হিন্দু মহাকাব্যৰ এলজিবিটি বিষয়বস্তু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লোকদেবৱতা আৰাবানৰ (সোঁ ফালে) ৰূপান্তৰকামী স্ত্ৰী আৰাবীৰাৰ (বাওঁ ফালে) মৃত্যুত শোকপ্ৰকাশ কৰিছে।

হিন্দু মহাকাব্যৰ এলজিবিটি বিষয়বস্তুত হিন্দু দেৱতা বা পুৰাণ আদিৰ নায়ক সকল অন্তৰ্ভুক্ত হৈছে যাৰ গুণাগুণ বা আচৰণক সমকামী (লেচবিয়ান, গে), উভকামী, ট্ৰান্সজেণ্ডাৰ, বা লিংগ বিভাজন আৰু অবিষমকামী যৌনতাৰ উপাদান হিচাপে ব্যাখ্যা কৰিব পাৰি। পৰম্পৰাগত হিন্দু সাহিত্যৰ উৎসসমূহে সমকামিতাৰ কথা পোনপটীয়াকৈ নকয়,[1] কিন্তু যৌনতা, সমকামী সাক্ষাৎ, আৰু আন্তঃলিঙ্গ বা তৃতীয় লিংগৰ চৰিত্ৰৰ পৰিৱৰ্তন প্ৰায়ে পৰম্পৰাগত ধৰ্মীয় আখ্যান যেনে বেদ, মহাভাৰত, ৰামায়ণ আৰু পুৰাণ ৰ লগতে আঞ্চলিক লোককাহিনী সমূহত পোৱা যায়।

হিন্দু পুৰাণ সমূহত প্ৰায়েই দেখা যায় যে দেৱ-দেৱী সকলে তেওঁলোকৰ লিংগ পৰিৱৰ্তন কৰে বা বিপৰীত লিংগৰ ৰূপ ধাৰণ কৰে বা এজন দেৱ এগৰাকী দেৱী একত্ৰে উভয়লিঙ্গৰ ৰূপ ধাৰণ কৰিছে। যৌনমিলনৰ সুবিধাৰ্থেও দেৱতা সকল বিপৰীত লিংগৰ অবতাৰ ৰূপে অৱতীৰ্ণ হোৱা দেখা যায়।[2][3][4][5] দেৱতাৰ বাদে অন্যান্য চৰিত্ৰটো দেৱতাৰ বৰ লাভ কৰি বা অভিশাপত অথবা পুনৰ্জন্মৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে লিঙ্গ পৰিবৰ্তন কৰা দেখা যায়। হিন্দু পুৰাণত এনে অসংখ্য ঘটনাৰ উল্লেখ আছে, য'ত যৌনমিলন এক অযৌন পবিত্ৰ উদ্দেশ্যে সাধিত হৈছে। কোনো কোন ক্ষেত্ৰত এইসমূহ সমকামী যৌনমিলন। কেতিয়াবা কেতিয়াবা দেৱতাসকলৰ এই জাতীয় মিলনক নিন্দা কৰা দেখা যায়। কিন্তু অন্য ক্ষেত্ৰত এই সমূহ তেওঁলোকৰ বৰৰ ফলস্বৰূপেই ঘটিছে।[6][7] আধুনিক গৱেষক আৰু সমকামী-অধিকাৰ আন্দোলনকাৰী সকলে মূলধাৰাৰ হিন্দু সাহিত্যত উল্লিখিত লিঙ্গ বিভিন্নতা আৰু অ-বিষমকামী যৌনপ্ৰবৃত্তি সংক্ৰান্ত উপাখ্যানসমূহৰ বাদেও অপেক্ষাকৃত সংক্ষিপ্তৰূপে পৰিচিত গ্ৰন্থসমূহত প্ৰাপ্ত এলজিবিটি বিষয়বস্তুৰ ওপৰত আলোকপাত কৰিছে। আনকি সাধাৰণ দৃষ্টিত যি সমূহ উপাখ্যানৰ মাজেৰে কোনো প্ৰকাৰৰ সমকামিতাৰ আভাস নাই, তেওঁলোকে সেইসমূহ অ-বিষমকামী বুলি ব্যাখ্যা আগবঢ়াইছে। অৱশ্যে এই ধৰণৰ ব্যাখ্যাক কেন্দ্ৰ কৰি প্ৰাচীন উপাখ্যানসমূহৰ অৰ্থ সংক্ৰান্ত মতবিৰোধো দেখা দিছে।[8][9]

