বাঘ বাহাদুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাঘ বাহাদুৰ
পৰিচালক বুদ্ধদেৱ দাসগুপ্ত
ৰচনা বুদ্ধদেৱ দাসগুপ্ত
প্ৰফুল্ল ৰায় (কাহিনী)
প্ৰযোজক বুদ্ধদেৱ দাসগুপ্ত
দুলাল কে. ৰায়-কাৰ্যবাহী প্ৰযোজক
অভিনয়ত অৰ্চনা
পবন মালহোত্ৰা
চিত্ৰগ্ৰহণকাৰী বেণু
সংগীত পৰিচালক শান্তনু মহাপাত্ৰ
মুক্তি
১৯৮৯ (1989)
দৈৰ্ঘ্য
৯৮ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

বাঘ বাহাদুৰ (ইংৰাজী: Bagh Bahadur ) প্ৰফুল্ল ৰায়ৰ চুটিগল্পৰ আধাৰত নিৰ্মিত ১৯৮৯ চনৰ এখন হিন্দী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। পৰিচালনা আৰু চিত্ৰনাট্ বুদ্ধদেৱ দাসগুপ্তৰ।[1][2]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

‘বাঘ বাহাদুৰ’ৰ কাহিনী গ্ৰামীণ বংগৰ পটভূমিত ৰচিত। সস্তীয়া আৰু আড়ম্বৰপূৰ্ণ নগৰীয়া সংস্কৃতিয়ে কেনেকৈ গ্ৰামীণ লোক-পৰম্পৰাক ক্ৰমশঃ গ্ৰাস কৰি গৈছে, তাকেই ছবিখনত প্ৰতীকি ৰূপত উপস্থাপন কৰা হৈছে। ঘুনুৰাম এজন লোকশিল্পী। সি বাঘৰ দৰে বেশভূষা কৰি ‘বাঘনৃত্য’ প্ৰদৰ্শন কৰে। সেইবাবে ৰাইজে তাক বাঘ বাহাদুৰ নামেৰেও জানে। কেইবাখনো গাঁৱৰ মাজত অনুষ্ঠিত হোৱা মেলাত সি বাঘনৃত্য প্ৰদৰ্শন কৰিবলৈ যায়। কিন্তু ৰাইজৰ তাৰ নৃত্যৰ প্ৰতি অলপো আগ্ৰহ নাই। ৰাইজৰ আগ্ৰহ মেলালৈ নতুনকৈ অহা চিতাবাঘটোৰ প্ৰতিহে।[3]

অভিনয়-শিল্পী[সম্পাদনা কৰক]

  • পবন মালহোত্ৰা (বাঘ বাহাদুৰ)
  • অৰ্চনা (ৰাধা)
  • এম.ভি. বাসুদেৱ ৰাও (শিবাল)
  • বিপ্লৱ চেতাৰ্জী
  • ৰাজেশ্বৰী ৰায়চৌধুৰী

বঁটা[সম্পাদনা কৰক]

১৯৮৯ – শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[4]

তথ্যউৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]