ভাৰতৰ ভুৱা বাতৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

ভাৰতৰ ভুৱা বাতৰি (ইংৰাজী: Fake news in India): দেশখনৰ যিবোৰ মিছা খবৰ আৰু অপপ্ৰচাৰ মানুহৰ মুখেমুখে, পৰম্পৰাগত মাধ্যমবোৰৰ যোগেদি বা শেহতীয়াকৈ ডিজিটেল মাধ্যমৰ বিভিন্ন ৰূপত, যেনে সম্পাদিত ভিডিঅ’, মিম, অপৰীক্ষিত বিজ্ঞাপন আৰু সামাজিক মাধ্যমত ৰতনা হোৱা গুজৱ আদিৰ যোগেদি বিয়পি পৰে, সেইবোৰেই ভাৰতৰ ভুৱা বাতৰি।[1][2] সামাজিক মাধ্যমৰ যোগেদি বিয়পি পৰা ভুৱা বাতৰি দেশখনৰ কাৰণে এক জটিল সমস্যা হৈ দেখা দিছে, যিয়ে জনতাক হিংসাত্মক হোৱাৰ প্ৰতিও প্ৰৰোচিত কৰিব পাৰে। ২০১৮ত সামাজিক মাধ্যমৰ যোগেদি বিয়পি পৰা ভুৱা বাতৰিৰ বাবে কমেও ২০ জন মানুহৰ মৃত্যু হৈছিল।[3][4]

ৰয়টাৰ ইন্সটিটিউট ফৰ দ্য ষ্টাডী অৱ জাৰ্ণেলিজিমৰ Rasmus Kleis Nielsen-এ ভাবে যে “পশ্চিমীয়া দেশৰ তুলনাত ভাৰতবৰ্ষৰ দৰে এখন দেশৰ বাবে গুজৱ বেছি জটিল আৰু প্ৰত্যহ্বানমূলক। "[5] ইণ্টাৰনেটৰ ব্যৱহাৰ বঢ়াৰ সমান্তৰালকৈ সামাজিক মাধ্যমৰ যোগেদি বিয়পা ভুৱা বাতৰিৰ বাবে হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণো বাঢ়িছে। ২০১২ৰ ১৩৭০ লাখ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাৰ বিপৰীতে ২০১৯ত ৬০০০ লাখতকৈও অধিক হৈছেগৈ।[6] ২৩০০ লাখ ব্যৱহাৰকাৰীৰে ভাৰত হ’ল হোৱাটচএপৰ আটাইতকৈ ডাঙৰ বজাৰ আৰু ই ভুৱা বাতৰি বিয়পোৱাৰো এখন মূল মঞ্চ।[7][8] সচেতনতাৰ অভাৱত মানুহে সামাজিক মাধ্যমৰ যোগেদি তেওঁ পোৱা বা দেখা যি যিকোনো বস্তুকে বাচ-বিচাৰ নকৰাকৈ শুদ্ধ বুলি ভবাটো এটা ডাঙৰ সমস্যা।[9][10] ভুৱা বাতৰিৰ বিস্তাৰ আৰু প্ৰভাৱ ৰোধ কৰিবলৈ উদ্যোগ তথা অনুশীলন আৰম্ভ কৰা হৈছে।[11]

উদাহৰণ[সম্পাদনা কৰক]

নিৰ্বাচনকেন্দ্ৰিক ভুৱা বাতৰি[সম্পাদনা কৰক]

২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত অত্যধিক ভুৱা বাতৰিৰ সৰবৰাহ হৈছিল।[12][13] সমাজৰ সৰ্বস্তৰতে অসত্য, অৰ্ধসত্য তথ্যৰ সংবাদ বিয়পি পৰিছিল। এই নিৰ্বাচনটোত হোৱাটচ্এপৰ যোগেদি এনেকৈ অপপ্ৰচাৰ বিয়পাইছিল যে, যাৰবাবে বহুতে এইটোক ভাৰতৰ “প্ৰথম হোৱাটচ্এপ নিৰ্বাচন” বুলি অভিহিত কৰিছিল। ৰাজনৈতিক দলবোৰে ভুৱা বাতৰিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। [14][15]

