অমৰীশ পুৰী
অমৰীশ পুৰী | |
---|---|
![]() ২০০৩ চনত অমৰীশ পুৰী | |
জন্ম | অমৰীশ লাল পুৰী ২২ জুন, ১৯৩২ নাৱানচহৰ, পঞ্জাব, ভাৰত |
মৃত্যু | ১২ জানুৱাৰী, ২০০৫ (৭২ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | অভিনেতা |
সক্ৰিয় হৈ থকা সময় | ১৯৬৭-২০০৫ |
দাম্পত্যসঙ্গী | উৰ্মিলা ডিভেকাৰ (১৯৫৭-২০০৫) |
সন্তান | ২ |
অমৰীশ পুৰী (ইংৰাজী: Amrish Puri; ২২ জুন ১৯৩২ – ১২ জানুৱাৰী ২০০৫[1]) এগৰাকী ভাৰতীয় অভিনেতা আৰু থিয়েটাৰ শিল্পী আছিল। তেওঁ ঘাইকৈ হিন্দী চলচ্চিত্ৰ সমূহত খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষ ভাবে জনাজাত।
তেওঁ সত্যদেৱ ডুবে আৰু গিৰীশ কৰ্ণাড আদিৰ দৰে বিখ্যাত নাট্যকাৰৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছিল। ১৯৭০ চনত দেৱ আনন্দৰ প্ৰেম পূজাৰী ছবিৰ জৰিয়তে অমৰীশ পুৰীৰ বলীউডত অভিষেক ঘটিছিল অভিনেতা। অধিকাংশ ছবিতে খলনায়কৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা পুৰীয়ে প্ৰায় ৪০০ ৰো অধিক ছবিত অভিনয় কৰিছিল। মিষ্টাৰ ইণ্ডিয়া, বিধাতা, মেৰি জংগ, ত্ৰিদেৱ, ঘায়ল, ডামিনী, কৰন–অৰ্জুন, নায়ক আদি ছবিৰ অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁৰ অভিনয়ৰ বাবে তিনিটা ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা লাভ কৰিছে।
২০০৫ চনৰ ১২ জানুৱাৰীত ৭২ বছৰত মাইল'ডীচপ্লাষ্টিক ছাইনড্ৰ'ম নামৰ এবিধ জটিল ৰক্ত ৰোগত আক্ৰান্ত হৈ মুম্বাইত অমৰীশ পুৰীৰ মৃত্যু হৈছিল। ২০১৯ চনৰ ২২ জুন তাৰিখে গুগলে তেওঁৰ ৮৭তম জন্মদিনৰ উপলক্ষে ডুডুল প্ৰদৰ্শন কৰিছিল।
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ "Amrish Puri is Dead". January 12, 2005. Archived from the original on 9 July 2013. https://web.archive.org/web/20130709081955/http://www.rediff.com/movies/2005/jan/12puri.htm.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত অমৰীশ পুৰী সম্পৰ্কীয় মিডিয়া ফাইল।
- অমৰীশ পুৰী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- অমৰীশ পুৰীৰ অভিনীত চলচ্চিত্ৰৰ তালিকা
- অমৰীশ পুৰীৰ বিষয়ে প্ৰবন্ধ