দেৱ-দেৱী সকলৰ মাজত লিংগ পাৰ্থক্য[সম্পাদনা কৰক]

অৰ্ধনাৰীশ্বৰ ৰূপত শিৱ আৰু পাৰ্বতী

হিন্দুধৰ্ম আৰু ভাৰতীয় পুৰাণত একাধিক দেৱ-দেৱীয়ে বিভিন্ন সময়ত আৰু বিভিন্ন ৰূপত পুৰুষ তথা নাৰী উভয় সত্তা ধাৰণ কৰা দেখা যায়। কোনো কোনো ক্ষেত্ৰত এজন দেৱতা আৰু এগৰাকী দেৱী একে সময়তে একে মূৰ্তিতে একাধাৰে পুৰুষ আৰু নাৰী ৰূপে প্ৰকাশিত হৈছে। এই ধৰণৰ এক মূৰ্ত্তি হ'ল অৰ্ধনাৰীশ্বৰ। এওঁ শিৱ আৰু তেওঁৰ পত্নী পাৰ্ৱতীৰ সম্মিলিত ৰূপ।[n 1][2] অৰ্ধনাৰীশ্বৰ নামটিৰ অৰ্থ "প্ৰভু, যাঁৰ অৰ্ধাংশ নাৰী।" শিৱৰ এই মূৰ্তিটি "দ্বৈতসত্তাৰ উৰ্ধ্বত স্থিত সামগ্ৰিকতা"ৰ প্ৰতীক। এই মূৰ্ত্তি নশ্বৰ জীৱ আৰু অমৰ দেৱ-দেৱী সকল আৰু পুৰুষ তথা নাৰীসত্তাৰ যোগসূত্ৰ।[3] এলেইন ডেনিয়েলোৰ মতে, "উভয়লিঙ্গ, সমকামী আৰু ৰূপান্তৰকামীতাৰ এক প্ৰতীকী মূল্য আছে আৰু ইয়াক বিশেষাধিকাৰপ্ৰাপ্ত জীৱ, অৰ্ধনাৰীশ্বৰৰ স্বৰূপ বুলি গণ্য কৰা হয়।" [3][10] আন এক অনুৰূপ মূৰ্তি হ'ল লক্ষ্মী-নাৰায়ণ। এই মূৰ্তি টি সৌন্দৰ্য্য আৰু সম্পদৰ দেৱী লক্ষ্মী আৰু তেওঁৰ স্বামী বিষ্ণুৰ যুগল উভলিঙ্গ মূৰ্তি।[11]

ভাগবত পুৰাণত উল্লেখ থকা মতে, বিষ্ণুৱে অসুৰ সকলক অমৃতৰৱপ্ৰ বঞ্চিত কৰাৰ উদ্দেশ্যে ছলনাকাৰী মোহিনী অৱতাৰ গ্ৰহণ কৰিছিল। শিৱই মোহিনীক দেখি আকৃষ্ট হয় আৰু তেওঁৰ বীৰ্যপাত হয়। সেই বীৰ্য শিলত পৰি সোণলৈ পৰিণত হয়। ব্ৰহ্মাণ্ডপুৰাণ গ্ৰন্থত উল্লেখ থকা অনুসৰি, শিৱৰ পত্নী পাৰ্বতীয়ে নিজ স্বামীক মোহিনীৰ প্ৰতি আকৃষ্ট হোৱা দেখি "লাজতে তলমূৰ কৰে।" কোনো কোনো উপাখ্যানত দেখা যায়, শিৱই বিষ্ণুক পুনৰ মোহিনী মূৰ্তি ধাৰণ কৰিবলৈ কয়, যাতে তেওঁ বিষ্ণুৰ এই ৰূপান্তৰৰ প্ৰকৃত পৰিক্ৰমাটো নিজ চকুৰে চাবলৈ পায়।[4] যি সমূহ উপাখ্যানত শিৱই মোহিনীৰ প্ৰকৃত সত্যটি জানে বুলি উল্লেখ আছে সেই উপাখ্যানসমূহত "যৌন আকৰ্ষণ লিঙ্গৰ অনিশ্চয়তাৰ পৰিচায়ক" হিচাপে ব্যাখ্যা কৰা হয়।[12]