ভাৰতত ২৩টা অনুসূচীভূক্ত ভাষা আছে; যাৰবাবে ফেচবুক, গুগল আদিৰ দৰে বহুজাতিক প্ৰতিষ্ঠানবোৰে তথ্যসমূহ পৰীক্ষা কৰি চোৱাত অসুবিধা পায়। তাৰে ভিতৰত মাত্ৰ দহটা ভাষাৰ পোষ্টসমূহ পৰীক্ষা কৰাৰ বাবে ফেচবুকে ভাৰাতীয় কৰ্মী নিয়োগ কৰিছিল। কিন্তু পোষ্টৰ বিপৰীতে কৰ্মীৰ সংখ্যা বহু কম আছিল। এই ভাষাসমূহৰ ভিতৰত ওড়িয়া, সিন্ধ্ৰি আৰু কানাড়া ভাষাৰ পোষ্টসমূহ সামান্যও পৰীক্ষা কৰা হোৱা নাছিল।[16] তথাপি ফেচবুকে নিৰ্বাচনৰ আগত প্ৰতিদিনে ১০ লাখকৈ ভুৱা খবৰ আৰু গুজৱ বিয়পোৱা একাউণ্ট বন্ধ কৰি দিছিল।[17]

কাশ্মীৰ[সম্পাদনা কৰক]

জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ পিছত ৰাজ্যখনৰ জনসাধাৰণে কেনে জীয়াতু ভুগিছিল, সামগ্ৰী সৰবৰাহ বাধাগ্ৰস্থ হৈছিল নে নাই বা অন্যান্য প্ৰশাসনিক বিষয়বোৰৰ সংক্ৰান্তত গুজৱ বিয়পি পৰিছিল।[18][19] টুইটাৰ যোগে অপপ্ৰচাৰ চলাই থকা বাবে ভাৰত চৰকাৰে ৮ টাকৈ টুইটাৰ হেণ্ডেল বন্ধ কৰি দিবলৈ টুইটাৰলৈ লিখিছিল। তাৰে ৪টা হেণ্ডেল ভাৰতবিৰোধী অপপ্ৰচাৰ চলাই থকা বাবে টুইটাৰে নিলম্বন কৰিছিল।[20] ভাৰতীয় সেনাই কাশ্মীৰীসকলৰ ঘৰ জ্বলাই দিয়া বুলি[21] যি খবৰ ওলাইছিল, শ্বেহলা ৰচিদে টুইটাৰ যোগে কাশ্মীৰীসকলক নিগ্ৰহৰ যি অভিযোগ কৰিছিল, এই সকলোবোৰ সেনা আৰু বাতৰি প্ৰতিষ্ঠান ইণ্ডিয়া টুডেই অস্বীকাৰ কৰিছিল।[22][23] আনহাতে দি নিউয়ৰ্ক টাইমচে লিখিছিল যে দিল্লীয়ে উপত্যাকাটোত সাধাৰণ অৱস্থা চলি থকা বুলি এখন ছবি দাঙি ধৰিছে, অথচ “কাশ্মীৰত দায়িত্ব পালন কৰি থকা সুৰক্ষা কৰ্মীয়ে জনাইছে যে তেওঁলোক বৃহৎ বিৰোধৰ সন্মুখীন হ'বলগীয়া হৈছে। ” কাকতখনে ৰবি কান্ত নামৰ সেনা এজনৰ ভাষ্যৰ উদ্ধৃতি দিছে, “এডজন, দুডজন, আনকি তাতকৈও বেছি মানুহৰ জাকে, য'ত কেতিয়াবা মহিলাও থাকে, বাহিৰলৈ ওলাই আহে আৰু আমালৈ শিলগুটি দলিয়াই দৌৰ মাৰে। ”[24] ভাৰতৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে ৫ আগষ্টৰ পিছত কাশ্মীৰত সুৰক্ষা বাহিনীয়ে এটাও গুলি চলোৱা নাই।[25][26] তাৰ বিপৰীতে বিবিচিয়ে অন্য ধৰণে কৈছে। উচ্চতম ন্যায়ালয়ে ক’বলৈ বাধ্য হৈছে যে সাধাৰণ অৱস্থা ঘূৰাই আনিবলৈ কেন্দ্ৰ চৰকাৰে যিমান পাৰে সোনকালে যথা-সম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগে।[25]

অন্য উদাহৰণ[সম্পাদনা কৰক]

  • ২০১৮ৰ ১১ জুন তাৰিখে অসমৰ কাৰ্বি আংলঙত হোৱাটচএপ যোগে ফৰৱাৰ্ড হোৱা এটা অসত্য বাতৰিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ অভিজিত দাস আৰু নিলোৎপল নাথ নামৰ দুজন যুৱক জনৰোষৰ বলি হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।[27]
  • ২০১৩ৰ মুজফ্ফৰপুৰ সংঘৰ্ষত ৬০ জন লোকৰ মৃত্যু আৰু বহুতো লোক গৃহহীন হোৱা বুলি কোৱা হয়। এই সংঘৰ্ষত ইন্ধন যোগাইছিল হোৱাটচএপ যোগে প্ৰচাৰ হোৱা এটা ভিডিঅ'।[28][29]

ভুৱা বাতৰিৰ বিৰুদ্ধে সংগ্ৰাম[সম্পাদনা কৰক]

ইণ্টাৰনেট সেৱা বন্ধ কৰি দি চৰকাৰে কেতিয়াবা সামাজিক মাধ্যম যোগে গুজৱ বিয়পি পৰাটো নিয়ন্ত্ৰণ কৰে।[19][30] তামিলনাডুৰ এটৰ্নী জেনেৰেলে ৰাজ্য চৰকাৰৰ হৈ পৰামৰ্শ আগবঢ়াইছিল যে সামাজিক মাধ্যমৰ একাউণ্টবোৰ আধাৰেৰে সংযুক্ত কৰিব লাগে।[31] ভাৰতৰ কিছুমান অঞ্চলত, বিশেষকৈ কেৰালাৰ কুন্নৰত চৰকাৰী বিদ্যালয়বোৰত ভুৱা বাতৰি সম্পৰ্কীয় শ্ৰেণীৰ ব্যৱস্থা কৰিছে।[32] কিছুমানে পৰামৰ্শ দিয়ে যে চৰকাৰে জনসাধাৰণৰ মাজত ভুৱা বাতৰি সম্পৰ্কে অধিক সচেতনতা আনিবলৈ চৰকাৰে জন-শিক্ষাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লব লাগে।[33]

২০১৮ চনত গুগলে ইংৰাজীকে ধৰি ৭টা ভাৰতীয় চৰকাৰী ভাষাৰ ৮০০০ সাংবাদিকক প্ৰশিক্ষণ দিবলৈ এটা কাৰ্যসূচীৰ উন্মোচন কৰে। এইটোৱে গুগলৰ প্ৰশিক্ষণৰ সৰ্ববৃহৎ উদ্যোগ, যিয়ে ভুৱা বাতৰি আৰু বাতৰিৰ সত্যতা প্ৰতিপন্ন কৰা সম্পৰ্কে সচেতনতা বৃদ্ধি কৰিব।[34]

