সমললৈ যাওক

দোতোৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Dotaraৰ পৰা পুনঃনিৰ্দেশিত)
দোতাৰা
তত বাদ্য
আন নাম দোতোৰা
শ্ৰেণী ভাৰতীয় তত বাদ্য
আনুষঙ্গিক বাদ্য
টোকাৰী

দোতোৰা, দোতৰা বা দোতাৰা আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ। সাধাৰণতে ইয়াত দুডাল গুণা লগোৱা থাকে বাবে ইয়াক দোতাৰা বোলে যদিও ইয়াৰ চাৰিডাল বা পাঁচডাল গুণা থকাও দেখা যায়। দক্ষিণ এছিয়া দোতাৰাৰ উৎপত্তিস্থল। পূব ভাৰতঅসম, বিহাৰ, পশ্চিম বংগ, ওড়িশা আৰু বাংলাদেশত বহুলভাৱে প্ৰচলিত। চতুৰ্দশ শতিকাৰ কবি মাধৱ কন্দলিসপ্তকাণ্ড ৰামায়ণত দোতোৰাৰ বৰ্ণনা পোৱা গৈছে। অসমৰ কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, কুশান গান আদিৰ লগতে বংগত প্ৰচলিত ফকীৰ সকলে পৰিবেশন কৰা বাউল সংগীত মুখ্য বাদ্য হৈছে দোতোৰা।[1]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

দোতাৰা বা দোতোৰা নাম ইয়াত ব্যৱহৃত দুডাল গুণাৰ পৰা আহিছে। ইয়াত ঘাইকৈ দুডাল গুণা থাকে যদিও চাৰিডাল বা পাঁচডাল গুণাযুক্ত দোতোৰাও দেখা যায়। ইয়াৰ মাজৰ দুডাল গুণা একে সাংগীতিক স্বৰত বন্ধা হয় সেয়ে ইয়াক দোতোৰা বোলা হয়।

চতুৰ্দশ শতিকাৰ কবি মাধৱ কন্দলিসপ্তকাণ্ড ৰামায়ণত দোতোৰাৰ বৰ্ণনা পোৱা গৈছে। তেওঁৰ ৰামায়ণত দোতোৰাৰ লগতে মাদল, তবলা আদিৰো বৰ্ণনা পোৱা গৈছে।[2]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Dotara". indianculture.gov.in. https://indianculture.gov.in/musical-instruments/tat-vadya/dotara আহৰণ কৰা হৈছে: 2021-01-18.
  2. Suresh Kant Sharma; Usha Sharma (2015). Discovery of North-East India. Mittal Publications. পৃষ্ঠা. 288. ISBN 978-81-8324-039-0. https://books.google.com/books?id=ffe4dMu4p_gC&pg=PA288.