গেটৱে একাডেমী জুনিয়ৰ কলেজ, বাইহাটা চাৰিআলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
গেটৱে একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ

গে'টৱে একাডেমী জুনিয়ৰ কলেজ বা গে'টৱে একাডেমী কনিষ্ঠ মহাবিদ্যালয় (ইংৰাজী: Gateway Academy Junior College) ভাৰতউত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমকামৰূপ জিলাবাইহাটা চাৰিআলিত অৱস্থিত এখন উচ্চতৰ-মাধ্যমিক শ্ৰেণীৰ কলেজ। অঞ্চলটোৰ কেইগৰাকীমান আগৰণুৱা শিক্ষাবিদৰ উদ্যোগত ২০০৪ চনত কলা আৰু বাণিজ্য শাখাৰ অন্তৰ্ভুক্তিৰে এই কনিষ্ঠ মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। ২০১৭ বৰ্ষৰ পৰা মহাবিদ্যালয়খনত বিজ্ঞান শাখাৰো আৰম্ভণি কৰা হয়। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰমৰ অধীনস্থ এই মহাবিদ্যালয়খনে বিভিন্ন দিশত সুনাম অৰ্জন কৰি বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলটিৰ ভিতৰতে এখন আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয় ৰূপে পৰিগণিত হৈছে।

অৱস্থান আৰু পৰিবহণ[সম্পাদনা কৰক]

বাইহাটা চালিআলিৰ উত্তৰ দিশৰ গোৰেশ্বৰ সংযোগী পথটোত অৱস্থিত কনিষ্ঠ মহাবিদ্যালয়খনলৈ গুৱাহাটীজালুকবাৰীৰ পৰা দুৰত্ব প্ৰায় ৩০ কিলোমিটাৰ। চাৰিওদিশৰ বেজেৰা, দেউদুৱাৰ, গোপেশ্বৰ, কমলপুৰ, ৰঙিয়া, বিহদিয়া, মুক্তাপুৰ আদি নিকটৱৰ্তী ঠাইসমূহৰ পৰা মহাবিদ্যালয়লৈ টেম্প', মেজিক আদি সৰু বাহনসমূহ নিয়মীয়াকৈ চলে।

শিক্ষা[সম্পাদনা কৰক]

উচ্চতৰ মাধ্যমিক[সম্পাদনা কৰক]

মুখপত্ৰ[সম্পাদনা কৰক]

মহাবিদ্যালয়ৰ পৰা বাৰ্ষিক ভিত্তিত প্ৰকাশ হয় এখনি ই-মুখপত্ৰ গেটওৱিয়ান[1] ২০১৮ বৰ্ষৰ পৰা প্ৰকাশ হোৱা এইখনেই অসমৰ ভিতৰত কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা স্বতন্ত্ৰভাৱে প্ৰকাশিত প্ৰথমখন ই-মুখপত্ৰ

এই মুখপত্ৰখনিৰ প্ৰথমটো সংখ্যাৰ সম্পাদক আছিল প্ৰিয়ম প্ৰীতম। এই মুখপত্ৰখনিৰ লিংকটো হৈছে http://gatewian.com।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://gatewian.com/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%95%E0%A7%80%E0%A7%9F/ ৰ পৰা প্ৰাপ্ত। ( ১৫ ডিচেম্বৰ, ২০১৮)