ কাহিনী, চিনেমাখনৰ নাম আছিল তাৰে জামিন পৰ। ২০০৮ চনত আমিৰে নিজকে সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰি দক্ষিণৰ ছবি‍ গজনীৰ পুনৰ্নিৰ্মাণ অভিনয় কৰিছিল, যিখন ছবিয়ে বিপুল সফলতা লাভ কৰিছিল। ২০০৯ চনত আমিৰে বলীউডৰ ইতিহাসৰ এতিয়ালৈকে জনপ্ৰিয় ছবি থ্ৰী ইডিয়টছত ‘ৰাঞ্চো’ৰ চৰিত্ৰত অভিনয় কৰিছিল। আমিৰ অভিনীত পি কে চিনেমাখন ২০১৪ চনত মুক্তি পাইছিল। বলীউডৰ এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকাত আছে আমিৰৰ পি কে। কেৱল ভাৰততে ৩০০ কোটি টকাৰ মাইলৰ খুঁটি স্পৰ্শ কৰা প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে ‘পিকে’।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

আমিৰ খানক কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০৩ চনত পদ্মশ্ৰী আৰু ২০১০ চনত পদ্মভূষণ বঁটা প্ৰদান কৰে।[9] ২০১৩ চনৰ এপ্ৰিল মাহত টাইম আলোচনীয়ে তেওঁক বিশ্বৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত তালিকাভুক্ত কৰিছিল।[10]

চলচ্চিত্ৰ তালিকা

[সম্পাদনা কৰক]
শিৰোনাম বছৰ Credited as Notes Ref.
অভিনেতা প্ৰযোজক অন্য চৰিত্ৰ
য়াদো কি বাৰাত 1973হয় শিশু ৰতন[II] Minor role [11]
মধহোষ 1974হয় শিশু ৰাজ[III] Minor role [11]
পৰনয়া 1983হয় সহঃ পৰিচালক Unknown Short film [12][13]
মঞ্জিল মঞ্জিল 1984 সহঃ পৰিচালক [14]
হ'লি 1984হয় মদন শৰ্মা [12]
জবৰদস্ত 1985 সহঃ পৰিচালক [14]
কয়ামত চে কয়ামত তক 1988হয় সহঃ লেখক ৰাজ
  • ফিল্মফেয়াৰ: শ্ৰেষ্ঠ নবাগত অভিনেতা
  • মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
[15][16][17]
ৰাখ 1989হয় আমিৰ হুছেইন
  • মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
[16][18]
লভ লভ লভ 1989হয় অমিত [19]
অৱল নম্বৰ 1990হয় ছানী [19]
তুম মেৰে হ' 1990হয় শিৱা [19]
ডিল 1990হয় ৰাজা মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা [16][20][21]
দিৱানা মুজ্চা নহি 1990হয় অজয় শৰ্মা [19]
জৱানী জিণ্ডাবাদ 1990হয় শশী শৰ্মা [19]
আফচানা প্যাৰ কা 1991হয় ৰাজ [22]
দিল হে কে মানতা নেহি 1991হয় ৰঘু জেটলী মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা [16][23]
ইচি কা নাম জিণ্ডগি 1992হয় চটু [24]
ডাউলট কি জঙ্গ 1992হয় ৰাজেশ চৌধুৰী [25]
জো জিতা ৱহি ছিকন্দৰ 1992হয় সঞ্জয় লাল শৰ্মা মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা [16][26]
পহলা নচা 1993হয় Himself Cameo appearance [27]
পৰম্পৰা 1993হয় ৰনবীৰ পৃথ্বী সিং [28]
দামিনী 1993হয় Himself Cameo appearance [29]
হম হ্যায় ৰাহি প্যাৰ কে 1993হয় চিত্ৰনাট্যকাৰ ৰাহুল মালহোত্ৰা মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা [30][16]
আন্দাজ আপনা আপনা 1994হয় অমৰ মনোহৰ মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা [31][32]
বাজী 1995হয় Amar Damjee [33]
আতংক হি আতংক 1995হয় ৰোহন [34]
ৰঙগীলা 1995হয় মুন্না মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা [35]
অকেলে হম অকেলে তুম 1995হয় ৰোহিত কুমাৰ [16]
ৰাজা হিন্দুস্তানী 1996হয় ৰাজা হিণ্ডুস্তানী ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা [36][16]
ইশ্ক 1997হয় ৰাজা আহলাৱট [37]
গুলাম 1998হয় নেপথ্য গায়ক সিদ্ধাৰ্থ মাৰাথে
  • মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
  • মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ নেপথ্য গায়ক
[16][38]
আৰ্থ্ 1998হয় Dil Navaz Canadian-Indian film

