এম এছ স্বামীনাথন
ড° এম এছ স্বামীনাথন | |
---|---|
২০১৩ চনত স্বামীনাথন | |
সদস্য, ৰাজ্যসভা | |
কাৰ্যকাল ২০০৭ – ২০১৩ | |
সমষ্টি | মনোনীত |
জন্ম | ৭ আগষ্ট, ১৯২৫ কুম্বকোনম, তাঞ্জোৰ জিলা, মাদ্ৰাছ প্ৰেছিডেন্সী, ব্ৰিটিছ অধীন ভাৰত (বৰ্তমানৰ তাঞ্জাভুৰ জিলা, তামিল নাডু, ভাৰত) |
মৃত্যু | ২৮ ছেপ্টেম্বৰ, ২০২৩ (৯৮ বছৰ) চেন্নাই, তামিল নাডু, ভাৰত |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | উদ্ভিদ বিজ্ঞান, উদ্ভিদ বংশগতি তত্ত্ব, বংশগতি তত্ত্ব, চাইট'জেনেটিক্স, পৰিস্থিতি অৰ্থবিজ্ঞান, উদ্ভিদ প্ৰজনন, পৰিৱেশানুকূল প্ৰযুক্তি |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান |
|
ডক্তৰেল পৰামৰ্শদাতা | এইচ ডব্লিউ হাৱাৰ্ড |
দাম্পত্যসঙ্গী | মীনা স্বামীনাথন (বি. ১৯৫৫; মৃত্যু ২০২২) |
সতি-সন্ততি | ৩; সৌম্যা স্বামীনাথনকে ধৰি |
মানকোম্বু চাম্বাশিৱন স্বামীনাথন ( ইংৰাজী : Mankombu Sambasivan Swaminathan; ৭ আগষ্ট ১৯২৫ - ২৮ ছেপ্টেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় কৃষি বিজ্ঞানী, উদ্ভিদ জিন বিজ্ঞানী, প্ৰশাসক আৰু মানৱতাবাদী আছিল।[1] স্বামীনাথন সেউজ বিপ্লৱৰ এগৰাকী বিশ্ব নেতা।[2] উচ্চ উৎপাদনক্ষম ঘেঁহু আৰু ধানৰ প্ৰজাতিৰ প্ৰচলন আৰু অধিক বিকাশৰ ক্ষেত্ৰত তেওঁৰ নেতৃত্ব আৰু ভূমিকাৰ বাবে তেওঁক ভাৰতৰ সেউজ বিপ্লৱৰ মূল স্থপতি বুলি অভিহিত কৰা হয়। [1][3] স্বামীনাথনে নৰ্মান বৰলাগৰ সৈতে কৰা সহযোগিতামূলক বৈজ্ঞানিক প্ৰচেষ্টাই কৃষক আৰু অন্যান্য বিজ্ঞানীসকলৰ জৰিয়তে এক গণ আন্দোলনৰ সূচনা কৰিছিল আৰু ই ৰাজহুৱা নীতিৰ দ্বাৰা সমৰ্থিত হৈছিল। এই গণ আন্দোলনেই ১৯৬০ৰ দশকত ভাৰত আৰু পাকিস্তানক নিশ্চিত দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিল।[4][5] ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ (আই আৰ আৰ আই) সঞ্চালক প্ৰধান হিচাপে আগবঢ়োৱা তেওঁৰ নেতৃত্বই ১৯৮৭ চনত তেওঁক প্ৰথম বিশ্ব খাদ্য বঁটা লাভ কৰাত সহায় কৰিছিল, যিটো নোবেল বা কৃষিৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়।[6] ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীয়ে তেওঁক ‘অৰ্থনৈতিক পৰিৱেশ বিজ্ঞানৰ পিতৃ’ বুলি অভিহিত কৰিছে।[7]
