সমললৈ যাওক

চাইবেৰিয়ান আইবেক্স

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চাইবেৰিয়ান আইবেক্স (ইংৰাজী: :Capra sibirica), (আলটাই আইবেক্স, এছিয়ান আইবেক্স, মধ্য এছিয়ান আইবেক্স, গবি আইবেক্স, হিমালয়ান আইবেক্স, মংগোলিয়ান আইবেক্স বা টিয়ান শ্বান আইবেক্স আদি আঞ্চলিক নাম ব্যৱহাৰ কৰিও জনা যায়,[2]) অঞ্চল ভেদে ইয়াক আলটাই আইবেক্স, এছিয়ান আইবেক্স, মধ্য এছিয়ান আইবেক্স, গবি আইবেক্স, হিমালয়ান আইবেক্স, মংগোলিয়ান আইবেক্স বা টিয়ান শ্বান আইবেক্স আদি নেমেৰে জনা যায়।[2] ছাগলী আৰু ভেড়াৰ সকলো লক্ষণ সংমিশ্ৰিত এটা বনৰীয়া জন্তু। ইয়াৰ বাসস্থান মধ্য এছিয়া, আৰু ই কেপ্ৰা প্ৰজাতিৰ আটাইতকৈ বহুল ভাবে বিস্তৃত প্ৰজাতি। জনসংখ্যাৰ অৱস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি (দিনে দিনে ইয়াৰ পৰিসংখ্যা কমি অহালৈ লক্ষ কৰি) চাইবেৰিয়ান আইবেক্সক বৰ্তমান বিশ্বৰ বিলুত্তপ্ৰায় প্ৰাণী সমুহৰ তালিকাত স্থান দিয়া হৈছে,ইয়াৰ মুখ্য কাৰক হিচাপে মূলতঃ ধনী, বিদেশী চিকাৰীৰ দ্বাৰা জধে মধে হত্যা,সামগ্ৰিকভাৱে হ্ৰাসহৈ অহা বিচৰণ ভূমিৰ ঘনত্ব আৰু ইয়াৰ পৰিসৰ,ইয়াৰ উপৰিও প্ৰাণীবোৰৰ বিচৰণ ভূমি ইমান বৃস্তিত যে ইয়াৰ প্ৰকৃত সংখ্যাৰ সঠিক নিৰ্নয় কৰা কঠিন।[3](চাইবেৰিয়ান আইবেক্সক পূৰ্বতে ইউৰেছিয়ান আলপাইন আইবেক্সৰ উপপ্ৰজাতি হিচাপে গণ্য কৰা হৈছিল আৰু ই একক প্ৰজাতি নে..।)চাইবেৰিয়ান আইবেক্স কেপ্ৰা প্ৰজাতিৰ আটাইতকৈ দীঘল আৰু গধুৰ জন্তু যদিও ইয়াৰ কান্ধৰ উচ্চতা মাৰ্ক'ৰতকৈ অলপ বেছি।

চাইবেৰিয়ান আইবেক্সৰ জাক চাইবেৰিয়ান আইবেক্সবোৰ ডাঙৰ আৰু অধিক শক্তিশালি ছাগলী (বেঙুনা), যদিও ব্যক্তিগত আকাৰৰ বহু তাৰতম্য আছে। মতা বোৰৰ কান্ধৰ উচ্চতা ৮৮ৰ পৰা ১১০ চে.মি. মাইকী বোৰ লক্ষণীয়ভাৱে সৰু, উচ্চতা ৬৭ৰ পৰা ৯২ চে.মি. (২৬ আৰু ৩৬ ইঞ্চি) আৰু ওজন ৩৪ৰ পৰা ৫৬ কিলোগ্ৰাম (৭৫ আৰু ১২৩ পাউণ্ড)ৰ ভিতৰত। নাক প্ৰফাইলত পোন, ডিঙি চুটি আৰু পিঠি পোন। মতা বোৰৰ ডিঙিটোও বিশেষভাৱে ডাঠ আৰু পেশীবহুল যদিও মাইকী বোৰৰ ক্ষেত্ৰত বহুত কম। দুয়োটা লিংগৰ দাড়ি থাকে যদিও মতাটোৰ দাড়ি বেছিকৈ দেখা যায় আৰু মাইকী বোৰৰ দাড়ি কম বা কেতিয়াবা একেবাৰে নেথাকে। দুয়োটা লিংগৰ নেজৰ তলত প্ৰায় ৩ চে.মি. (১.২ ইঞ্চি) ডাঙৰ ঘ্রাণ গ্রন্থি থাকে।[5][6]

মাইকী বোৰৰ শিং তুলনামূলকভাৱে সৰু, আৰু ধূসৰ-বাদামী ৰঙৰ, গড়ে ২৭ চে.মি. (১১ ইঞ্চি) দীঘল। সম্পূৰ্ণ ডাঙৰ মতা বোৰ ক'লা আৰু সাধাৰণতে প্ৰায় ১১৫ চে.মি.। দুয়োটা লিংগৰ শিঙৰ চাৰিওফালে বৃত্তাকাৰ আঙঠি থাকে যিয়ে বাৰ্ষিক বৃদ্ধিক প্ৰতিনিধিত্ব কৰে, কিন্তু মতাবোৰৰ সন্মুখৰ পৃষ্ঠত ডাঙৰ ডাঙৰ অনুপ্ৰস্থ শিখৰও থাকে। জন্তু ভেদে শিঙৰ আকৃতি ডাঙৰ সৰু হয়।[6]

গাৰ ৰং পৰিৱৰ্তনশীল, গাঢ় বাদামীৰ পৰা মটিয়ালৈকে, কিছুমান ৰঙা ৰঙৰ । সাধাৰণতে পিঠিৰ মাজৰ পৰা তললৈ আৰু ঠেংলৈকে ক’লা ৰেখা দৰে আঁক থাকে আৰু কিছুমান মতা ৰ পিঠিত শীতকালত চেডেলৰ দৰে ঠাই থাকে। তলৰ ফালবোৰ শেঁতা হয়, আৰু, শীতকালত, পূৰ্ণবয়স্ক মতাবোৰ বহুত ক'লা হৈ পৰে আৰু বগা দাগ থাকে। মাইকী আৰু পোৱালী বোৰৰ ৰং সাধাৰণতে প্ৰাপ্তবয়স্ক মতাতকৈ অধিক অনুজ্বল, আৰু পিঠিৰ তললৈ চুলিৰ আঁক নাথাকে। চাইবেৰিয়ান আইবেক্সবোৰৰ সাধাৰণতে এপ্ৰিল আৰু জুলাইৰ ভিতৰত ছালৰ ৰং সলনি হৈ গ্ৰীষ্মকালী ইহঁতৰ ছালৰ ৰং শেঁতা হৈ পৰে, সময় আগ বঢ়াৰ লগে লগে ৰংৰ গাঢ়তা বাঢ়ি গৈ থাকে আৰু ডিচেম্বৰ মাহৰ আশে-পাশে সম্পূৰ্ণ শীতকালীন অৱস্থাত উপনীত হোৱাৰ পিছত ক'লা হৈ পৰে।[6]