উদাৰনৈতিকতাবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

উদাৰনৈতিকতাবাদ বা উদাৰতাবাদ (ইংৰাজী: Liberalism) হৈছে এনে এক ৰাজনৈতিক দৰ্শন আৰু মতাদৰ্শ যি স্বাধীনতা, শাসিত লোকৰ সম্মতি তথা আইনৰ আগত সমতাৰ ভিত্তিত প্ৰতিষ্ঠিত।[1][2][3] উদাৰনৈতিকতাবাদৰ ইংৰাজী প্ৰতিশব্দ Liberalism শব্দটো লেটিন শব্দ Liber-ৰ পৰা আহিছে, যাৰ অসমীয়া অৰ্থ হ'ব মুকলি মানুহLiberal শব্দটোৰ প্ৰথম বাৰৰ বাবে চৌধ্য শতিকাত ব্যৱহাৰ কৰা হৈছিল।[4] ধাৰণাগতভাৱে উদাৰনৈতিকতাবাদে ব্যক্তিৰ স্বাধীনতাত বিশ্বাস কৰে। দৰাচলতে উদাৰনৈতিকতাবাদ এটা স্থিৰ চিন্তাধাৰাক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে এনে এটা বৌদ্ধিক আন্দোলনক প্ৰতিনিধিত্ব কৰে যি নতুন ধাৰণা আৰু নতুন পৰিস্থিতিক গ্ৰহণ কৰাৰ মানসিকতাক গ্ৰহণ কৰে।[5] ৰাজনীতি বিজ্ঞানত উদাৰনৈতিকতাবাদৰ ধাৰণাটো ১৭ শতিকাত ইউৰোপত প্ৰচলিত সামন্তবাদৰ বিৰুদ্ধে সৃষ্টি হোৱা এটা আৰ্থ-ৰাজনৈতিক ধাৰণা হিচাপে বিকাশ লাভ কৰিছিল।[5]

সাধাৰণ ধাৰণা[সম্পাদনা কৰক]

  1. মানুহ জন্মগতভাৱে যুক্তিশীল।
  2. ব্যক্তিৰ ব্যক্তিগত স্বাৰ্থ আৰু সমাজৰ স্বাৰ্থৰ মাজত কোনো পাৰ্থক্য নাই।
  3. প্ৰতিজন মানুহেই জন্মসূত্ৰে কেতবোৰ প্ৰাকৃতিক অধিকাৰ বহন কৰে, যিসমূহৰ ওপৰত কোনো কৰ্তৃপক্ষই হস্তক্ষেপ কৰিব নোৱাৰে।
  4. সভ্য সমাজ আৰু ৰাষ্ট্ৰ মানৱ নিৰ্মিত দুটা অনুষ্ঠান। এই অনুষ্ঠান দুটা কেৱল মানুহৰ স্বাৰ্থ পূৰণ কৰিবলৈহে সৃষ্টি কৰা হৈছে।
  5. উদাৰনৈতিকতাবাদে ব্যক্তিৰ ব্যক্তি স্বাধীনতাত বিশ্বাস কৰে। চিন্তাৰ স্বাধীনতা আৰু মত স্বাধীনতাৰ স্বাধীনতাক বিশ্বাস কৰে।[5]
  6. উদাৰনৈতিকতাবাদে ব্যক্তিৰ বজাৰৰ অধিকাৰক সমৰ্থন কৰে। ইয়াৰ মতে এজন ব্যক্তি ক্ৰেতা বা বিক্ৰেতা হিচাপে স্বাধীন।
  7. উদাৰনৈতিকতাবাদে ৰাষ্ট্ৰৰ ভূমিকা ন্যূনতম হোৱাটো দাবী কৰে।
  8. উদাৰনৈতিকতাবাদে স্বাধীনতা অৰ্জনৰ ক্ষেত্ৰত আইনৰ ভূমিকাক স্বীকাৰ কৰে। নৈৰাজ্যবাদৰ বাগধাৰাৰ পৰা ই এইক্ষেত্ৰত পৃথক। জন লকে কৈছিল, "আইনৰ অবিহনে স্বাধীনতা আহৰণ কৰিব পৰা নাযায়। " (Where there is no law there is no freedom.)[4]

ধ্ৰুপদী উদাৰনৈতিকতাবাদ[সম্পাদনা কৰক]