স্বামীনাথনে আলু, ঘেঁহু আৰু ধানৰ সৈতে জড়িত চাইট'জেনেটিক্স, আয়নীয় বিকিৰণ আৰু ৰেডিঅ'সংবেদনশীলতাৰ দৰে ক্ষেত্ৰত মৌলিক গৱেষণাৰে অৰিহণা যোগাইছিল।[8] তেওঁ পুগৱাছ সন্মিলন আৰু আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘৰ (IUCN) সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।[9][10] ১৯৯৯ চনত তেওঁ গান্ধী আৰু ঠাকুৰৰ সৈতে টাইম আলোচনীৰ 'কুৰি শতিকাৰ ২০ গৰাকী আটাইতকৈ প্ৰভাৱশীল এছিয়ান লোক'ৰ তালিকাত স্থান লাভ কৰা তিনিগৰাকী ভাৰতীয়ৰ মাজৰ এজন আছিল, য'ত ইজি টয়োদা, দালাই লামা আৰু মাও জেদঙৰ দৰে ব্যক্তিও আছিল।[1] স্বামীনাথনে শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ৰমন মেগছেছে বঁটা আৰু আলবাৰ্ট আইনষ্টাইন বিশ্ব বিজ্ঞান বঁটাকে ধৰি বহুতো বঁটা আৰু সন্মান লাভ কৰিছে।[7] তেওঁ ২০০৪ চনত ৰাষ্ট্ৰীয় কৃষক আয়োগৰ অধ্যক্ষতা কৰিছিল যিয়ে ভাৰতৰ কৃষি ব্যৱস্থা উন্নত কৰাৰ বাবে সুদূৰপ্ৰসাৰী উপায়ৰ পৰামৰ্শ দিছিল।[11] তেওঁ এম এছ স্বামীনাথন ৰিচাৰ্ছ্ ফাউণ্ডেশ্বনৰ প্ৰতিষ্ঠাপক।[1] পৰিৱেশ বিনষ্ট নকৰাকৈ চিৰস্থায়ী উৎপাদনৰ বাবে থকা তেওঁৰ স্বপ্নক বৰ্ণনা কৰিবলৈ ১৯৯০ চনত তেওঁ 'চিৰসেউজ বিপ্লৱ' শব্দটো ব্যৱহাৰ কৰিছিল।[2][12] ২০০৭ চনৰ পৰা ২০১৩ চনৰ ভিতৰত তেওঁক এটা কাৰ্যকালৰ বাবে ভাৰতৰ সংসদলৈ মনোনীত কৰা হৈছিল।[13] তেওঁৰ কাৰ্যকালত তেওঁ ভাৰতত মহিলা কৃষকৰ স্বীকৃতিৰ বাবে এখন বিধেয়ক দাখিল কৰিছিল, অৱশ্যে ই বৈধতা পোৱা নাছিল।[14] তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০২৪ চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।
জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]স্বামীনাথনৰ জন্ম হৈছিল ১৯২৫ চনৰ ৭ আগষ্টত মাদ্ৰাজ প্ৰেচিডেন্সিৰ কুম্বকোনমত।[15] তেওঁ আছিল মুখ্য শল্যচিকিৎসক ডাঃ এম কে চাম্বাশিৱন আৰু পাৰ্বতী থাংগাম্মাল চাম্বাশিৱনৰ দ্বিতীয় পুত্ৰ। ১১ বছৰ বয়সত পিতৃৰ মৃত্যুৰ পিছত ডেকা স্বামীনাথনক খুৰাকে চোৱা-চিতা কৰিছিল।[16]
স্বামীনাথনে স্থানীয় হাইস্কুলত আৰু পিছলৈ কুম্বাকোনমৰ কেথলিক লিটল ফ্লাৱাৰ হাইস্কুলত শিক্ষা গ্ৰহণ কৰে,[17] য'ৰ পৰা তেওঁ ১৫ বছৰ বয়সত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।[18] সৰুৰে পৰাই তেওঁৰ কৃষি আৰু কৃষকৰ সৈতে যোগাযোগ আছিল। তেওঁৰ বিস্তৃত পৰিয়ালটোৱে ধান, আম আৰু তামোলৰ খেতি কৰিছিল। পিছলৈ কফিৰ দৰে আন শস্যৰো খেতি কৰিছিল।[19] শস্যৰ মূল্যৰ উঠা-নমাই তেওঁৰ পৰিয়ালৰ ওপৰত পেলোৱা প্ৰভাৱ তেওঁ দেখা পাইছিল। তদুপৰি বতৰ আৰু কীট-পতংগই শস্যৰ লগতে আয়ৰ ওপৰত সৃষ্টি কৰা বিপৰ্য্যয়ো তেওঁ দেখা পাইছিল।[20]
