কামেং নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জীয়াভৰলীৰ পৰা পুনঃনিৰ্দেশিত)

স্থানাংক: 26°38′N 92°53′E / 26.633°N 92.883°E / 26.633; 92.883

কামেং নদী
ভালুকপুঙত কামেং নদী
দেশ  ভাৰত
প্ৰদেশসমূহ অসম, অৰুণাচল প্ৰদেশ
উৎস অৰুণাচল প্ৰদেশটাৱাং জিলাগৌৰী ছেন পৰ্বতৰ এটা হিমবাহ দক্ষিণ তিব্বতৰ ভাৰত-তিব্বত সীমান্ত
 - অৱস্থান পূব হিমালয় পৰ্বতমালা,  ভাৰত
 - উচ্চতা ৬,৩০০ মি (২০,৬৬৯ ফুট)
 - স্থানাঙ্ক 27°48′N 92°26′E / 27.8°N 92.433°E / 27.8; 92.433
দৈৰ্ঘ্য ২৬৪ কিমি (১৬৪ মাইল)

কামেং নদী (পূৰ্বৰ নাম ভৰলী নদী), ব্ৰহ্মপুত্ৰ নদীৰ এখন উল্লেখযোগ্য উপনৈ। ই অৰুণাচল প্ৰদেশটাৱাং জিলাগৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে। বৰ্তমান ই অৰুণাচল প্ৰদেশকামেং নদী আৰু অসমজীয়া ভৰলী বুলি জনা যায়। কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)। এই নদীৰ উপত্যকা প্ৰায় ১১,৮৪৩ বৰ্গ কিঃমিঃ (৪,৫৭৩ মাইল) জুৰি বিস্তৃত হৈ আছে।

উৎপত্তি আৰু গতিপথ[সম্পাদনা কৰক]

অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে। ইয়াৰ অৱস্থান হৈছে 27°48′36″N 92°26′38″E / 27.81°N 92.44389°E / 27.81; 92.44389[1] কামেং নদীখন দক্ষিণ তিব্বতৰ ভাৰত-তিব্বত সীমান্তত উৎপত্তি হৈ অৰুণাচল প্ৰদেশপশ্চিম কামেং জিলাৰ মাজেদি বৈ গৈছে। ইয়াৰ পিছত ই অসমশোণিতপুৰ জিলাত প্ৰৱেশ কৰিছে। কলিয়াভোমোৰা সেতুৰ পূব দিশে তেজপুৰত ই ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি গৈছে।[2]

ভূগোল[সম্পাদনা কৰক]

কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)। এই নদীৰ উপত্যকা প্ৰায় ১১,৮৪৩ বৰ্গ কিঃমিঃ (৪,৫৭৩ মাইল) জুৰি বিস্তৃত হৈ আছে।[3]

কামেং নদীখনে অৰুণাচল প্ৰদেশৰ পূব কামেং জিলা আৰু পশ্চিম কামেং জিলাৰ সীমা নিৰ্ধাৰিত কৰিছে। ইয়াৰ উপৰিও ই দুখন বনাঞ্চলৰ মাজত সীমা নিৰ্ধাৰিত কৰিছে। নদীখনৰ পশ্চিমে ছেছা আৰু ঈগলনেষ্ট অভয়াৰণ্য আৰু পূবে পক্বে ব্ৰাঘ্য প্ৰকল্প আৰু অসমত নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত।[4] কামেং নদীৰ পূবে ডফলা পাহাৰ আৰু পশ্চিমে অকা পাহাৰ অৱস্থিত।

উপনদী[সম্পাদনা কৰক]

ভালুকপুঙ-ব’মডিলা পথত তিপ্পি নামৰ গাঁৱত তিপ্পি নদী কামেং নদীৰ লগ হৈছে। তিপ্পি নদী ঈগলনেষ্ট-ছেছা অভয়াৰণ্যৰ মাজেদি বৈ গৈছে। কামেং নদীৰ আন উপনৈ সমূহ হৈছে টেঙা, বিচম, ডিৰাঙ ছু ইত্যাদি।[5]

সংৰক্ষিত বনাঞ্চল[সম্পাদনা কৰক]

কামেং নদী উপত্যকাৰ দুখন মুখ্য বনাঞ্চল আছে: পক্বে ব্ৰাঘ্য প্ৰকল্প (নদীখনৰ পূবত অৱস্থিত) আৰু ছেছা আৰু ঈগলনেষ্ট অভয়াৰণ্য (নদীখনৰ পশ্চিমত অৱস্থিত)।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Alpine Club Library - Himalayan Index - Results of Search by latitude/longitude Archived 2012-02-08 at the Wayback Machine
  2. "Eaglenest Biodiversity Project map of Western Arunachal Pradesh". Archived from the original on 2007-10-18. https://web.archive.org/web/20071018012042/http://www.clsp.jhu.edu/people/zak/ramana/wapMiscLogistics.htm#WapLayoutMap। আহৰণ কৰা হৈছে: 2012-11-04. 
  3. Rao, K.L. (1979). India's Water Wealth. Orient Blackswan. পৃষ্ঠা. 78. ISBN 978-81-250-0704-3. http://books.google.com/books?id=DZNrXuA2y3MC&pg=PA78। আহৰণ কৰা হৈছে: 1 May 2011. 
  4. "Eaglenest Biodiversity Project map of Eaglenest Wildlife Sanctuary". Archived from the original on 2007-09-18. https://web.archive.org/web/20070918192235/http://www.clsp.jhu.edu/people/zak/ramana/wapLocEaglenest.htm#EaglenestMap। আহৰণ কৰা হৈছে: 2012-11-04. 
  5. Nandy S.N. District Profile: WEST KAMENG DISTRICT, G.B. Pant Institute of Himalayan Environment and Development, Kosi-Katarmal, Almora 263643, India WEST KAMENG DISTRICT