ধ্ৰুপদী উদাৰনৈতিকতাবাদ উদাৰনৈতিকতবাদৰ প্ৰথমটো পৰ্যায়। সামন্তবাদৰ পৰা পুঁজিবাদলৈ উত্তৰণৰ প্ৰথমটো পৰ্যায় আছিল এই বাগধাৰাটো। ধ্ৰুপদী উদাৰনৈতিকতাবাদে ঊনৈশ শতিকাৰ প্ৰাৰম্ভিক উদ্যোগীকৰণৰ সময়চোৱাত ইয়াৰ শীৰ্ষতম বিন্দুত উপনীত হৈছিল। সেইবাবেই ধ্ৰুপদী উদাৰনৈতিকতাবাদক "ঊনৈশ শতিকাৰ উদাৰনৈতিকতাবাদ" বুলিও কোৱা হয়। মূলতঃ ধ্ৰুপদী উদাৰনৈতিকতাবাদ ইংলেণ্ডত বিকশিত হৈছিল।[4]

ধ্ৰুপদী উদাৰনৈতিকতাবাদৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

  1. ধ্ৰুপদী উদাৰনৈতিকতাবাদে ব্যক্তিক যুক্তিৰবাদী স্বাৰ্থপৰ প্ৰাণী হিচাপে চিহ্নিত কৰিছে। সেইবাবে তেওঁলোকৰ মতে সমাজ স্বয়ংসম্পূৰ্ণ ব্যক্তিৰে গঠিত এটা গোট।
  2. ধ্ৰুপদী উদাৰনৈতিকতাবাদে সাধাৰণতে নঞৰ্থক স্বাধীনতাত বিশ্বাস কৰে। অৰ্থাত ধ্ৰুপদী উদাৰনৈতিকতাবাদৰ ব্যাখ্যা অনুসৰি ব্যক্তিক স্বাধীনতা উপভোগ কৰাত কোনো কৰ্তৃপক্ষই বাধা দিব নোৱাৰে। কিন্তু এইক্ষেত্ৰত যথেষ্ট দ্বৰ্থকতা আছে।
  3. থমাচ পিয়ানৰ ব্যাখ্যা অনুযায়ী ৰাষ্ট্ৰ একপ্ৰকাৰৰ প্ৰয়োজনীয় বেয়া বস্তু (Necessary Evil)। জন লকে থমাচ পিয়ানৰ যুক্তিক আগবঢ়াই ৰাষ্ট্ৰক নিশাৰ চকীদাৰ হোৱাটো উচিত বুলি যুক্তি প্ৰদান কৰিছিল।
  4. ধ্ৰুপদী উদাৰবাদে সভ্য সমাজৰ প্ৰতি এটা ধনাত্মক ধাৰণা বহন কৰিছিল। এই ধাৰণাই সভ্য সমাজক ৰাষ্ট্ৰতকৈ ওপৰত স্থান দিছে। ধ্ৰুপদী উদাৰবাদৰ মতে সভ্য সমাজে ৰাষ্ট্ৰ, বজাৰ আৰু ব্যক্তিৰ মাজত সমন্বয় স্থাপন কৰে, য'ত বজাৰ এখন স্বনিয়ন্ত্ৰিত গোট।

ব্যক্তিবাদ[সম্পাদনা কৰক]

ব্যক্তিবাদক ইংৰাজীত Individualism বুলি কোৱা হয়। ব্যক্তিবাদ উদাৰনৈতিকতাবাদৰ এটা অন্যতম ধাৰণা, য'ত ব্যক্তি আৰু ব্যক্তি স্বতন্ত্ৰতাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হয়। সোতৰ আৰু ওঠৰ শতিকাত ইউৰোপত গঢ় লোৱা প্ৰাকৃতিক অধিকাৰৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত এই ধাৰণা মূলতঃ ধ্ৰুপদী উদাৰনৈতিকতাবাদৰ সৈতে জড়িত। ইমানুৱেল কাণ্টৰ মতে, "প্ৰতিজন ব্যক্তিৰে সমান মৰ্যাদা আৰু ব্যক্তিত্ব আছে। " মূলত ব্যক্তিবাদৰ জৰিয়তে ধ্ৰুপদী উদাৰনৈতিকতাবাদে প্ৰতিজন ব্যক্তিৰ স্বতন্ত্ৰ বিচাৰবোধক স্বীকাৰ কৰিছে আৰু ব্যক্তিৰ জীৱনৰ ওপৰত ৰাষ্ট্ৰৰ হস্তক্ষেপ হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।[4]

