ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২৩/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিসন্মিলনী ভাৰত ২০২৩ ৰ অভিজ্ঞতা

চলিত বৰ্ষৰ ২৮-৩০ এপ্ৰিলত হায়দৰাবাদত অনুষ্ঠিত হোৱা ‘ৱিকিসন্মিলনী ভাৰত’ত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা সদায়েই মোৰ বাবে স্মৰণীয় আৰু সতেজ হৈ থাকিব। কেৱল ভাৰতৰে নহয়, আমাৰ প্ৰতিৱেশী কেইবাখনো ৰাষ্ট্ৰকে ধৰি দূৰ-সুদূৰৰ ইজৰাইল, জাৰ্মানীৰো ৱিকিমিডিয়ান আৰু ৱিকিমিডিয়া ফাউণ্ডেচনৰ প্ৰতিনিধিবৰ্গই উক্ত সন্মিলনীত অংশ লৈ সৌষ্ঠৱ বঢ়াইছিল। সন্মিলনীৰ দুটামান অভিজ্ঞতা আৰু দিশ চমুকৈ তলত উল্লেখ কৰিলোঁ।

১. স্বেচ্ছাসেৱকসকলে প্ৰদান কৰা প্ৰেজেণ্টেছন: স্বেচ্ছাসেৱকসকলে নিজ ভাষাৰ ৱিকিমিডিয়াৰ মঞ্চত কৰি থকা মৌলিক পদক্ষেপসমূহৰ বিষয়ে প্ৰেজেণ্টেচন দিছিল। আনহাতে দক্ষিণ ভাৰতীয় মূলৰ নতুন প্ৰজন্মৰ কেইগৰাকীমান ৱিকিমিডিয়ানে স্বেচ্ছাই বিকশিত কৰা কিছুমান ভাষাভিত্তিক ডিজিটেল আহিলা দেখুৱাইছিল। তেওঁলোকৰ স্বেচ্ছামূলক অৱদানৰ আৰ্হি দেখি ভাৱ হৈছিল-এয়াই দৰাচলতে প্ৰকৃত জাতীয়তাবাদ। আনন্দৰ কথা, অসমীয়া ভাষাৰ তিনিগৰাকী সদস্য যথাক্ৰমে ভাস্কৰ ভূঞা, ৰুমী বৰা আৰু নয়ন জ্যোতি নাথেও এই গৌৰৱময় মঞ্চখনত প্ৰেজেণ্টেচন দিয়াৰ সুযোগ লাভ কৰে। তাতকৈও আনন্দৰ কথা, কেৱল অসমীয়া ভাষাহে তিনিটাকৈ প্ৰেজেণ্টেচনৰ বাবে নিৰ্বাচিত হৈছিল। উপস্থাপনশৈলীত ইংৰাজী অথবা হিন্দী ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক নাছিল। আগ্ৰহীসকলে মাতৃভাষাতো প্ৰেজেণ্টেচন দিব পাৰিছিল। প্ৰয়োজনসাপেক্ষে তেওঁলোকৰ প্ৰেজেণ্টেচন ইংৰাজী অথবা হিন্দীলৈ অনুবাদ কৰি দিয়া হৈছিল। এইসকলক কোৱা হৈছিল ‘ট্ৰেন্সলেছন বাডি’। অৱশ্যে আমাৰ শ্লাইডসমূহ ইংৰাজী আৰু অসমীয়া-দুয়োটা ভাষাতে প্ৰস্তুত কৰা হৈছিল বাবে বুজিবলৈ অসুবিধাজনক হোৱা নাছিল। সন্মিলনীৰ কিছুমান কাৰ্যসূচী অধিক আমোদজনক আৰু আন্তঃসংযোগকাৰী কৰিবলৈ উপস্থিত অংশগ্ৰহণকাৰীসকলৰ হতুৱাই নিৰ্দিষ্ট প্ৰশ্নটোত ঠাইতে ভোট বা মত দিয়াৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ ফলত আমি চৰ্চিত বিষয়টো সম্পৰ্কে উপস্থিতসকলৰ অনুভৱ কি-সেয়া সেইমুহূৰ্ততে জানিব পাৰিছিলোঁ।

