বাৰ্তা:মনো ৰোগ বিজ্ঞান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মানসিক ৰোগ বিজ্ঞান[সম্পাদনা কৰক]

মনো ৰোগ বিজ্ঞানতকৈ মানসিক ৰোগ বিজ্ঞান শব্দটো অধিক ব্যবহৃত। প্ৰবন্ধটোতে মানসিক ৰোগ বিজ্ঞান অধিক প্ৰয়োগ হৈছে সেয়ে নামটো মানসিক ৰোগ বিজ্ঞানলৈ সলনিৰ প্ৰস্তাৱ আগ বঢ়ালোঁ। KZ 13:24, 29 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এনেকৈ কেইবাটাও নামৰ বিকল্প থাকিলে Redirect কৰি থোৱাই উত্তম বুলি ভাৱো। Nayan j Nath (বাৰ্তা) 13:32, 29 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Nayan j Nath Wikipedia:Article titles নিয়ম অনুসৰি অধিক ব্যৱহৃত নামটো ব্যৱহাৰ কৰিব লাগে। তেতিয়া পাঠকসকলৰ সুবিধা হয়। চিকিৎসা মহাবিদ্যালয় আৰু অসামৰিক চিকিৎসালয়ত বিভাগ সমূহক মানসিক ৰোগ বিভাগ বুলিহে কোৱা হয়। ইয়াৰ উপৰি মনোবিজ্ঞানৰ সৈতেও খেলিমেলি নহবলৈ মনোৰোগ বিজ্ঞানতকৈ মানসিক ৰোগ বিজ্ঞান অধিক গ্ৰহণযোগ্য হব। KZ 17:49, 30 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KhiLanTzi মনোৰোগ শব্দটোও সমানেই প্ৰচলিত। পুনঃনিৰ্দেশ এটা ৰাখি থোৱাহে ভাল হ'ব। চন্দন চিৰিং ফুকন ✉️ 17:56, 30 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Chiring chandan কোনো চিকিৎসালয়ত মনোৰোগ বিভাগ ব্যৱহাৰ হোৱা দেখা নাই। সমানেই প্ৰচলিত নহয়। KZ 18:16, 30 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KhiLanTzi অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৱেবছাইটত মনোৰোগ বুলি আছে। অল ইণ্ডিয়া ৰেডিঅ’ৰ আধিকাৰিক ৱেবছাইটৰ বাতৰিতো মনোৰোগ বিশেষজ্ঞ বুলি আছে। বেচৰকাৰী বহুত লিংক আছে যিসমূহ দিয়া নাই ইয়াত। অৱশ্যে আপুনি মনোৰোগত গুগল হিট কিমান আহে সেয়া চাই ল’ব পাৰিব। চন্দন চিৰিং ফুকন ✉️ 18:42, 30 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
এইটোকলৈ ইমান আলোচনা কৰিবলগা একো নাই, দুয়োটা নামেই থকা ভাল। পুনঃনিৰ্দেশ বিকল্পটোৱেই উত্তম। Nayan j Nath (বাৰ্তা) 18:54, 30 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Nayan j Nath দীঘলীয়া আলোচনাৰ প্ৰয়োজন নেদেখোঁ যদিও দুয়োটা শব্দ সমানেই প্ৰচলিত হোৱাৰ যুক্তি দৰ্শাই লিংককেইটা দি থ’লোঁ। চন্দন চিৰিং ফুকন ✉️ 18:59, 30 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মনো ৰোগ নে মনোৰোগ? দিব্য দত্ত (বাৰ্তা) 03:40, 1 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Chiring chandanআপুনি দিয়া চৰকাৰী লিংকত ২৬ বাৰ মানসিক শব্দৰ ব্যবহাৰ কৰা হৈছে আৰু মাত্ৰ চাৰি বাৰ মনোৰোগ ব্যবহাৰ হৈছে। মনোৰোগ psycho social worker (মনোৰোগ চিকিৎসা-সামাজিক কৰ্মী) ক্ষেত্ৰত ব্যৱহাৰ হৈছিল আৰু মই আগটো এই কথা কৈছোঁ Psychiatry (মানসিক ৰোগ) আৰু psychology (মনোবিজ্ঞান) বেলেগ বিষয়। আৰু এইটো  Psychiatryৰ প্ৰবন্ধ। আপুনি দিয়া লিংকত Psychiatrist ৰ বাবে মানসিক চিকিৎসক ব্যবহাৰ হৈছে। Clinical psychologist, Psychiatrist, Psycho Social Worker, Hypnotherapist, Mental health counselor, Psychotherapist এনেকুৱা বহুত শব্দ আছে। গতিকে বিষয়টোৰ ওপৰত সূক্ষ্ম অধ্যয়ণ কৰি লবলৈ আহ্বান জনালোঁ।
আৰু লগতে নিয়ম পালন কৰি অধিককৈ ব্যৱহাৰ হোৱা মানসিক ৰোগ বিজ্ঞান শব্দ পৃষ্ঠাৰ নাম হব লাগে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি চিকিৎসা মহাবিদ্যালয়লৈকে সকলোতে মানসিক শব্দই প্ৰয়োগ হয় আৰু ৰেডিঅ'তকৈ চিকিৎসালয় সমূহৰ ব্যৱহাৰ অধিক গ্ৰহনযোগ্য। KZ 13:36, 1 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KhiLanTzi এই প্ৰবন্ধটো সৃষ্টি কৰাৰ লগতে ইয়াৰ অধিকাংশ উক্ত বিষয়ৰ বিশেষজ্ঞ এগৰাকীয়ে লিখিছে। গতিকে তেওঁতকৈ মই নিজকে এই বিষয়ত দখল থকা ব্যক্তি বুলি নাভাবোঁ। তাৰোপৰি চৰকাৰী লিংকত মানসিক শব্দটোহে ব্যৱহাৰ হৈছে ২৬ বাৰ, ‘মানসিক ৰোগ বিজ্ঞান’ ব্যৱহাৰ হোৱা নাই। আৰু সমান মানে গাণিতিকভাৱে সমান ব্যৱহাৰ হোৱাৰ কথা ইয়াত কোৱা হোৱা নাই। একেটা লিংকতে উভয় শব্দগুচ্ছ বাৰম্বাৰ ব্যৱহাৰ হোৱাটোৱেই সমান বুলি বুজোৱা হৈছে। দুয়োটা নাম নিৰ্ভৰযোগ্য উৎসত ব্যৱহাৰ হোৱাৰ স্পষ্ট সূত্ৰ থকাৰ পিছত পুনঃনিৰ্দেশৰ সমৰ্থনত মত প্ৰকাশ কৰিবলৈ নিৰ্দিষ্ট বিষয় এটা বা তাৰ আনুষংগিক বিষয়ৰ সূক্ষ্ম অধ্যয়নৰ প্ৰয়োজন নেদেখো। ৰেডিঅ’তকৈ চিকিৎসালয়সমূহৰ ব্যৱহাৰ নিশ্চয়কৈ অধিক গ্ৰহণযোগ্য। আপুনি কোৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি চিকিৎসা মহাবিদ্যালয়লৈকে সকলোতে মানসিক শব্দই প্ৰয়োগ হয় কথাষাৰ ইয়াৰ সমৰ্থনযোগ্য সূত্ৰৰ অবিহনে কোৱাতকৈ ভেৰিফাই কৰিব পৰা লিংক দিলে সকলোৰে সুবিধা হয়।। আশাকৰোঁ আপুনি বুজি পাইছে। চন্দন চিৰিং ফুকন ✉️ 17:04, 1 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Chiring chandan verify link : AMCH official website, মানসিক ৰোগ বিভাগ আৰু নিচাযুক্ত দ্ৰব্য সেৱনৰ চিকিৎসা কেন্দ্ৰ বুলি চিত্ৰত আছে। এনেও অসমৰ কিছু কম বয়সীয়া সম্পাদকক