মাক দেউতাকে বিচাৰিছিল যে তেওঁ চিকিৎসাবিজ্ঞান পঢ়ক। সেই কথা মনত ৰাখিয়েই তেওঁ প্ৰাণীবিজ্ঞানৰ জৰিয়তে উচ্চ শিক্ষা আৰম্ভ কৰিছিল।[21] কিন্তু যেতিয়া তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪৩ চনৰ বংগদেশীয় দুৰ্ভিক্ষৰ প্ৰভাৱ আৰু সমগ্ৰ উপমহাদেশখনত হোৱা ধানৰ নাটনিৰ সাক্ষী হৈছিল, তেতিয়া তেওঁ ভাৰতৰ পৰ্যাপ্ত খাদ্য নিশ্চিত কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰাৰ সিদ্ধান্ত লয়।[22] পাৰিবাৰিক পটভূমিৰ সত্ত্বেও, আৰু চিকিৎসা আৰু অভিযান্ত্ৰিকতাক বহুত বেছি সন্মানীয় বুলি গণ্য কৰা যুগৰ অন্তৰ্গত হোৱাৰ পিছতো তেওঁ কৃষিক্ষেত্ৰ বাছি লৈছিল।[23]
তাৰ পিছত তেওঁ কেৰেলাৰ ত্ৰিবান্দ্ৰমৰ মহাৰাজ কলেজত (বৰ্তমান কেৰেলা বিশ্ববিদ্যালয়ৰ অধীনস্থ ইউনিভাৰ্ছিটী কলেজ, তিৰুৱনন্তপুৰম নামেৰে জনাজাত) প্ৰাণীবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[18] ইয়াৰ পিছত ১৯৪০ চনৰ পৰা ১৯৪৪ চনলৈ মাদ্ৰাজ বিশ্ববিদ্যালয়ত (মাদ্ৰাজ কৃষি মহাবিদ্যালয়, বৰ্তমান তামিলনাডু কৃষি বিশ্ববিদ্যালয়) অধ্যয়ন কৰি কৃষি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[24] এই সময়ছোৱাত তেওঁক কৃষি বিজ্ঞানৰ অধ্যাপক কোটাহ ৰামাস্বামীয়েও শিক্ষাদান কৰিছিল।[25]
১৯৪৭ চনত তেওঁ বংশগতি তত্ত্ব আৰু উদ্ভিদ প্ৰজননৰ বিষয়ে অধ্যয়ন কৰিবলৈ নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (IARI) লৈ যায়।[26] ১৯৪৯ চনত তেওঁ চাইট'জেনেটিক্সত উচ্চ সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ আলুৰ ওপৰত বিশেষ গুৰুত্ব দি ছ'লানাম (Solanum) গণৰ ওপৰত গৱেষণা কৰিছিল।[27] সামাজিক হেঁচাত পৰি তেওঁ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যাৰ জৰিয়তে তেওঁ ভাৰতীয় আৰক্ষী সেৱালৈ নিৰ্বাচিত হৈছিল।[28] কিন্তু একে সময়তে নেদাৰলেণ্ডত ইউনেস্কোই বংশগতি তত্ত্বত আগবঢ়োৱা বৃত্তিৰ ৰূপত তেওঁৰ বাবে কৃষিক্ষেত্ৰত এক সুযোগৰ সৃষ্টি হ’ল। তেওঁ বংশগতি তত্ত্ব অধ্যয়নকে বাছি লৈছিল।[28]
নেদাৰলেণ্ড আৰু ইউৰোপ
[সম্পাদনা কৰক]নেদাৰলেণ্ডৰ ইনষ্টিটিউট অৱ জেনেটিক্সৰ ৱেগেনিংগেন কৃষি বিশ্ববিদ্যালয়ত তেওঁ আঠ মাহ ধৰি ইউনেস্কোৰ ফেলো আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আলুৰ চাহিদাৰ ফলত যুগ যুগ ধৰি চলি অহা আৱৰ্তনভিত্তিক শস্য উৎপাদনত ব্যাঘাত জন্মিছিল। ইয়াৰ ফলত কিছুমান বিশেষ অঞ্চল, যেনে পুনৰুদ্ধাৰ কৰা কৃষিভূমিত গ'ল্ডেন নেমাটোডৰ প্ৰাদুৰ্ভাৱ সৃষ্টি হৈছিল। স্বামীনাথনে এনে পৰজীৱীৰ বিৰুদ্ধে, লগতে ঠাণ্ডা বতৰৰ লগতো অভিযোজন কৰিব পৰা জিনৰ ওপৰত কাম কৰিছিল। এই ক্ষেত্ৰত তেওঁৰ গৱেষণা সফল হৈছিল। আদৰ্শগতভাৱে বিশ্ববিদ্যালয়খনে খাদ্য উৎপাদনৰ ক্ষেত্ৰত ভাৰতত তেওঁৰ পৰৱৰ্তী