পট্টনায়কে লিখিছে যে, কেৱল মাত্ৰ সমকাম উদ্দীপনাৰ দিশটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিলে, লেখকৰ ৰচনাৰ গভীৰ অধিবিদ্যামূলক গুৰুত্বটি নোহোৱা হৈ যায়: মোহিনীৰ নাৰীসত্তা হ'ল সত্যৰ জাগতিক দিশ তথা শিৱক আকৰ্ষিত কৰাৰ যি চেষ্টা মোহিনীয়ে কৰিছিলে, সেয়া শিৱক জাগতিকতাৰ বিষয়ে আগ্ৰহী কৰি তোলাৰ বাবেই আছিল। পট্টনায়কে এক উপাখ্যানৰ উদাহৰণ দেখি কৈছিল যে, কেবলমাত্ৰ বিষ্ণুৰেই শিৱক "মোহিত" কৰাৰ ক্ষমতা আছিল। এটা অসুৰে নাৰীৰূপ ধাৰণ কৰি শিৱক হত্যা কৰিবলৈ আগবাঢ়ে। শিৱই এই ছলনা ধৰা পেলাই আৰু নিজৰ "পুৰুষাংগত" এক "বজ্ৰ" স্থাপন কৰি "ৰতিক্ৰিয়া"ৰ সময়ত সেই অসুৰক হত্যা কৰে।[13]

হিন্দু দেৱতা আয়াপ্পাৰ জন্ম সংক্ৰান্ত পৌৰাণিক কাহিনিটো অ-বিষমকামী যৌনপ্ৰবৃত্তিৰ আভাস পোৱা যায়।[n 2] শিৱৰ ঔৰসত মোহিনীৰূপী বিষ্ণুৰ গৰ্ভত আয়াপ্পাৰ জন্ম হয়। বিষ্ণুৱে লজ্জাৰ বশৱৰ্তী হৈ নিজপুত্ৰক পৰিত্যাগ কৰে। পট্টনায়কৰ মতে মোহিনীৰ গৰ্ভত আয়াপ্পাৰ জন্ম হোৱা নাই, মোহিনীক আলিঙ্গন কৰাৰ সময়ত শিৱৰ বীৰ্যপাত হয় আৰু সেই বীৰ্যৰ পৰাই পোনে পোনে আয়াপ্পাৰ জন্ম হৈছিল। ইয়াত মোহিনীয়ে নিজ গৰ্ভত আয়াপ্পাক লালন কৰা নাছিল।[14] এই কাহিনিৰ অন্য এক পাঠান্তৰ অনুসৰি, পন্তলমৰ পাণ্ড্য ৰজা ৰাজশেখৰে এটি শিশু তুলি লৈছিল। এই কাহিনি অনুসাৰি, আয়াপ্পা হ'ল অযোনিজাত আৰু হৰিহৰপুত্ৰ (অৰ্থাৎ,বিষ্ণু আৰু শিৱৰ পুত্ৰ)। ডাঙৰ হৈ আয়াপ্পা এজন মহান যোদ্ধা হৈছিলে।[5][15]

মহাভাৰত মহাকাব্যৰ তামিল সংস্কৰণ অনুসাৰি বিষ্ণুৰ অৱতাৰ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি আৰাবানক বিবাহ কৰিছিল। আৰাবানে আত্মবলিদানৰ হেতু নিজেকে উৎসৰ্গ কৰে। মৃত্যুৰ পূৰ্বে তেওঁক প্ৰেমৰ স্পৰ্শ দান কৰাৰ বাবে কৃষ্ণই তেওঁৰে সৈতে বিবাহপাশত আবদ্ধ হয়। আৰাবানৰ মৃত্যুৰ পিছত কৃষ্ণই মোহিনী ৰূপত তেওঁৰ বাবে বিলাপ কৰে। বাৰ্ষিক তালি অনুষ্ঠানত আৰাবানৰ বিবাহ আৰু মৃত্যুৰ ঘটনাক স্মৰণ কৰা হয়। এই অনুষ্ঠানত হিজৰা(ভাৰতীয় তৃতীয় লিঙ্গ গোষ্ঠীৰ মানুষ) সকলে কৃষ্ণ-মোহিনীৰ ভূমিকা গ্ৰহণ কৰে আৰু এক গণবিবাহ অনুষ্ঠানত আৰাবানক "বিবাহ" কৰে। ইয়াৰ পিছত ১৮ দিন ধৰি এই উৎসৱ চলে। উৎসৱ শেষ হয় আৰাবানৰ আনুষ্ঠানিক সমাধিদানৰ জৰিয়তে। এই সময়ত হিজৰা সকলে তামিল প্ৰথানুসাৰে নৃত্য কৰি কৰি হিয়া ঢাকুৰি কান্দে আৰু হাতৰ খাৰু ভাঙে। লগতে বৈধব্যৰ প্ৰতীক স্বৰূপ শ্বেত বস্ত্ৰ পৰিধান কৰে।[16]

যোদ্ধা সকলৰ লিংগভেদ[সম্পাদনা কৰক]

মহাকাব্য সমূহৰ লৌকিক চৰিত্ৰ সমূহৰ মাজতো লিংগ পৰিৱৰ্তন আৰু বিপৰীত লিংগৰ বেশ-ভূষা ধাৰণৰ বিভিন্ন উদাহৰণ পোৱা যায়। মহাভাৰতৰ প্ৰাৰম্ভিক সংস্কৰণত, এগৰাকী মহিলা ৰূপত শিখণ্ডী হৈছে অম্বাৰ পুনৰ্জন্ম। পাঞ্চাল ৰাজ্যত লিংগ বৈষম্যৰ অনুশীলন নহৈছিল, সেয়ে শিখণ্ডীক এগৰাকী যোদ্ধা হ'বলৈ আৰু কুৰুক্ষেত্ৰ যুদ্ধত যুঁজিবলৈ প্ৰশিক্ষণ দিয়া হয়। এই কাহিনীৰ বেছিভাগ সংস্কৰণতে উল্লেখ থকা অনুসৰি, শিখণ্ডী এগৰাকী পুৰুষ যদিও জন্মগত ভাৱে তেওঁ এগৰাকী মহিলা আছিল। পিছলৈ শিখন্দিনীয়ে তেওঁৰ লিংগ সলনি কৰি শিখণ্ডী হৈ পৰে, সেই ৰূপত তেওঁ এগৰাকী নপুংসক। [17]

চি. ৰাজাগোপালাচাৰীৰ মহাভাৰতৰ মতে, শিখন্দিনীয়ে যুৱতী হিচাপে জীৱন ব্যতিত কৰি থকাৰ সময়ত তেওঁ প্ৰাসাদৰ দ্বাৰত সদায় ফুলি থকা নীলা পদুমৰ মালা আৱিষ্কাৰ কৰে আৰু তেওঁ সেই মালা ডিঙিত পৰিধান কৰে। ইয়াকে দেখি দ্ৰুপদ ৰজাই ভীষ্মৰ শত্ৰু হোৱাৰ ভয় অনুমান কৰি শিখন্দিনীক ৰাজ্যৰ পৰা নিৰ্বাসিত কৰে। নিৰ্বাসিতা শিখন্দিনীয়ে অৰণ্যত কৃচ্ছ্ৰসাধনা কৰে আৰু শিখণ্ডী নামৰ পুৰুষলৈ ৰূপান্তৰিত হয়। [18]

কাহিনীটোৰ আন এক সংস্কৰণ অনুসৰি, দ্ৰুপদ ৰজাই তেওঁৰ এজন উত্তৰাধিকাৰী বিচাৰিছিল যদিও তেওঁলোকৰ তেনে কোনো সন্তান নথকাত নিজৰ অস্থিৰ মনটোক সান্তনা দিবলৈকে বুলি অৰণ্যত ঘূৰি ফুৰে আৰু অৰণ্যত শিশু শিখান্দিনীক দেখা পায়। শিশুটিক তেওঁ নিজ কন্যা হিচাপে তুলি লয়, এক স্বৰ্গীয় কণ্ঠই দ্ৰুপদক সেই শিশুটিক পুৰুষ ৰূপত ডাঙৰ-দীঘল কৰিবলৈ কয়। দ্ৰুপদে তেওঁৰ জীয়েকক পুত্ৰ হিচাপে ডাঙৰ-দীঘল কৰিছিল আৰু শিখান্দিনীলৈ দশৰ্ণাৰ এগৰাকী ৰাজকুমাৰীক বিয়া কৰাই, ৰাজকুমাৰীয়ে তেওঁৰ দেউতাক হিৰণ্যবৰ্ণৰ ওচৰত অভিযোগ কৰিছিল যে তেওঁৰ স্বামী প্ৰকৃততে এগৰাকী মহিলা। যেতিয়া ৰজাই লোকসকলক এই সত্যৰ পৰীক্ষা কৰিবলৈ পঠিয়াইছিল, শিখান্দিনীয়ে ভয় খাই অৰণ্যলৈ পলাই যায় আৰু অৰণ্যত এগৰাকী যক্ষক লগ পাই তেওঁৰ সৈতে লিংগ বিনিময় কৰি পুৰুষ ৰূপ লাভকৰে।[19] কাহিনীটোৰ বেছিভাগ সংস্কৰণত উল্লেখ থকা মতে লিংগ পৰিৱৰ্তনৰ ফলতেই শিখণ্ডী এজন নপুংসক হৈ পৰে; অৱশ্যে আন বহুতৰ মতে এই তথ্য সত্য নহয়। [20]

