বেল
অৱয়ব
বেল | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Sapindales |
পৰিয়াল: | Rutaceae |
উপপৰিয়াল: | Aurantioideae |
গোত্ৰ: | Clauseneae |
গণ: | Aegle Corrêa |
প্ৰজাতি: | A. marmelos |
বৈজ্ঞানিক নাম | |
Aegle marmelos (L.) Corr.Serr. |
বেল (ইংৰাজী: Wood apple, Bael, বৈজ্ঞানিক নাম: Aegle Marmetos) এবিধ ফল। বঙালী আৰু হিন্দী ভাষাতো এই ফলবিধক বেল বুলিয়ে কয়। সংস্কৃত ভাষাত বিল্ব বুলি কোৱা হয়। এবিধ পুষ্টিকৰ ফল। হিন্দু ধৰ্মী লোকসকলে পূজা-অৰ্চনাত বেল গছৰ পাত ব্যৱহাৰ কৰে।
আকাৰ
[সম্পাদনা কৰক]বেল এবিধ ঘূৰণীয়া আকৃতিৰ ফল। কেঁচা অৱস্থাত সেউজীয়া বৰণৰ হয় আৰু পকিলে হালধীয়া বৰণ ধৰে। গছজোপা জোপোহা আৰু কিছু ওখ হয়।
খাদ্যপ্ৰাণ
[সম্পাদনা কৰক]প্ৰতি ১০০ গ্ৰামৰ খাদ্যগুণ:[1]
পানী | ৬৯.৫ গ্ৰাম |
প্ৰটিন | ৭.৩ গ্ৰাম |
চৰ্বী | ০.৬ গ্ৰাম |
আঁহ | ৫.২ গ্ৰাম |
শৰ্কৰা | ১৫.৫ গ্ৰাম |
কেলছিয়াম | ০.১১ গ্ৰাম |
ফছফৰাছ | ০.১৩ গ্ৰাম |
লৌহ পদাৰ্থ | ০.৬ মিলিগ্ৰাম |
খাদ্যপ্ৰাণ 'খ' | ০.৮ মিলিগ্ৰাম |
খাদ্যপ্ৰাণ 'গ' | ৩মিলিগ্ৰাম |
খাদ্যপ্ৰাণ 'ক' | ৬১ মাইক্ৰগ্ৰাম |
শক্তি (কেলৰি) | ৯৭ কেল |
ঔষধি গুণ
[সম্পাদনা কৰক]- বেলৰ চৰবত এক শীতলীকৰণ পানীয়ৰূপে ব্যৱহাৰ কৰিব পাৰি। ফলত ই শৰীৰ শীতল কৰি ৰাখে আৰু প্ৰস্ৰাৱৰ জ্বলন দূৰ কৰে।
- Peptic Ulcer, Acidity থকা ৰোগীয়ে বেলৰ চৰবত খাব পাৰে।
- পায়খানা খোলোচা ৰাখে।
- বেল পাতৰ ৰস আৰু জালুক মিহলাই খাই চৰ্দি লগা কমাব পাৰি।
- আধা পকা বেল গ্ৰহণী বা পুৰণা (cronic) গ্ৰহণীৰ (dysentary) পৰম ঔষধ।[1]
স্থানীয় নাম
[সম্পাদনা কৰক]- দক্ষিণ-পূব এছিয়া
- ভাৰতবৰ্ষ
- অসমীয়া: বেল
- হিন্দী: बेल (Sirphal)
- গুজৰাটী: બીલી
- উৰ্দু: (Bael)بیل, (Sirphal) سری پھل
- ওড়িয়া: ବେଲ Baela
- বঙালী: বেল
- কন্নড়: ಬೇಲದ ಹಣ್ಣು (edible variety)
- কন্নড়: bilva (sacred variety)
- কোংকণী: gorakamli
- মালয়ালম: കൂവളം (koo-valam)
- মাৰাঠী: बेल বা कवीठ (Kaveeth)
- পঞ্জাবী: Beel
- সংস্কৃত: बिल्व
- সিন্ধী: ڪاٺ گدرو
- সিংহল: බෙලි (Beli)
- তামিল: வில்வம் (Vilvam)
- তেলেগু: మారేడు (maredu)