শৈলী সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শৈলী সিং
ব্যক্তিগত তথ্যাৱলী
জন্ম ৭ জানুৱাৰী, ২০০৪ (২০ বছৰ)
ঝাঞ্চি, উত্তৰ প্ৰদেশ, ভাৰত
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া লং জাম্প

শৈলী সিং (ইংৰাজী: Shaili Singh; জন্ম: ৭ জানুৱাৰী ২০০৪) এগৰাকী ভাৰতীয় এথলীট যি লং জাম্প ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ তেওঁৰ বয়স গোটৰ শ্ৰেণীত কনিষ্ঠতম ভাৰতীয় ৰাষ্ট্ৰীয় লং জাম্প চেম্পিয়ন আৰু ১৮-অনুৰ্ধ শ্ৰেণীত বিশ্বৰ শীৰ্ষ ২০জন লং জাম্পাৰৰ ভিতৰত স্থান লাভ কৰিছে।[1][2] তেওঁ ১৮-অনুৰ্ধ শ্ৰেণীত লং জাম্পৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে। তেওঁক প্ৰবীণ ভাৰতীয় লং জাম্পাৰ অঞ্জু ববী জৰ্জ আৰু তেওঁৰ স্বামী ৰবাৰ্ট ববী জৰ্জৰ অধীনত প্ৰশিক্ষণ লয়।[3]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

শৈলী সিঙৰ জন্ম ২০০৪ চনৰ ৭ জানুৱাৰীত ভাৰতউত্তৰ প্ৰদেশৰ ঝাঞ্চিত হৈছিল। তেওঁক তিনিটা সন্তানৰ একক অভিভাৱক মাতৃ বিনিতা সিঙে ডাঙৰ-দীঘল কৰিছিল। বিনীতা সিং পেছাত এগৰাকী সৰু উদ্যোগী।[1][2]

সিঙে ১৪ বছৰ বয়সত অঞ্জু ববী জৰ্জ স্পৰ্টছ ফাউণ্ডেশ্যনত প্ৰশিক্ষণ ল'বলৈ বেংগালুৰুলৈ যায়।[4] সিঙে জৰ্জ দম্পতীৰ তত্ত্বাৱধানত প্ৰশিক্ষণ আৰম্ভ কৰে।[5][2]

কেৰিয়াৰ[সম্পাদনা কৰক]

শৈলী সিঙে ২০১৮ চনত ৰাঁচীত অনুষ্ঠিত জুনিয়ৰ নেচনেল এথলেটিকছ চেম্পিয়নশ্বিপত ১৬-অনুৰ্ধ শ্ৰেণীত লং জাম্পত সোণৰ পদক লাভ কৰিছিল, য'ত তেওঁ জুনিয়ৰ লং জাম্পৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি ৫.৯৪ মিটাৰেৰে নতুন অভিলেখ গঢ়িছিল। ২০১৯ চনত তেওঁ অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰত অনুষ্ঠিত জুনিয়ৰ নেচনেল এথলেটিকছ প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰিবলৈ ৬.১৫ মিটাৰ জঁপিয়াই ১৮-অনুৰ্ধত নিজৰ অভিলেখ উন্নত কৰিছিল। ইয়াৰ ফলত তেওঁ ২০২০ চনত আইএএএফ ২০-অনুৰ্ধ চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰে।[6] ভাৰতৰ তদানীন্তন ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে তেওঁৰ সফলতাৰ বাবে তেওঁলৈ এক অভিনন্দন বাৰ্তা টুইট কৰিছিল।[7][2] ২০২১ চনৰ জুন মাহত পাটিয়ালাত অনুষ্ঠিত ছিনিয়ৰ এথলেটিক চেম্পিয়নশ্বিপ (ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক) প্ৰতিযোগিতাত শৈলীয়ে ৬.৪৮ মিটাৰ জঁপিয়াই এক নতুন ২০-অনুৰ্ধ অভিলেখ গঢ়ি লং জাম্প ইভেণ্টত বিজয়ী হৈছিল। তেওঁ ২০২১ চনৰ আগষ্টত বিশ্ব এথলেটিকছ ২০-অনুৰ্ধ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰে।[8]

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা[সম্পাদনা কৰক]

 ভাৰতক প্ৰতিনিধিত্ব কৰি
বৰ্ষ প্ৰতিযোগিতা খেলৰ স্থান স্থান ইভেণ্ট টোকা
২০২১ বিশ্ব এথলেটিকছ ২০-অনুৰ্ধ চেম্পিয়নশ্বিপ কেনিয়া নাইৰোবি, কেনিয়া ২য় লং জাম্প w

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Long Jumper Shaili Broke Two National Records. Is She The Next Big Thing In Indian Athletics?" (en-IN ভাষাত). IndiaTimes. 2019-11-05. https://www.indiatimes.com/sports/long-jumper-shaili-singh-just-broke-the-national-under-16-and-under-18-records-she-could-be-the-next-big-thing-in-indian-athletics-379289.html। আহৰণ কৰা হৈছে: 2021-02-17. 
  2. 2.0 2.1 2.2 2.3 "शैली सिंह: भारतीय एथलीटों की दुनिया का चमकता सितारा" (hi ভাষাত). BBC News हिंदी. https://www.bbc.com/hindi/sport-55718988. 
  3. "Coach tips Olympics future for teen prodigy Shaili Singh". The New Indian Express. https://www.newindianexpress.com/sport/other/2019/nov/08/coach-tips-olympics-future-for-teen-prodigy-shaili-singh-2058785.html। আহৰণ কৰা হৈছে: 2021-02-17. 
  4. "Jr National Athletics: Long Jumper Shaili Singh Breaks National Record - SheThePeople TV" (en-US ভাষাত). https://www.shethepeople.tv/news/athletics-long-jumper-shaili-singh-breaks-record/। আহৰণ কৰা হৈছে: 2021-02-17. 
  5. Rayan, Stan (2019-01-25). "Shaili Singh: Made for the long jump" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/sport/other-sports/made-for-the-long-jump/article26093469.ece. 
  6. "Long-jumping and breaking records: Shaili Singh, remember the name" (en ভাষাত). The Indian Express. 2019-11-07. https://indianexpress.com/article/sports/shaili-singh-remember-name-long-jump-6106851/। আহৰণ কৰা হৈছে: 2021-02-17. 
  7. ANI (2019-11-05). "Rijiju lauds Shaili Singh for scripting national record". Business Standard India. https://www.business-standard.com/article/news-ani/rijiju-lauds-shaili-singh-for-scripting-national-record-119110500875_1.html. 
  8. "World Athletics U20 silver medallist Shaili Singh celebrates return to India with impromptu dance-Sports News, Firstpost". 2021-08-27. https://www.firstpost.com/sports/world-athletics-u20-silver-medallist-shaili-singh-celebrates-return-to-india-with-impromptu-dance-9919131.html.