২. লোকনৃত্য: সন্মিলনীৰ প্ৰথম দিনা টেলেংগানাৰ স্থানীয় লোকশিল্পীসকলৰ দ্বাৰা পৰিৱেশিত লোকনৃত্য ‘অগ্গু কথা’ আৰু ‘পেৰিনি শিৱতাণ্ডৱম’-এ মোক বাৰুকৈয়ে অভিভূত কৰিছিল। শিল্পীসকলৰ এনে স্বতঃস্ফূৰ্ত আৰু সুসমন্বিত পৰিৱেশনে প্ৰেক্ষাগৃহৰ সমস্ত পৰিৱেশত যেন এক অবিস্মৰণীয় প্ৰাণৰহে সঞ্চাৰ কৰিছিল! প্ৰায় বিলুপ্তপ্ৰায় অৱস্থাৰ পৰা নৃত্য দুটাৰ শৈলী উদ্ধাৰ কৰি পুনৰ তাক জনমানসত প্ৰতিষ্ঠিত কৰিবলৈ প্ৰয়াস কৰি থকা হৈছে বুলি জানিবলৈ পাই বৰ আনন্দিত হৈছিলোঁ।

৩. মৰমৰ গামোচা: তৃতীয়টো অভিজ্ঞতা জড়িত হৈ আছে শেহতীয়াকৈ জি.আই. টেগ লাভ কৰা আমাৰ মৰমৰ গামোচাখনৰ লগত। প্ৰথমদিনাৰ আলোচনাচক্ৰ এখনৰ অন্তত চাহ-বিৰতিৰ সময়ত মোৰ ডিঙিত গামোচাখন দেখি ৱিকিমিডিয়া ফাউণ্ডেছনৰ ‘আঞ্চলিক অংশীদাৰিত্ব’ৰ সঞ্চালক বৰ্হে ভ’ৰ্গাছ আগবাঢ়ি আহে আৰু গামোচাখনৰ ইতিবৃত্ত জানিবলৈ বিচাৰে। কলম্বিয়াত জন্মলাভ কৰা ভ’ৰ্গেছ ডাঙৰীয়াৰ আন্তৰিকতাপূৰ্ণ উৎসাহৰ প্ৰতি সঁহাৰি জনাই ময়ো‌ গামোচাখনৰ বিষয়ে দুআষাৰ থিয়ৈ থিয়ৈ ক’লোঁ। অসমীয়া ৱিকিমিডিয়াৰ দুগৰাকী সদস্যা ৰুমী বৰা আৰু প্ৰণামিকা অধিকাৰী বাইদেৱে দুখনমান হাতেবোৱা গামোচা লগত অতিৰিক্তকৈ লৈ গৈছিল। তাৰে এখন গামোচা অন্তিমদিনা আহিবৰ পৰত ভ’ৰ্গেছ ডাঙৰীয়াক উপহাৰস্বৰূপে পিন্ধাই দিয়া হ’ল। সেইমুহূৰ্তত তেওঁৰ প্ৰতিক্ৰিয়া আছিল চাবলগীয়া। সৰু ল’ৰা এটাৰ দৰে তেওঁ স্ফূৰ্তিৱান হৈ উঠিছিল। অনাকাংক্ষিত এই উপহাৰটি পাই তেওঁ আমাক বহুবাৰ ধন্যবাদ জনালে আৰু গোটেই দিনটো গামোচাখন পিন্ধি থাকিল। ফাউণ্ডেচনৰ ‘নেতৃত্ব শিক্ষণ আৰু মূল্যায়ন বিষয়া’ জেছিকা ষ্টিফেনছন, উপ-মুখ্য কাৰ্যবাহী বিষয়া লিজা চেইটজ-গ্ৰুৱেলকো আমাৰ ফালৰ পৰা গামোচা পিন্ধোৱা হৈছিল। তেওঁলোকেও সমধিক আনন্দ প্ৰকাশ কৰে। দেশ-বিদেশৰ পৰা অহা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰতিনিধিবৰ্গৰ পৰা লাভ কৰা উষ্ণতম সঁহাৰি আছিল আমাৰ বাবে পৰম প্ৰাপ্তি। -----ঈশান জ্যোতি বৰা (বাৰ্তা) 16:06, 28 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিসন্মিলন, হায়দৰাবাদলৈ গৈ হোৱা অনুভৱ

