ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২২/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

৮২১ খ্ৰীষ্টাব্দৰ বাগদাদ চহৰ। কুৰি বছৰীয়া আৰব যুৱক অল-কিন্দি। তেওঁ আগ্ৰহেৰে গ্ৰন্থ এখনৰ পাত লুটিয়াইছে: চন্দ্ৰ, সূৰ্য, গ্ৰহ, তৰাৰ অৱস্থিতিৰ ৰহস্যই তেওঁক আৱৰি ধৰিছে। টলেমিৰ এই জ্ঞান শেহতীয়াকৈহে আৰবী ভাষাত উপলব্ধ হৈছে, লেটিন ভাষাৰ পৰা অনূদিত হৈ। অল-ফাৰাবি আৰু ইবন চিনাই প্লেটো আৰু এৰিষ্টটলৰ গ্ৰীক দৰ্শন আৰবী ভাষাত বুজাইছে। ইয়াকে বুজি অল-হৈথমে নিজৰ নতুন ভৌতিক সূত্ৰ তৈয়াৰ কৰিছে। প্ৰথমে সংস্কৃত ভাষাত লিখা ব্ৰহ্মগুপ্তৰ গাণিতিক তৰ্ক পঢ়ি আল-খোৱাৰিজমি অবাক হৈ পৰিছে। তাৰ পৰা অনুপ্ৰেৰণা লৈ অল-জব্ৰ ৱল-মুকাবলা লিখিছে, নিজৰ সুকীয়া অৱদান আগবঢ়াইছে। ইয়েই পাছলৈ গৈ এল্গৰিদম আৰু এলজেব্ৰা হৈছে। এই কালেই ইছলামৰ স্বৰ্ণিম যুগ, য’ত দৰ্শন, বিজ্ঞান, গণিত, সাহিত্য: সকলো প্ৰকাৰৰ বৌদ্ধিক বিষয়ৰ অভূতপূৰ্ব বিকাশ ঘটিছিল। এই মুছলিম বৰঙণিৰেই ইউৰোপ গমন হোৱাত আৰম্ভ হৈছিল ইউৰোপৰ নৱজাগৰণৰো। এই ঘটনাক্ৰমৰ অবিহনে আধুনিক বিশ্বৰ কল্পনা কৰাও প্ৰায় অসম্ভৱ। আৰু ইতিহাসৰ এই অত্যন্ত গুৰুত্বপূৰ্ণ কালখণ্ডৰ গুৰিতে আছিল অল-হাৰুণৰ সময়ত আৰম্ভ হোৱা অনুবাদ আন্দোলন, যাৰ কেন্দ্ৰ বাগদাদৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰ বয়্‌ট অল-হিক্মা, বা বুদ্ধিৰ ঘৰ। গ্ৰীচ, ভাৰত, চীন আদিত বিকশিত জ্ঞান আৰবী আৰু ফাৰ্চী ভাষাত উপলব্ধ হোৱাত মুছলিম জগতত এক বৌদ্ধিক আন্দোলনৰ সৃষ্টি হৈছিল। এই জ্ঞানৰ পৰা প্ৰেৰণা লভি, নিজৰো নতুন বৰঙণিৰেই তেতিয়াৰ মুছলিম জগত হৈ পৰিছিল সমগ্ৰ বিশ্বৰ বৌদ্ধিক বিকাশৰ কেন্দ্ৰ।

--

অসমীয়া ৱিকিপিডিয়াত সক্ৰিয় হৈ থকা আমাৰ মাজৰ সৰহসংখ্যক সদস্যৰ বাবেই, অসমীয়া ভাষাত তথ্য লাভ কৰা, মই যিমান দূৰ বুজোঁ, বৰ প্ৰয়োজনীয় নহয়। ময়ো আৰম্ভণিৰে পৰা ইংৰাজী মাধ্যমতেই শিক্ষা লাভ কৰিছোঁ। ইংৰাজীত উপলব্ধ তথ্য বুজিবলৈ কোনো সমস্যা আমি অনুভৱ নকৰোঁ। আমাৰ বাবে ভাষা এক আৱেগ: ই আমাৰ পৰিচয়, আমাৰ গৰ্ব। সেয়েহে “চিৰ চেনেহী মোৰ ভাষা জননী” বুলিয়েই আমি অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াওঁ। কিন্তু সকলোৰে বাবে ই মাথোঁ আৱেগ নহয়, হ’বও নোৱাৰে। চল্লিশ হাজাৰ চৰকাৰী স্কুলত পঢ়া লক্ষ লক্ষ শিক্ষাৰ্থীৰ বাবে অন্ততঃ, অথবা গাঁৱত ভালকৈ ইংৰাজী শিকিবলৈ নোপোৱা ল’ৰা-ছোৱালীৰ বাবে অন্ততঃ, অসমীয়া এক আৱেগো আৰু এক বাধ্যবাধকতাও। এনে লাখ লাখ লোকৰ বাবে অসমীয়া ভাষাত উপলব্ধ জ্ঞানেই হ’ল সকলো জ্ঞানৰ সীমা। অন্ততঃ যি জ্ঞান ভালকৈ বুজিব পাৰে, অন্তৰত স্থান দিব পাৰে, সেই জ্ঞানৰ সীমা। ঠিক সেইদৰেই যিদৰে অল-কিন্দিৰ বাবে আছিল আৰবী ভাষা।