বৈজ্ঞানিক সাধনাক প্ৰভাৱিত কৰিছিল। এই সময়ছোৱাত তেওঁ যুদ্ধবিধ্বস্ত জাৰ্মানীৰ মেক্স প্লেংক ইনষ্টিটিউট ফৰ প্লাণ্ট ব্ৰীডিং ৰিচাৰ্চো ভ্ৰমণ কৰে; এইটোৱে পিছলৈ তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিলে কাৰণ এটা দশকৰ পিছত তেওঁৰ পৰৱৰ্তী ভ্ৰমণৰ সময়ত তেওঁ দেখিছিল যে জাৰ্মানসকলে আন্তঃগাঁথনি আৰু শক্তিক্ষেত্ৰ - দুয়োটা দিশতে জাৰ্মানীক ৰূপান্তৰিত কৰিছে।
সংযুক্ত যুক্তৰাজ্য
[সম্পাদনা কৰক]১৯৫০ চনত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ স্কুল অব এগ্ৰিকালচাৰৰ প্লেণ্ট ব্ৰিডিং ইনষ্টিটিউটত অধ্যয়ন কৰিবলৈ যায়। ১৯৫২ চনত তেওঁ "Species Differentiation, and the Nature of Polyploidy in certain species of the genus Solanum – section Tuberarium." শীৰ্ষক বিষয়ত গৱেষণা কৰি ডক্টৰ অৱ ফিল'চফি (পি এইচ ডি) ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী বৰদিনত তেওঁ এসপ্তাহৰ বাবে ভাৰতীয় অসামৰিক সেৱাৰ প্ৰাক্তন বিষয়া এফ. এল. ব্ৰেইনৰ সৈতে কটাইছিল, যাৰ ভাৰতৰ গ্ৰাম্য অঞ্চল সম্পৰ্কে হোৱা অভিজ্ঞতাই স্বামীনাথনক তেওঁৰ পাছৰ বছৰবোৰত প্ৰভাৱ পেলাইছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]এম.এছ. স্বামীনাথনৰ মীনা স্বামীনাথনৰ সৈতে বিয়া হৈছিল। ১৯৫১ চনত দুয়োজনেই কেম্ব্ৰিজত পঢ়ি থকাৰ সময়ত তেওঁ মিনাক লগ পাইছিল।[29] তেওঁলোকে তামিলনাডুৰ চেন্নাইত বাস কৰে। তেওঁলোকৰ তিনিগৰাকী কন্যা হৈছে সৌম্যা স্বামীনাথন (এগৰাকী শিশু চিকিৎসক), মাধুৰা স্বামীনাথন (এগৰাকী অৰ্থনীতিবিদ), আৰু নিত্যা স্বামীনাথন (লিংগ আৰু গ্ৰাম্য উন্নয়ন)।[30]
গান্ধী আৰু ৰমণ মহৰ্ষিয়ে তেওঁৰ জীৱনত প্ৰভাৱ পেলাইছিল।[31] তেওঁলোকৰ পৰিয়ালৰ ২০০০ একৰ মাটিৰ ভিতৰত এক তৃতীয়াংশ মাটি তেওঁলোকে বিনোবা ভাৱেৰ কামত দান কৰিছিল।[32] ২০১১ চনত দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে সৰুতে তেওঁ স্বামী বিবেকানন্দক অনুসৰণ কৰিছিল।[33]
২০২৩ চনৰ ২৮ ছেপ্টেম্বৰত চেন্নাইৰ নিজা বাসভৱনত এম এছ স্বামীনাথনৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ।[34]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Spaeth, Anthony (23-30 August 1999). "Asians of the Century: A Tale of Titans. M.S. Swaminathan.". TIME. Time 100 খণ্ড 154 (7/8). Archived from the original on 25 January 2001. https://web.archive.org/web/20010125001700/http://www.time.com/time/asia/asia/magazine/1999/990823/index.html.