এইবছৰ এপ্ৰিল মাহৰ শেষৰ তিনিটা দিনত হায়দৰাবাদত অনুষ্ঠিত হোৱা ৱিকি কনফাৰেন্সলৈ নিৰ্বাচিত হোৱাৰ মুহূৰ্তটোৰ পৰাই মন উগুল-থুগুল হৈ আছিল; কাৰণ, ইয়াৰ আগতে মই অসমৰ বাহিৰৰ মানুহৰ সৈতে কোনো সভাত যোগ দিয়া নাছিলোঁ। ৱিকিমিডিয়াত কাম কৰি পোৱা আত্মতৃপ্তিৰ লগতে ই মোৰ বাবে আছিল এক ওপৰঞ্চি সুখৰ সময়। কনফাৰেন্সলৈ গৈ পোৱা অভিজ্ঞতাসমূহ: (১) সকলোৰে মাতৃভাষাৰ প্ৰতি উৎসৰ্গীত মনোভাৱ আৰু বিশেষকৈ মৃতপ্ৰায় ডটেলী, অংগীকা আৰু কাশ্মীৰী ভাষাৰ ৱিকিপিডিয়াৰ জৰিয়তে প্ৰসাৰ কৰা কাৰ্যই মোক অভিভূত কৰিছিল। (২) নতুন নতুন প্ৰযুক্তিৰ প্ৰয়োগেৰে ৱিকিমিডিয়াৰ প্ৰকল্পসমূহক অধিক উন্নত আৰু গ্ৰহণযোগ্য কৰাৰ বাবে বিভিন্ন কৌশলৰ প্ৰশিক্ষণ দিয়া। (৩) সকলো বয়সৰ, সকলো লোকৰ মাজত মুকলিমূৰীয়া ভাৱ বিনিময়। (৪) সন্মিলনৰ আয়োজকে আহ্বান জনোৱামতে, অসমীয়া ৱিকিসম্প্ৰদায়েও Sweet Dish বুলি নিয়া পিঠা আৰু লাৰুৰ প্ৰতি বিভিন্নজনে খাবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখি আৰু তিল পিঠা তৈয়াৰ কৰাৰ কৌশল জানিবলৈয়ো আগ্ৰহ কৰা দেখি ভাল লাগিছিল।

কনফাৰেন্সৰ বহুত ভাল লগাৰ মাজতে এটা কথাই অলপ অশান্তি দিছিল যে, প্ৰশিক্ষণবোৰ যথেষ্ট ওপৰাউপৰি হোৱা যেন লাগিছিল। দুটা কনফাৰেন্স হলত সমান্তৰালভাবে দুটা প্ৰশিক্ষণ চলাত সহজে বোধগম্য হ’ব পৰা কিছুমান বিষয় আন এটাত মনোযোগ দি থাকোঁতে পাৰ হৈ গৈছিল। এইখিনিতে সংকোচ নকৰি উল্লেখ কৰিবই লাগিব যে, প্ৰশিক্ষণৰ সকলো বিষয় মোৰ সম্পূৰ্ণ বোধগম্য নহৈ মাত্ৰ মনত তাৰ ধাৰণাহে সুমুৱাব পাৰিছিলোঁ। অৱশ্যে, অসমীয়া ৱিকিৰ বাবে যে কৰিবলগীয়া বহু কাম আছে আৰু তাৰ অংশীদাৰ ময়ো হ’ব লাগিব; সেই সম্বন্ধে নিশ্চিত হৈছিলোঁ, কাৰণ, অসমীয়া ভাষাত যিমান পাৰোঁ সিমান সমল বৃদ্ধি কৰি আমাৰ ভাষাটোক যাউতিযুগীয়া কৰিবই লাগিব। Pranamikaadhikary (বাৰ্তা) 15:43, 29 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিসন্মিলনী ভাৰত ২০২৩ ৰ অনুভৱ