অৰ্জুন নিজেই লিংগভেদৰ এক উদাহৰণ। যেতিয়া অৰ্জুনে অপ্সৰা উৰ্বশীৰ প্ৰেম নিবেদন প্ৰত্যাখ্যান কৰোঁ‌তে তেওঁ অৰ্জুনক তৃতীয় লিংগধাৰী হ'বলৈ অভিশাপ দিয়ে। কৃষ্ণই অৰ্জুনক আশ্বাস দিয়ে যে এই অভিশাপে অৰ্জুনৰ বনবাসৰ অন্তিমটো বছৰত তেওঁৰ বাবে উপযুক্ত ছদ্মবেশ হিচাপে কাম কৰিব। সেইমতে এই সময়ছোৱাত অৰ্জুনে নাৰীৰ সাজপাৰ পিন্ধি বৃহন্নলা নাম লয়। এনেদৰে অৰ্জুনে ৰজা বিৰাটৰ নগৰত প্ৰৱেশ লাভ কৰে আৰু ৰাজকুমাৰী উত্তৰা আৰু তেওঁৰ সংগীসকলক সংগীত আৰু নৃত্যকলা শিকাবলৈ লয়।[21] পদ্ম পুৰাণৰ মতে অৰ্জুনে যেতিয়া কেৱল নাৰীৰহে প্ৰৱেশৰ অনুমতি থকা কৃষ্ণৰ ৰহস্যময় নৃত্যক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ অনুমতি বিচাৰে তেতিয়া তেওঁ শাৰীৰিকভাৱে এগৰাকী নাৰীলৈ ৰূপান্তৰিত হয়।[21] শিৱ আৰু পাৰ্বতীৰ দ্বাৰা অভিশপ্ত প্ৰতি মাহে পালপাতি পুৰুষ আৰু নাৰীলৈ ৰূপান্তৰিত হোৱা ৰজা ইলাৰ আখ্যান কেইবাখনো পৰম্পৰাগত হিন্দু গ্ৰন্থত প্ৰকাশ পাইছে। যৌনতা সলনি কৰাৰ পিছত ইলাই বিপৰীত লিংগ হোৱাৰ স্মৃতি হেৰুৱাই পেলায়। তেনে এক সময়ত, ইলাই বুধক (বুধ গ্ৰহৰ অধিষ্ঠাতা দেৱতা) বিয়া কৰায়। যদিও বুধে ইলাৰ পৰিৱৰ্তিত লিংগৰ বিষয়ে জানে, তথাপি তেওঁ এই কথা ইলাক নজনায়। যেতিয়া ইলাই নাৰীৰূপ লয় তেতিয়া দুয়ো পতি-পত্নী ৰূপে একেলগে বাস কৰে। ৰামায়ণৰ মতে ইলাই বুধৰ ঔৰষত এক পুত্ৰৰ জন্ম দিয়ে। মহাভাৰতত ইলাক সন্তানটিৰ মাতৃ আৰু পিতৃ দুয়োটাই বুলি আখ্যা দিয়া হয়। সন্তানটিৰ জন্মৰ পিছত অভিশাপটো উঠাই লোৱা হয় আৰু ইলা সম্পূৰ্ণৰূপে এজন পুৰুষলৈ পৰিৱৰ্তিত হয়। পিছত তেওঁ নিজৰ পত্নীৰ সৈতে কেইবাটাও সন্তানৰ পিতৃ হয়।[22][23][24] আন এক সংস্কৰণত বুধক ৰূপান্তৰকামী বুলিও বৰ্ণনা কৰা হৈছে।[25] লিংগ পৰিৱৰ্তনৰ সৈতে জড়িত হিন্দু ধৰ্মৰ আন এক আখ্যান হৈছে গিৰিধৰ ৰামায়ণত পোৱা ঋষি লোপামুদ্ৰাৰ আখ্যান।[26] আখ্যানটোৰ এই সংস্কৰণ আন দুটা আখ্যানতকৈ পৃথক (ঋগবেদ স্তোত্ৰ আৰু মহাভাৰতৰ ব্যাখ্যা অনুসৰি) কিয়নো ইয়াত লোপামুদ্ৰাক এজন পুৰুষ হিচাপে দেখুওৱা হৈছে আৰু তেওঁ এগৰাকী নাৰীলৈ পৰিৱৰ্তিত হৈছে।[26][27] গিৰিধৰ ৰামায়ণত ঋষি অগস্ত্যই কান্যকুব্জৰ ৰজাৰ ওচৰলৈ গৈ সোধে যে উপযুক্ত বয়স হ'লে ৰজাৰ কন্যাসকলৰ এগৰাকীক বিয়া কৰাব পাৰিব নেকি। ৰজা এই প্ৰস্তাৱত সন্মত হয় আৰু অগস্ত্যক তেওঁৰ এগৰাকী কন্যাক বিয়া দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। কিছু বছৰৰ পিছত অগস্ত্য উভতি অহালৈকে ৰজাই ইতিমধ্যে তেওঁৰ সকলো কন্যাৰে বিবাহ সম্পন্ন কৰিছিল। ঋষিৰ দ্বাৰা অভিশপ্ত হোৱাৰ আশংকাত ৰজাই তেওঁৰ পুত্ৰ লোপামুদ্ৰাক নাৰীৰ হিচাপে সাজ-পোছাক পিন্ধাই অগস্ত্যক ওচৰত হাজিৰ কৰায়। যেতিয়া অগস্ত্য আৰু লোপামুদ্ৰা বিবাহপাশত আৱদ্ধ হয় তেতিয়া এক অলৌকিক ঘটনা ঘটে আৰু লোপামুদ্ৰা এগৰাকী নাৰীলৈ ৰূপান্তৰিত হয়।[26]

এলজিবিটি আৰু তৃতীয় লিংগৰ পৃষ্ঠপোষক[সম্পাদনা কৰক]

বহুচাৰা মাতাক দক্ষিণ এছিয়াৰ হিজৰা সম্প্ৰদায়ৰ পৃষ্ঠপোষক দেৱী বুলি গণ্য কৰা হয়।

বহুতো দেৱতাক তৃতীয় লিংগ বা সমকামী প্ৰৱণ লোকৰ পৃষ্ঠপোষক বুলি গণ্য কৰা হৈছে। এই পৃষ্ঠপোষক দেৱতাৰ বিষয়ে, বা ধৰ্মীয় আচৰণ আৰু ৰীতি-নীতি সমূহ মহাকাব্যিক কাহিনীক ভিত্তি কৰি উদ্ভৱ হ'ব পাৰে। উদাহৰণ স্বৰূপে, কন্নাৰ আৰু স্পাৰ্কছৰ যুক্তি অনুসৰি জুই, প্ৰেম আৰু যৌনতাৰ দেৱী আৰানীক সন্মান আৰু ৰীতি-নীতিৰ জৰিয়তে লেচবিয়ান কামোদ্দীপনাৰ সৈতে সম্পৰ্কিত কৰা হৈছে: উদাহৰণ স্বৰূপে নাৰীত্বৰ প্ৰতীক বুলি গণ্য কৰা অধাৰাৰণি আৰু উতৰাৰণি নামৰ কাঠৰ দুটা টুকুৰাক একেলগে ঘঁহি দিলে ই এক আধ্যাত্মিক সমকামী আদান-প্ৰদানৰ প্ৰতীকক প্ৰতিনিধিত্ব কৰে। [28]

এই কাঠৰ টুকুৰা দুটাক অগ্নি দেৱতাৰ পিতৃ-মাতৃ বুলিও গণ্য কৰা হয় যাক ঋকবেদত দুটা জন্মৰ দুগৰাকী বা তিনিগৰাকী মাতৃৰ সন্তান হিচাপে উপস্থাপন কৰা হৈছে। তেওঁৰ মাতৃসকলক স্বৰ্গ আৰু পৃথিৱী বুলি কোৱা হয়। অৱশ্যে দ্যু আৰু পৃথিৱী এই দুয়োকে বৈদিক শ্লোকত পুৰুষ আৰু মহিলা বুলিও কোৱা হয়। দুয়োগৰাকী মাতৃক শ্লোকসমূহত ভগ্নী বুলিও কোৱা হয়। ভাগৱত পুৰাণত এই কাঠৰ টুকুৰা দুটাক অৱশ্যে বিপৰীত লিংগৰ প্ৰতীক বুলি ব্যাখ্যা কৰা হয়।[29]

