গেটৱে একাডেমী জুনিয়ৰ কলেজ, বাইহাটা চাৰিআলি
গে'টৱে একাডেমী জুনিয়ৰ কলেজ বা গে'টৱে একাডেমী কনিষ্ঠ মহাবিদ্যালয় (ইংৰাজী: Gateway Academy Junior College) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন উচ্চতৰ-মাধ্যমিক শ্ৰেণীৰ কলেজ। অঞ্চলটোৰ কেইগৰাকীমান আগৰণুৱা শিক্ষাবিদৰ উদ্যোগত ২০০৪ চনত কলা আৰু বাণিজ্য শাখাৰ অন্তৰ্ভুক্তিৰে এই কনিষ্ঠ মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। ২০১৭ বৰ্ষৰ পৰা মহাবিদ্যালয়খনত বিজ্ঞান শাখাৰো আৰম্ভণি কৰা হয়। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰমৰ অধীনস্থ এই মহাবিদ্যালয়খনে বিভিন্ন দিশত সুনাম অৰ্জন কৰি বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলটিৰ ভিতৰতে এখন আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয় ৰূপে পৰিগণিত হৈছে।
অৱস্থান আৰু পৰিবহণ
[সম্পাদনা কৰক]বাইহাটা চালিআলিৰ উত্তৰ দিশৰ গোৰেশ্বৰ সংযোগী পথটোত অৱস্থিত কনিষ্ঠ মহাবিদ্যালয়খনলৈ গুৱাহাটীৰ জালুকবাৰীৰ পৰা দুৰত্ব প্ৰায় ৩০ কিলোমিটাৰ। চাৰিওদিশৰ বেজেৰা, দেউদুৱাৰ, গোপেশ্বৰ, কমলপুৰ, ৰঙিয়া, বিহদিয়া, মুক্তাপুৰ আদি নিকটৱৰ্তী ঠাইসমূহৰ পৰা মহাবিদ্যালয়লৈ টেম্প', মেজিক আদি সৰু বাহনসমূহ নিয়মীয়াকৈ চলে।
শিক্ষা
[সম্পাদনা কৰক]উচ্চতৰ মাধ্যমিক
[সম্পাদনা কৰক]- বিজ্ঞান শাখা ( বিষয়সমূহ : পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান, গণিত, জীৱবিজ্ঞান, কম্পিউটাৰবিজ্ঞান , অসমীয়া, ইংৰাজী , বৈকল্পিক ইংৰাজী )
- কলা শাখা (বিষয়সমূহ : অৰ্থনীতি, ৰাজনীতিবিজ্ঞান, দৰ্শন আৰু যুক্তিশিক্ষা, নৃতত্ত্ব, অসমীয়া, ইংৰাজী , বৈকল্পিক ইংৰাজী )
- বাণিজ্য শাখা (বিষয়সমূহ : হিচাপবিদ্যা, ব্যৱসায় অধ্যয়ন, বেংকিং, অৰ্থনীতি, অসমীয়া, ইংৰাজী , বৈকল্পিক ইংৰাজী )
মুখপত্ৰ
[সম্পাদনা কৰক]মহাবিদ্যালয়ৰ পৰা বাৰ্ষিক ভিত্তিত প্ৰকাশ হয় এখনি ই-মুখপত্ৰ গেটওৱিয়ান।[1] ২০১৮ বৰ্ষৰ পৰা প্ৰকাশ হোৱা এইখনেই অসমৰ ভিতৰত কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা স্বতন্ত্ৰভাৱে প্ৰকাশিত প্ৰথমখন ই-মুখপত্ৰ।
এই মুখপত্ৰখনিৰ প্ৰথমটো সংখ্যাৰ সম্পাদক আছিল প্ৰিয়ম প্ৰীতম। এই মুখপত্ৰখনিৰ লিংকটো হৈছে http://gatewian.com।[সংযোগবিহীন উৎস]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://gatewian.com/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%95%E0%A7%80%E0%A7%9F/[সংযোগবিহীন উৎস] ৰ পৰা প্ৰাপ্ত। ( ১৫ ডিচেম্বৰ, ২০১৮)