শোধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শোধ
পৰিচালক বিপ্লৱ ৰায়চৌধুৰী
প্ৰযোজক সীতাকান্ত মিশ্ৰ
অভিনয়ত ওম পুৰী
সংগীত পৰিচালক সান্তনু মহাপাত্ৰ
মুক্তি
১৯৭৯
দেশ ভাৰত
ভাষা হিন্দী

শোধ (ইংৰাজী: Shodh) হৈছে ১৯৭৯ চনৰ বিপ্লৱ ৰয় চৌধুৰী পৰিচালিত আৰু সীতাকান্ত মিশ্ৰ প্ৰযোজিত হিন্দী ভাষাত নিৰ্মিত এখন বলীউডী ভৌতিক ছবি, যিখন সুনীল গংগোপাধ্যায়ৰ বাংলা গ্ৰন্থ গৰম ভাত ও নিচক ভূতেৰ গপ্পোৰ আধাৰত নিৰ্মিত।[1]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

যৌৱনত গাঁৱৰ পৰা নিৰ্বাসিত হৈ চহৰত নিজকে প্ৰতিষ্ঠা কৰা সুৰেন্দ্ৰ পিতৃৰ মৃত্যুৰ খবৰ পাই পুনৰ গাঁৱলৈ আহে। খবৰ অনুযায়ী ভূতৰ হাতত তেওঁৰ পিতৃৰ মৃত্যু ঘটিছে। সুৰেন্দ্ৰই ঘোষণা কৰে যে যিয়ে তেওঁক ভূত দেখুৱাবলৈ সফল হ’ব তেওঁক পুৰস্কৃত কৰা হ’ব। তেওঁৰ এই ঘোষণাই দুখীয়া ভোকাতুৰ খেতিয়কসকলক আকৰ্ষণ কৰে। যাৰ ফলত এজন নিৰীহ লোকক ভূত বুলি অভিযোগ উত্থাপন কৰা হয়, আনকি ভূত বুলি সাব্যস্ত কৰাৰ বাবে নিৰীহ লোকজনক হত্যাও কৰা হয়।

অভিনয়-শিল্পী[সম্পাদনা কৰক]

বঁটা[সম্পাদনা কৰক]

তথ্যউৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]