বহুচৰা মাতা হিজৰা সকলৰ পৃষ্ঠপোষক দেৱী। জনপ্ৰিয় প্ৰতীকী ৰূপত তেওঁৰ বাহন হিচাপে প্ৰায়ে এটা মতা কুকুৰা দেখুওৱা হয়। দেৱীৰ হাতত আৰু তৰোৱাল, ত্ৰিশূল আৰু এখন কিতাপ থাকে। বিভিন্ন কাহিনীৰ বৰ্ণনা অনুসৰি পুৰুষৰ বিৰুদ্ধে অভিশাপৰ লক্ষ্য ৰখাৰ ফলস্বৰূপে বহুচৰাৰ যৌনাংগচ্ছেদ তথা বা অন্যান্য পৰিৱৰ্তনৰ সৈতে সম্পৰ্কিত কৰা হয়। তেওঁ এগৰাকী নশ্বৰ মহিলা হিচাপে জন্ম হৈছিল বুলি ধাৰণা কৰা হয় শেষত তেওঁ শ্বহীদ হয়। অন্য এক কাহিনীত, বহুচাৰাক এজন দস্যুয়ে আক্ৰমণ কৰে আৰু ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে, কিন্তু তেওঁ নিজ তৰোৱালৰে নিজৰেই স্তন কাটি মৃত্যু বৰণ কৰে। [30][31] আন এটা কাহিনীত বহুচৰাই তেওঁৰ স্বামীক অৰণ্যত সমকামী সম্পৰ্ক স্থাপনৰ অৱস্থাত ধৰা পেলাই অভিশাপ দিয়ে, ফলত তেওঁৰ যৌনাঙ্গ সৰি পৰে আৰু তেওঁক এগৰাকী মহিলাৰ দৰে পোছাক পিন্ধিবলৈয়ো বাধ্য কৰায়।[6]

বিভিন্ন কাহিনীবোৰে বহুচৰাই ঐশ্বৰিক ৰূপ লাভ কৰাৰ পিছত তেওঁক লিংগ বিভাজনৰ সৈতে সংযুক্ত কৰে। এক মহাকাব্যিক কাহিনী অনুসৰি এজন ৰজাই বহুচাৰাক পুত্ৰৰ বাবে প্ৰাৰ্থনা কৰিছিল। বহুচৰাই দিয়া আশীৰ্বাদ অনুসৰি ৰজাৰ এটি সন্তান জন্ম হয় যদিও ৰাজকুমাৰ ডাঙৰ হৈ নপুংসক হৈ পৰে। এদিন ৰাতি বহুচৰা ৰাজকুমাৰৰ সপোনত আৱিৰ্ভাৱ হয় আৰু তেওঁক তেওঁৰ যৌনাঙ্গ কাটিবলৈ, মহিলাৰ পোচাক পৰিধান কৰি তেওঁৰ সেৱক হ'বলৈ আদেশ দিছিল। বহুচৰাই নপুংসক পুৰুষসকলক চিনাক্ত কৰি তেওঁলোকক এনে কৰিবলৈ আদেশ দিছিল আৰু যদি তেওঁলোকে অস্বীকাৰ কৰে, তেন্তে তেওঁ তেওঁলোকক শাস্তি স্বৰূপে পৰৱৰ্তী সাতটা অৱতাৰৰ বাবে নপুংসক হ'ব বুলি অভিশাপ দিছিল। এই মহাকাব্যখনক বহুচৰা মাতা পন্থাৰ মূল বুলি ধৰা হয়, সেই অনুসৰি তেওঁৰ ভক্তসকলে স্ব-যৌনাগচ্ছেদ কৰি ব্ৰহ্মচাৰী হৈ থকাৰ প্ৰয়োজন। [32]

কৃষ্ণ পুত্ৰ সাম্বকো নপুংসক বুলি গণ্য কৰা হয়, তেওঁ ট্ৰান্সজেণ্ডাৰ আৰু সমকামীতাৰ পৃষ্ঠপোষক। সাম্বই মানুহক উপহাস আৰু প্ৰতাৰণা কৰিবলৈ স্ত্ৰী-বস্ত্ৰ পৰিধান কৰি তেওঁ অধিক সহজে মহিলা সকলৰ মাজত প্ৰৱেশ কৰি তেওঁলোকক যৌন-প্ৰলোভনেৰে প্ৰলুব্ধ কৰে।[33] মৌষলা পুৰাণ অনুসৰি নাৰী বস্ত্ৰ পৰিধান কৰা সাম্বই তেওঁৰ ভুৱা গৰ্ভধাৰণৰ বিষয়ে এজন ঋষিক প্ৰশ্ন কৰাৰ বাবে অভিশপ্ত হয়। অভিশাপৰ ফলস্বৰূপে সাম্ব যদিও পুৰুষ হৈ থাকে, তেওঁ লোৰ এটা টুকুৰা আৰু এডাল মূষল জন্ম দিয়ে। [34]

টোকা[সম্পাদনা কৰক]

  1. পাৰ্বতীক শক্তি বা উমা বুলিও কোৱা হয়।
  2. আয়াপ্পা হৰিহৰপুত্ৰ আৰু মণিকণ্ঠ নামেৰেও পৰিচিত।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Pattanaik (2001), p. 3
  2. 2.0 2.1 Conner & Sparks (1998), p. 305, "Shiva"
  3. 3.0 3.1 3.2 Conner & Sparks (1998), p. 67, "Ardhanarishvara "
  4. 4.0 4.1 Vanita & Kidwai (2001), p. 69
  5. 5.0 5.1 Vanita & Kidwai (2001), p. 94
  6. 6.0 6.1 Pattanaik (2001), p. 99
  7. Vanita & Kidwai (2001), pp. 100–102.
  8. Greenberg, p. 307
  9. Vanita & Kidwai (2001)
  10. Quote: "The hermaphrodite, the homosexual and the transvestite have a symbolic value and are considered privileged beings, images of the Ardhararishvara.". Alain Danielou
  11. Conner & Sparks (1998), p. 211, "Lakshmi"
  12. Vanita & Kidwai (2001), p. 70
  13. Pattanaik (2001), pp. 73–74
  14. Pattanaik (2001), p. 76
  15. Smith, B.L., p. 5, Legitimation of Power in South Asia
  16. Canner & Sparks, p. 66, "Aravan"
  17. "The Mahabharata, Book 1: Adi Parva: Sambhava Parva: Section LXVII". http://www.sacred-texts.com/hin/m01/m01068.htm. 
  18. Mahabharata Summary By Rajaji, Mahabharata Stories, Stories and Characters from Mahabharata, Mahabharatam in Telugu, Tamil, Kannada, Hindi
  19. MAHABHARAT: The king of Kashi's three beautiful daughters, Amba, Ambika and Ambalika Archived 12 August 2012 at the Wayback Machine
  20. Gāḍīta, Jayanta. Shikhandi. Ahmedabad: Parshwa, 1990. Print.
  21. 21.0 21.1 Pattanaik (2001), p. 80
  22. Vanita & Kidwai (2001), p. 18.
  23. Pattanaik (2001), pp. 45–47
  24. Conner & Sparks (1998), p. 183, "Ila/Sudyumna"
  25. Pattanaik, Devdutt (2011). Jaya: An Illustrated Retelling of the Mahabharata. Penguin India. ISBN 9780143104254. 
  26. 26.0 26.1 26.2 Pandharipande, Dr. Rajeshwari. "A Possible Vision of Lopamudra!". themotherdivine.com. http://www.themotherdivine.com/11/A-possible-vision-of-lopamudra.shtml। আহৰণ কৰা হৈছে: 30 August 2021. 
  27. "Encyclopedia for Epics of Ancient India: Lopamudra". http://www.mythfolklore.net/india/encyclopedia/lopamudra.htm। আহৰণ কৰা হৈছে: 2021-08-30. 
  28. Conner & Sparks (1998), p. 66, "Arani".
  29. Ruth Vanita, Saleem Kidwai, p. 14-16 Same-Sex Love in India: Readings from Literature and History
  30. Conner & Sparks (1998), p. 81, "Bahucharamata"
  31. Pattanaik (2001), p. 101
  32. Abott, Elizabeth (2001). A History of Celibacy. প্ৰকাশক Cambridge, MA, USA: Da Capo Press. পৃষ্ঠা. 329. ISBN 0-306-81041-7. 
  33. Conner Sparks (1998), p. 303, "Shamba"
  34. Chattopadhyaya, Bankim Chandra (2008). Krishna Charitra. Pustak Mahal. পৃষ্ঠা. 165–166. ISBN 978-81-223-1035-1.