তথ্যৰ পৰীক্ষণ ভাৰতত এক ব্যৱসায়ৰ ৰূপত গঢ় লব ধৰিছে। অল্ট্ নিউজ,বুম, ফেক্টলি, SMHoaxSlayer আদি ৱেৱচাইট নিৰ্মাণ হৈছে, যিয়ে তথ্য পৰীক্ষা কৰে।[35][36] মেডিয়া হাউচবোৰৰো নিজা নিজা তথ্য পৰীক্ষণ বিভাগ আছে; যেনে ইণ্ডিয়া টুডে গ্ৰুপ আৰু টাইমচ্ ইণ্টাৰনেটৰ টি.ও.আই ফেক্টচেকিং, কুইণ্টৰ ৱেবকুফ।[37][38] ইণ্টাৰনেট ফেক্টচেকিং নেটৱৰ্কৰ দ্বাৰা প্ৰত্যায়িত ইণ্ডিয়া টুডে গ্ৰুপ, বিশ্বাস নিউজ, ফেক্টলি নিউজমোবাইল আৰু ফেক্ট ক্ৰেচেণ্ডো ফেচবুকৰ তখ্য পৰীক্ষণ সহযোগী।[35]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Social media in India fans fake news". The Interpreter – Lowy Institute. https://www.lowyinstitute.org/the-interpreter/social-media-india-fans-fake-news। আহৰণ কৰা হৈছে: 2019-08-27. 
  2. Nielsen, Rasmus Kleis (25 March 2019). "Disinformation is everywhere in India". The Hindu. ISSN 0971-751X. https://www.thehindu.com/opinion/op-ed/disinformation-is-everywhere-in-india/article26626745.ece. 
  3. Bengali, Shashank (2019-02-04). "How WhatsApp is battling misinformation in India, where 'fake news is part of our culture'". Los Angeles Times. https://www.latimes.com/world/la-fg-india-whatsapp-2019-story.html। আহৰণ কৰা হৈছে: 2019-08-28. 
  4. ""Lot Of Misinformation In India Spreads On WhatsApp": US Expert". NDTV. 15 September 2018. https://www.ndtv.com/india-news/fake-news-politicised-misinformation-more-common-in-india-us-expert-1916786। আহৰণ কৰা হৈছে: 2019-08-28. 
  5. "India's Disinformation War More Complex Than in West: Oxford Prof". The Quint. 2018-10-06. https://www.thequint.com/news/india/media-coverage-disinformation-in-india-interview-rasmus-nielsen। আহৰণ কৰা হৈছে: 2019-08-27. 
  6. Mohan, Shriya (26 April 2019). "Everybody needs a good lie". The Hindu Business Line. https://www.thehindubusinessline.com/blink/cover/everybody-needs-a-good-lie/article26952244.ece। আহৰণ কৰা হৈছে: 2019-08-28. 
  7. Perrigo, Billy (25 January 2019). "How Whatsapp Is Fueling Fake News Ahead of India's Elections". Time. https://time.com/5512032/whatsapp-india-election-2019/। আহৰণ কৰা হৈছে: 2019-08-28. 
  8. "Disinformation Is Spreading on WhatsApp in India—And It's Getting Dangerous". Pulitzer Center. 2018-09-05. http://pulitzercenter.org/reporting/disinformation-spreading-whatsapp-india-and-its-getting-dangerous। আহৰণ কৰা হৈছে: 2019-08-28. 
  9. Khurana, Pooja; Kumar, Deepak; Kumar, Sanjeev (April 2019). "Research of Fake News Spreading Through Whatsapp". International Journal of Innovative Technology and Exploring Engineering খণ্ড 8: 948–951. https://www.ijitee.org/wp-content/uploads/papers/v8i6s4/F11930486S419.pdf. 
  10. Jain, Rishabh R. (9 April 2019). "In India's Election, Voters Feed on False Information". Bloomberg. https://www.bloomberg.com/tosv2.html?vid=&uuid=78cd74d0-ca3c-11e9-9377-fbaa7318b6f9&url=L25ld3MvYXJ0aWNsZXMvMjAxOS0wNC0wOS9pbi1pbmRpYS1zLWVsZWN0aW9uLXZvdGVycy1mZWVkLW9uLWZhbHNlLWluZm9ybWF0aW9u। আহৰণ কৰা হৈছে: 2019-08-29. 
  11. "WhatsApp FAQ – Contributing to the safety of elections in India". WhatsApp. https://faq.whatsapp.com/en/26000233/। আহৰণ কৰা হৈছে: 2019-08-28. 
  12. "Clip, flip and Photoshop: Anatomy of fakes in Indian elections". India Today. 28 May 2019. https://www.indiatoday.in/elections/story/india-lok-sabha-elections-fake-news-photoshop-lie-truth-1537053-2019-05-28। আহৰণ কৰা হৈছে: 2019-08-28. 