- ↑ 2.0 2.1 Cabral, Lídia; Pandey, Poonam; Xu, Xiuli (3 July 2021). "Epic narratives of the Green Revolution in Brazil, China, and India". Agriculture and Human Values খণ্ড 39: 249–267. doi:10.1007/s10460-021-10241-x.
- ↑ "Swaminathan, Moncompu Sambasivan". Ramon Magsaysay Award. 1971. https://www.rmaward.asia/awardee/swaminathan-moncompu-sambasivan। আহৰণ কৰা হৈছে: 25 November 2021. "A cytogeneticist from India who made major advances in breeding sturdier, more productive and better quality plant types"
- ↑ Quinn 2015, পৃষ্ঠা. 418-420.
- ↑ Damodaran, Harish (13 August 2015). "A living legend: Swaminathan@90". The Indian Express. https://indianexpress.com/article/india/india-others/a-living-legend-swaminathan90/। আহৰণ কৰা হৈছে: 2021-11-30.
- ↑ Quinn 2015, পৃষ্ঠা. 417-418.
- ↑ 7.0 7.1 Worth, Brett. "M.S. Swaminathan (Honorary)" (en ভাষাত). The Hunger Project. Archived from the original on 2023-06-10. https://web.archive.org/web/20230610011604/https://thp.org/board/m-s-swaminathan/। আহৰণ কৰা হৈছে: 2021-11-25.
- ↑ Kesavan & Iyer 2014, পৃষ্ঠা. 2041-2042.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 2.
- ↑ Kesavan Iyer, পৃষ্ঠা. 2045.
- ↑ Mishra, Dheeraj (27 December 2020). "Reality Belies Modi Govt Claims of Implementing Swaminathan Commission's Report". The Wire. https://thewire.in/government/reality-belies-modi-government-implementing-swaminathan-commission-recommendations। আহৰণ কৰা হৈছে: 2021-11-26.
- ↑ Quinn 2015, পৃষ্ঠা. 426.
- ↑ "M.S. Swaminathan". PRS Legislative Research (PRSIndia). https://prsindia.org/mptrack/rajya-sabha/msswaminathan। আহৰণ কৰা হৈছে: 2021-11-30.
- ↑ Bedi, Bani (30 July 2018). "The Centre Is Barely Serious About Recognising Women as Farmers". The Wire. https://thewire.in/women/women-farmers-agriculture-rights। আহৰণ কৰা হৈছে: 2021-11-30.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 14.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 18-19.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 17.
- ↑ 18.0 18.1 Gopalkrishnan 2002, পৃষ্ঠা. 22.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 9, 11, 12, 13.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 13.
- ↑ Yadugiri 2011, পৃষ্ঠা. 996.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 24.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 25-26.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 25.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 26.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 28.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 28-29.
- ↑ 28.0 28.1 Gopalkrishnan 2002, পৃষ্ঠা. 30-31.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 84.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 84, 86.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 88.
- ↑ Gopalkrishnan 2002, পৃষ্ঠা. 89.
- ↑ Yadugiri 2011, পৃষ্ঠা. 1002.
- ↑ Ramakrishnan, T. (2023-09-28). "M.S. Swaminathan, eminent agricultural scientist, passes away" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/sci-tech/agriculture/agricultural-scientist-architect-of-green-revolution-ms-swaminathan-passes-away/article67356103.ece.