স্বাধীনতা[সম্পাদনা কৰক]

স্বাধীনতা বা Freedom বা Liberty-ক ধ্ৰুপদী উৰাৰনৈতিকতাবাদে সৰ্বোচ্চ প্ৰমূল্য বুলি আখ্যায়িত কৰিছে। তেওঁলোকৰ মতে স্বাধীনতা এটা প্ৰাকৃতিক অধিকাৰজন লকসামাজিক চুক্তিতত্ত্বত আমি স্বাধীনতাৰ এটা শক্তিশালী ব্যাখ্যা লাভ কৰোঁ। ধ্ৰুপদী উদাৰনৈতকিতাবাদে কয় যে স্বাধীনতাৰ প্ৰমূল্যৰ যোগেদি প্ৰতিজন ব্যক্তিয়েই বজাৰত নিজৰ পচন্দ অনুসৰি ব্যৱহাৰ কৰিব পাৰে। ধ্ৰুপদী উদাৰনৈতিকতাই অৱশ্যে স্বাধীনতাৰ ব্যাখ্যা আগবঢ়াওতে ইতিবাচক স্বাধীনতাৰ কথাহে কৈছিল। অৰ্থাত ই নেতিবাচক স্বাধীনতাই প্ৰদান কৰা সীমাহীন স্বাধীনতাৰ কথা কোৱা নাছিল। জন ষ্টুৱাৰ্ট মিলে তেওঁৰ বিখ্যাত গ্ৰন্থ On Libertyত উল্লেখ কৰিছে যে ব্যক্তিৰ স্ব-সম্পৰ্কিত বিষয়ত ৰাষ্ট্ৰ বা আন কোনো সংস্থাই হস্তক্ষেপ কৰাটো অনুচিত, কিন্তু আনৰ সৈতে সম্পৰ্কিত বিষয়ত ন্যূনতম সীমাবদ্ধতা থকাটো প্ৰয়োজন। [6]

উপযোগিতাবাদ[সম্পাদনা কৰক]

জেৰেমী বেন্থাম আৰু জন ষ্টুৱাৰ্ট মিলে উপযোগিতাবাদৰ জৰিয়তে ধ্ৰুপদী উদাৰনৈতিকতাবাদৰ অন্য এটা পৃথক ধাৰাৰ আৰম্ভ কৰিছিল। জেৰেমী বেন্থামে উপযোগিতাবাদৰ জৰিয়তে অধিকাৰ আৰু প্ৰাকৃতিক অধিকাৰৰ ধাৰণাক সম্পূৰ্ণভাৱে নস্যাৎ কৰিছিল আৰু কৈছিল যে ব্যক্তি স্বাৰ্থৰ দ্বাৰা পৰিচালিত হয় আৰু ৰাষ্ট্ৰৰ দায়িত্ব এই স্বাৰ্থক পূৰণ কৰাটো। তেওঁলোকে যুক্তি আগবঢ়াইছিল যে ৰাষ্ট্ৰৰ দায়িত্ব "সৰ্বাধিক ব্যক্তিক সৰ্বাধিক সুখ" (Greatest Happiness to greatest people) প্ৰদান কৰাটো। উপযোগিতাবাদে ধ্ৰুপদী উদাৰনৈতিকতাবাদক এটা অন্য গতি প্ৰদান কৰিলে, কিয়নো এই ধাৰণাৰ যোগেদি ব্যক্তিৰ আচৰণৰ ব্যাখ্যা আগবঢ়োৱা সহজ হৈ পৰিল। অৱশ্যে সমালোচকসকলে দেখুৱাই দিছে যে এই আদৰ্শটো মূলত Majoritarian বা সংখ্যাগৰিষ্ঠকেন্দ্ৰিক।[4]

সামাজিক ডাৰউইনবাদ[সম্পাদনা কৰক]