  13. Bansal, Samarth; Poonam, Snigdha (2019-04-01). "Misinformation Is Endangering India's Election". The Atlantic. ISSN 1072-7825. https://www.theatlantic.com/international/archive/2019/04/india-misinformation-election-fake-news/586123/. 
  14. "Junk news and misinformation prevalent in Indian election campaign". University of Oxford. 13 May 2019. http://www.ox.ac.uk/news/2019-05-13-junk-news-and-misinformation-prevalent-indian-election-campaign। আহৰণ কৰা হৈছে: 2019-08-28. 
  15. Phartiyal, Sankalp; Kalra, Aditya (2019-04-02). "Despite being exposed, fake news thrives on social media ahead of...". Reuters. https://www.reuters.com/article/india-election-socialmedia-fakenews-idUSKCN1RE08Z. 
  16. "Alarming lessons from Facebook's push to stop fake news in India". The Economic Times. 21 May 2019. https://economictimes.indiatimes.com/tech/internet/alarming-lessons-from-facebooks-push-to-stop-fake-news-in-india/articleshow/69421474.cms?from=mdr. 
  17. "Facebook removes 1 million abusive accounts a day to counter fake news in India". Firstpost. 9 April 2019. https://www.firstpost.com/india/facebook-makes-preparations-for-countering-fake-news-in-india-as-elections-loom-6409621.html। আহৰণ কৰা হৈছে: 2019-08-29. 
  18. "How these J&K officers are fighting fake news on Kashmir". Outlook India. 19 August 2019. https://www.outlookindia.com/newsscroll/how-these-jampk-officers-are-fighting-fake-news-on-kashmir/1599887। আহৰণ কৰা হৈছে: 2019-08-29. 
  19. 19.0 19.1 Bhatt, Parjanya; K.J., Shashidhar (14 August 2019). "Communications blackout in Kashmir: A quick fix that can backfire". Observer Research Foundation. https://www.orfonline.org/expert-speak/communications-blackout-in-kashmir-a-quick-fix-that-can-backfire-54430/। আহৰণ কৰা হৈছে: 2019-08-28. 
  20. Tripathi, Rahul; Irfan, Hakeem (2019-08-13). "Twitter told to take down handles spreading fake news about Kashmir Valley". The Economic Times. https://economictimes.indiatimes.com/tech/internet/4-twitter-handles-suspended-for-alleged-anti-india-propaganda/articleshow/70648195.cms. 
  21. Deodia, Arjun (6 August 2019). "Fact Check: No, Indian Army didn't burn down houses in Kashmir". India Today. https://www.indiatoday.in/fact-check/story/fact-check-no-indian-army-didn-t-burn-down-houses-in-kashmir-1577981-2019-08-06। আহৰণ কৰা হৈছে: 2019-08-29. 
  22. "Army denies Shehla Rashid's claims of excesses by security forces in J&K". The Times of India. 20 August 2019. https://timesofindia.indiatimes.com/india/army-denies-shehla-rashids-claims-of-excesses-by-security-forces-in-jk/articleshow/70746321.cms। আহৰণ কৰা হৈছে: 2019-08-29. 
  23. "India's Kashmir doctrine: Claims of torture, night raids, mass detentions". TRT World. 19 August 2019. https://www.trtworld.com/magazine/india-s-kashmir-doctrine-claims-of-torture-night-raids-mass-detentions-29102. 
  24. Yasir, Sameer; Raj, Suhasini; Gettleman, Jeffrey (2019-08-10). "Inside Kashmir, Cut Off From the World: ‘A Living Hell’ of Anger and Fear" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2019/08/10/world/asia/kashmir-india-pakistan.html. 
  25. 25.0 25.1 PTI (16 September 2019). "Supreme Court asks government to restore normalcy in Kashmir". India Today. https://www.indiatoday.in/india/story/supreme-court-asks-government-to-restore-normalcy-in-kashmir-1599858-2019-09-16। আহৰণ কৰা হৈছে: 2019-09-21. 
