চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্য
চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্য | |
---|---|
অভয়াৰণ্যত ফুটুকী হৰিণা | |
অৱস্থান | বিশালগড়, পশ্চিম ত্ৰিপুৰা জিলা |
নিকটতম চহৰ | আগৰতলা |
স্থানাংক | 23°39′52″N 91°18′42″E / 23.66444°N 91.31167°Eস্থানাংক: 23°39′52″N 91°18′42″E / 23.66444°N 91.31167°E |
মাটিকালি | ১৮.৫৩ বৰ্গ কি.মি. (1,85,30,000 বৰ্গ মিটাৰ) |
প্ৰতিস্থা | ১৯৮৭ |
চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্য (ইংৰাজী: Sepahijala Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ পশ্চিম ত্ৰিপুৰা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য।[1]
ইতিহাস
[সম্পাদনা কৰক]১৮.৫৩ বৰ্গ কিলোমিটাৰ (৭.১৫ বৰ্গ মাইল) এলেকাজুৰি বিস্তৃত; এই অভয়াৰণ্যখনক ১৯৮৭ চনত প্ৰথমে এখন সুৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হৈছিল।[2]
বন্যপ্ৰাণী
[সম্পাদনা কৰক]অভয়াৰণ্যখনত বিভিন্ন প্ৰজাতিৰ মাংসভোজী প্ৰাণী, প্ৰাইমেট, আনগুলেট, সৰীসৃপ আৰু প্ৰায় ১৫০বিধ প্ৰজাতিৰ চৰাই আছে। প্ৰাইমেটবোৰৰ ভিতৰত আছে মলুৱা বান্দৰ, গাহৰি-নেজীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ আৰু ডাস্কি লাঙ্গুৰ (Trachypithecus obscurus)। এখন বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গঢ়ি তোলাৰ লগতে ইয়াক শিক্ষা আৰু গৱেষণাৰ এক কেন্দ্ৰ হিচাপেও গঢ়ি তোলা হৈছে। অভয়াৰণ্যখনৰ ভিতৰত কেইবাটাও হ্ৰদ আছে। মাৰ্চ আৰু এপ্ৰিল; গ্ৰীষ্মৰ দুটা আৰ্দ্ৰ মাহৰ বাহিৰে বছৰজুৰি অঞ্চলটোৰ বতৰ নাতিশীতোষ্ণ থাকে।[3]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Sepahijala WildLife Santuary". Government of Tripura. https://sepahijala.nic.in/tourist-place/sepahijala-wildlife-santuary/। আহৰণ কৰা হৈছে: 23 June 2021.
- ↑ "Tripura". Ministry of Environment, Forest and Climate Change, Government of India. https://wii.gov.in/eia/wildlife_database/tripura। আহৰণ কৰা হৈছে: 1 June 2024.
- ↑ "National Parks and Wildlife Sanctuaries in India". Ministry of Environment, Forest and Climate Change, Government of India. November 2021. https://tourism.gov.in/sites/default/files/2023-04/9%20Compendium%20Book_2021_Low%20%281%29%20%282%29.pdf। আহৰণ কৰা হৈছে: 1 June 2024.