চেতন ভগত

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
চেতন ভগত

সংযুক্ত আৰব আমিৰাতৰ "চাৰজাহ আন্তৰাষ্ট্ৰীয় গ্ৰন্থমেলা ২০১১"-ৰ "মিট দা অথৰ" অনুষ্ঠানত ভগত, ২১ নবেম্বৰ ২০১১ তাৰিখে
জন্ম এপ্ৰিল ২২, ১৯৭৪
নতুন দিল্লী, ভাৰত
পেচা ঔপন্যাসিক, স্তম্ভ লেখক, বক্তা, চিত্ৰনাট্যকাৰ, প্ৰাক্তন বেংকাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
শিক্ষা আই আই টি দিল্লী
আই আই এম আহমেদাবাদ
ধৰণ কথাসাহিত্য, ব্যবস্থাপনা
উল্লেখনীয় কৰ্মৰাজী ফাইভ পইণ্ট চামৱান
টু ষ্টেটচ্
দাম্পত্যসংগী অনুষ্কা ভগত
সন্তান ঈসান ভগত
শ্যাম ভগত
ৱেবছাইট www.chetanbhagat.com

চেতন ভগত (ইংৰাজী: Chetan Bhagat; হিন্দী: चेतन भगत) এজন ভাৰতীয় ঔপন্যাসিক, নিবন্ধকাৰ, বক্তা, আৰু চিত্ৰনাট্যকাৰ। তেওঁ কৰ্মৰাজীৰ ভাষা ইংৰাজী। আই আই টি দিল্লী আৰু আই আই এম আহমেদাবাদৰ প্ৰাক্তন ছাত্ৰ ভগতে তেওঁ প্ৰথম উপন্যাস "ফাইভ পইণ্ট চামৱান"-ৰ জড়িয়তে ভাৰতীয়ৰ লগতে বিদেশী পাঠকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলে সক্ষম হয়। বৰ্তমানলৈকে তেওঁৰ দ্বাৰা লিখিত পাঁচোখন উপন্যাসেই বেষ্টছেলাৰৰ খিতাপ লাভ কৰিছে তাৰে মাজৰ দুখনক বলিউডৰ চলচ্চিত্ৰৰ ৰূপো দিয়া হৈছে।
ঔপন্যাসিকৰ লগতে ভগত এজন স্তম্ভ লেখক। তেওঁৰ প্ৰধানতঃ কেৰিয়াৰ, যুবশক্তি,[1] আৰু ৰাষ্ট্ৰীয় উন্নয়নক[2][3] উদ্দেশ্য কৰি লিখা নিবন্ধসমূহ হিন্দী আৰু ইংৰাজী ভাষাৰ বাতৰি কাকতত নিয়মীয়াকৈ প্ৰকাশ পায়। এনে কেইখনমান উল্লেখযোগ্য কাকত হৈছে দা গাৰডিয়ান, টাইম্ছ অফ ইণ্ডিয়া, দৈনিক ভাস্কৰ আদি। ভগত এজন প্ৰেৰণাদায়ী বক্তাও। তেওঁ বহুদেশীয় প্ৰতিষ্ঠান আৰু অন্য অনুষ্ঠানবোৰত তেওঁৰ বক্তিতা প্ৰদান কৰে।[4][5][6] ভগতে সম্পূৰ্ণ সময় লেখাত মনোনিবেশ কৰাৰ উদ্দেশ্যে ২০০৯ চনত তেওঁৰ আন্তৰাষ্ট্ৰীয় বেংকিংৰ চাকৰি এৰি দিয়ে।
২০০৮ চনত দা নিউয়ৰ্ক টাইমছ-এ ভগতক "ভাৰতৰ ইতিহাসৰ সৰ্বাধিক বিক্ৰীপ্ৰাপ্ত ইংৰাজী ভাষাৰ ঔপন্যাসিক" ৰূপে মত প্ৰদান কৰে।[7] [8] টাইম আলোচনীয়ে এখেতক ২০১০ চনৰ বিশ্বৰ ১০০ সৰ্বাধিক প্ৰভাবকাৰি ব্যক্তিৰ মাজত স্থান দিয়ে।[9]
ভগতে জানুৱাৰী ২০১১ৰ আৰম্ভণিত তেওঁৰ নিবন্ধৰ জৰিয়তে আন্না হাজাৰেজন লোকপাল বিলৰ সপক্ষে মত প্ৰকাশ কৰে।[10]

সূচী

[সম্পাদনা কৰক] কৰ্মৰাজী

[সম্পাদনা কৰক] প্ৰকাশিত উপন্যাস

  1. ফাইভ পইণ্ট চামৱান (Five Point Someone - ২০০৪)
  2. ৱান নাইট এট দা কল চেণ্টাৰ (One Night @ the Call Center - ২০০৫)
  3. দা থ্ৰি মিচটেকচ্ অফ মাই লাইফ (The 3 Mistakes of My Life - ২০০৮)
  4. টু ষ্টেটচ্ (2 States - ২০০৯)
  5. ৰিভলোচন ২০২০: লাভ, কৰাপচন, এম্বিচন (Revolution 2020: Love, Corruption, Ambition - ২০১১)

[সম্পাদনা কৰক] উপন্যাসক আধাৰ কৰি নিৰ্মাণ কৰা ছবি

বৰ্ষ উপন্যাস চলচ্চিত্ৰ ৰূপান্তৰ ভাষা প্ৰযোজক পৰিচালক টোকা
২০০৮ ৱান নাইট এট দা কল চেণ্টাৰ হেল্লো হিন্দী অতুল অগ্নিহোত্ৰী অতুল অগ্নিহোত্ৰী ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰে ভগতে
২০০৯ ফাইভ পইণ্ট চামৱান থ্ৰী ইডিয়টচ্ হিন্দী বিধু বিনোদ চোপ্ৰা ৰাজকুমাৰ হিৰাণী
২০১২ ফাইভ পইণ্ট চামৱান নন্বন তামিল জেমিনি ফ্লিম চাৰ্কিটচ্ এচ. সংকৰ "থ্ৰী ইডিয়টচ্"ৰ পুনৰনিৰ্মাণ
২০১২ টু ষ্টেটচ্ টু ষ্টেটচ্ হিন্দী চাজিদ নাদিয়াদৱালা ইমতিয়াজ আলি [11][12]

[সম্পাদনা কৰক] বঁটা আৰু কৃতিত্ব

  • চচাইটি য়ং এচিভাৰ্চ এৱাৰ্ড ২০০৪[13]
  • পাব্লিচাৰ্চ ৰিকগনেচন এৱাৰ্ড ২০০৫[13]
  • টাইম আলোচনীৰ বিশ্বৰ ১০০ সৰ্বাধিক প্ৰভাবকাৰি ব্যক্তি ২০১০[14]

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. Chetan Bhagat in Kathmandu Rejuvenates Youth Potential
  2. Bhagat, Chetan (19 August 2011). "Anna Hazare's fight for change has inspired millions of Indians". The Guardian (London). http://www.guardian.co.uk/world/2011/aug/17/anna-hazare-arrest-inspired-indians. Retrieved 17 August 2011. 
  3. http://www.chetanbhagat.com/columns/
  4. http://www.cio.in/idm/8909
  5. The Times Of India. http://articles.timesofindia.indiatimes.com/2011-02-13/special-report/28547374_1_corruption-electric-power-political-party. 
  6. http://www.chetanbhagat.com/speeches/becoming-one-with-the-world/
  7. Greenlees, Donald (March 26, 2008). "An Investment Banker Finds Fame Off the Books". The New York Times.
  8. "Chetan Bhagat's much-anticipated novel will be released this October". Asia Pacific Arts. 09/20/2011. http://asiapacificarts.usc.edu/article@apa?chetan_bhagats_much-anticipated_novel_will_be_released_this_october_17395.aspx. 
  9. Time 100 most influential people in the world list
  10. The Times Of India. http://articles.timesofindia.indiatimes.com/2011-01-29/edit-page/28370196_1_cbi-raid-kings-cbi-officials/2. 
  11. Singh, Prashant (November 21, 2011). "Ranbir Kapoor confirms 2 States offer". Hindustan Times. http://www.hindustantimes.com/Entertainment/Bollywood/Ranbir-Kapoor-confirms-2-States-offer/Article1-771971.aspx. Retrieved December 10, 2011. 
  12. "Ranbir Kapoor denies teaming up with Imtiaz Ali for 2 States". Oneindia Entertainment. November 21, 2011. http://entertainment.oneindia.in/bollywood/news/2011/ranbir-kapoor-imtiaz-ali-states-211111.html. Retrieved December 10, 2011. 
  13. 13.0 13.1 http://www.delhispider.com/resources/2288-Biodata-Chetan-Bhagat.aspx
  14. Time. 21 April 2011. http://search.time.com/results.html?N=0&Nty=1&Ntt=chetan+bhagat&x=0&y=0&p=0&cmd=tags&srchCat=Full+Archive. 

[সম্পাদনা কৰক] বহিঃসংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত