সমললৈ যাওক

লিচিপ্ৰিয়া কাংগুজাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিচিপ্ৰিয়া কাংগুজাম

২০১৯ চনৰ ৫ ছেপ্টেম্বৰত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ এছিয়া-প্ৰশান্ত মহাসাগৰীয় জলবায়ু সপ্তাহ ২০১৯ত লিচিপ্ৰিয়া কাংগুজাম
জন্ম ২ অক্টোবৰ, ২০১১ (১৩ বছৰ)
বাসিখং, মণিপুৰ, ভাৰত
পেচা পৰিৱেশকৰ্মী
সক্ৰিয় হৈ থকা সময় ২০১৮-বৰ্তমানলৈ
জনা যায় জলবায়ু পৰিবৰ্তনৰ বিষয়ে সজাগতা সৃষ্টি
ৰাজনৈতিক আন্দোলন দা চাইল্ড মুভমেণ্ট
পিতৃ-মাতৃ
  • বিদ্যাৰাণী দেৱী কাংগুজাম অংবি (মাতৃ)
  • কে কে সিং (পিতৃ)
আত্মীয়-স্বজন ছিংলেনচানা কাংগুজাম (খুড়া)
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • ড॰ এ পি জে আব্দুল কালাম শিশু বঁটা (২০১৯)
  • বিশ্ব শিশু শান্তি পুৰস্কাৰ (২০১৯)
  • নবেল নাগৰিক বঁটা (২০২০)
  • ভাৰত সেৱা সংবাদ ৰাষ্ট্ৰীয় যুৱ দিৱস বঁটা (২০২১)

লিচিপ্ৰিয়া কাংগুজাম (ইংৰাজী: Licypriya Kangujam, জন্ম: ২ অক্টোবৰ ২০১১) ভাৰতৰ এগৰাকী শিশু পৰিৱেশ কৰ্মী। তেওঁ বিশ্বব্যাপী সৰ্বকনিষ্ঠ জলবায়ু কৰ্মীসকলৰ ভিতৰত অন্যতম আৰু স্পেইনৰ মাদ্ৰিডত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন ২০১৯ (চিওপি২৫)ত বিশ্বৰ নেতাসকলক সম্বোধন কৰি তেওঁলোকক তাৎক্ষণিক জলবায়ু ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল।[2][3] লিচিপ্ৰিয়াই ২০১৮ চনৰ পৰা ভাৰতত জলবায়ু ব্যৱস্থাৰ বাবে প্ৰচাৰ চলাই আছে। ভাৰতৰ উচ্চ প্ৰদূষণৰ স্তৰ ৰোধ কৰিবলৈ নতুন আইন গৃহীত কৰিবলৈ আৰু বিদ্যালয়সমূহত জলবায়ু পৰিবৰ্তনৰ বিষয়ে শিক্ষাদান বাধ্যতামূলক কৰিবলৈ দাবী জনায় আহিছে।[4][5]

তেওঁক প্ৰায়ে ভাৰতৰ গ্ৰেটা থুন্‌বাৰি বুলি অভিহিত কৰা হয়। লিচিপ্ৰিয়াই ২০১৮ চনৰ জুলাইত জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে ওকালতি কৰা আৰম্ভ কৰিছিল।[6] জলবায়ু কৰ্মী গ্ৰেটা থুন্‌বাৰিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ২০১৯ চনৰ ২১ জুন তাৰিখে লিচিপ্ৰিয়াই ভাৰতত জলবায়ু পৰিবৰ্তন আইন গৃহীত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ভাৰতীয় সংসদ ভৱনৰ বাহিৰত এসপ্তাহ অতিবাহিত কৰিছিল। ২০১৯ চনৰ ৩১ আগষ্ট তাৰিখে লিচিপ্ৰিয়াই মালদ্বীপ চৰকাৰৰ যুৱ আৰু যুৱ ক্ৰীড়া আৰু সম্প্ৰদায় সশক্তিকৰণ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অষ্ট্ৰেলিয়াৰ অৰ্থনীতি আৰু শান্তি প্ৰতিষ্ঠান (আইইপি) বিশ্ব শান্তি সূচকৰ অংশীদাৰিত্ব সঞ্চালক শ্ৰী চাৰ্লছ এলেনৰ দ্বাৰা হস্তান্তৰ কৰা "বিশ্ব শিশু শান্তি পুৰস্কাৰ ২০১৯" লাভ কৰে। তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন, ডি.এ.ত অৱস্থিত আৰ্থ দিৱস নেটৱৰ্কৰ মুখ্য কাৰ্যালয়ৰ দ্বাৰা "ৰাইজিং ষ্টাৰ" শীৰ্ষক উপাধি প্ৰদান কৰা হৈছিল।[7][8][9]

