সমললৈ যাওক

চেতন ভগত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চেতন ভগত

সংযুক্ত আৰব আমিৰাতৰ "চাৰজাহ আন্তৰাষ্ট্ৰীয় গ্ৰন্থমেলা ২০১১"-ৰ "মিট দা অথৰ" অনুষ্ঠানত ভগত, ২১ নবেম্বৰ ২০১১ তাৰিখে
জন্ম এপ্ৰিল ২২, ১৯৭৪
নতুন দিল্লী, ভাৰত
পেচা ঔপন্যাসিক, স্তম্ভ লেখক, বক্তা, চিত্ৰনাট্যকাৰ, প্ৰাক্তন বেংকাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
শিক্ষা আই আই টি দিল্লী
আই আই এম আহমেদাবাদ
ধৰণ কথাসাহিত্য, ব্যবস্থাপনা
উল্লেখনীয় কৰ্মৰাজি ফাইভ পইণ্ট চামৱান
টু ষ্টেটচ্
দাম্পত্যসংগী অনুষা সূৰ্যনাৰায়নন ভগত[1]
সন্তান ঈশান ভগত
শ্যাম ভগত
ৱেবছাইট www.chetanbhagat.com

চেতন ভগত (ইংৰাজী: Chetan Bhagat; হিন্দী: चेतन भगत) এজন ভাৰতীয় ঔপন্যাসিক, নিবন্ধকাৰ, বক্তা, আৰু চিত্ৰনাট্যকাৰ। তেওঁ কৰ্মৰাজীৰ ভাষা ইংৰাজী। আই আই টি দিল্লী আৰু আই আই এম আহমেদাবাদৰ প্ৰাক্তন ছাত্ৰ ভগতে তেওঁ প্ৰথম উপন্যাস "ফাইভ পইণ্ট চামৱান"-ৰ জৰিয়তে ভাৰতীয়ৰ লগতে বিদেশী পাঠকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলে সক্ষম হয়। বৰ্তমানলৈকে তেওঁৰ দ্বাৰা লিখিত পাঁচোখন উপন্যাসেই বেষ্টছেলাৰৰ খিতাপ লাভ কৰিছে তাৰে মাজৰ দুখনক বলিউডৰ চলচ্চিত্ৰৰ ৰূপো দিয়া হৈছে।
ঔপন্যাসিকৰ লগতে ভগত এজন স্তম্ভ লেখক। তেওঁৰ প্ৰধানতঃ কেৰিয়াৰ, যুবশক্তি,[2] আৰু ৰাষ্ট্ৰীয় উন্নয়নক[3][4] উদ্দেশ্য কৰি লিখা নিবন্ধসমূহ হিন্দী আৰু ইংৰাজী ভাষাৰ বাতৰি কাকতত নিয়মীয়াকৈ প্ৰকাশ পায়। এনে কেইখনমান উল্লেখযোগ্য কাকত হৈছে দা গাৰডিয়ান, টাইম্ছ অফ ইণ্ডিয়া, দৈনিক ভাস্কৰ আদি। ভগত এজন প্ৰেৰণাদায়ী বক্তাও। তেওঁ বহুদেশীয় প্ৰতিষ্ঠান আৰু অন্য অনুষ্ঠানবোৰত তেওঁৰ বক্তিতা প্ৰদান কৰে।[5][6][7] ভগতে সম্পূৰ্ণ সময় লেখাত মনোনিবেশ কৰাৰ উদ্দেশ্যে ২০০৯ চনত তেওঁৰ আন্তৰাষ্ট্ৰীয় বেংকিংৰ চাকৰি এৰি দিয়ে।
২০০৮ চনত দা নিউয়ৰ্ক টাইমছ-এ ভগতক "ভাৰতৰ ইতিহাসৰ সৰ্বাধিক বিক্ৰীপ্ৰাপ্ত ইংৰাজী ভাষাৰ ঔপন্যাসিক" ৰূপে মত প্ৰদান কৰে।[8][9] টাইম আলোচনীয়ে এখেতক ২০১০ চনৰ বিশ্বৰ ১০০ সৰ্বাধিক প্ৰভাবকাৰি ব্যক্তিৰ মাজত স্থান দিয়ে।[10]
ভগতে জানুৱাৰী ২০১১ৰ আৰম্ভণিত তেওঁৰ নিবন্ধৰ জৰিয়তে আন্না হাজাৰেজন লোকপাল বিলৰ সপক্ষে মত প্ৰকাশ কৰে।[11]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

নতুন দিল্লীৰ এটা মধ্যবিত্ত পৰিয়ালত ১৯৭৪ চনৰ এপ্ৰিল মাহৰ ২২ তাৰিখে চেতন ভগতৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এজন সৈনিক আৰু মাতৃ এগৰাকী কৃষি বিভাগৰ চৰকাৰী কৰ্মচাৰী আছিল।

চেতন ভগতে দিল্লীতেই শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰিছিল। তেওঁ আৰ্মী পাব্লিক স্কুলত (১৯৭৮-১৯৯১) শিক্ষা গ্ৰহণ কৰিছিল। আই.আই.টি. দিল্লীত (১৯৯১-১৯৯৫) তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। ইণ্ডিয়ান ইনষ্টিটিউট অফ্ মেনেজমেণ্ট, আহমেদাবাদৰ (১৯৯৫-১৯৯৭) পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লয়। তাত তেওঁক The Best Outgoing Student নামাংকিত কৰা হৈছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

এজন ইনভেষ্টমেণ্ট বেংকাৰ হিচাপে হংকংত তেওঁ নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল। মুম্বাইলৈ অহাৰ পূৰ্বে হংকংত তেওঁ সুদীৰ্ঘ ১১ বছৰ কাল চাকৰি কৰিছিল। তেওঁ বৰ্তমানলৈকে পাঁচখন গ্ৰন্থ লিখি উলিয়াইছে। এই আটাইকেইখন সৰ্ব্বোচ্চ বিক্ৰীত গ্ৰন্থ হিচাপে পৰিগণিত হৈছে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

চেতন ভগত তেওঁৰ পত্নী অনুশা সূৰ্যানাৰায়ণক আই আই এম আহমেদাবাদত প্ৰথম লগ পাইছিল। তেওঁলোক ১৯৯৯ চনত বিবাহপাশত আবদ্ধ হয়। পাচত তেওঁলোক কৰ্মসূত্ৰে হংকংলৈ যায় আৰু তাত বৰ্তমান তেওঁ মুম্বাইত অধিষ্ঠিত আৰু সাহিত্য-চৰ্চাত ব্যস্ত। চেতন আৰু তেওঁৰ পত্নী দুটা যমজ সন্তানৰ পিতৃ-মাতৃ, শ্যাম আৰু ঈশান। তেওঁৰ টু ষ্টেটচ গ্ৰন্থখন তেওঁ আৰু অনুশাৰ প্ৰেম কাহিনীৰপৰা অনুপ্ৰাণিত।

কৰ্মৰাজী

[সম্পাদনা কৰক]