ক ইংৰাজী ৱিকিপিডিয়াত ব্ল'ক কৰা হৈছে। গতিকে অসমীয়া ৱিকিপিডিয়াৰ পৰাও মই বিশেষ আশা কৰা নাই। শুভেচ ্ছাৰে। KZ 17:24, 1 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KhiLanTzi আপুনি কোৱা 'মানসিক ৰোগ বিভাগ আৰু নিচাযুক্ত দ্ৰব্য সেৱনৰ চিকিৎসা কেন্দ্ৰ বুলি চিত্ৰত আছে' বোলা কথাটোকেই দুয়োফালৰ পৰা বুজাবলৈ চেষ্টা কৰা হৈছে যে দুয়োটা নাম নিৰ্ভৰযোগ্য উৎসত ব্যৱহাৰ হোৱাৰ স্পষ্ট সূত্ৰ আছে। গতিকে পুনঃনিৰ্দেশ ৰখাত অসুবিধাটো ক’ত? দ্বিতীয়তে, অসমৰ কম বয়সীয়া সম্পাদক কিমানগৰাকীক কোন ৱিকিত ব্লক কৰা হৈছে সেই বিষয়ে মই অৱগত নহয় কিন্তু কোনো কাৰণ নোহোৱাকৈ নিশ্চয় ব্লক কৰা নহয়।চন্দন চিৰিং ফুকন ✉️ 17:50, 1 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত প্ৰবন্ধৰ আৰম্ভনি কৰা জনে ভালকৈ নাচালে চাগৈ! প্ৰবন্ধটোতে মই সম্পাদনা কৰাৰ আগত মনোৰোগ মাত্ৰ ১৭ বাৰ আৰু মানসিক ৰোগ ১৪৩ বাৰ ব্যৱহাৰ হৈছিল। গতিকে WP:COMMONNAME অনুসৰি প্ৰবন্ধৰ নাম মানসিক ৰোগ বিজ্ঞান হোৱা উচিত। KZ 13:52, 1 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
পৃষ্ঠাখন সৃষ্টিকৰ্তা আৰু মূল অৱদানকাৰী হৈছে সদস্য:উদ্দীপতালুকদাৰ। ডাঃ উদ্দীপ তালুকদাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা clinical psychiatry বিষয়ৰ স্নাতকোত্তৰ আৰু বৰ্তমান বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ Department of Psychiatryৰ সহযোগী অধ্যাপক। গতিকে বিষয়ৰ বিশেষজ্ঞ হিচাপে প্ৰবন্ধটো আৰম্ভ কৰোঁতে নোচোৱাকৈ কৰিলে বুলি কোৱাটো ভুল হব। তাৰপিছত আন এজন চিকিৎসক সদস্য:Gitartha.bordoloiয়েও পৃষ্ঠাখনত সম্পাদনা কৰা পৰিলক্ষিত হৈছে। যিহেতু বিষয়টো চিকিৎসা বিজ্ঞানৰ পৰিভাষা কেন্দ্ৰীয়, সেয়ে বিশেষজ্ঞ সকলৰ মতামত লোৱাটো বেছি গুৰুত্বপূৰ্ণ। আপুনিও চিকিৎসক নেকি? @সদস্য:KhiLanTzi- অজয়  কথা-বতৰা 14:46, 1 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস চিকিৎসক হোৱাৰ বয়স হোৱা নাই মোৰ, দ্বাদশ শ্ৰেণী (বিজ্ঞান শাখা)ৰ ছাত্ৰ। বাকী Wikipedia:Article titlesৰ নিয়ম মানি যিহেতু মানসিক ৰোগ ১৪৩ বাৰ ব্যৱহাৰ হৈছিল সেয়ে প্ৰস্তাৱ ৰাখিছিলো। যদি সম্পাদনা কৰোতে নিৰ্দিষ্ট বয়স বা শিক্ষাগত অৰ্হতা লাগে তেতিয়া হলে মই ৱিকিপিদিয়াৰ সম্পাদনা এৰিব লাগিব। যদি তেওঁলোকৰ প্ৰকাশিত গ্ৰন্থ উৎস হিচাপে ব্যৱহাৰ হয় তেতিয়া গ্ৰহনযোগ্য হ'ব বাকী discussion ৰ দ্বাৰা হলে হয়তো WP:OR হব পাৰে! KZ 15:54, 1 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@অজয় দাস মনো ৰোগ নে মনোৰোগ বুলি দিব্য দত্তই সোধোতে মই কৈছিলো প্ৰবন্ধৰ আৰম্ভনি কৰা জনে ভালকৈ নাচালে চাগৈ! ইয়াৰ অৰ্থ মনো আৰু ৰোগৰ মাজত space থাকি গৈছে যাৰ অৰ্থ আছিল Typo । ইয়াত ভালকৈ নাচালে মানে typographical error কথা কোৱা হৈছে। কাৰণ মাজত space আছিল। KZ 16:39, 1 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KZ ৱিকিত সম্পাদনা কৰাৰ বাবে নিৰ্দিষ্ট বয়স আৰু শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই বাৰু। কিন্তু বিষয়টো অলপ বিশেষজ্ঞৰ দৃষ্টিৰে চালে হে ওলাই পৰিব। মই এই বিষয়ত বিশেষজ্ঞ নহয় যদিও psychiatryক মনোৰোগ বিজ্ঞান, মানসিক ৰোগ বিজ্ঞান, মনোঃৰোগ বিজ্ঞান আৰু মনো ৰোগ বিজ্ঞান বুলি কেইবা ঠাইত পাইছোঁ। গোটেই কেইটা সমাৰ্থক হিচাপে ব্যৱহাৰ হয় বাবে পুনঃনিৰ্দেশ কৰি থোৱায়ে ভাল ভাবোঁ। সেইদৰে psychologyক মনোবিজ্ঞান, মনোঃবিজ্ঞান আৰু মনস্তাত্বিক বিজ্ঞান ইত্যাদি নামেৰে পাইছোঁ। (আপুনি উল্লেখ কৰাৰ পিছত ঘৰৰ নিচেই কাষত অসম চিকিৎসা মহাবিদ্যালয় থকাৰ বাবে চাই আহিলোঁ গৈ, ডাঙৰ ডাঙৰ হৰফত Department of psychiatryক মনোৰোগ বিভাগ বুলি লিখা পালোঁ। ইমান দিনে মনেই কৰা নাছিলোঁ!)- অজয়  কথা-বতৰা 16:53, 1 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
দুয়োটা নামৰে সমান যুক্তি আছে। Psychiatryৰ বাবে মনোৰোগ বিজ্ঞান আৰু Psychologyৰ বাবে মনোবিজ্ঞান পুৰণা নাম। Google advanced search কৰিলে "মনোৰোগ বিজ্ঞান" "মানসিক ৰোগ বিজ্ঞান"তকৈ বেছি ওলায়। আনহাতে "মনোৰোগ"তকৈ "মানসিক ৰোগ"ৰ প্ৰচলন বেছি। গুৱাহাটী আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত "মানসিক ৰোগ বিভাগ" লিখা বুলি লিখা আছে, আনহাতে অসম চিকিৎসা মহাবিদ্যালয়ত "মনোৰোগ বিভাগ" লিখিছে। বিশেষজ্ঞৰ মতামত লোৱাটো ঠিকে আছে, কিন্তু চিকিৎসক নেকি বুলি সোধা কথাটো অলপ বেয়া হ'ল। মোৰ ভোট "মনোৰোগ বিজ্ঞান"ত। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 17:37, 1 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভুল নাম আৰু বিকল্প নাম, দুয়োটা বেলেগ। নাম ভুল হ'লে শুদ্ধলৈ সলনি কৰিব লাগে আৰু বিকল্প নাম থাকিলে সেয়া পুনঃনিৰ্দেশ কৰিব লাগে। সকলোৰে যুক্তি সমুহত দুয়োটা নামেই শুদ্ধ বুলি স্পষ্ট হৈছে। গতিকে এই আলোচনাটো ইমানতে সমাপ্ত কৰা উচিত। -Nayan j Nath (বাৰ্তা) 19:13, 1 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ৱিকিপিডিয়াৰ শিৰোনামৰ ক্ষেত্ৰত অধিক প্ৰচলিত শব্দটো ব্যৱহাৰ কৰা মানে এইটো নহয় যে আমি কোনো এটা ৱেবছাইটত শব্দৰ সংখ্যা হিচাপ কৰি সিদ্ধান্ত ল’ম। মোৰ দৃষ্টিত “মনোৰোগ” আৰু “মানসিক ৰোগ” দুয়োটা সমানে প্ৰচলিত। ইয়াৰ লগতে আন এটা প্ৰচলিত শব্দ হ’ল “মানসিক বিকাৰ”। সেয়ে যিকোনো এটা শব্দ ৰাখি অন্য সমাৰ্থক শব্দবোৰ পুনঃনিৰ্দেশ কৰিব লাগে। অন্যহাতে “মনো ৰোগ” ভুল শব্দ যেন লাগিছে, অৱশ্য প্ৰত্যায়িত কৰিবলৈ বৰ্তমান মোৰ হাতত কোনো সমল নাই। উদাহৰণ অৱশ্যে আছে, যেনে- মনোযোগ, মনোমোহা আদি। লগতে সকলোকে শব্দ ব্যৱহাৰত মাৰ্জিত হ’বলৈ অনুৰোধ জনালোঁ। দিব্য দত্ত (বাৰ্তা) 19:17, 1 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]