২০১৯ চনৰ ১৯ নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰৰ নীতি আয়োগৰ সহযোগত দৈনিক ভাস্কৰে চণ্ডীগড় বিশ্ববিদ্যালয়ত প্ৰদান কৰা "এছডিজি এম্বেছাডৰ এৱাৰ্ড ২০১৯" বঁটা লাভ কৰে। লিচিপ্ৰিয়াই পণ্ডিচেৰীৰ উপৰাজ্যপাল কিৰণ বেদীৰ গৱৰ্ণৰ দ্বাৰা নতুন দিল্লীত ২০২০ চনৰ ৩ জানুৱাৰী তাৰিখে "গ্লোবেল চাইল্ড প্ৰডিজি বঁটা ২০২০" লাভ কৰিছিল।[10] ২০২০ চনৰ ১৮ ফেব্ৰুৱাৰীত দিল্লী বিশ্ববিদ্যালয়ত অনুষ্ঠিত টেডএক্স এছবিএছচিক সম্বোধন কৰিছিল। ২০২০ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে তেওঁ মুম্বাইত অনুষ্ঠিত টেডএক্সগেটৱেক সম্বোধন কৰে আৰু তেওঁৰ ভাষণৰ বাবে শ্ৰোতাৰ ষ্টেণ্ডিং অভেচন লাভ কৰিছিল।[11][12][13][14]

লিচিপ্ৰিয়া কাংগুজাম জন্ম ২০১১ চনৰ ২ অক্টোবৰ তাৰিখে ভাৰতৰ মণিপুৰৰ বাসিখংত হৈছিল। তেওঁ কে কে সিং আৰু বিদ্যৰাণী দেৱী কাংগুজাম অংবিৰ জ্যেষ্ঠ কন্যা। সাত বছৰ বছৰ পৰা তেওঁ জলবায়ু পৰিবৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাসৰ মোকাবিলা কৰিবলৈ মাত মাতি আহিছে। ২০১৯ চনৰ জুন মাহত তেওঁ ভাৰতৰ সংসদ ভৱনৰ সন্মুখত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰি ভাৰতত জলবায়ু পৰিবৰ্তন আইন প্ৰণয়ন কৰিবলৈ প্ৰতিবাদ কৰিছিল।[15][16][17][18]

২০১৮-২০১৯ চনৰ সক্ৰিয়তা

[সম্পাদনা কৰক]
২০১৯ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে এংগোলাত ইউনেস্কো অংশীদাৰ মঞ্চ ২০১৯ (বাইনীয়েল লুয়াংদা)ক সম্বোধন কৰা মুহূৰ্তত লিচিপ্ৰিয়া কাংগুজাম

মংগোলীয়া ভ্ৰমণ

[সম্পাদনা কৰক]

২০১৮ চনত লিচিপ্ৰিয়াই তেওঁৰ দেউতাকৰ সৈতে মংগোলীয়া ৰাষ্ট্ৰসংঘৰ দুৰ্যোগ সন্মিলনত অংশগ্ৰহণ কৰিছিল। ই তেওঁক সক্ৰিয় কৰ্মী হিচাপে সামাজিক কাৰ্য্যসমূহত জড়িত হ'বলৈ অনুপ্ৰাণিত কৰিছিল। বিবিচি নিউজৰ এক প্ৰবন্ধত তেওঁ কৈছিল, “মই ভাষণ দিয়া লোকসকলৰ পৰা যথেষ্ট অনুপ্ৰেৰণা আৰু নতুন জ্ঞান পাইছিলো। এইটো এটা জীৱন পৰিবৰ্তনশীল ঘটনা আছিল।” জলবায়ু পৰিবৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰি পৃথিৱীক সুৰক্ষিত কৰিবলৈ সজাগতা বৃদ্ধি কৰাৰ বাবে অনুষ্ঠানটোৰ পিছতে লিচিপ্ৰিয়াই "দা চাইল্ড মুভমেণ্ট" প্ৰতিষ্ঠা কৰিছিল।[7][19][20][21][22]

কেৰালা বানপানী ২০১৮

[সম্পাদনা কৰক]

