মামিত জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মামিত জিলা
—  মিজোৰামৰ জিলা  —
মিজোৰামত মামিত জিলাৰ অৱস্থান
মিজোৰামত মামিত জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মিজোৰাম
Established
চহৰ মামিত
মাটিকালি
 - মুঠ ৩,০২৫ কি.মি. 
(১,১৬৮ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ৮৬,৩৬৪ জন
 - জনঘনত্ব ২৮.৬ প্ৰতি বৰ্গ কি.মি. 
(৭৩.৯ প্ৰতি বৰ্গ মাইল)
Demographics
 - সাক্ষৰতা 84.93%[1]
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+০৫:৩০)
ৱেবছাইট mamit.nic.in

ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত মামিত জিলা অন্যতম। মামিত জিলা মিজোৰামৰ পশ্চিম প্ৰান্তত অৱস্থিত। ইয়াৰ আন্তৰ্জাতিক সীমা বাংলাদেশৰ সৈতে সংযুক্ত, আৰু ই সাজেক নদীৰ দ্বাৰা বিভক্ত। সীমান্ত জিলা হোৱা বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত মামিত জিলাৰ অতি তাৎপৰ্য আছে।

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

এই জিলাখনৰ উত্তৰে অসম ৰাজ্যৰ হাইলাকান্দি জিলা; পশ্চিমে ত্ৰিপুৰা ৰাজ্যৰ উত্তৰ ত্ৰিপুৰা জিলা আৰু বাংলাদেশ; দক্ষিণে লুংলেই জিলা আৰু পূবে কোলাছিব আৰু আইজল জিলা অৱস্থিত। এই জিলাখনৰ আয়তন হৈছে ৩০২৫.৭৫ কিলোমিটাৰ। মামিত চহৰ জিলাখনৰ প্ৰশাসনিক সদৰ।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Mamit District : Census 2011 data". census2011.co.in. https://www.census2011.co.in/census/district/386-mamit.html. 
  2. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011.