সমললৈ যাওক

মাৰখোৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Capra|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
মাৰখোৰ
মতা মাৰখোৰ
সংৰক্ষণ স্থিতি
CITES Appendix I (CITES)[2]
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Capra
প্ৰজাতি: C.
দ্বৈৰাশিক নামকৰণ
Capra
(Wagner, 1839)
Subspecies

See text

মাৰখোৰৰ বিচৰণ ভূমি

মাৰখোৰ বা বন-ছাগলী ইংৰাজী: Markhor বৈজ্ঞানিক নাম: Capra falconeri এটা বৃহৎ বনছাগলীৰ প্ৰজাতি দক্ষিণ এছিয়া আৰু মধ্য এছিয়াৰ প্ৰধানকৈ পাকিস্তানৰ ভিতৰত, কাৰকোৰাম ৰেঞ্জ, আফগানিস্তানৰ কিছু অংশ,দক্ষিণ উজবেকিস্তান, ভাৰতজম্মু-কাশ্মীৰ আৰু হিমালয়ত পোৱা যায়। ২০১৫ চনৰ পৰা ইয়াক IUCN Red List ত বিলুপ্তপ্ৰায় প্ৰাণী হিচাপে তালিকাভুক্ত কৰা হৈছে।[2]সমগ্ৰ বিশ্বতে এই প্ৰজাতিটোৰ মাত্ৰ প্ৰায় ২৫০০ টাহে জীয়াই আছে, আৰু যোৱা দুটা প্ৰজন্মত ইয়াৰ সংখ্যা ২০% হ্ৰাস পাইছে। মাৰখোৰক পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰাণী হিচাপে স্বীকৃতি দিয়া হৈছে। [2]"২০২৪ চনৰ ২ মে'ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২৪ মে' তাৰিখটো আন্তৰ্জাতিক মাৰখোৰ দিৱস হিচাপে ঘোষণা কৰে।[3][4]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

"মাৰখোৰ" শব্দটো হৈছে পাৰ্চী। "মাৰ"ৰ অৰ্থ পাৰ্চী ভাষাত "সাপ", ইয়াৰ লগত "খোৰ" (অৰ্থাৎ "ভক্ষণ ") যোগ কৰি "মাৰখোৰ" শব্দটো হৈছে , যাৰ অৰ্থ আৰবী ভাষাত "সাপ খোৱা" বা - যি প্ৰাণীৱে সাপ খায়। বহুতে ভাবে যে ই সাপ মাৰিব পাৰে বাবেই সেই নামটো দিয়া হৈছে ।আনহাতে ইহঁতৰ শিং সাপৰ দৰে পাক খোৱা বাবে আন এটা নাম "সাপ শিঙীয়া "।[5]

মাৰখোৰ কান্ধ ৬৫ ৰ পৰা ১১৫ ছেণ্টিমিটাৰ। ওখ ১৩২ৰ পৰা ১৮৬ ছেণ্টিমিটাৰ। ইহঁতৰ কান্ধৰ উচ্চতা ছাগলী প্ৰজাতিৰ(Capra,genus) ভিতৰত সৰ্বাধিক, কিন্তু দৈৰ্ঘ্য আৰু ওজন চাইবেৰিয়াৰ আইবেক্স (Siberian ibex) তকৈ বেছি।[6]ইহঁতৰ আৱৰণ পাতল বাদামীৰ পৰা ক'লা ৰঙৰ হয় আৰু গ্ৰীষ্মকালত মসৃণ আৰু চুটি হয়, আনহাতে শীতকালত দীঘল আৰু ডাঠ হয়। ভৰিৰ তলৰ নোম ক’লা আৰু বগা। মাৰখোৰ যৌনভাৱে দ্বিৰূপী, মতাবোৰৰ থুঁতৰি, ডিঙি, বুকু আৰু ঠেংত দীঘল চুলি থাকে। মাইকীবোৰ ৰঙচুৱা, চুটি চুলি, দাড়ি ক'লা আৰু চুটি হয়। [7]উভয় লিংগৰে শিংবোৰ টানকৈ কুণ্ডলীবদ্ধ হৈ থাকে, গুৰিৰ ফালে ঘনিষ্ঠভাৱে সংযুক্ত যদিও ওপৰলৈ মেল খোৱা । মতাবোৰৰ শিং ১৬০ ছেন্টিমিটাৰ পৰ্যন্ত আৰু মাইকী মাৰখোৰৰ শিং ২৫ ছেণ্টিমিটাৰলৈ হয়। [8] মতা ছাগলীবোৰৰ কেহেটা গোন্ধ থাকে, যিটো ঘৰচীয়া ছাগলীতকৈ বেছি। [9]

কোৱা হয় যে মাৰখোৰে মহাভাৰতৰ গৰুড়ৰ দৰে সাপ বধ কৰি খায়। ঘাঁহ কামোৰাৰ সময়ত ইয়াৰ মুখৰ পৰা ফেনাযুক্ত পদাৰ্থ ওলায়, পিছত মাটিত পৰি শুকাই যায়। কিছুমান স্থানীয় লোকে এই বস্তুটো বিচাৰি ফুৰে কাৰণ ইয়াৰ দ্বাৰা সাপৰ বিষ উলিয়াব পৰা শক্তি আছে বুলি বিশ্বাস কৰা হয়।[10]

কলম্বাছ চিৰিয়াখানা আৰু একুৰিয়ামত পোৱালিৰ সৈতে মাইকী মাৰখোৰ
  1. সাঁচ:MSW3 Artiodactyla
  2. 2.0 2.1 2.2 2.3 Michel, S.; Rosen Michel, T. (2015). Capra falconeri. p. e.T3787A97218336. doi:10.2305/IUCN.UK.2015-4.RLTS.T3787A82028427.en. 
  3. "International Day of the Markhor". https://www.un.org/en/observances/markhor-day. 
  4. "Resolution adopted by the General Assembly on 2 May 2024 | 78/278. International Day of the Markhor". United Nations. https://documents.un.org/api/symbol/access?j=N2412809&t=pdf. 
  5. Sharma, S. D. (1990). Semantics and Syntax: Indian Loan Words in English : a Linguistic, Cultural, Literary & Historical Study. Prakash Book Depot. পৃষ্ঠা. 83. 
  6. ১=Fedosenko, A. K. |লেখক২=Blank, D. A. |lastauthoramp=yes |বছৰ=2001|ইউআৰএল=http://www.science.smith.edu/departments/Biology/VHAYSSEN/msi/pdf/675_Capra_sibirica.pdf |শিৰোনাম=Capra sibirica|সাময়িকী= Mammalian Species |খণ্ড=675|পাতাসমূহ=1–13|ডিওআই=10.1644/1545-1410(2001)675<0001:CS>2.0.CO; 2}}
  7. "NATURAL HISTORY OF THE MAMMALIA OF INDIA AND CEYLON" by Robert A. Sterndale, published by CALCUTTA: THACKER, SPINK, AND CO., BOMBAY: THACKER AND CO., LIMITED., LONDON: W. THACKER AND CO. 1884. Gutenberg.org (2006-10-16). Retrieved on 2011-07-10.
  8. "Capra falconeri" Markhor, An Ultimate Ungulate fact sheet Archived 2007-12-20 at the Wayback Machine. Ultimateungulate.com. Retrieved on 2011-07-10.
  9. Frederick Markham (1854). Shooting in the Himalayas: a journal of sporting adventures and travel in Chinese Tartary, Ladac, Thibet, Cashmere, &c. R. Bentley. 
  10. "Error: no |title= specified when using {{Cite web}}".