ভূপেন হাজৰিকা সেতু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ঢলা - শদিয়া দলংৰ পৰা পুনঃনিৰ্দেশিত)
ভূপেন হাজৰিকা সেতু
ঢলা-শদিয়া দলং
জিৰ’ পইণ্ট ব্ৰিজ


ভূপেন হাজৰিকা সেতুখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে
স্থানীয় ঢলা-শদিয়া, তিনিচুকীয়া, ভাৰত
তদাৰক সংস্থা পথ পৰিবহণ আৰু ৰাজমাৰ্গ মন্ত্ৰণালয়, ভাৰত চৰকাৰ আৰু নৱযুগ ইঞ্জিনীয়াৰিং কোম্পানী লিমিটেডৰ লগত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰ
মুঠ দৈৰ্ঘ্য ৯.১৫ কিঃমিঃ
প্ৰস্থ ১২.৯ মিটাৰ
Number of spans ১৮৩
নিৰ্মাণ আৰম্ভ হয় ২০১১
নিৰ্মাণ শেষ হয় ২০১৭
মুকলি ২৬ মে, ২০১৭
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা উদ্বোধন
স্থানাঙ্ক 27°47′55″N 95°40′34″E / 27.79861°N 95.67611°E / 27.79861; 95.67611স্থানাংক: 27°47′55″N 95°40′34″E / 27.79861°N 95.67611°E / 27.79861; 95.67611

ভূপেন হাজৰিকা সেতু বা ঢলা-শদিয়া দলং (ইংৰাজী: Dhola–Sadiya bridge) হৈছে অসমতিনিচুকীয়া জিলাশদিয়া আৰু ঢলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন এখলপীয়া পথ দলং। এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগ সহজ কৰি তোলে। ২০১১ চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলঙৰ নিৰ্মাণকাৰ্য ২০১৭ চনত শেষ হয়। ২০১৭ চনৰ ২৬ মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে।[1] ভূপেন হাজৰিকাৰ স্মৃতিত দলংখনৰ নাম ভূপেন হাজৰিকা সেতু নামেৰে নামকৰণ কৰা হৈছে।[2] ৯.১৫ কিঃমিঃ দৈৰ্ঘৰ এই দলং ভাৰতৰ তথা এছিয়াৰ দীৰ্ঘতম নদী দলং।[3][4][5] অসমৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ যোগাযোগ ব্যৱস্থা ক্ষিপ্ৰতৰ কৰি উঠাৰ লগতে প্ৰতিৱেশী বিদেশী ৰাষ্ট্ৰ চীন, ম্যানমাৰৰ লগত যোগাযোগ তথা আৰ্থ-সামাজিক দিশত ন ন দুৱাৰ মুকলি হ’ব বুলি আশা কৰা হৈছে।

অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা শদিয়াৰ দূৰত্ব ৫৪০ কিঃমিঃ আনহাতে, অৰুণাচলৰ ৰাজধানী ইটানগৰৰ পৰা ঢলাৰ দূৰত্ব ৩০০ কিঃমিঃ। শদিয়াৰ নিকটতম বিমান বন্দৰ হ’ল ডিব্ৰুগড় বিমানবন্দৰ। উল্লেখযোগ্য যে অৰুণাচলত কোনো বাণিজ্যিক বিমান বন্দৰ নাই তথা ৰে'ল ব্যৱস্থাও ইমান সুচল নহয়। সেয়ে পথ পৰিবহণ এই ৰাজ্যৰ যাতায়তৰ মূল ভেটি। তদুপৰি এই দলংখনে অসমৰ পৰা অৰুণাচলৰ পথ চাৰি ঘণ্টা কাললৈ চুটি কৰি আনিব।

মুম্বাইৰ বিখ্যাত বান্দ্ৰা-ৱাৰলী চি লিংক সেতুৰ পৰা এই দলং প্ৰায় ৩০ শতাংশ দীঘল।[6]

২০১১ চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলংখনৰ আনুমানিক মুঠ ব্যয় ৯৫০ কোটি টকা।

কেৱল সাধাৰণ নাগৰিকৰ বাবেই নহয়, এই দলং সেনাবাহিনীৰ বাবেও গুৰুত্বপূৰ্ণ ভূমিকা আছে। টেংক তথা গধুৰ অস্ত্ৰ পাতি পৰিবহণত এই দলং একমাত্ৰ সাৰথি। অৰুণাচলৰ উত্তৰ সীমান্তত চীন দেশ অৱস্থিত। এই অঞ্চলৰ পৰা ভাৰতৰ মূলভাগৰ লগত যোগাযোগ ৰক্ষাৰ ক্ষেত্ৰত ঢলা শদিয়া দলংখনে মুখ্য ভূমিকা পালন কৰিব।

কেন্দ্ৰীয় চৰকাৰে ঢলা-শদিয়া দলঙৰ যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে ২০১৫ চনত ১৫,০০০ কোটি টকাৰ এক পেকেজ ঘোষণা কৰিছিল।

নিৰ্মাণ[সম্পাদনা কৰক]

হাইদৰাবাদস্থিত নৱযুগ ইঞ্জিনীয়াৰিং কোম্পানী লিমিটেড নামৰ এক সংস্থাৰ লগত যৌথ উদ্যোগত ২০১১ চনৰ পৰা লোহিত নদীৰ ওপৰত এই দলঙৰ নিৰ্মাণ কাম আৰম্ভ হয়। প্ৰায় ৯৩৮ কোটি টকা ব্যয়ে নিৰ্মিত এই দলং ২০১৭ চনত সম্পূৰ্ণ হৈ উঠে। ২০১৭ চনৰ ২৬ মে’ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলং আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

বৈশিষ্ট্য[সম্পাদনা কৰক]

  • দৈৰ্ঘ্য: ৯.১৫ কিঃমিঃ
  • প্ৰস্থ: ১২ মিটাৰ
  • স্পেনৰ সংখ্যা: ১৮৩ টা
  • ভাৰতৰ দীৰ্ঘতম দলং

তথ্য উৎস[সম্পাদনা কৰক]