প্ৰকাশিত গ্ৰন্থ

[সম্পাদনা কৰক]
নামইংৰাজী নামপ্ৰকাৰচন
ফাইভ পইণ্ট চামৱান - হোৱাট নট্ টু দু এট আই.আই.টি.Five Point Someone – What not to do at IIT! উপন্যাস২০০৪
ৱান নাইট্ এট্ দা কল চেণ্টাৰOne Night @ the Call Centerউপন্যাস২০০৫
দ্য থ্ৰি মিচটেকচ অফ মাই লাইফThe 3 Mistakes of My Lifeউপন্যাস২০০৮
টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ2 States: The Story of My Marriageউপন্যাস২০০৯
ৰিভ'লিউচন ২০২০: লাভ, কৰাপচন, এম্বিচনRevolution 2020: Love, Corruption, Ambitionউপন্যাস২০১১
হোৱাট ইয়ং ইণ্ডিয়া ৱাণ্টচ্What Young India Wantsপ্ৰবন্ধ সংগ্ৰহ২০১২[12]
হাফ গাৰ্লফ্ৰেইণ্ডHalf Girlfriendউপন্যাস২০১৪
মেকিং ইণ্ডিয়া অস্ব'মMaking India Awesomeপ্ৰবন্ধ সংগ্ৰহ২০১৫
ৱান ইণ্ডিয়ান গাৰ্লOne Indian Girlউপন্যাস২০১৬
দ্য গাৰ্ল ইন ৰুম ১০৫The Girl in Room 105উপন্যাস২০১৮
ইণ্ডিয়া পজিটিভIndia Positiveপ্ৰবন্ধ সংগ্ৰহ২০১৯
ওৱান এৰেণ্ডজ মাৰ্ডাৰOne Arranged Murderউপন্যাস২০২০
৪০০ ডে'জ400 Daysউপন্যাস২০২১

দূৰদৰ্শন

[সম্পাদনা কৰক]

চেতন ভগত ষ্টাৰ নিউজ টিভিৰ ৰিয়েলিটী শ্ব' ষ্টাৰ এংকৰ হাণ্টৰ এজন নিৰ্বাচক আছিল।

বাতৰি কাকত আৰু মিডিয়া হাউচ্ যেনে দৈনিক ভাস্কৰ, দা টাইমচ্ অফ্ ইণ্ডিয়াৰ দ্বাৰা আয়োজিত উল্লেখযোগ্য সভাত ব্যক্তৃতা প্ৰদান কৰি চেতন ভগতে এজন নিপুণ বক্তা হিচাপে সুনাম অৰ্জন কৰিছে। ইয়াৰ উপৰিও সমাজৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে তেওঁ নিজৰ ভাৱসমূহ মাইক্ৰ-ব্লগিং ছাইট টুইটাৰত প্ৰকাশ কৰে।

উপন্যাসক আধাৰ কৰি নিৰ্মাণ কৰা ছবি

[সম্পাদনা কৰক]
বৰ্ষউপন্যাসচলচ্চিত্ৰ ৰূপান্তৰভাষাপ্ৰযোজকপৰিচালকটোকা
২০০৮ৱান নাইট এট দা কল চেণ্টাৰহেল্লোহিন্দীঅতুল অগ্নিহোত্ৰীঅতুল অগ্নিহোত্ৰীছবিখনৰ চিত্ৰনাট্য ৰচনা কৰে ভগতে
২০০৯ফাইভ পইণ্ট চামৱানথ্ৰী ইডিয়টচ্হিন্দীবিধু বিনোদ চোপ্ৰাৰাজকুমাৰ হিৰাণী
২০১২ফাইভ পইণ্ট চামৱাননন্বনতামিলজেমিনি ফিল্ম চাৰ্কিটচ্এচ. সংকৰ"থ্ৰী ইডিয়টচ্"ৰ পুনৰনিৰ্মাণ
২০১৩টু ষ্টেটচ্টু ষ্টেটচ্হিন্দীচাজিদ নাদিয়াদৱালা, কৰণ জোহৰঅভিশেষ বৰ্মন[13]
২০১৩দা থ্ৰি মিচটেকচ্ অফ মাই লাইফকাই প' ছে!হিন্দীৰণী স্ক্ৰুৱালা, সিদ্ধাৰ্থ ৰয় কাপুৰঅভিশেষ কাপুৰ[14]

বঁটা আৰু কৃতিত্ব

[সম্পাদনা কৰক]
  • চচাইটি য়ং এচিভাৰ্চ এৱাৰ্ড ২০০৪[15]
  • পাব্লিচাৰ্চ ৰিকগনেচন এৱাৰ্ড ২০০৫[15]
  • টাইম আলোচনীৰ বিশ্বৰ ১০০ সৰ্বাধিক প্ৰভাৱশালী ব্যক্তি ২০১০[16]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. https://en.wikipedia.org/wiki/Chetan_Bhagat. External link in |title= (help);
  2. "Chetan Bhagat in Kathmandu Rejuvenates Youth Potential". Archived from the original on 2011-11-04. https://web.archive.org/web/20111104154659/http://ekendraonline.com/edu/chetan-bhagat-in-kathmandu-rejuvenates-youth-potential-81.html আহৰণ কৰা হৈছে: 2011-11-08.
  3. Bhagat, Chetan (19 August 2011). "Anna Hazare's fight for change has inspired millions of Indians". The Guardian (London). http://www.guardian.co.uk/world/2011/aug/17/anna-hazare-arrest-inspired-indians আহৰণ কৰা হৈছে: 17 August 2011.
  4. http://www.chetanbhagat.com/columns/
  5. "আৰ্কাইভ কপি". Archived from the original on 2011-03-05. https://web.archive.org/web/20110305044608/http://www.cio.in/idm/8909 আহৰণ কৰা হৈছে: 2011-11-08.
  6. "আৰ্কাইভ কপি". The Times Of India. Archived from the original on 2012-07-19. https://archive.is/20120719080041/http://articles.timesofindia.indiatimes.com/2011-02-13/special-report/28547374_1_corruption-electric-power-political-party.
  7. http://www.chetanbhagat.com/speeches/becoming-one-with-the-world/
  8. Greenlees, Donald (March 26, 2008). "An Investment Banker Finds Fame Off the Books". The New York Times.
  9. "Chetan Bhagat's much-anticipated novel will be released this October". Asia Pacific Arts. 09/20/2011. http://asiapacificarts.usc.edu/article@apa?chetan_bhagats_much-anticipated_novel_will_be_released_this_october_17395.aspx.
  10. "Time 100 most influential people in the world list". Archived from the original on 2013-08-25. https://web.archive.org/web/20130825134033/http://www.time.com/time/specials/packages/completelist/0,29569,1984685,00.html আহৰণ কৰা হৈছে: 2011-11-08.
  11. The Times Of India. http://articles.timesofindia.indiatimes.com/2011-01-29/edit-page/28370196_1_cbi-raid-kings-cbi-officials/2.[সংযোগবিহীন উৎস]
  12. "What Young India Wants". chetanbhagat.com. http://www.chetanbhagat.com/books/what-young-india-wants/ আহৰণ কৰা হৈছে: August 12, 2012.
  13. "Imran out, Arjun Kapoor steps in as Punjabi boy in '2 States'". Daily Bhaskar. June 28, 2012. Archived from the original on June 28, 2013. https://archive.today/20130628174829/http://daily.bhaskar.com/article/ENT-imran-out-arjun-kapoor-steps-in-as-punjabi-boy-in-2-states-3456012.html আহৰণ কৰা হৈছে: August 12, 2012.
  14. ""Kai Po Che!" to be released in 2013". IBNLive. 18 May 2012. Archived from the original on 23 May 2012. https://web.archive.org/web/20120523022537/http://ibnlive.in.com/news/kai-po-che-to-be-released-in-january-2013/259185-8-66.html আহৰণ কৰা হৈছে: 28 May 2012.
  15. 1 2 "আৰ্কাইভ কপি". Archived from the original on 2011-11-06. https://web.archive.org/web/20111106052055/http://www.delhispider.com/resources/2288-Biodata-Chetan-Bhagat.aspx আহৰণ কৰা হৈছে: 2011-11-08.
  16. "আৰ্কাইভ কপি". Time. 21 April 2011. Archived from the original on 16 July 2012. https://archive.today/20120716161535/http://search.time.com/results.html?N=0&Nty=1&Ntt=chetan+bhagat&x=0&y=0&p=0&cmd=tags&srchCat=Full+Archive.

বহিঃসংযোগ

[সম্পাদনা কৰক]