আপেক্ষিকতাবাদ তত্ত্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আপেক্ষিকতাবাদৰ সূত্ৰৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বত বৰ্ণিত ত্ৰিমাত্ৰিক স্থানকালৰ বক্ৰতাৰ দ্বিমাত্ৰিক প্ৰক্ষেপণ

আপেক্ষিকতাবাদ তত্ত্ব বুলিলে পদাৰ্থবিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে আগবঢ়োৱা দুই আন্তঃসম্পৰ্কীয় তত্ত্বক বুজোৱা হয়: বিশেষ আপেক্ষিকতাবাদ তত্ত্ব আৰু সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব। মাধ্যাকৰ্ষণৰ অনুপস্থিতিত মৌলিক কণাসমূহৰ সকলোধৰণৰ ভৌতিক পৰিঘটনা ব্যাখ্যা কৰিবলৈ বিশেষ আপেক্ষিতাবাদ তত্ত্ব প্ৰয়োগ হয়। সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বই মহাকৰ্ষণ সূত্ৰ আৰু প্ৰকৃতিৰ আনবোৰ বলৰ সৈতে ইয়াৰ সম্পৰ্কৰ ব্যাখ্যা আগবঢ়ায়। জ্যোতিৰ্বিজ্ঞান আৰু ব্ৰহ্মাণ্ডতত্ত্ব অধ্যয়ন, আৰু মহাকাশৰ গূঢ়াৰ্থ বুজিবলৈ এই তত্ত্ব বহুলভাৱে প্ৰয়োগ হয়।

মূলতঃ আইজাক নিউটনে আগবঢ়োৱা ২০০ বছৰ পুৰণি বলবিজ্ঞানৰ তত্ত্বক ওফৰাই কুৰি শতিকাত আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বই তাত্ত্বিক পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ ৰেহৰূপ সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। এই তত্ত্বই মহাকাশ আৰু সময়ক লগ লগাই স্থানকাল, সমকালীনতাৰ আপেক্ষিকতা (Relativity of simultaneity), গতিশীল আৰু মাধ্যাকৰ্ষণীয় সময় প্ৰসাৰণ, দৈৰ্ঘ্য সংকোচন- ইত্যাদি কেতবোৰ নতুন ধাৰণাৰ জন্ম দিছিল। পদাৰ্থবিজ্ঞানৰ ভিতৰচ'ৰাত আপেক্ষিকতাবাদ তত্ত্বৰ আগমনে মৌলিক কণিকাসমূহ আৰু সিহঁতৰ আন্তঃক্ৰিয়া বুজাত সহায় কৰিলে, তাৰ লগতে অৱশ্যে নিউক্লীয় যুদ্ধৰ কাল সৃষ্টিতো সহায়ক প্ৰতিপন্ন হ'ল। আপেক্ষিকতাবাদ তত্ত্বৰ সহায় লৈ জ্যোতিৰ্বিজ্ঞান আৰু ব্ৰহ্মাণ্ডতত্ত্বই নিউট্ৰন তৰা, কৃষ্ণগহ্বৰ, মহাকৰ্ষনিক তৰংগ আদিৰ দৰে চমৎকাৰী মহাজাগতিক পৰিঘটনাৰ ভৱিষ্যৎবাণী কৰিছিল।[1][2][3]

তত্ত্বটোৰ বিকাশ আৰু প্ৰতিক্ৰিয়া[সম্পাদনা কৰক]

এলবাৰ্ট আইনষ্টাইনে ১৯০৫ চনত বিশেষ আপেক্ষিকতাবাদ তত্ত্ব প্ৰকাশ কৰিছিল। তত্ত্বটো আৱিষ্কাৰ কৰিবলৈ যাওঁতে আইনষ্টাইনে তেওঁৰ পূৰ্বজ এলবাৰ্ট এ. মাইকেলছন, হেণ্ড্ৰিক লৰেঞ্জ্, হেনৰি পঁইকাৰ আদিৰ তাত্ত্বিক আৰু আনুমানিক ফলাফলসমূহৰ সহায় লৈছিল। পিছত মেক্স প্লাংক, হাৰমান মিনকস্কি আৰু আন বিজ্ঞানীয়ে এই তত্ত্বৰ বিকাশত অৰিহণা যোগাইছিল।

