হৃদয় হাজৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৃদয় হাজৰিকা

২০২৩ চনৰ মে' মাহত আজাৰবাইজানৰ বাকু চহৰত হৃদয় হাজৰিকা
ব্যক্তিগত তথ্যাৱলী
জন্ম ১২ জানুৱাৰী, ২০০১ (২৩ বছৰ)[1]
লখিমপুৰ, অসম
জীৱিকা শ্বুটাৰ

হৃদয় হাজৰিকা (ইংৰাজী: Hriday Hazarika, জন্ম: ১২ জানুৱাৰী ২০০১) এগৰাকী ভাৰতীয় শ্বুটাৰ।[2] ২০১৮ চনৰ জুন মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত অংশগ্ৰহণ কৰি তেওঁ ব্যক্তিগতভাৱে সোণৰ পদক লাভ কৰে আৰু দলীয়ভাৱে দিব্যাংশু আৰু চাহু মানেইৰ সৈতে খেলি নতুন বিশ্ব অভিলেখ গঢ়ি ১৮৭৫.৩ নম্বৰসহ সোণৰ পদক লাভ কৰিছিল।[3] ২০২৩ চনৰ মে' মাহত আজাৰবাইজানৰ বাকু চহৰত অনুষ্ঠিত আই এছ এছ এফ শ্বুটিং বিশ্বকাপৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষৰ শাখাত তেওঁ ৰূপৰ পদক অৰ্জন কৰে।[4]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

২০০১ চনৰ ১২ জানুৱাৰী তাৰিখে লখিমপুৰত হৃদয় হাজৰিকাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ড॰ শৰৎ হাজৰিকা আৰু মাতৃ ইভা শইকীয়া। তেওঁৰ পিতৃ ড॰ শৰৎ হাজৰিকা নাৰায়ণপুৰত অৱস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক।[5] তেওঁ ২০১৩ চনত ১২ বছৰ বয়সতে লখিমপুৰ জিলাৰ পথালি পাহাৰ অৱস্থিত শংকৰদেৱ মহাবিদ্যালয়ৰ শ্বুটিং ৰেঞ্জত ১০ মিটাৰ এয়াৰ ৰাইফলৰ শিক্ষা আৰম্ভ কৰিছিল। ২০১৮ চনত হৃদয় হাজৰিকাই গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ পৰা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।[6] তাৰপিছত তেওঁ একেখন বিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়।[1]

খেলুৱৈ জীৱন[সম্পাদনা কৰক]

২০১৪ চনত তেওঁ ৫৭ তম ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাৰতীয় নিৰ্বাচন ট্ৰায়ালৰ বাবে যোগ্যতা অৰ্জন কৰে। তেতিয়াই তেওঁ যুৱ (১৮ বছৰ অনুৰ্ধ), জুনিয়ৰ (২১ বছৰ অনুৰ্ধ) আৰু চিনিয়ৰ শাখাত সোণৰ পদক অৰ্জন কৰে।

২০১৫ চনত তেওঁ কেৰালাত অনুষ্ঠিত হোৱা ৩৫ তম ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰে। একেবছৰে তেওঁ যুৱ শাখাত নতুন ৰাষ্ট্ৰীয় অভিলেখসহ ৰাষ্ট্ৰীয় ৰাইফল এছ'চিয়েছনৰ কুমাৰ সুৰেন্দ্ৰ সিং সোঁৱৰণী শ্বুটিং প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে।

২০১৬ চনত হৃদয় হাজৰিকাই প্ৰথম বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰে। ইৰানৰ তেহৰানত অনুষ্ঠিত হোৱা নৱম এছিয়া এয়াৰ গান প্ৰতিযোগিতাত অংশ লৈ তেওঁ দলীয়ভাৱে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। সেই বছৰতে তেওঁ ভাৰতৰ পুনেত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ ৬০তম জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে।

২০১৭ চনত যুৱ তেওঁ নতুন দিল্লীত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্বকাপত অংশগ্ৰহণ কৰে। একে বছৰে তেওঁ জাপানত অনুষ্ঠিত হোৱা দশম এছিয়ান এয়াৰ গান চেম্পিয়নশ্বিপত দলীয় শাখাত সোণৰ পদক লাভ কৰে।

২০১৮ চনৰ জুন মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত অংশগ্ৰহণ কৰি ব্যক্তিগতভাৱে সোণৰ পদক লাভ কৰে আৰু দলীয়ভাৱে দিব্যাংশু আৰু চাহু মানেই ৰ লগত খেলি নতুন বিশ্ব অভিলেখ (১৮৭৫.৩ নম্বৰ) সহ সোণৰ পদক লাভ কৰে। একে বছৰৰে জুলাই মাহত চেক গণৰাজ্যত অনুষ্ঠিত হোৱা খেলত ব্যক্তিগতভৱে ব্ৰঞ্জ, দলীয়ভাৱে ব্ৰঞ্জ আৰু মিক্সড্‌ ডাবলছ্‌ত শ্ৰেয়া আগৰৱালৰ সৈতে খেলি ৰূপৰ পদক লাভ কৰে।[7]

২০১৯ চনত হৃদয় হাজৰিকাই জাৰ্মানীত অনুষ্ঠিত হোৱা জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দলীয়ভাৱে ৰূপৰ পদক লাভ আৰু মিক্সড্‌ ডাবলছ্‌ত ব্ৰঞ্জৰ পদক লাভ কৰে। ব্যক্তিগতভাৱে মাত্ৰ ০.৮ ব্যৱধানত পদক লাভ কৰিবলৈ সক্ষম হয়। মিক্সড্‌ ডাবলছ্‌ত প্ৰাৰম্ভিক পৰ্যায়ত মেহলী ঘোষৰ লগত খেলি ৬২৮.১ পইণ্ট লাভ কৰি জুনিয়ৰ শাখাত বিশ্ব অভিলেখ স্থাপন কৰে। একে বছৰতে ভূপালত অনুষ্ঠিত হোৱা জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে।

২০১৯ চনত কুৱেইটত অনুষ্ঠিত হোৱা দশম এছিয়ান এয়াৰ গান চেম্পিয়নশ্বিপত হৃদয় হাজৰিকাই ইভাভেনিল ভেলাৰিভান ৰ সৈতে খেলি ০২.১ পইণ্টেৰে নতুন বিশ্ব অভিলেখসহ সোণৰ পদক লাভ কৰে। এইখন খেলত হৃদয়ে, অৰ্জুন আৰু দিব্যাংশৰ সৈতে দলীয়ভাৱে খেলি ৰূপৰ পদক লাভ কৰে।

২০২০ চনত তৃতীয় খেল' ইণ্ডিয়া যুৱক্ৰীড়াত অংশ লৈ হৃদয় হাজৰিকাই জুনিয়ৰ শাখাত ব্যক্তিগতভাৱে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ২০২২ চনত কেৰালাত অনুষ্ঠিত হোৱা ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিঙ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত হৃদয় হাজৰিকাই ৰূপৰ পদক লাভ কৰিছিল। ২০২৩ চনত আজেৰবাইজানৰ বাকু চহৰত অনুষ্ঠিত হোৱা এই এছ এছ এফ বিশ্বকাপৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষৰ শাখাত তেওঁ ৰূপৰ পদক অৰ্জন কৰে।

২০২৩ চনৰ ২৬ মে' তাৰিখে খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত তেওঁ কটন বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰে।[8]

প্ৰশিক্ষণ[সম্পাদনা কৰক]

হৃদয় হাজৰিকায়ে গুৱাহাটী, নতুন দিল্লী আৰু কুৱেইটত প্ৰশিক্ষণ গ্ৰহণ কৰিছে। নতুন দিল্লীৰ কৰ্ণি সিং শ্বুটিং ৰেঞ্জত তেওঁ প্ৰশিক্ষণ লৈছিল আৰু তেওঁৰ প্ৰশিক্ষক দীপক কুমাৰ দুবে। তেওঁৰ খেলৰ কাৰণে অলিম্পিক গোল্ড কোৱেষ্ট আৰু অইল ইণ্ডিয়া লিমিটেডে পৃষ্ঠপোষকতা কৰিছে।[1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "অসম গৌৰৱ হৃদয় হাজৰিকাৰ ক্ৰীড়া জীৱনৰ ইটো-সিটো: ড° চিত্ৰলেখা ফুকন". ekolomasom.com. https://ekolomasom.com/খেলজগত/অসম-গৌৰৱ-হৃদয়-হাজৰিকাৰ-ক/. 
  2. "Player profile". sportskeeda.com. https://www.sportskeeda.com/player/hriday-hazarika. 
  3. "Shooting: Hriday Hazarika bags 10m air rifle gold at ISSF junior World Cup". scroll.in. https://scroll.in/field/884096/shooting-hriday-hazarika-bags-10m-air-rifle-gold-at-issf-junior-world-cup. 
  4. "ISSF World Cup Baku 2023: India’s Hriday Hazarika, Nancy Mandhotra win silver medals in 10m air rifle". olympics.com. https://olympics.com/en/news/issf-world-cup-baku-2023-india-hriday-hazarika-nancy-silver-medal. 
  5. "REGISTRAR". madhabdevuniversity.ac.in. https://madhabdevuniversity.ac.in/frontend/page/registra. 
  6. "Hriday Hazarika, Shreya Bandyopadhya are top draws in 10m Air Rifle events 2018". pib.gov.in. https://pib.gov.in/newsite/PrintRelease.aspx?relid=176087. 
  7. "ISSF World Championship 2018: Hriday Hazarika bags a Gold medal in Men's 10m Air Rifle". sportskeeda.com. https://www.sportskeeda.com/shooting/issf-world-championship-2018-hriday-hazarika-bags-a-gold-medal-in-men-s-10m-air-rifle. 
  8. "Assam Shooter Hriday Hazarika Wins Gold in Khelo India University Games". sentinelassam.com. https://www.sentinelassam.com/sports-news/shooter-hriday-hazarika-wins-gold-in-khelo-india-university-games-651199.