আজি অসমত কিন্তু কোনো বুদ্ধিৰ ঘৰ নাই। শেহতীয়াকৈ ছপা হোৱা কাৰিকৰী বৈজ্ঞানিক প্ৰবন্ধ, আনকি সাধাৰণ লোকৰ বাবে লিখা পপ চাইঞ্চৰ গ্ৰন্থও অসমীয়াত সহজে উপলব্ধ নহয়। পুলিৎজাৰ বা বুকাৰ লাভ কৰা সাহিত্য অসমীয়াত সহজে উপলব্ধ নহয়। অসমীয়া ভাষাই জাপি দিয়া জ্ঞানৰ সীমা বহুত ঠেক যেন অনুভৱ হয়। কিন্তু এইসবৰ মাজতো মোক যদি সোধা যায়, মই ক’ম যে অসমতো এনে বুদ্ধিৰ ঘৰ নথকা নহয়।

মনৰ কথা লিখিবলৈ কোৱাত বহু কথাই মনলৈ আহিছিল; কি লিখোঁ কি নিলিখোঁ? আজিৰ পৰা সাত বছৰ আগতেও এবাৰ মনৰ কথা লিখিছিলোঁ। সেই লেখাত ঘাইকৈ লিখিছিলোঁ মাতৃভাষাৰ প্ৰেমৰ কথা, অসমীয়াৰ সংজ্ঞাৰ কথা, জাতিটোৰ কথা। অসমীয়া ৱিকিপিডিয়াত, মোৰ দৃষ্টিত আমি প্ৰায় সেই ভাৱেৰেই কাম কৰোঁ, আৰু অসমীয়া ৱিকিপিডিয়াৰ অৱদান সাংস্কৃতিক বুলি গণ্য কৰোঁ। কিন্তু ভাৱ হয় যেন ই এই আন্দোলনক পূৰ্ণৰূপে প্ৰতিফলিত নকৰে। কাৰণ ৱিকিপিডিয়া কেৱল আৱেগৰে বস্তু নহয়: ই বাস্তৱ জগতৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰিছে। ই বঞ্চিতক বিনামূলীয়া জ্ঞান প্ৰদান কৰিছে, দেশ-জাতি-ভাষাৰ প্ৰাচীৰ ভাঙি পেলাইছে, বাণিজ্যিক লাভালাভ নাথাকিলেও যে মানুহে একেলগ হৈ স্বেচ্ছাসেৱী মনোভাৱেৰে সৃষ্টিমূলক কাম কৰিব পাৰে তাক প্ৰমাণিত কৰিছে। এক কথাত ক’বলৈ গ’লে, জ্ঞানক মুক্ত কৰিছে। এনে ভাৱ হয় যেন অসমীয়া ৱিকিপিডিয়াই আমাৰ বাবে 'বয়্‌ট অল-হিক্মা' হৈ পৰিছে।

অল-হিক্মাৰ স্তৰ আৰু প্ৰভাৱৰ সমকক্ষ হ’বলৈ যে আৰু বহু কিছু কৰাৰ প্ৰয়োজন, তাত কোনো দ্বিমত নাই। অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে প্ৰায় লোকে নাজানে, বিশেষকৈ জনগণৰ যি অংশৰ দোহাই দি এই লেখা লিখিছোঁ, সেই অংশত হয়তো অসমীয়া ৱিকিপিডিয়া নামৰ কোনো বস্তুৰ অস্তিত্বই নাই। কিন্তু তৰ্ক কৰিব বিচাৰোঁ যে সম্ভাৱনীয়তাহে গুৰুত্বপূৰ্ণ।