লিচিপ্ৰিয়াই কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নক ২০১৮ চনৰ ২৪ আগষ্ট তাৰিখে কেৰালাৰ বানপীড়িত শিশুসকলক সহায় কৰিবলৈ ১ লাখ টকা দান কৰিছিল। দুবছৰ পিছত তেওঁ কেৰালা চৰকাৰৰ পৰা স্বীকৃতি পত্ৰ এখন লাভ কৰিছিল।[23]

গ্ৰেট অক্টোবৰ মাৰ্চ ২০১৯

[সম্পাদনা কৰক]

২০১৯ চনৰ ২১ অক্টোবৰত, লিচিপ্ৰিয়াই তেওঁৰ প্ৰায় হাজাৰ সমৰ্থকৰ সৈতে নতুন দিল্লীৰ ইণ্ডিয়া গেটত "গ্ৰেট অক্টোবৰ মাৰ্চ ২০১৯" আৰম্ভ কৰে। গ্ৰেট অক্টোবৰ মাৰ্চ ২১ ৰ পৰা ২৭ অক্টোবৰলৈ বিভিন্ন স্থানত হৈছিল য'ত জলবায়ু পৰিবৰ্তনৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু ভাৰতত জলবায়ু আইন প্ৰণয়ন কৰিবলৈ অনুৰোধ কৰা হৈছিল।[7][24][25]

১২ ডিচেম্বৰ ২০১৯ তাৰিখে স্পেইনৰ মাদ্ৰিদত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিবৰ্তন সন্মিলন ২০১৯ (চিঅপি২৫)ত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিও গুটেৰেছৰ সৈতে লিচিপ্ৰিয়া কাংগুজাম

২০২০ চনৰ সক্ৰিয়তা

[সম্পাদনা কৰক]

বিশ্ব অৰ্থনৈতিক মঞ্চ ২০২০

[সম্পাদনা কৰক]

২০২০ চনত লিচিপ্ৰিয়াই বিশ্ব অৰ্থনৈতিক মঞ্চৰ অংশগ্ৰহণকাৰীসকলক কৰ্মী গ্ৰেটা থুনবাৰ্গ, লুইচা নিউবাউৰ, ইছাবেল এক্সেলচন আৰু লুকিনা টিলেৰ সৈতে এখন পত্ৰ প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে কোম্পানী, বেংক আৰু চৰকাৰক লগে লগে জীৱাশ্ম ইন্ধনৰ ৰাজসাহায্য বন্ধ কৰিবলৈ আহ্বান জনোৱা হয়। গাৰ্জেন কাকতক দিয়া এক মতামতত তেওঁলোকে কয়, "আমি এই কামবোৰ ২০৫০, ২০৩০ বা আনকি ২০২১ চনৰ ভিতৰত কৰাটো নিবিচাৰো, আমি এতিয়া এইটো কৰিব বিচাৰো – বৰ্তমানৰ দৰে। আমি বিশ্বৰ নেতাসকলক এই বিশ্বৰ সংকটৰ কেন্দ্ৰত থকা জীৱাশ্ম ইন্ধন অৰ্থনীতিত বিনিয়োগ বন্ধ কৰিবলৈ আহ্বান জনাও। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে তেওঁলোকৰ ধন বহনক্ষম প্ৰযুক্তি, গৱেষণা আৰু প্ৰকৃতি পুনৰুদ্ধাৰকৰাত বিনিয়োগ কৰিব লাগে। হস্ৰম্যাদী লাভে জীৱনৰ দীৰ্ঘম্যাদী স্থিৰতা কঢ়িওৱা উচিত নহয়।[26][27]

বিদ্যালয়সমূহত জলবায়ু পৰিবৰ্তন শিক্ষাদানৰ অভিযান

[সম্পাদনা কৰক]

তেওঁ বিদ্যালয়সমূহত জলবায়ু পৰিবৰ্তনৰ পাঠ অন্তৰ্ভুক্ত বাধ্যতামূলক কৰিবলৈ প্ৰচাৰ চলাই আছে আৰু তেওঁৰ অনুৰোধ অনুসৰি গুজৰাট চৰকাৰে বিদ্যালয় শিক্ষাত জলবায়ু পৰিবৰ্তনৰ পাঠ অন্তৰ্ভুক্ত কৰিছে।[28]

পৃথিৱী দিৱস ২০২০

[সম্পাদনা কৰক]