১৯০৭ৰ পৰা ১৯১৫ চনৰ ভিতৰত আইষ্টাইনে তেওঁৰ সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বৰ বিকাশসাধন কৰিছিল। ১৯১৫ চনৰ পিছত আন বহুতৰ অৰিহণাকো তেওঁ এই সূত্ৰত অন্তৰ্ভুক্ত কৰিছিল। সাধাৰণ আপেক্ষিকতাবাদৰ চূড়ান্ত ৰূপটো প্ৰকাশ পাইছিল ১৯১৬ চনত।

"আপেক্ষিকতাবাদ তত্ত্ব" (theory of relativity) নামটো ১৯০৬ চনত প্লাংকে ব্যৱহাৰ কৰা "relative theory" (জাৰ্মান: Relativtheorie) ৰ ওপৰত ভিত্তি কৰি লোৱা হৈছিল । প্লাংকে তেওঁৰ পত্ৰখনত আপেক্ষিকতাবাদৰ নীতি কিদৰে প্ৰয়োগ হয়, সেইসম্পৰ্কে জোৰ দিছিল । একেখন গৱেষণা পত্ৰৰে আলোচনা শিতানত আলফ্ৰে'ড বুছেৰাৰে প্ৰথম বাৰৰ বাবে "theory of relativity" (জাৰ্মান: Relativitätstheorie) পদটো ব্যৱহাৰ কৰিছিল ।[4][5]

১৯২০ৰ দশকৰ ভিতৰত পদাৰ্থবিজ্ঞান সমাজে বিশেষ আপেক্ষিকতাবাদ তত্ত্ব বুজি উঠিছিল আৰু এই তত্ত্বক আদৰি লৈছিল। কম সময়ৰ ভিতৰতে ই তাত্ত্বিক আৰু প্ৰায়োগিক পদাৰ্থবিজ্ঞানীসকলৰ বাবে পাৰমাণৱিক পদাৰ্থবিজ্ঞান, নিউক্লীয় পদাৰ্থবিজ্ঞান আৰু কোৱান্টাম বলবিজ্ঞানৰ নতুন নতুন ক্ষেত্ৰসমূহ অধ্যয়ন কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ তথা লাগতিয়াল আহিলা হৈ পৰিল।

আনফালে, সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বটো নিউটনৰ মহাকৰ্ষণ তত্ত্বই কৰা দুটামান ভৱিষ্যৎবাণীৰ কিছু শুধৰণি কৰাৰ বাহিৰে বিশেষ কামত অহা নাছিল। ব্যৱহাৰিক পৰীক্ষাৰ দ্বাৰা এই তত্ত্বৰ প্ৰাসংগিকতা নিৰ্ণয় কৰাৰ সম্ভাৱনা বৰ কম আছিল, কাৰণ সাধাৰণ আপেক্ষিকতাবাদৰ ফলাফলবোৰ মহাজাগতিক স্কেলতহে অৰ্থপূৰ্ণ। এই তত্ত্বৰ গাণিতিক ৰূপটোও যথেষ্ট কঠিন আছিল আৰু মাত্ৰ কেইজনমান লোকেহে ইয়াক ভালদৰে বুজিব পাৰে বুলি ভবা হৈছিল। অৱশ্যে ১৯৬০চনৰ আশে-পাশে এই তত্ত্ব পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ কেন্দ্ৰীয় বিষয় হৈ পৰিছিল। সাধাৰণ আপেক্ষিকতাবাদত ব্যৱহাৰ কৰিবলৈ নতুন নতুন গাণিতিক উপায় উদ্ভাৱনৰ লগে লগে গণনাৰ কাম-কাজখিনি পূৰ্বতকৈ সহজ হ'ল আৰু তত্ত্বটোৰ ধাৰণাবোৰো মনঃচকুৰে দৃশ্যাংয়ন কৰিব পৰা হ'ল। পৰৱৰ্তী সময়ত কোৱাছাৰ (১৯৬৩), ৩ কেলভিন উষ্ণতাৰ মাইক্ৰ'ৱেভ পটভূমিৰ বিকিৰণ (১৯৬৫), পালছাৰ (১৯৬৭) আৰু প্ৰথমটো সম্ভাৱ্য কৃষ্ণগহ্বৰ (১৯৮১) আৱিষ্কাৰ হোৱাৰ লগে লগে সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বই সিহঁতৰ অস্তিত্বৰ কাৰণ ব্যাখ্যা কৰিলে। তদুপৰি সেইসম্পৰ্কে আগবঢ়োৱা গণনাৰ সত্যতাই সাধাৰণ আপেক্ষিক তত্ত্বৰ ভেটি সুদৃঢ় কৰিলে।

বিশেষ আপেক্ষিকতাবাদ[সম্পাদনা কৰক]

বিশেষ আপেক্ষিকতাবাদ তত্ত্বটো স্থান-কালৰ গঠন সম্পৰ্কীয় এটা তত্ত্ব। আইনষ্টাইনৰ ১৯০৫ চনত প্ৰকাশিত পত্ৰিকা “On the Electrodynamics of Moving Bodies” ত এই তত্ত্বটো প্ৰকাশ পাইছিল। বিশেষ আপেক্ষিকতাবাদৰ তত্ত্বটো দুটা স্বতঃসিদ্ধৰ ওপৰত ওপৰত আধাৰিত, যি দুটা ধ্ৰুপদী বলবিজ্ঞানৰ দিশৰ পৰা পৰস্পৰবিৰুদ্ধ। এই স্বতঃসিদ্ধ দুটা হৈছে:

(১) এজন আনজনৰ সাপেক্ষে সুষমভাৱে গতি কৰি থাকিলে সকলো নিৰীক্ষকৰ বাবেই পদাৰ্থবিজ্ঞানৰ সূত্ৰবোৰ একে (আপেক্ষিকতাবাদৰ নীতি)।

(২) যিকোনো নিৰীক্ষকৰ বাবেই শূন্যত পোহৰৰ বেগ সমান। পোহৰৰ বেগৰ মানটো নিৰীক্ষক আৰু পোহৰৰ মাজৰ আপেক্ষিক গতি বা পোহৰৰ উৎসৰ বেগৰ ওপৰত নিৰ্ভৰ নকৰে।

ধ্ৰুপদী বলবিজ্ঞানতকৈ এই স্বতঃসিদ্ধ দুটাৰ পৰিণতিত জন্ম হোৱা তত্ত্বটো পৰীক্ষালব্ধ ফলাফলবোৰৰ সৈতে বেছি ভালদৰে খাপ খায়। উদাহৰণস্বৰূপে, ২ নং স্বতঃসিদ্ধটোৱে মাইকেলশ্বন-মৰ্লিৰ পৰীক্ষাটোৰ ফলাফল সঠিকভাৱে ব্যাখ্যা কৰে। ইয়াৰ লগতে এই তত্ত্বটোৰ বহুকেইটা চমৎকাৰী আৰু মানুহৰ কাণ্ড-জ্ঞানেৰে ভাবিব নোৱাৰা পৰিণতি আছে। এনেকুৱা কেইটামান পৰিণতি হৈছে:

  • সমকালিনতাৰ আপেক্ষিকতা: যদি দুজন নিৰীক্ষকৰ এজনৰ সাপেক্ষে আনজনৰ আপেক্ষিক গতি চলি থাকে, তেতিয়া এজন নিৰীক্ষকে দুটা ঘটনা একে সময়ত হোৱা দেখিলেও আনজন নিৰীক্ষকৰ মতে সেই ঘটনা দুটা একে সময়ত নঘটিবও পাৰে।
  • সময় প্ৰসাৰণ: যিকোনো এজন নিৰীক্ষকে স্থিতিশীল ঘড়ী এটাতকৈ গতিশীল ঘড়ী এটাত ঘড়ীৰ কাটা লাহে লাহে ঘূৰা দেখিব, অৰ্থাৎ সময়ৰ বেগ কমি যাব। আন কথাত নিৰীক্ষকজনৰ সাপেক্ষে গতিশীল ঘড়ীটোত সময়ৰ প্ৰসাৰণ ঘটা বুলিও ক'ব পাৰি।
  • দৈৰ্ঘ্য সংকোচন: এজন নিৰীক্ষকৰ সাপেক্ষে বস্তু এটা যি দিশত গতি কৰে, সেইটো দিশত বস্তুটো চুটি হৈ পৰে।
  • সৰ্বাধিক বেগৰ সীমা: কোনো ভৌতিক বস্তু, বাৰ্তা বা ক্ষেত্ৰৰেখাই শূন্যৰ মাজেৰে পোহৰতকৈ বেছি বেগত যাব নোৱাৰে।
  • মহাকাশৰ মাজেৰে মাধ্যাকৰ্ষণৰ প্ৰভাৱটো পোহৰৰ বেগতহে যাব পাৰে, তাতকৈ বেছি বেগত বা মুহূৰ্তৰ ভিতৰতে যাব নোৱাৰে।
  • ভৰ-শক্তিৰ সমতুল্যতা: , এই সূত্ৰটোৱে ইংগিত দিয়ে যে ভৰ আৰু শক্তি দুটা সমতুল্য ৰাশি, আৰু ইয়াৰ এটাক আনটোলৈ ৰূপান্তৰ কৰিব পাৰি।
  • আপেক্ষিকীয় ভৰৰ ধাৰণা, যিটো কিছু গৱেষকে ব্যৱহাৰ কৰিছে।[6]

বিশেষ আপেক্ষিকতাবাদৰ সবাতোকৈ উল্লেখনীয় দিশটো হৈছে পূৰ্বৰ ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ গেলিলিয়ান ৰূপান্তৰক লৰেঞ্জ্ ৰূপান্তৰলৈ উন্নীত কৰা। 

সাধাৰণ আপেক্ষিকতাবাদ[সম্পাদনা কৰক]

সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বটো আইনষ্টাইনে ১৯০৭-১৯১৫ কালছোৱাৰ ভিতৰত বিকাশসাধন কৰা এটা মহাকৰ্ষণিক সূত্ৰ। সাধাৰণ আপেক্ষিকতাবাদৰ ভেটি নিৰ্মাণ হৈছিল সমতুল্যতা নীতিৰ ওপৰত। এই নীতি অনুসৰি ত্বৰিত গতিত থকা আৰু মাধ্যাকৰ্ষণিক ক্ষেত্ৰ এখনত স্থিৰে থকাটো (উদাহৰণস্বৰূপে ধৰাপৃষ্ঠত থিয় দি থকা) সমাৰ্থক কথা। ইয়াৰ পৰিণতিটো হ'ল যে ভূ-পৃষ্ঠলৈ যিকোনো বস্তুৰ বাধাহীন বা মুক্ত পতন এটা জড় গতি, অৰ্থাৎ ই কোনোধৰণৰ বাহ্যিক বলৰ প্ৰভাৱৰ পৰা মুক্ত। অৰ্থাৎ সাধাৰণ আপেক্ষিকতাবাদৰ মতে কোনো বলে ক্ৰিয়া নকৰিলে বস্তু এটাই তেনেভাৱেই গতি কৰে। কিন্তু পূৰ্বে নিউটনৰ ধ্ৰুপদী বলবিজ্ঞানৰ নীতি অনুসৰি ভবা হৈছিল যে বস্তু এটা মাধ্যাকৰ্ষণ বলৰ বাবেহে মুক্তভাৱে তললৈ সৰি পৰে। গতিকে সাধাৰণ আপেক্ষিকতাবাদৰ তত্ত্বটো বিশেষ আপেক্ষিকতাবাদ আৰু ধ্ৰুপদী বলবিজ্ঞানৰ পৰিপন্থী কিয়নো এই দুই তত্ত্ব অনুসৰি জড় গতিত বা কোনো বলে ক্ৰিয়া নকৰিলে বস্তু এটাৰ ত্বৰণ হ'ব নোৱাৰে। অথচ মুক্ত পতনত যিকোনো বস্তুৰ বেগ ক্ৰমান্বয়ে বাঢ়ি যায়, অৰ্থাৎ ত্বৰণ হয়। এই সমস্যাটো লাঘৱ কৰিবলৈ আইনষ্টাইনে প্ৰস্তাৱ আগবঢ়ালে যে স্থানকালৰ পৃষ্ঠখন বক্ৰ। ১৯১৫ চনত আইনষ্টাইনে তেওঁৰ ক্ষেত্ৰ সমীকৰণকেইটা আগবঢ়াইছিল য'ত স্থানকালৰ বক্ৰতাৰ সৈতে ভৰ, শক্তি আৰু ভৰবেগৰ সম্পৰ্ক দেখুওৱা হৈছে।

সাধাৰণ আপেক্ষিকতাবাদৰ কেইটামান ফলাফল হৈছে:

  • গভীৰ মহাকৰ্ষণিক ক্ষেত্ৰত ঘড়ীৰ বেগ কমে। ইয়াক মহাকৰ্ষৰ্ণিক সময় প্ৰসাৰণ বোলা হয়।
  • কক্ষপথবোৰে এনেভাৱে গতি কৰে যিটো নিউটনৰ মাধ্যাকৰ্ষণ তত্ত্ব অনুসৰি হ'ব নালাগিছিল (বুধ গ্ৰহ আৰু দ্বৈত পালছাৰৰ কক্ষপক্ষত এই পৰিঘটনাটো পৰিলক্ষিত হৈছে)
  • মহাকৰ্ষণিক ক্ষেত্ৰৰ উপস্থিতিত পোহৰৰ গতিপথ বেকা হয়।
  • ঘূৰ্ণীয়মান বস্তুই সিহঁতৰ গতিৰ লগে লগে স্থানকালৰ জালিকাখনৰ বিকৃতিকো আগবঢ়াই নিয়ে। এই পৰিঘটনাটোক "frame-dragging" বোলা হয়।
  • বিশ্বব্ৰহ্মাণ্ডখনৰ ক্ৰমান্বয়ে প্ৰসাৰণ হ'ব ধৰিছে আৰু অতি দূৰৰ অংশবোৰ আমাৰ পৰা পোহৰৰ বেগতকৈও বেছি বেগেৰে আঁতৰি গৈ আছে।

কাৰিকৰী দিশৰ পৰা চাব গ'লে, সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব এটা মহাকৰ্ষণৰ সূত্ৰ আৰু ই আইনষ্টাইনৰ ক্ষেত্ৰ সমীকৰণবোৰৰ ওপৰত আধাৰিত। ক্ষেত্ৰ সমীকৰণবোৰৰ সমাধান হৈছে মেট্ৰিক টেনছৰবোৰ। এই মেট্ৰিক টেনছৰবোৰে স্থানকালৰ সংস্থিতি সম্পৰ্কে ধাৰণা দিয়ে আৰু জড় অৱস্থাত বস্তু এটাই কিদৰে গতি কৰে, তাৰ ব্যাখ্যা আগবঢ়ায়।

পৰীক্ষালব্ধ সাক্ষ্য[সম্পাদনা কৰক]

আইনষ্টাইনৰ মতে আপেক্ষিকতাবাদ তত্ত্বটো "নীতিভিত্তিক তত্ত্ব"ৰ (principle-theories) অন্তৰ্গত। ইয়াত বিশ্লেষণাত্মক পদ্ধতিৰ আশ্ৰয় লোৱা হয়, অৰ্থাৎ এই তত্ত্বৰ মূল ভেটিটো আনুমানিক নহয়, বৰং অনুমানেৰে কৰা আৱিষ্কাৰৰ ওপৰতহে প্ৰতিষ্ঠিত। প্ৰাকৃতিক পৰিঘটনা এটা প্ৰত্যক্ষ কৰাৰ পিছত ইয়াৰ সাধাৰণ চৰিত্ৰসমূহ বুজিবলৈ চেষ্টা কৰা হয় আৰু এই নিৰীক্ষণখিনিক ব্যাখ্যা কৰিবলৈ গাণিতিক আৰ্হিৰ প্ৰস্তুত কৰা হয়। লগতে বিশ্লেষণ পদ্ধতিৰ জৰিয়তে পৰিঘটনাসমূহে মানি চলিবলগীয়া চৰ্তসমূহ বাছি উলিওৱা হয়। বিভিন্ন পৰিঘটনাসমূহে এই চৰ্তসমূহ মানি চলিলে আৰু তত্ত্বটোৰ সিদ্ধান্তসমূহৰ লগত মিলিলেহে ইয়াক এটা সাৰ্থক তত্ত্ব বুলি গণ্য কৰিব পৰা যায়।[7]

বিশেষ আপেক্ষিকতাবাদৰ সত্যতা পৰীক্ষা[সম্পাদনা কৰক]

মাইকেলশ্বন-মৰ্লি পৰীক্ষাটোৰ চিত্ৰ

ইয়াৰ ভৱিষ্যৎবাণীবোৰৰ সত্যতা ব্যৱহাৰিকভাৱে পৰীক্ষা কৰি চাব পাৰি। বিশেষ আপেক্ষিকতাবাদৰ ক্ষেত্ৰত ব্যৱহাৰিক পৰীক্ষা কৰি চাব পৰা বিষয়কেইটা হৈছে- আপেক্ষিকতাবাদৰ নীতি, পোহৰৰ বেগৰ ধ্ৰুৱকত্ব আৰু সময় প্ৰসাৰণ। ১৯০৫ চনত আইনষ্টাইনে বিশেষ আপেক্ষিকতাবাদ তত্ত্বটো আগবঢ়োৱাৰ পিছৰে পৰা ইয়াৰ ভৱিষ্যৎবাণীবোৰ বহুবাৰ সত্য প্ৰমাণিত হৈছে। কিন্তু এই তত্ত্বটোৱে স্বীকৃতি পাবলৈ ১৮৮১ চনৰ পৰা ১৯৩৮ চনৰ ভিতৰত সম্পন্ন হোৱা তিনিটা পৰীক্ষা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। এই পৰীক্ষা তিনিটা হৈছে- মাইকেলশ্বন-মৰ্লি পৰীক্ষা, কেনেডি-থৰ্নডিকে পৰীক্ষা আৰু ইভছ্-ষ্টিলৱেল পৰীক্ষা। ১৯০৫ চনত আইনষ্টাইনে প্ৰথম নীতিকেইটাৰ পৰা লৰঞ্জ ৰূপান্তৰবোৰ নিৰ্ণয় কৰিছিল, কিন্তু এই তিনিটা পৰীক্ষাইহে লৰেঞ্জ ৰূপান্তৰকেইটাক ব্যৱহাৰিক দিশৰ পৰা বাস্তৱসন্মত বুলি সাৱ্যস্ত কৰিছিল।

ধ্ৰুৱীয় বিদ্যুৎচুম্বকীয় তত্ত্বৰ মূল ভেটিস্বৰূপ মেক্সৱেলৰ সমীকৰণকেইটাই পোহৰক এক নিৰ্দিষ্ট বেগেৰে যোৱা তৰংগ বুলি গণ্য কৰিছিল। আজিৰ আধুনিক দৃষ্টিকোণৰ পৰা এইটো সুস্পষ্ট যে পোহৰক পৰিবহণৰ বাবে কোনো মাধ্যম নালাগে। কিন্তু মেক্সৱেল আৰু তেওঁৰ সমসাময়িক লোকসকল এইটো কথাত পতিয়ন গৈছিল যে পোহৰৰ তৰংগবোৰ কিবা এটা মাধ্যমৰ মাজেৰেহে পৰিবহণ কৰে, ঠিক যিদৰে শব্দ বায়ুৰ মাজেৰে যায় বা পুখুৰীৰ ওপৰিভাগৰ জলপৃষ্ঠৰে ঢৌ এটা পাৰ হয়। পোহৰ পাৰ হোৱা এই আনুমানিক মাধ্যমটোক তেওঁলোকে আলোকীয় ইথাৰ বুলি কৈছিল আৰু ধৰি লৈছিল যে এই মাধ্যমটো সুস্থিৰ তৰাবোৰৰ সাপেক্ষে স্থিতিশীল আৰু পৃথিৱীখনো ইথাৰৰ মাজেৰেই গতি কৰে। ফ্ৰে'নেলৰ আংশিক ইথাৰ বিচ্যুতিৰ অনুমানটোৱে প্ৰথম মাত্ৰাৰ () প্ৰভাৱটো নাকচ কৰিলে। দ্বিতীয় মাত্ৰাৰ () প্ৰভাৱ দেখাটো অসম্ভৱ নহয় যদিও মেক্সৱেলে ইয়াক এইবুলি নাকচ কৰিছিল যে তেতিয়াৰ প্ৰযুক্তিৰে এইটো ধৰা পেলাবলৈ ইয়াৰ মান যথেষ্ট সৰু।[8][9]

মাইকেলশ্বন-মৰ্লিৰ পৰীক্ষাটোৰে "ইথাৰ বতাহ"ৰ এই দ্বিতীয় মাত্ৰাৰ প্ৰভাৱটো ধৰা পেলাবলৈ, অৰ্থাৎ পৃথিৱীৰ সাপেক্ষে ইথাৰ বতাহৰ গতিবেগ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা হৈছিল। পৰীক্ষাটো সম্পন্ন কৰিবলৈ মাইকেলশ্বনে "মাইকেলশ্বন ইন্টাৰফে'ৰ'মিটাৰ" নামৰ সঁজুলি এটাৰ আৰ্হি প্ৰস্তুত কৰিছিল। ইথাৰৰ বতাহৰ মান ধৰা পেলাবলৈ সঁজুলিটো যথেষ্ট সূক্ষ্মতাসম্পন্ন আৰু সংবেদনশীল আছিল। কিন্তু ১৮৮১ চনত প্ৰথমবাৰৰ বাবে তেওঁ পৰীক্ষাটো কৰি চোৱাত, আৰু ১৮৮৭ চনত পুনৰবাৰ কৰি চোৱাৰ পিছতো কোনোধৰণৰ ফলাফল পোৱা নগ'ল। ইথাৰ বতাহক ধৰা পেলাবলৈ সক্ষম নোহোৱাটো হতাশাজনক আছিল যদিও বৈজ্ঞানিক মহলে ইয়াৰ ফলাফলটো আঁকোৱালি লৈছিল। ইথাৰৰ ধাৰণাটোৰ অস্তিত্ব ৰক্ষা কৰিবলৈ ফিটজাৰে'ল্ড আৰু লৰে'ঞ্জ নামৰ বিজ্ঞানী দুজনে পৃথকে পৃথকে এটা অনুমান আগবঢ়াইছিল, যিটো অনুমান অনুসৰি ইথাৰৰ মাজেৰে বস্তু এটাই গতি কৰিলে ইয়াৰ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। এইটোৱেই "ফিটজাৰে'ল্ড-লৰেঞ্জ্ সংকোচন" ধাৰণাটোৰ আৰম্ভণি আছিল, যদিও তেওঁলোকৰ এই অনুমানটোৰ কোনো তাত্ত্বিক ভিত্তি নাছিল। মাইকেলশ্বন-মৰ্লি পৰীক্ষাটোত একো ধৰা নপৰাই এইটোকে সূচায় যে পোহৰে এটা বিন্দুৰ পৰা এপাক ঘূৰি আহি পুনৰ সেইটো বিন্দু পাওতে লগা সময়টো অদিশী (অৰ্থাৎ দিশৰ ওপৰত নিৰ্ভৰ নকৰে)।[10][11]

সমাৱৰ্তন পটিৰ সৈতে কেনেডি-থৰ্নডিকে পৰীক্ষাৰ চিত্ৰ

মাইকেলশ্বন-মৰ্লিৰ ঐতিহাসিক পৰীক্ষাটোৱে পোহৰৰ বেগক অদিশী বুলি ক'লে যদিও জড় প্ৰণালীৰ সলনি হোৱাৰ লগে লগে বেগৰ কিদৰে পৰিৱৰ্তন হয় (যদি হয়), সেইসম্পৰ্কে একো নক'লে। এই কামটোকে কৰিবলৈ কেনেডি-থৰ্নডিকে পৰীক্ষাটো প্ৰস্তুত কৰা হৈছিল। পৰীক্ষাটো ১৯৩২ চনত ৰয় কেনেডি আৰু এডৱাৰ্ড থৰ্নডিকে'ই পোনপ্ৰথমবাৰৰ বাবে সম্পন্ন কৰিছিল। তেওঁলোকেও একো প্ৰভাৱ ধৰা পেলাব নোৱাৰিলে আৰু এইটো সিদ্ধান্তলৈ আহিল যে "জড় প্ৰণালী সলনিয়ে একো প্ৰভাৱ নেপেলায়… যদিহে মহাকাশত সৌৰজগতৰ বেগ, পৃথিৱীৰ কক্ষপথত ইয়াৰ বেগৰ আধাতকৈ বেছি নহয়"। এটা গ্ৰহণযোগ্য ব্যাখ্যা আগবঢ়াবলৈ এইটো খুব মিলি যোৱা সম্ভাৱিতা বুলি ভবা হৈছিল। গতিকে তেওঁলোকৰ পৰীক্ষাটোৰ শূন্য ফলাফলে এইটো প্ৰতিষ্ঠিত কৰালে যে পোহৰে এপাক ঘূৰি আহোতে লগা সময় যিকোনো জড় প্ৰণালীতে একে।