অসমীয়া ৱিকিপিডিয়াৰ বাহিৰে আমাৰ আন কোন মঞ্চত নিস্বাৰ্থতা, গণ-আন্দোলন হোৱাৰ ক্ষমতা আৰু বৈশ্বিক সহযোগ, আটায়ে একেলগে আছে? আজি শিক্ষাৰ দ্ৰুত গতিত বাণিজ্যিকীকৰণ হোৱাৰ কালত ৱিকিপিডিয়া হৈ পৰিছে মুক্ত জ্ঞানৰ আন্দোলনৰ ভোঁটাতৰা। সমগ্ৰ মানৱ ইতিহাসতে ৱিকিপিডিয়াতকৈ ডাঙৰ জ্ঞানৰ সংগ্ৰহ আৰু পোৱা নাযায়। অসমীয়া ৱিকিপিডিয়াতো ১০,০০০তকৈ অধিক প্ৰবন্ধ আছে: আন ৱিকিপিডিয়াতকৈ কম হ’লেও কিন্তু ই যিকোনো ছপা বিশ্বকোষতকৈ বহু অধিক। এই বৃহৎ পৰিমাণৰ তথ্য বিনামূলীয়াকৈ সকলোৰে বাবে উপলব্ধ। কেৱল বিনামূলীয়াই নহয়, ই সঁচা অৰ্থতে মুক্ত: ৱিকিপিডিয়াৰ সমল পঢ়িবলৈ, ব্যৱহাৰ কৰিবলৈ আৰু সম্পাদনা কৰিবলৈ সকলো মুক্ত। ৱিকিপিডিয়া এক বহুজাতিক কোম্পানী নহয়। ৱিকিপিডিয়াৰ সমল কাৰো ব্যক্তিগত সম্পত্তি নহয়। এই মুক্ত প্ৰকৃতিয়েই ইয়াক কৰি তুলিছে এক গণ আন্দোলন। সমগ্ৰ বিশ্বৰ ৩ কোটিতকৈও অধিক সক্ৰিয় স্বেচ্ছাসেৱীয়ে বিনা কোনো স্বাৰ্থত, কেৱল সকলোৰে বাবে তথ্য মুকলি কৰাৰ উদ্দেশ্যেৰেই ৱিকিপিডিয়াত অৱদান আগবঢ়ায়। অসমীয়া ৱিকিপিডিয়াৰ সম্পাদকসকলেও এই কাৰ্যকে প্ৰাণেৰে কৰি আহিছে আৰু ৱিকিপিডিয়াক আজিৰ অৱস্থালৈ আনিছে। ই অসমীয়া ৱিকিপিডিয়াক ভৱিষ্যতে এক বহল আন্দোলন কৰি তোলাৰ এক দৃষ্টিভংগী আৰু আশা প্ৰদান কৰে। আশা যে বিশ্বৰ আন ভাষা, আন ঠাইৰ জ্ঞান লাভৰ সুবিধা পোৱা অসমীয়াই আন সকলোলৈয়ো সেই দুৱাৰ খুলি দিব, আৰু অসমৰ থলুৱা জ্ঞানো বিশ্বৰ বাবে মুকলি কৰি দিব। আমাৰ সৈতে বৈশ্বিক সহযোগিতা আছেই: বিশ্বৰ তিনি শতাধিক ভাষাৰ ৱিকিপিডিয়াৰ সমল ইটো আনটোৰ বাবে উপলব্ধ, সকলো একে প্ৰকল্পৰেই অংশগ্ৰহণকাৰী আৰু সকলোকে মিলাই এক বৃহৎ বৈশ্বিক সম্প্ৰদায়।

সেয়ে অসমীয়া ৱিকিপিডিয়া কেৱল এটি কাল্পনিক জাতিৰ গৰ্ব কৰাৰ প্ৰকল্প নহয়: ই মানুহৰ প্ৰকল্প যি মানুহৰ বাস্তৱ সমস্যা সমাধান কৰিব বিচাৰে। ই অসমীয়া মানুহক বিশ্বৰ সৈতে এক কৰিব বিচাৰে। ই বিশ্বৰ বিভিন্ন ভাষাৰ সৈতে অসমীয়া ভাষাৰ সমতা স্থাপন কৰিব বিচাৰে, যাতে অসমীয়া মানুহেও মানৱ জ্ঞানৰ ভঁৰালত সমানে, কান্ধে কান্ধ মিলাই অৱদান আগবঢ়াব পাৰে। ই দৰিদ্ৰ বঞ্চিতজনৰ সমাধিকাৰ বিচাৰে। ই মুক্তি বিচাৰে।

অসমীয়া ৱিকিপিডিয়া প্ৰকল্পৰ সৈতে জড়িত হোৱা কাৰ্যই সেয়ে দিয়ে মোক এক সুকীয়া তৃপ্তি: তৃপ্তি এক গুৰুত্বপূৰ্ণ, মহৎ আন্দোলনৰ অংশ হোৱাৰ, যাৰ প্ৰভাৱ হয়টো আন কেইবাশতকলৈকে থাকিব। আশা কৰোঁ এই প্ৰকল্প যেন বহু আগবাঢ়ক, অসমীয়া ভাষাই বিশ্বৰ সকলো জ্ঞানৰ দুৱাৰ খুলি দিয়ক, আৰু এই দুৱাৰ সকলোৰে বাবে খোলক।

ঈশান কাশ্যপ হাজৰিকা (বাৰ্তা) 04:23, 2 October 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]