২০২০ চনত লিচিপ্ৰিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৱাশ্বিংটন ডি.চি. বিশ্বব্যাপী সমবেত সকলক সম্বোধন কৰে। ক'ভিড-১৯ বৈশ্বিক মহামাৰী আৰম্ভ হোৱাৰ বাবে অনুষ্ঠানটো ভাৰ্চুৱেল আছিল। তেওঁ আন ৫০জন বিশ্বব্যাপী নেতা, প্ৰভাৱশালী, চেলিব্ৰিটি, খেলুৱৈ আৰু সংগীতজ্ঞৰ সৈতে প্ৰদৰ্শিত হৈছিল।[29][30]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "India climate activist Licypriya Kangujam on why she took a stand". BBC News. 6 February 2020. BBC OS. Retrieved 6 February 2020. 
  2. "Meet Licypriya Kangujam, the 8-yr-old Indian 'Greta' who is urging leaders at COP25 to save the planet". 20 September 2019. https://economictimes.indiatimes.com/magazines/panache/meet-licypriya-kangujam-the-8-yr-old-indian-greta-who-is-urging-leaders-at-cop25-to-save-the-planet/articleshow/72493089.cms. 
  3. "Eight-Year-Old Licypriya Kangujam Is Flying India's Flag at COP25". 10 December 2019. https://thewire.in/environment/licypriya-kangujam-is-flying-indias-flag-at-cop25-shes-eight. 
  4. "Indian 8-year-old challenges world leaders to act on climate change at COP25 in Madrid". The Hindu. 10 December 2019. https://www.thehindu.com/sci-tech/energy-and-environment/indian-8-year-old-licypriya-kangujam-challenges-world-leaders-to-act-on-climate-change-at-cop25-in-madrid/article30275164.ece. 
  5. "Meet Licypriya Kangujam, the 8-yr-old Indian 'Greta' who is urging leaders at COP25 to save the planet". The Economic Times. 10 December 2019. https://economictimes.indiatimes.com/magazines/panache/meet-licypriya-kangujam-the-8-yr-old-indian-greta-who-is-urging-leaders-at-cop25-to-save-the-planet/articleshow/72493089.cms. 
  6. Licypriya Kangujam [@LicypriyaK] (27 Jan 2020). "Dear Media, Stop calling me "Greta of India". ...". https://twitter.com/LicypriyaK/status/1221628420611698689। আহৰণ কৰা হৈছে: 13 May 2020. 
  7. 7.0 7.1 7.2 "India climate activist Licypriya Kangujam on why she took a stand". BBC News. 6 February 2020. https://www.bbc.com/news/world-asia-india-51399721। আহৰণ কৰা হৈছে: 6 February 2020. 
  8. "One year on, child climate activist, 8, continues strike outside Indian parliament". The Straits Times. 6 February 2020. https://www.straitstimes.com/asia/south-asia/one-year-on-child-climate-activist-8-continues-strike-outside-indian-parliament. 
  9. "This 7-Yr-Old Girl Stood Near Parliament Urging PM Narendra Modi To Pass The Climate Change Law Now". The Times of India. https://www.indiatimes.com/news/india/this-7-yr-old-girl-stood-near-parliament-urging-pm-narendra-modi-to-pass-the-climate-change-law-now-369694.html. 
  10. "Licypriya Kangujam from India - the world's youngest climate activist - stands with Greta Thunberg and demands three new policies". Business Insider. https://www.businessinsider.in/science/environment/news/licypriya-kangujam-from-india-the-worlds-youngest-climate-activist-stands-with-greta-thunberg-and-demands-three-new-policies/articleshow/72451200.cms. 
  11. "Licypriya Kangujam". TEDxGateway. https://www.timesnownews.com/mirror-now/society/article/cop25-8-yr-old-indian-greta-urges-world-leaders-to-save-planet/526300. 
  12. "Young ones to take centre stage at TEDxGateway tomorrow". TEDxGateway. https://www.thehindu.com/news/cities/mumbai/young-ones-to-take-centre-stage-at-tedxgateway-tomorrow/article30884650.ece. 
  13. "Licypriya Kangujam". The Hindu. Archived from the original on 22 March 2020. https://web.archive.org/web/20200322165001/https://tedxgateway.com/portfolio/licypriya-kangujam/. 
  14. "Climate change, future tech take centre stage". Mumbai Mirror. Archived from the original on 22 March 2020. https://web.archive.org/web/20200322165001/https://tedxgateway.com/portfolio/licypriya-kangujam/. 
  15. "A 7-Year-Old Takes Stand Near The Parliament Urging PM Modi To Pass The Climate Change Law". ScoopWhoop. 22 June 2019. https://www.scoopwhoop.com/news/7-year-old-climate-change-parliament-pm-modi/. 