Released in India as 1947: Earth

[39]
চৰফাৰোচ 1999হয় অজয় সিং ৰাথোৰ মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা [16][40]
মন 1999হয় দেৱ কৰণ সিং [41]
মেলা 2000হয় নেপথ্য গায়ক কিশন প্যাৰে [42]
লগান 2001হয়হয় ভুৱন
  • ফিল্মফেয়াৰ: শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
  • মনোনীত—Academy Award for Best Foreign Language Film
[43][44][16]
দিল চাহ্‌তা হ্যায় 2001হয় আকাশ মালহোত্ৰা মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা [16][45]
Madness in the Desert 2004হয়হয় Himself Documentary filmAlso known as Chale Chalo: The Lunacy of Film Making

National Film Award for Best Exploration/Adventure Film

[46][47]
মঙ্গল পাণ্ডে: দ্যা ৰাইজিং 2005হয় নেপথ্য গায়ক মঙ্গল পাণ্ডে মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা [16][48]
ৰং দে বসন্তি 2006হয় নেপথ্য গায়ক দলজিত সিং/

চন্দ্ৰশেখৰ আজাদ[IV]

  • মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা
[16][49]
ফানা 2006হয় ৰেহান কাডৰী [50]
তাৰে জমিন পৰ 2007হয়হয় পৰিচালক

নেপথ্য গায়ক

ৰাম শংকৰ নিকুম্ভ
  • ফিল্মফেয়াৰ: শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • ফিল্মফেয়াৰ: শ্ৰেষ্ঠ পৰিচালক
  • মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ সহঃঅভিনেতা
[51][16][52][53]
জানে টু য়া জানে না 2008 হয় মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা [54][55]
গজনী 2008হয় সহযোগী লেখক সঞ্জয় সিংহানীয়া মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা [16][56][57]
লাক বাই চাঞ্চ 2009হয় Himself Cameo appearance [58]
থ্ৰী ইডিয়টচ্ 2009হয় ৰনচ'ৰ দাস শ্যামল দাস চাঞ্চৰ/ ফুনচুখ ৱাংগৰু[V] মনোনীত— ফিল্মফেয়াৰ: শ্ৰেষ্ঠ অভিনেতা [59][60]
পিপলি লাইফ 2010 হয় Nominated—Filmfare Award for Best Film [61][62]
ধোবি ঘাট 2011হয়হয় অৰুণ [63]
Big in Bollywood 2011হয় Himself Documentary film [64]
দেল্হী বেলি 2011হয়হয় Disco Fighter Special appearance in song "I Hate You (Like I Love You)"

Nominated—Filmfare Award for Best Film

[65][66]
তালাশ: দ্যা এঞ্চৱাৰ লাইচ ৱিডিন 2012হয়হয় সুৰ্জন সিং শ্বেখাৱত [67]
বম্বে টকিচ্ 2013হয় Himself Special appearance in song "Apna Bombay Talkies" [68]
Ru-Ba-Ru 2013হয়হয় Himself Documentary film [69]
ধুম ৩ 2013হয় শ্বাহিৰ খান/সমৰ খান[VI] [70]
পিকে 2014হয় Nominated—Filmfare Award for Best Actor [71][72]
ডিল ধডকনে দো 2015হয় প্লুট' Voice role [73]
দংগল 2016হয়হয় নেপথ্য গায়ক মহাবীৰ সিং ফোগাট Filmfare Award for Best Actor

Filmfare Award for Best Film

[74][75]
চিক্ৰেট চুপাৰস্তাৰ 2017হয়হয় শক্তি কুমাৰ Nominated—Filmfare Award for Best Supporting Actor

