বৰাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বৰাহ অৱতাৰৰ পৰা পুনঃনিৰ্দেশিত)
বৰাহ
ভগৱান শ্ৰীবিষ্ণুৰ বৰাহ অৱতাৰ
ভগৱান শ্ৰীবিষ্ণুৰ বৰাহ অৱতাৰ
দেৱনাগৰী वराह
গোত্ৰ বিষ্ণুৰ অৱতাৰ
অস্ত্ৰ শঙ্খ-চক্ৰ-গদা-পদ্ম
দাম্পত্যসঙ্গী পৃথিৱী (ধৰণী)


বৰাহ (সংস্কৃত: वराह) হৈছে হিন্দু ধৰ্মৰ ভগৱান শ্ৰীবিষ্ণুৰ তৃতীয় অৱতাৰ।[1] ত্ৰেতা যুগত ভগৱান শ্ৰীবিষ্ণু মহাদৈত্য হিৰণ্যাক্ষক বধ কৰাৰ বাবে মৰ্ত্তলোকত বৰাহ ৰূপত অৱতীৰ্ণ হৈছিল।[2][3] পুৰাণত উল্লেখ কৰা মতে হিৰণ্যাক্ষ নামৰ মহাদৈত্য পৃথিৱী অৰ্থাৎ ধৰিত্ৰীদেৱীক মহাজাগতিক নামৰ মহাসমুদ্ৰৰ তলত নিমজ্জিত কৰি ৰাখিছিল। ভগৱান শ্ৰীবিষ্ণু বৰাহৰ ৰূপত মৰ্ত্তলোকত অৱতীৰ্ণ হৈ হিৰণ্যাক্ষক বধ কৰি ধৰিত্ৰীদেৱীক মহাসমুদ্ৰৰ পৰা উদ্ধাৰ কৰিছিল। তেওঁ ধৰিত্ৰীদেৱীক পত্নী ৰূপত গ্ৰহণ কৰিছিল। শাস্ত্ৰত বৰ্ণিত প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰ তেওঁলোকৰ পুত্ৰ।

শিল্পকলাত বৰাহক অৰ্ধ মনুষ্য, অৰ্ধ গাহৰিৰ ৰূপত কল্পনা কৰা হয়। তেওঁৰ চতুৰ্ভূজত শঙ্খ-চক্ৰ-গদা-পদ্ম ধাৰণ আৰু মুখত উদ্ধাৰকৃত পৃথিৱীৰ চিত্ৰত চিত্ৰাঙ্কিত কৰা হয়। বৰাহ পুৰাণ গ্ৰন্থত বৰাহৰ পূৰ্ণাঙ্গ উপখ্যান লিপিবদ্ধ কৰা হৈছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. J.L.Shastri (1951). Linga Purana - English Translation - Part 2 of 2. পৃষ্ঠা. 774. http://archive.org/details/LingaPuranaJ.L.ShastriPart2. 
  2. Shastri, Bhatt & Gangadharan 1998, পৃষ্ঠা. 7.
  3. Rao 1914, পৃষ্ঠা. 131-2.