  16. "Angola backs Licypriya's green world campaign". Poknapham. 24 September 2019. Archived from the original on 9 February 2021. https://web.archive.org/web/20210209171423/https://www.poknapham.in/daily/english/4694. 
  17. "Seven-year-old becomes the youngest green activist". Daily News and Analysis. 9 September 2019. https://www.dnaindia.com/india/report-seven-year-old-becomes-the-youngest-green-activist-2789383. 
  18. "Aged 7, Licypriya Kangujam stands outside Parliament to urge Prime Minister, MPs to pass climate change law". Mirror Now. 22 June 2019. https://www.timesnownews.com/mirror-now/society/article/aged-7-licypriya-kangujam-stands-outside-parliament-to-urge-prime-minister-mps-to-pass-climate-change-law/441304. 
  19. "Biennale of Luanda - Pan-African Forum for the culture of peace". 20 September 2019. https://en.unesco.org/events/biennale-luanda-pan-african-forum-culture-peace. 
  20. "Biennale of Luanda: Pan-African Forum for the Culture of Peace". 20 September 2019. https://au.int/en/newsevents/20190918/biennal-luanda-pan-african-forum-culture-peace. 
  21. "Licypriya Kangujam met with The President of Namibia". India Education Diary. 20 September 2019. Archived from the original on 26 September 2020. https://web.archive.org/web/20200926151041/https://indiaeducationdiary.in/licypriya-kangujam-met-with-the-president-of-namibia/. 
  22. "Licypriya draws attention of world leaders on her maiden climate change movement in Angola". Rediff Realtime. 20 September 2019. https://realtime.rediff.com/news/india/Licypriya-draws-attention-of-world-leaders-on-her-maiden-climate-change-movement-in-Angola/ea169cddc93b6466. 
  23. "Licypriya Kangujam Donated ₹1,00,000 to Kerala Government to Support Victim Children of Kerala Massive Flood in 2018 but Acknowledged after almost 2 Years". Saarcyouth.org. 22 October 2019. Archived from the original on 28 September 2021. https://web.archive.org/web/20210928084038/http://www.saarcyouth.org/licypriya-kangujam-donated-to-support-million-of-victim-children-of-kerala-massive-flood-in-2018/. 
  24. "Meet Licypriya Kangujam, The Indian Climate Activist". 29 January 2020. https://www.shethepeople.tv/news/meet-licypriya-kangujam-the-indian-climate-activist. 
  25. "Licypriya Kangujam kicks off worldwide protest, demands on climate action". Pragativadi. 22 October 2019. https://pragativadi.com/licypriya-kangujam-kicks-off-worldwide-protest-demands-on-climate-action/. 
  26. Greta Thunberg; others (10 Jan 2020). "At Davos we will tell world leaders to abandon the fossil fuel economy". The Guardian. https://www.theguardian.com/commentisfree/2020/jan/10/greta-thunberg-davos-tycoons-fossil-fuels-dismantle-climate-crisis. 
  27. "At Davos we will tell world leaders to abandon the fossil fuel economy". World Economic Forum. 10 Jan 2020. https://www.weforum.org/agenda/2020/01/davos-abandon-fossil-fuel-economy-climate-change-greta-thunberg/. 
  28. "BBC World Service - BBC OS, BBC OS, How I became an 8-year-old climate activist" (en-GB ভাষাত). BBC. https://www.bbc.co.uk/programmes/p0828z5f। আহৰণ কৰা হৈছে: 2020-02-09. 
  29. "Join Celebrities, Musicians, Activists and the Pope for an All-Digital Earth Day and 24 Hours of Action" (en-GB ভাষাত). Cincinnati CityBeat. https://www.citybeat.com/arts-culture/blog/21129541/join-celebrities-musicians-activists-and-the-pope-for-an-alldigital-earth-day। আহৰণ কৰা হৈছে: 2020-02-09. 
  30. "Join Celebrities, Musicians, Activists and the Pope for an All-Digital Earth Day and 24 Hours of Action" (en-GB ভাষাত). Condé Nast Traveller. https://www.citybeat.com/arts-culture/blog/21129541/join-celebrities-musicians-activists-and-the-pope-for-an-alldigital-earth-day। আহৰণ কৰা হৈছে: 2020-02-09. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]