প্ৰথমতেই মই ৱিকি পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ, হাইদৰাবাদৰ কনফাৰেন্সত যোগদান কৰাৰ সুযোগ পোৱাৰ বাবে। মোৰ বাবে সপোনৰো অগোচৰ আছিল এনেধৰণৰ এখন কনফাৰেন্সত অংশ গ্ৰহণ কৰাতো। সদলবলে যোগদান কৰিবলৈ যোৱাৰো আছিল এটা নতুন মাদকতা। অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰি ৱিকিউৎসৰ দহ বছৰৰ যাত্ৰাৰ বিষয়ে কবগৈ লাগিব বাবে অলপ হলেও মনত ভয় ভাব এটাই অগা-দেৱা কৰিছিল। কিন্তু জলিৰ লগতে আমাৰ দলটোৰ সকলোৰে সহযোগত প্ৰেজেণ্টেছন দিয়াটো সহজ হৈ পৰিছিল। বিভিন্ন ৱিকিপিডিয়াৰ কেইবাজনো সদস্যই মাতৃভাষাতে মোৰ বিষয় বস্তু উপস্থাপন কৰাৰ বাবে খুবেই ভাল পাইছিল।

আমাৰ কৰিবলগা কাম যে বহুত আছে সেয়া বিভিন্ন ৱিকিপিডিয়ান সকলৰ কামৰ অগ্ৰগতি দেখি গম পাইছিলোঁ। নিজৰ মাতৃভাষাক ডিজিটেল ৰূপ দিয়াৰ বাবে বিভিন্ন বয়সৰ ৱিকিপিডিয়ান সকলৰ আশাশুধীয়া প্ৰচেষ্টা দেখি অভিভূত হৈছিলোঁ। মালায়ালাম ৱিকিৰ মীনাক্ষী নন্দিনীয়ে যেতিয়া "ৱিকি চেলিব্ৰেট এৱাৰ্ড" গ্ৰহণ কৰিছিল, আৰু মঞ্চত ৰাষ্ট্ৰীয় সংগীত বাজি উঠিছিল, সেই মুহূৰ্তটোৰ কথা কেতিয়াও পাহৰিব নোৱাৰিম। তেওঁ ২০১৭ চনৰ নৱেম্বৰ মাহৰ পৰা এতিয়ালৈকে ৮,৭৯৬ প্ৰবন্ধ লিখি সকলোকে মোহিত কৰি পেলাইছে। তেওঁৰ আদৰ্শৰে ময়ো অনুপ্ৰাণিত। কনফাৰেন্সত ভাৰতৰ বিভিন্ন ভাষাৰ প্ৰতিনিধিসকলৰ লগতে প্ৰতিৱেশী কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ যোগদান, আৰু তেওঁলোকৰ উন্নত মানৰ প্ৰযুক্তিৰে ৱিকি প্ৰকল্প সমূহক আগুৱাই নিয়াৰ প্ৰশিক্ষণ বিলাকে আমাক যথেষ্ট উপকৃত কৰিব। Rumi Borah~aswiki (বাৰ্তা) 06:19, 31 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]