  26. Hashmi, Sameer (2019-08-29). "Kashmiris allege torture in army crackdown" (en-GB ভাষাত). https://www.bbc.com/news/world-asia-india-49481180. 
  27. Rebelo, Karen (2018-12-17). "Inside WhatsApp's battle against misinformation in India". Poynter. https://www.poynter.org/fact-checking/2018/inside-whatsapps-battle-against-misinformation-in-india/। আহৰণ কৰা হৈছে: 2019-08-28. 
  28. Dipankar Ghose, Apurva (12 September 2013). "Muzaffarnagar rioters used WhatsApp to fan flames, find police – Indian Express". Indian Express. http://archive.indianexpress.com/news/muzaffarnagar-rioters-used-whatsapp-to-fan-flames-find-police/1168072/। আহৰণ কৰা হৈছে: 2019-08-29. 
  29. Patil, Samir (2019-04-29). "Opinion | India Has a Public Health Crisis. It's Called Fake News.". The New York Times. https://www.nytimes.com/2019/04/29/opinion/india-elections-disinformation.html. 
  30. Bajoria, Jayshree (2019-04-24). "India Internet Clampdown Will Not Stop Misinformation". Human Rights Watch. https://www.hrw.org/news/2019/04/24/india-internet-clampdown-will-not-stop-misinformation। আহৰণ কৰা হৈছে: 2019-08-28. 
  31. PTI (20 August 2019). "Social media accounts need to be linked with Aadhaar to check fake news, SC told". India Today. https://www.indiatoday.in/india/story/social-media-accounts-need-to-be-linked-with-aadhaar-to-check-fake-news-supreme-court-1582465-2019-08-19। আহৰণ কৰা হৈছে: 2019-08-28. 
  32. Biswas, Soutik (2018-08-20). "Fighting India's WhatsApp fake news war". BBC. https://www.bbc.com/news/world-asia-india-45140158. 
  33. "The Wrong Way to Fight Fake News". Bloomberg. 18 March 2019. https://www.bloomberg.com/tosv2.html?vid=&uuid=79c914f0-c962-11e9-ae22-1ddd97e6b5fa&url=L29waW5pb24vYXJ0aWNsZXMvMjAxOS0wMy0xNy9pbmRpYS1pcy1maWdodGluZy1mYWtlLW5ld3MtdGhlLXdyb25nLXdheQ==। আহৰণ কৰা হৈছে: 2019-08-28. 
  34. Christopher, Nilesh (2018-06-19). "Google wants to train 8000 journalists with new tools to fight fake news". The Economic Times. https://economictimes.indiatimes.com/pmi-2017/media/google-wants-to-train-8000-journalists-with-new-tools-to-fight-fake-news/articleshow/64653004.cms?from=mdr. 
  35. 35.0 35.1 "Facebook expands fact-checking network in India, adds 5 more partners to spot fake news". Business Today. https://www.businesstoday.in/top-story/facebook-expands-fact-checking-network-in-india-adds-5-more-partners-to-spot-fake-news/story/318468.html। আহৰণ কৰা হৈছে: 2019-08-28. 
  36. Ananth, Venkat (2019-05-07). "Can fact-checking emerge as big and viable business?". The Economic Times. https://economictimes.indiatimes.com/tech/internet/can-fact-checking-emerge-as-big-and-viable-business/articleshow/69210719.cms?from=mdr. 
  37. "Fact Check". India Today. https://www.indiatoday.in/fact-check। আহৰণ কৰা হৈছে: 2019-08-28. 
  38. Gupta, Neha (2 January 2019). "Indian media fights fake news in run up to Lok Sabha elections". WAN-IFRA. https://blog.wan-ifra.org/2019/02/01/indian-media-fights-fake-news-in-run-up-to-lok-sabha-elections। আহৰণ কৰা হৈছে: 2019-09-06. 

গ্ৰন্থপঞ্জী

  • প্ৰতীক সিনহা (২০১৯)। India Misinformed: The True Story। প্ৰকাশক: হাৰপাৰ কলিনচ ইণ্ডিয়া আই.এচ.বি.এন. 9789353028374

লগতে পঢ়ক[সম্পাদনা কৰক]