মহাসাগৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
Rotating series of maps showing alternate divisions of the oceans
পৃথিৱীৰ সামুদ্ৰিক জলভাগক প্ৰদৰ্শন কৰা মানচিত্ৰ, ‘বিশ্ব মহাসাগৰ’-ক কেইবাটাও অঞ্চলতভাগ কৰা হৈছে। সচৰাচৰ পাঁচ মহাসাগৰৰ বিভাজনক মানি লোৱা হয়: প্ৰশান্ত, আটলাণ্টিক, ভাৰত, উত্তৰ, আৰু দক্ষিণ; শেষৰ দুখনক কেতিয়াবা প্ৰথম তিনিখনৰ অংশ ৰূপে গণ্য কৰা হয়।

মহাসাগৰ (ইংৰাজী: Ocean) হৈছে অতি বিশাল আৰু লবণযুক্ত বিপুল জলৰাশি যি পৃথিৱীক পৰিবেষ্টন কৰি আছে। পৃৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৭০% জলৰাশিৰে আবৰা। এই বিপুল জলৰাশি আকৌ অনেক মহাসাগৰ আৰু সৰু সৰু সাগৰত বিভক্ত।

মহাসাগৰৰ ইংৰাজী প্ৰতিশব্দ Ocean আহিছে গ্ৰীক ভাষাৰ শব্দ ‘অচিনোজ’ (Ὠκεανὸς)-ৰ পৰা।[1] অচিনোজ হৈছে গ্ৰীক পুৰাণৰ বাৰজন টাইটানৰ এজন। তেওঁ আছিল সমস্ত সামুদ্ৰিক জলভাগৰ আদি দেৱতা। টাইটানসকলৰ পৰাজয়ৰ পাছত পোচাইডন সমুদ্ৰৰ দেৱতা হয়।

মহাসাগৰৰ অৰ্ধেকতকৈ বেছি অংশৰ গড় গভীৰতা ৪,২৬৭ মিটাৰ (১৩,৯৯৯ ফুট)-তকৈ বেছি।[2] বৈজ্ঞানিসকলে হিচাপ কৰি দেখিছে যে, মহাসাগৰ প্ৰায় ২,৩০,০০০ সামুদ্ৰিক আৰু জলজ প্ৰাণী আছে। প্ৰকৃতপক্ষে ই নিৰ্ধাৰিত সংখ্যাতকৈ ১০ গুণ বেছি হ'ব পাৰে।[3]

[সম্পাদনা কৰক] পৰিচিতি

প্ৰচলিতভাবে বিভিন্ন ধৰণৰ মহাসাগৰৰ নাম দেখা যায়। কিন্তু এই সকলোবোৰ মহাসাগৰ হৈছে এক আন্তঃসংযোগকৃত লবণাক্ত জলৰাশিৰ অংশ। এই জলৰাশিক ‘বিশ্ব মহাসাগৰ’ ৰূপে নামাকৰণ কৰা হয়।[4][5] মহাসাগৰ মূলতঃ এখনেই। ভূগোলবিদসকলে অধ্যয়ণৰ সুবিধাৰ্থে মহাসাগৰক ৫টা অংশৰ বিভক্ত কৰিছে। মহাসাগৰীয় বিভাজনসমূহ সংজ্ঞায়িত আৰু মূল্যায়িত হৈছে - মহাদেশ, মাটিৰ স্তৰ আৰু অন্যান্য চৰ্তাৱলীক কেন্দ্ৰ কৰি। এই পাঁচ বিভাজন হৈছে (আকাৰৰ হ্ৰাসমান ক্ৰমত):

  1. প্ৰশান্ত মহাসাগৰ: আমেৰিকাএছিয়া আৰু অষ্ট্ৰেলিয়াৰ পৰা বিভক্ত কৰিছে।
  2. আটলান্টিক মহাসাগৰ: আমেৰিকাক ইউৰেছিয়া আৰু আফ্ৰিকাৰ পৰা বিভক্ত কৰিছে।
  3. ভাৰত মহাসাগৰ: দক্ষিণ এছিয়াক আবৰি ৰাখিছে আৰু আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াক বিভক্ত কৰিছে।
  4. দক্ষিণ মহাসাগৰ বা এন্টাৰ্কটিকা মহাসাগৰ: ইয়াক কেতিয়াবা প্ৰশান্ত, আটলান্টিক আৰু ভাৰত মহাসাগৰৰ বহিৰাংশ হিচাবে গণ্য কৰা হয়[6] যি এন্টাৰ্কটিকা মহাদেশক আবৰি ৰাখিছে।
  5. উত্তৰ মহাসাগৰ: ইয়াক কেতিয়াবা আটলান্টিক মহাসাগৰৰ এক সমুদ্ৰ হিচাবে গণ্য কৰা হয় যি সুমেৰুৰ অধিকাংশ অঞ্চল আৰু উত্তৰ আমেৰিকা আৰু ইউৰেছিয়াৰ একাংশ আবৰি ৰাখিছে।

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. Ὠκεανός, Henry George Liddell, Robert Scott, A Greek–English Lexicon, at Perseus project
  2. "How deep is the ocean?". National Oceanic and Atmospheric Administration. http://oceanservice.noaa.gov/facts/oceandepth.html. Retrieved 2011-12-03. 
  3. Drogin, Bob (October 24, 2003). "Census of Marine Life maps an ocean of species". Los Angeles Times. http://www.latimes.com/new/la-na-fish2-2009aug02,0,5785256.story?page=1&track=ntothtml. Retrieved August 18, 2009. 
  4. "Ocean". The Columbia Encyclopedia. 2002. New York: Columbia University Press
  5. "Distribution of land and water on the planet". UN Atlas of the Oceans
  6. "Limits of Oceans and Seas, 3rd edition". International Hydrographic Organization. 1953. http://www.iho-ohi.net/iho_pubs/standard/S-23/S23_1953.pdf. Retrieved 7 February 2010. 


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত