দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা
দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা (ছাৰ্ক) South Asia Association for Regional Cooperation (SAARC)
| |
---|---|
সদস্যপদ | |
Directors: আফগানিস্তান |
মঃ ইব্ৰাহীম ঘাফুৰি[1] |
বাংলাদেশ | এম জে এইচ জাবেদ[2] |
ভূটান | এচ দৰ্জী[3] |
দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা (ছাৰ্ক)(ইংৰাজী: South Asian Association for Regional Cooperation) হৈছে দক্ষিণ এচিয়াত অৱস্থিত আঠখন সদস্য ৰাষ্ট্ৰৰ এক অৰ্থনৈতিক আৰু ৰাজনৈতিক সংগঠন।[4] ছাৰ্কৰ সচিবালয় নেপালৰ কাঠমাণ্ডুত অৱস্থিত।[5]মুঠ ঘৰুৱা উৎপাদনৰ (তুলনামুলক ক্ৰয় ক্ষমতা) লেখেৰে বিশ্বত ছাৰ্ক দেশসমূহৰ সন্মিলিত অৰ্থনীতিৰ স্থান আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন গণৰাজ্যৰ পিছতে, অৰ্থাৎ ৩য়। ছাৰ্ক দেশসমূহৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ ২১% (প্ৰায় ১.৭ বিলিয়ন) হোৱাৰ বিপৰীতে ই মুঠ ভূমিভাগৰ ৩% হে অধিকাৰ কৰি আছে। ভাৰতে ইয়াৰে ৭০% জনসংখ্যা তথা ভূমি অধিকাৰ কৰি আছে। ২০০৫-০৬ বৰ্ষত ছাৰ্কৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ আছিল ৮.৮%। কিন্তু ছাৰ্কৰ অৰ্থনীতিৰ প্ৰায় ৮০% গঠন কৰা ভাৰতীয় অৰ্থনীতিৰ লেহেমিয়া গতিৰ বাবে ২০১১ চনত ই ৬.৫% লৈ হ্ৰাস পায়।
দক্ষিণ এচিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সহযোগিতাৰ কথা ১৯৮০ চনতে উত্থাপিত হৈছিল আৰু ১৯৮৫ চনৰ ৮ ডিচেম্বৰত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত বৈঠকত ভাৰত, মালদ্বীপ, বাংলাদেশ, ভূটান, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা চৰকাৰ সন্মিলিত হৈ ছাৰ্কৰ প্ৰতিষ্ঠা কৰে।[6][7] ইয়াৰ পিছত আফগানিস্তানো ছাৰ্ক দেশসমূহত অন্তৰ্ভুক্ত হয় আৰু নিৰীক্ষণকাৰী দেশসমূহৰ সৈতে ছাৰ্কে ব্যাপ্তি লাভ কৰে।[8][6]
ছাৰ্কৰ নীতিসমূহৰ লক্ষ্য হৈছে কল্যাণকামী অৰ্থনীতি, দক্ষিণ এচিয়াৰ দেশসমূহৰ সামূহিক স্বনিৰ্ভৰশীলতা আৰু উক্ত অঞ্চলটোত সামাজিক-সাংস্কৃতিক উন্নয়ন।[9] ইউৰোপিয়ান ইউনিয়ন, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বহুজাতিক সংস্থাসমূহৰ সৈতে নিগাজী সম্পৰ্ক স্থাপনৰ যোগেদি ছাৰ্কে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ক্ষেত্ৰখনত নিজকে ক্ৰমাগতভাৱে জড়িত কৰি যায়।[9]
ইতিহাস
[সম্পাদনা কৰক]সংস্থাটো স্থাপন হোৱাৰ আগেয়ে দক্ষিণ এচিয়াৰ সহযোগিতা সম্পৰ্কে কমেও তিনিখন বৈঠক অনুষ্ঠিত হৈছিল: ১৯৪৭ চনৰ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত এচিয়ান ৰিলেচন্স কনফাৰেঞ্চ, ১৯৫০ চনৰ মে’ত ফিলিপাইনচত অনুষ্ঠিত বেগিঅ’ কনফাৰেঞ্চ আৰু ১৯৫৪ চনৰ এপ্ৰিলত শ্ৰীলংকাত অনুষ্ঠিত কল’ম্বো পাৱাৰছ কনফাৰেঞ্চ।[10]
৭০-ৰ দশকৰ শেষৰফালে ভাৰতকে ধৰি সাতোখন দেশে বন্ধুত্ব, বিশ্বাস আৰু বুজাবুজিৰ মাজেৰে নিজা কাম-কাজসমূহ চলাই নিবৰ বাবে দক্ষিণ এচিয়াত এক বাণিজ্য খণ্ড গঠন কৰিবলৈ একমত হয়।[6] ১৯৭৭ চনৰ ডিচেম্বৰত বাংলাদেশৰ ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমান ভাৰতলৈ আহোঁতে সেই সময়ৰ ৰাষ্ট্ৰপতি মোৰাৰজী দেশাইৰ সৈতে আঞ্চলিক সহযোগিতা সম্পৰ্কে আলোচনাত মিলিত হয়। আনহাতে সেই বছৰতে নেপালৰ ৰজা বীৰেন্দ্ৰই কল’ম্বো প্লেন কনচাল্টেটিভ কমিটিৰ উদ্বোধনী ভাষণত দক্ষিণ এচিয়াৰ দেশসমূহক নদীৰ পানীৰ সমন্বিত ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতাৰ আহ্বান কৰে।[11] ১৯৭৯ চনত বাণিজ্য খণ্ডটোৰ প্ৰতিষ্ঠাৰ কামে অগ্ৰগতি লাভ কৰে আৰু ১৯৮১ চনৰ এপ্ৰিলত সাতোখন দেশৰ বৈদেশিক মন্ত্ৰীসকল কল’ম্বোত এক বৈঠকত মিলিত হয়।[11] প্ৰথমাৱস্থাত প্ৰস্তাৱটোত ভাৰত আৰু পাকিস্তান সন্মত হোৱা নাছিল। কিয়নো ভাৰতৰ ধাৰণা আছিল যে এই আঞ্চলিক সংস্থাটোৰ যোগেদি চুবুৰীয়া দেশসমূহে দ্বিপাক্ষিক বিষয়সমূহ মজিয়ালৈ আনি ভাৰতৰ বিপক্ষে একগোট হোৱাৰ সুযোগ পাব। আনহাতে পাকিস্তানে ভাবিছিল যে এই সমগ্ৰ ধাৰণাটো দক্ষিণ এচিয়াৰ দেশসমূহক পাকিস্তানৰ বিপক্ষে একগোট কৰা আৰু ভাৰতীয় সামগ্ৰীসমূহৰ বাবে এখন আঞ্চলিক বজাৰ নিশ্চিত কৰি অঞ্চলটোত ভাৰতীয় আধিপত্য বিস্তাৰ কৰাৰ বাবে দেশখনৰ এক সুপৰিকল্পিত আঁচনি।[11] অৱশ্যে পিছলৈ দুয়োখন দেশ সহমতত উপনীত হয়।
সেই বৰ্ষতে ছেপ্টেম্বৰত কল’ম্বোত পুনৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু সাতোখন দেশৰ বৈদেশিক সচিব মিলিত হৈ আঞ্চলিক সহযোগিতাৰ পাঁচটা মূল বিষয় চিনাক্ত কৰে। ইয়াৰ পিছৰ বছৰতে নতুন বিষয় কিছুমান সন্নিৱিষ্ট কৰা হয়।[12]
১৯৮৩ চনত সেই সময়ৰ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ উদ্যোগত নতুন দিল্লীত হোৱা কনফাৰেঞ্চত সাতোখন দেশৰ বৈদেশিক মন্ত্ৰীয়ে পাঁচটা প্ৰধান বিষয় ক্ৰমে কৃষি, গ্ৰামীণ বিকাশ, দূৰসংযোগ, পাৰিপাৰ্শ্বিক অধ্যয়ন আৰু স্বাস্থ্য আৰু জনসংখ্যা সন্দৰ্ভত দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাৰ আনুষ্ঠানিক ঘোষণাপত্ৰ জাৰী কৰে। [13] আনুষ্ঠানিকভাৱে ১৯৮৫ চনত কাঠমাণ্ডুত মুখ্য কাৰ্যালয় পাতি ঢাকাত সংস্থাটো স্থাপন কৰা হয়।[14] ছাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ১৯৮৫ চনৰ ৭-৮ ডিচেম্বৰত ঢাকাত অনুষ্ঠিত হয়।[7]
সদস্য ৰাষ্ট্ৰ আৰু নিৰীক্ষণকাৰী দেশসমূহ
[সম্পাদনা কৰক]সদস্য ৰাষ্ট্ৰ
