ৱিকিচ'ৰা:অসম/intro

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম (ইংৰাজী: Assam) [Asom] ( শুনক) ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিক ভাৱে এখন পৃথক ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল[উদ্ধৃতিৰ প্ৰয়োজন]৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়৷ ভাৰতৰ স্বাধীনতা আন্দোলনত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্বপূৰ্ণভাবে অংশগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম স্বাধীন ভাৰতৰ এখন অন্তৰঙ্গ প্ৰদেশ হিচাপে গঠিত হয়৷ ব্ৰিটিছ-শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিশপুৰ৷ অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ) জুৰি আছে৷ অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে৷ আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে৷ কাজিৰঙাএশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱী বিখ্যাত। বিতংকৈ পঢ়ক…