সামাজিক ডাৰউইনবাদ ধ্ৰুপদী উদাৰনৈতিকতাবাদৰ এটা অন্যতম বিতৰ্কিত ধাৰণা, য'ত চাৰ্লছ ডাৰউইনবিৱৰ্তনবাদৰ উদাৰনৈতিক ব্যাখ্যা আগবঢ়োৱা হৈছে। চেমুৱেল স্মাইল-এ তেওঁৰ বিখ্যাত গ্ৰন্থ Self-Help (১৮৫৯, পুনৰ প্ৰকাশ: ১৯৮৬)ত সামাজিক ডাৰউইনবাদক বুজাবলৈ কৈছিল যে, "ভগৱানে তেওঁকহে সহায় কৰে যি নিজকে সহায় কৰে। " অৰ্থাৎ এই ধাৰণাৰ যোগেদি ধ্ৰুপদী উদাৰনৈতিকসকলে যুক্তি আগবঢ়াইছিল যে দৰিদ্ৰতা আৰু অৰ্থনৈতিক অসমতাৰ বাবে দৰিদ্ৰসকল নিজেই জগৰীয়া, কিয়নো সকলোকে সমান পৰিমাণৰ অৰ্থনৈতিক অধিকাৰ প্ৰদান কৰা হৈছে।

অৰ্থনৈতিক উদাৰনৈতিকতাবাদ[সম্পাদনা কৰক]

ধ্ৰুপদী উদাৰনৈতিকতাবাদৰ অৰ্থনৈতিক অৱধাৰণাটো আদাম স্মিথৰ বিখ্যাত গ্ৰন্থ "The Wealth of Nations" (১৭৭৬) আৰু ডেভিদ ৰিকাৰ্ডৰ চিন্তাৰ মাজেৰে বিকাশ লাভ কৰিছিল। এইসকল তত্ত্ববাগীশৰ ব্যাখ্যা অনুসৰি বজাৰ এক স্বনিয়ন্ত্ৰিত প্ৰতিষ্ঠান, যি সাধাৰণতে ব্যক্তিৰ ইচ্ছা অৰ্থাত চাহিদা আৰু পছন্দ অনুসৰি পৰিচালিত হয়। মন কৰিবলগীয়া এয়ে যে এই ধাৰণা অনুসৰি ব্যক্তিৰ ব্যাখ্যা পৃথক। তেওঁলোকৰ মতে এজন ব্যক্তি বজাৰত এজন যুক্তিশীল অৰ্থনৈতিক ব্যক্তিসত্তা। আদাম স্মিথৰ মতে এখন বজাৰ স্বাভাৱিকভাৱে চাহিদা আৰু যোগানৰ পাৰস্পৰিক সম্পৰ্কৰ মাজেৰে পৰিচালিত হয়, আৰু সেইবাবে ৰাষ্ট্ৰ বা অনান্য গাঁঠনিয়ে বজাৰক নিয়ন্ত্ৰণ কৰাটো অনুচিত। বজাৰ মুকলি হ'ব লাগে। ১৯৩০ চনৰ বৃহৎ অৰ্থনৈতিক পতন (The Great Depression)-ৰ আগলৈকে স্মিথ আৰু ৰিকাৰ্ড'ৰ এই ধাৰণা ইউৰোপত অপ্ৰতিদ্বন্দ্বী হৈ আছিল। এই ধাৰণাটোৰ সৰ্বোচ্চ বিকাশৰ সময়চোৱাক Laissez-fair ধাৰণা বুলি কোৱা হয়, য'ত বজাৰক ৰাষ্ট্ৰৰ এক্তিয়াৰৰ পৰা সম্পূৰ্ণভাৱে আঁতৰাই পেলোৱা হৈছিল।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "liberalism In general, the belief that it is the aim of politics to preserve individual rights and to maximize freedom of choice." Concise Oxford Dictionary of Politics, Iain McLean and Alistair McMillan, Third edition 2009, আই.এচ.বি.এন. 978-0-19-920516-5.
  2. "political rationalism, hostility to autocracy, cultural distaste for conservatism and for tradition in general, tolerance, and [...] individualism". John Dunn. Western Political Theory in the Face of the Future (1993). Cambridge University Press. আই.এচ.বি.এন. 978-0-521-43755-4.
  3. "With a nod to Robert Trivers' definition of altruistic behaviour" (Trivers 1971, পৃষ্ঠা 35), Satoshi Kanazawa defines liberalism (as opposed to conservatism) as "the genuine concern for the welfare of genetically unrelated others and the willingness to contribute larger proportions of private resources for the welfare of such others" (Kanazawa 2010, পৃষ্ঠা 38).
  4. 4.0 4.1 4.2 4.3 4.4 Heywood, Andrew: Political Ideologies
  5. 5.0 5.1 5.2 Gauba, O.P: An introduction to Political Theory, Page: 29-30
  6. Mill, John Stuart: On Liberty, Page: 78