Nominated—Filmfare Award for Best Film

[76][77]
ঠাগছ অব্ হিণ্ডুস্তান 2018হয় ফিৰঙ্গী মাল্লাহ [78]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "‘My Name is Mohammed Aamir Hussain Khan’". https://openthemagazine.com/art-culture/my-name-is-mohammed-aamir-hussain-khan/ আহৰণ কৰা হৈছে: 26 December 2024.
  2. "The Khans of Bollywood". MiD DAY. ১৮ মে ২০১১.
  3. "SPOTTED: Aamir Khan On ‘Haj Pilgrimage’ With Mother Zeenat Hussain". http://businessofcinema.com/news/spotted-aamir-khan-on-haj-pilgrimage-with-mother-zeenat-hussain/53160 আহৰণ কৰা হৈছে: 26 December 2024.
  4. "Hajji Aamir! Actor keeps his promise, leaves for Haj pilgrimage with mother Zeenat Hussain". http://indiatoday.intoday.in/story/aamir-khan-hajj-pilgrimage-mecca-mother-zeenat-hussain/1/225616.html আহৰণ কৰা হৈছে: 26 December 2024.
  5. "Aamir Khan leaves for Hajj with his mother". Archived from the original on 21 October 2012. https://web.archive.org/web/20121021224047/http://ibnlive.in.com/photogallery/7674.html আহৰণ কৰা হৈছে: 26 December 2024.
  6. "ছোট হয়েও বড় যাঁৰা". https://www.prothomalo.com/entertainment/%E0%A6%9B%E0%A7%8B%E0%A6%9F-%E0%A6%B9%E0%A7%9F%E0%A7%87%E0%A6%93-%E0%A6%AC%E0%A7%9C-%E0%A6%AF%E0%A6%BE%E0%A6%81%E0%A6%B0%E0%A6%BE আহৰণ কৰা হৈছে: 26 December 2024.
  7. "Aamir Khan Kiran Rao Wedding Marriage Amir Wife Reena Dutta Divorce". http://celebrity.psyphil.com/aamir-khan-kiran-rao-wedding-amir-khan-wife-reena-dutta-divorce/ আহৰণ কৰা হৈছে: 26 December 2024.
  8. "Grand reception for Aamir Khan-Kiran Rao wedding". Archived from the original on 22 February 2007. https://web.archive.org/web/20070222235106/http://www.expressindia.com/fullstory.php?newsid=60745 আহৰণ কৰা হৈছে: 26 December 2024.
  9. "Padma Bhushan for Aamir Khan, Padma Sri for Sehwag". Archived from the original on 2013-08-20. https://web.archive.org/web/20130820210954/http://articles.timesofindia.indiatimes.com/2010-01-25/india/28119839_1_padma-sri-badminton-star-cricketer-virendra-sehwag আহৰণ কৰা হৈছে: 26 December 2024.
  10. "Influential Aamir Khan on TIME Cover". https://www.indiatimes.com/news/more-from-india/aamir-khan-in-times-100-most-influential-people-in-the-world-list-72827.html আহৰণ কৰা হৈছে: 26 December 2024.
  11. 1 2 Verma, Sukanya (14 March 2012). "Birthday Special: The 47 Faces of Aamir Khan". Rediff.com. http://www.rediff.com/movies/slide-show/slide-show-1-the-47-faces-of-aamir-khan/20120314.htm#1 আহৰণ কৰা হৈছে: 20 February 2014.
  12. 1 2 Kapoor, Rajat (26 April 2011). "The Mentor and the student". Man's World. Archived from the original on 24 February 2014. https://web.archive.org/web/20140224005754/http://www.mansworldindia.com/cinema/the-mentor-and-the-student.
  13. N, Patsy (3 June 2009). "Aamir never wanted to be an actor". Rediff.com. http://movies.rediff.com/slide-show/2009/jun/03/slide-show-1-aditya-bhattacharya-on-raakh.htm আহৰণ কৰা হৈছে: 26 January 2012.
  14. 1 2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "ad" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  15. "Qayamat Se Qayamat Tak (1988)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/56005.
  16. 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 "Aamir Khan: Awards & nominations". Bollywood Hungama. http://www.bollywoodhungama.com/celebrities/awards/6692/index.html.
  17. Patel, Bhaichand (2012). Bollywood's Top 20: Superstars of Indian Cinema. Penguin Books India. পৃষ্ঠা. 219. ISBN 978-0-670-08572-9. https://books.google.com/books?id=RQL4dkVAnPIC&pg=PA219.
  18. "Raakh (1989)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/538558.
  19. 1 2 3 4 5 Chaudhuri, Diptakirti (2012). Kitnay Aadmi Thay. Westland. পৃষ্ঠা. 213–220. ISBN 978-93-81626-19-1. https://books.google.com/books?id=CeVeKRFzEt0C&pg=PT213.
  20. "Dil (1990)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/201708.
  21. "The Nominations   1990". Indiatimes.com. http://filmfareawards.indiatimes.com/articleshow/articleshow/368593.cms আহৰণ কৰা হৈছে: 9 May 2014.[সংযোগবিহীন উৎস]
  22. "Afsana Pyaar Ka (1991)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/535194.
  23. "Dil Hai Ke Manta Nahin (1991)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/54494.
  24. "Isi Ka Naam Zindagi (1992)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/507319.
  25. "Daulat Ki Jung (1992)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/534542.
  26. "Jo Jeeta Wohi Sikandar (1992)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/201881.
  27. "Pehla Nasha (1993)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/508327.
  28. "Parampara (1993)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/506267.
  29. "Damini (1993)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/533254.
  30. "Hum Hain Rahi Pyar Ke (1993)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/201840.
  31. "Andaz Apna Apna (1994)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/533169.
  32. "The Nominations   1994". Indiatimes.com. Archived from the original on 3 January 2013. https://archive.ph/20130103094834/http://filmfareawards.indiatimes.com/articleshow/articleshow/368622.cms আহৰণ কৰা হৈছে: 4 April 2014.
  33. "Baazi (1995)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/538879.
  34. "Aatank Hi Aatank (1995)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/535185.
  35. "Rangeela (1995)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/540315.
  36. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "britannica" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  37. "Ishq (1997)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/61320.
  38. "Ghulam (1998)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/201750.
  39. "Earth (1998)". Rotten Tomatoes. http://www.rottentomatoes.com/m/1099317-earth/ আহৰণ কৰা হৈছে: 4 April 2014.
  40. "Sarfarosh (1999)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/538542.
  41. "Mann (1999)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/201787.
  42. "Mela (2000)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/539917.
  43. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "lagaan" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  44. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Ebert2004" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  45. "Dil Chahta Hai (2001)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/54493.
  46. "51st National Film Awards" (PDF). Directorate of Film Festivals. পৃষ্ঠা: 110. http://dff.nic.in/2011/51st_nff_2004.pdf আহৰণ কৰা হৈছে: March 15, 2012.
  47. "Chale Chalo: The Lunacy of Film Making (2004)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/534273.
  48. "Mangal Pandey – The Rising (2005)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/507974.
  49. "Rang De Basanti (2006)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/508536.
  50. "Fanaa (2006)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/65073.
  51. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "welfare" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  52. "Taare Zameen Par (2007)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/54378.
  53. "A first for Filmfare: Darsheel for Best Actor". CNN-IBN. 6 February 2008. Archived from the original on 7 April 2014. https://web.archive.org/web/20140407113122/http://ibnlive.in.com/news/a-first-for-filmfare-darsheel-for-best-actor/58286-8.html আহৰণ কৰা হৈছে: 2 March 2014.
  54. "Jaane Tu... Ya Jaane Na (2008)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/508851.
  55. "54th Idea Filmfare Awards 2008 nominations". CNN-IBN. 18 February 2009. Archived from the original on 19 February 2009. https://web.archive.org/web/20090219193410/http://ibnlive.in.com/news/54th-idea-filmfare-awards-2008-nominations/85584-8.html আহৰণ কৰা হৈছে: 2 March 2014.
  56. "Ghajini (2008)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/538494.
  57. "'Aamir Khan rewrote Ghajini climax'" (en ভাষাত). Hindustan Times. 31 December 2008. http://www.hindustantimes.com/india/aamir-khan-rewrote-ghajini-climax/story-gZqQPykgNOR4dPy7kdRg6H.html.
  58. "Luck by Chance (2009)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/201796.
  59. "3 Idiots (2009)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/65530.
  60. "Nominations for 55th Idea Filmfare Awards 2009". Bollywood Hungama. 11 February 2010. http://www.bollywoodhungama.com/movies/features/type/view/id/725/.
  61. "Peepli [Live (2010)"]. Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/536304.
  62. "Nominations for 56th Idea Filmfare Awards 2010". Bollywood Hungama. 14 January 2011. http://www.bollywoodhungama.com/movies/features/type/view/id/1765/.
  63. "Dhobi Ghat (2011)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/538215.
  64. Prabhakar, Jyothi (11 August 2012). "I’d love to play a villain: Omi Vaidya". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/Id-love-to-play-a-villain-Omi-Vaidya/articleshow/15434655.cms.
  65. "Delhi Belly (2011)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/504868.
  66. "Nominations for 57th Idea Filmfare Awards 2011". Bollywood Hungama. 11 January 2012. http://www.bollywoodhungama.com/movies/features/type/view/id/2974/Nominations+for+57th+Idea+Filmfare+Awards+2011.
  67. "Talaash (2012)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/545485.
  68. Shome-Ray, Aditi (26 April 2013). "Aamir Khan, Shah Rukh Khan and Madhuri Dixit come together for special song in 'Bombay Talkies'". Daily News and Analysis. http://www.dnaindia.com/entertainment/report-aamir-khan-shah-rukh-khan-and-madhuri-dixit-come-together-for-special-song-in-bombay-talkies-1827229.
  69. Baksi, Dibyojyoti (17 April 2013). "Documentary on the impact of Rang De Basanti". Hindustan Times. Archived from the original on 7 April 2014. https://web.archive.org/web/20140407095127/http://www.hindustantimes.com/entertainment/bollywood/documentary-on-the-impact-of-rang-de-basanti/article1-1045662.aspx.
  70. "Dhoom 3 (2013)". Bollywood Hungama. http://www.bollywoodhungama.com/celebritymicro/films/id/60.
  71. "P.K. (2014)". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/558557.
  72. "60th Britannia Filmfare Awards 2014: Complete nomination list". The Times of India. 20 January 2015. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/60th-Britannia-Filmfare-Awards-2014-Complete-nomination-list/articleshow/45949466.cms.
  73. "A voice from afar". The Hindu. 9 June 2015. http://www.thehindu.com/features/metroplus/why-aamir-khan-was-chosen-for-the-voice-of-pluto-in-dil-dhadakne-do/article7298285.ece আহৰণ কৰা হৈছে: 13 February 2017.
  74. "Aamir Khan's day out with Dangal team and his on-screen daughters". Deccan Chronicle. 24 February 2016. http://www.deccanchronicle.com/entertainment/bollywood/240216/aamir-khan-chills-with-dangal-team-and-his-on-screen-daughters.html.
  75. "62nd Filmfare Awards 2017: Winners' list". The Times of India. 15 January 2017. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/62nd-filmfare-awards-2017-winners-list/articleshow/56541241.cms.
  76. "Secret Superstar movie review: Aamir Khan, Zaira Wasim’s Diwali release is high on emotions". Hindustan Times. 18 October 2017. http://www.hindustantimes.com/movie-reviews/secret-superstar-movie-review-over-dramatic-but-aamir-khan-zaira-wasim-will-make-you-laugh-and-cry/story-rFMQv1x5hcNK2Ts95NifPI.html.
  77. "Nominations for the 63rd Jio Filmfare Awards 2018" (en ভাষাত). filmfare.com. https://www.filmfare.com/features/nominations-for-the-63rd-jio-filmfare-awards-2018_-26161-21.html.
  78. "Thugs of Hindostan: Katrina Kaif is our last thug, confirms Aamir Khan". India Today. 12 May 2017. http://indiatoday.intoday.in/story/katrina-kaif-aamir-khan-thugs-of-hindostan/1/951898.html আহৰণ কৰা হৈছে: 13 May 2017.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]