[সম্পাদনা কৰক]ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহ হৈছে ভাৰত, নেপাল, ভূটান, পাকিস্তান, বাংলাদেশ, আফগানিস্তান, শ্ৰীলংকা আৰু মালদ্বীপ।[15] পূৰ্বতে ৭খন ৰাষ্ট্ৰৰে গঠিত ছাৰ্কৰ সদস্য পদৰ বাবে আফগানিস্তানে ২০০৫ চনত আবেদন পত্ৰ দাখিল কৰে।[16][17] দেশখনে ছাৰ্কত যোগ দিয়াক লৈ সদস্য ৰাষ্ট্ৰকেইখনত বিভিন্ন বাদ-বিবাদৰ সৃষ্টি হয়। আফগানিস্তান যিহেতু মধ্য এচিয়াৰহে অন্তৰ্গত গতিকে ছাৰ্কৰ নিজা পৰিচয়ক লৈ প্ৰশ্ন উথাপিত হয়।[18]
সদস্য ৰাষ্ট্ৰকেইখনে আফগানিস্তানত সাধাৰণ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এক সময়সীমা বান্ধি দিয়ে আৰু সেইমতে ২০০৫ চনৰ শেষভাগলৈ নিৰ্বাচন অনুষ্ঠিত হয়।[18] নানা ভিতৰুৱা বিতৰ্কৰ মাজতে ২০০৭ চনৰ এপ্ৰিল মাহত দেশখনে অষ্টম সদস্য হিচাপে ছাৰ্কত যোগদান কৰে।[18][19]
নিৰীক্ষণকাৰী দেশ
[সম্পাদনা কৰক]ছাৰ্কৰ নিৰীক্ষণকাৰী দেশসমূহ হৈছে চীন, ইউৰোপিয়ান ইউনিয়ন,[20] অষ্ট্ৰেলিয়া,[21][22] ইৰাণ, জাপান,[22] ম’ৰিচাছ,[23] ম্যানমাৰ, দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ।[24]
সম্ভাৱনীয় পৰৱৰ্ত্তী সদস্য
[সম্পাদনা কৰক]ম্যানমাৰে বৰ্তমানৰ নিৰীক্ষণকাৰী দেশৰ পদবীক সদস্য ৰাষ্ট্ৰলৈ উন্নতি ঘটাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।[25] আনহাতে ৰাছিয়ায়ো ছাৰ্কৰ নিৰীক্ষণকাৰী পদৰ বাবে আবেদন কৰিছে।[26][27][28][29] ২০১২ চনত তুৰ্কীয়ে ছাৰ্কৰ নিৰীক্ষণকাৰী পদবীৰ বাবে আবেদন কৰে।[26][27][28][29]দক্ষিণ আফ্ৰিকায়ো বিভিন্ন বৈঠকসমূহত অংশ গ্ৰহণ কৰি আহিছে।[30]
সচিবালয়
[সম্পাদনা কৰক]১৯৮৭ চনৰ ১৬ জানুৱাৰীত সেই সময়ৰ নেপালৰ ৰজা বীৰেন্দ্ৰ বীৰ বিক্ৰম শ্বাহে কাঠমাণ্ডুত অৱস্থিত ছাৰ্কৰ সচিবালয়টো উদ্বোধন কৰে।
দক্ষিণ এচিয় মুক্ত বাণিজ্য অঞ্চল (ছাফটা)
[সম্পাদনা কৰক]দক্ষিণ এচিয় মুক্ত বাণিজ্য অঞ্চল বা চমুকৈ ছাফটাক (SAFTA) ছাৰ্ক ৰাষ্ট্ৰসমূহক এক অৰ্থনৈতিক সংঘ (Economic Union) হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ ৰূপে গণ্য কৰা হৈছিল। ২০০৪ চনৰ ৬ জানুৱাৰীত পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত দ্বাদশ ছাৰ্ক শীৰ্ষ সন্মিলনত ছাফটা চুক্তি স্বাক্ষৰিত হয়। ২০০৬ চনৰ ১ জানুৱাৰীৰ পৰা এই চুক্তি কাৰ্যকৰী হয় আৰু ১ জুলাইৰ পৰা মুক্ত বাণিজ্য কাৰ্যক্ৰমৰ আৰম্ভণি কৰা হয়। এই চুক্তিৰ মতে ছাৰ্ক্ৰ সদস্যসমূহে ২০০৯ চনলৈ নিজৰ শুল্কসমূহ ২০% লৈ হ্ৰাস কৰিবলৈ থিৰাং কৰে। এই চুক্তি কাৰ্যকৰী হোৱাৰ ঠিক পিছতেই সদস্য ৰাষ্ট্ৰসমূহৰ বাণিজ্য মন্ত্ৰীসকলক লৈ ছাফটা মন্ত্ৰী সদন (SAFTA Ministerial Council) গঠন কৰা হয়।[31]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Mohamed Ibrahim GhafooriI[sic"]. SAARC. Archived from the original on 20 October 2013. https://web.archive.org/web/20131020165238/http://saarc-sec.org/Mohamed-Ibrahim-Ghafoori/42/। আহৰণ কৰা হৈছে: 27 August 2014.
- ↑ "MJH Jabed". SAARC. Archived from the original on 4 September 2014. https://web.archive.org/web/20140904005417/http://www.saarc-sec.org/MJH-Jabed/43/। আহৰণ কৰা হৈছে: 27 August 2014.
- ↑ "Singye Dorjee". SAARC. Archived from the original on 25 October 2013. https://web.archive.org/web/20131025190352/http://www.saarc-sec.org/Singye-Dorjee/44/। আহৰণ কৰা হৈছে: 27 August 2014.
- ↑ SAARC Summit. "SAARC". SAARC Summit. http://www.saarc-sec.org/। আহৰণ কৰা হৈছে: 10 November 2013.
- ↑ SAARC Secretariat. "SAARC Secretariat". SAARC Secretariat. SAARC Secretariat. Archived from the original on 20 October 2013. https://web.archive.org/web/20131020123841/http://saarc-sec.org/SAARC-Secretariat/18/। আহৰণ কৰা হৈছে: 10 November 2013.
- ↑ 6.0 6.1 6.2 Editorial (1 August 2008). "History and mission of SAARC". Daily Star, Sri Lanka. http://archives.dailynews.lk/2008/08/01/saarc02.asp। আহৰণ কৰা হৈছে: 10 November 2013.
- ↑ 7.0 7.1 SAARC Summit press, 1st Summit. "1st Summit Declaration". SAARC Summit press, 1st Summit. SAARC Summit press, 1st Summit. Archived from the original on 7 June 2016. https://web.archive.org/web/20160607131812/http://www.saarc-sec.org/userfiles/01-Dhaka-1stSummit1985.pdf। আহৰণ কৰা হৈছে: 10 November 2013.
- ↑ SAARC 14th Summit Declaration, press. "14th Summit Declaration". Declaration of the Fourteenth SAARC Summit. SAARC 14th Summit Declaration, press.
- ↑ 9.0 9.1 Charter of SAARC. "Charter of SAARC". Charter of SAARC. Archived from the original on 27 October 2016. https://web.archive.org/web/20161027045633/http://saarc-sec.org/SAARC-Charter/5/। আহৰণ কৰা হৈছে: 10 November 2013.
- ↑ http://jang.com.pk/important_events/saarc_2004/history.html
- ↑ 11.0 11.1 11.2 Muhammad, Jamshed Iqbal. "SAARC: Origin, Growth, Potential and Achievements". National Institute of Historical and Cultural Research in Islamabad. NIHCR in Islamabad. http://www.nihcr.edu.pk/Latest_English_Jourচ্চal/SAARC_Jamshed_Iqbal.pdf। আহৰণ কৰা হৈছে: 11 November 2013.[সংযোগবিহীন উৎস]
- ↑ "A Brief on SAARC." South Asian Association for Regional Cooperation. Archived 2008-12-02 at the Wayback Machine No date. See for a complete historical account of SAARC e.g. Michael, Arndt (2013). India's Foreign Policy and Regional Multilateralism (Palgrave Macmillan), pp. 57–112.
- ↑ Jang Media. "History and Evolution of SAARC". Jang Media Research Unit. Jang Media Group. http://jang.com.pk/important_events/saarc_2004/history.html। আহৰণ কৰা হৈছে: 11 November 2013.
- ↑ About SAARC. "About SAARC". About SAARC. Archived from the original on 11 November 2013. https://web.archive.org/web/20131111090614/http://www.mohe.gov.af/saarc.afg/about%20us.html। আহৰণ কৰা হৈছে: 11 November 2013.
- ↑ "South Asian Association for Regional Cooperation". South Asian Association for Regional Cooperation. http://www.saarc-sec.org। আহৰণ কৰা হৈছে: 2014-06-27.
- ↑ Staff (August 28, 2005). "Afghanistan keen to join SAARC". rediff web services. http://www.rediff.com/news/2005/aug/28afghan3.htm। আহৰণ কৰা হৈছে: 11 November 2013.
- ↑ Staff reporter (4 April 2004). "Afghanistan inducted as 8th member: 14th Saarc summit begins". Dawn news, 2007. http://dawn.com/news/240651/afghanistan-inducted-as-8th-member-14th-saarc-summit-begins। আহৰণ কৰা হৈছে: 11 November 2013.
- ↑ 18.0 18.1 18.2 Sáez, Lawrence (2011). The South Asian Association for Regional Cooperation (SAARC) : an emerging collaboration architecture. প্ৰকাশক Abingdon, Oxon: Routledge. ISBN 978-0-415-57628-4. http://books.google.com/books?id=yTzKWI42uR4C&pg=PT58&lpg=PT58&dq=saarc+afghanistan&source=bl&ots=l7k7mzzdW1&sig=D1A07N5FjA12PY5ai7Mi1FZ5grc&hl=en&sa=X&ei=66yAUozeFbDxiQLvjoDgDw&ved=0CC4Q6AEwATge#v=onepage&q=saarc%20afghanistan&f=true.
- ↑ "South Asia: Afghanistan Joins World's Largest Regional Grouping." Radio Free Europe/Radio Liberty, 3 April 2007.
- ↑ "Cooperation with Observers". South Asian Association for Regional Cooperation. Archived from the original on 2016-12-25. https://web.archive.org/web/20161225211433/http://www.saarc-sec.org/Cooperation-with-Observers/13/। আহৰণ কৰা হৈছে: 2014-03-08.
- ↑ "colombopage.com". Archived from the original on 2017-06-02. https://web.archive.org/web/20170602171703/http://www.colombopage.com/archive_08/July3042729CH.html। আহৰণ কৰা হৈছে: 2015-07-13.
- ↑ 22.0 22.1 "thehimalayantimes.com". Archived from the original on 2009-02-09. https://web.archive.org/web/20090209052654/http://www.thehimalayantimes.com/fullstory.asp?filename=6a6Za3za.9amal&folder=aHaoamW&Name=Home&dtSiteDate=20060802। আহৰণ কৰা হৈছে: 2015-07-13.
- ↑ island.lk
- ↑ "Cooperation with Observers". South Asian Association for Regional Cooperation. Archived from the original on 25 December 2016. https://web.archive.org/web/20161225211433/http://www.saarc-sec.org/Cooperation-with-Observers/13/। আহৰণ কৰা হৈছে: 16 November 2012.
- ↑ SAARC and Myanmar: Observer Research Foundation
- ↑ 26.0 26.1 "Russia, Turkey seek observer status in SAARC". The Economic Times. 16 February 2014. http://articles.economictimes.indiatimes.com/2014-02-16/news/47379655_1_saarc-observer-saarc-summit-observer-status.
- ↑ 27.0 27.1 "Russia, Turkey seek observer status in SAARC". Yahoo News. 16 February 2014. http://en-maktoob.news.yahoo.com/russia-turkey-seek-observer-status-saarc-091018614.html.
- ↑ 28.0 28.1 SAARC The Changing Dimensions: UNU-CRIS Working Papers United Nations University Archived 2016-02-03 at the Wayback Machine, Comparative Regional Integration Studies
- ↑ 29.0 29.1 Russia keen to join SAARC as observer, Oneindia News
- ↑ "SAARC hi nations call for transparency in social sector – Thaindian News". Archived from the original on 2008-04-04. https://web.archive.org/web/20080404230053/http://www.thaindian.com/newsportal/uncategorized/saarc-nations-call-for-transparency-in-social-sector_10024810.html। আহৰণ কৰা হৈছে: 2015-07-13.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2020-04-08. https://web.archive.org/web/20200408103413/http://www.saarc-sec.org/areaofcooperation/detail.php?activity_id=5। আহৰণ কৰা হৈছে: 2015-07-13.