১৯৩৮ চনত পোনপ্ৰথমবাৰৰ বাবে আৰু ১৯৪১ চনত অধিক নিখুঁতকৈ পুনৰবাৰ ইভছ্-ষ্টিলৱেল পৰীক্ষাটো কৰা হৈছিল। পৰীক্ষাটো সম্পন্ন কৰিছিল হাৰ্বাৰ্ট ইভ্ছ্ আৰু জি. আৰ. ষ্টিলৱেলে। এই পৰীক্ষাটোৰ উদ্দেশ্য আছিল অনুপ্ৰস্থ লোহিত বিচ্যুতিৰ জোখ লোৱা- অৰ্থাৎ গতিশীল উৎস এটাৰ পৰা ইয়াৰ বেগৰ লম্বদিশত হোৱা পোহৰৰ লোহিত বিচ্যুতি, যিটো আইনষ্টাইনে ১৯০৫ চনতে ভৱিষ্যদ্বাণী কৰি গৈছিল। পৰীক্ষাৰ পদ্ধতিটো আছিল, ধৰা পৰা ডপলাৰ সৰণৰ সৈতে ধ্ৰুপদী তত্ত্বৰ মতে হোৱা সৰণৰ তুলনা কৰা আৰু তাৰ দ্বাৰা এটা লৰেঞ্জ গুণিতকৰ শুধৰণি বিচৰা। তেনে এটা শুধৰণি সঁচাকৈয়ে ধৰা পৰিছিল আৰু ইয়াৰ পৰা এইটো সিদ্ধান্তত উপনীত হোৱা গৈছিল যে বিশেষ আপেক্ষিকতাবাদে কোৱা ধৰণেই গতিশীল পাৰমাণৱিক ঘড়ী এটাৰ কম্পনাংক সলনি হৈছে।

এই পৰীক্ষাবোৰ ইতিমধ্যে বহুবাৰ কৰি চোৱা হৈছে। ইয়াৰ উপৰিও উচ্চ বেগত আপেক্ষিকীয় শক্তি আৰু ভৰবেগৰ বৃদ্ধি, সময় প্ৰসাৰণৰ ব্যৱহাৰিক পৰীক্ষা আৰু লৰেঞ্জ বিৰুদ্ধাচৰণৰ সন্ধান- ইত্যাদি পৰীক্ষাসমূহৰ নাম উল্লেখ কৰিব পাৰি।

সাধাৰণ আপেক্ষিকতাবাদৰ সত্যতা পৰীক্ষা[সম্পাদনা কৰক]

সাধাৰণ আপেক্ষিকতাবাদৰ সত্যতাও বহুবাৰ পৰীক্ষা কৰি চোৱা হৈছে। এইবোৰৰ ভিতৰত সূৰ্য্যৰ পৰা বুধৰ কক্ষপথলৈ নিকটতম দূৰত্বৰ (perihelion) নিখুঁত অনুমান, সূৰ্য্যৰ দ্বাৰা পোহৰৰ গতিপথৰ বিকৃতি, পোহৰৰ মহাকৰ্ষণিক লোহিত বিচ্যুতি ইত্যাদি পৰীক্ষাসমূহৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। আন কিছুমান পৰীক্ষাৰ দ্বাৰা সমতুল্যতা নীতি, প্ৰণালী-টান (frame-dragging) ইত্যাদিৰ সত্যতাও সাৱ্যস্ত কৰা হৈছে।

আধুনিক প্ৰয়োগসমূহ[সম্পাদনা কৰক]

তাত্ত্বিক দিশটোৰ প্ৰতি থকা আগ্ৰহৰ বাদেও ব্যৱহাৰিক আভিযান্ত্ৰিক প্ৰয়োগসমূহত আপেক্ষিকীয় প্ৰভাৱসমূহৰ গুৰুত্ব আছে। কৃত্ৰিম উপগ্ৰহবোৰ পৃথিৱীপৃষ্ঠৰ স্থিৰ ব্যৱহাৰকাৰী এজনৰ সাপেক্ষে আপেক্ষিক গতিত চলে। গতিকে আপেক্ষিকতাবাদ তত্ত্বৰ নীতি অনুসৰি উপগ্ৰহটো এটা পৃথক প্ৰসংগ প্ৰণালীত পৰে। সেইবাবে কৃত্ৰিম উপগ্ৰহই আগবঢ়োৱা জোখ-মাখসমূহত আপেক্ষিকীয় প্ৰভাৱক অন্তৰ্ভুক্ত কৰিবলগীয়া হয়। জি পি এছ, GLONASS আৰু আহিবলগীয়া গেলিলিঅ'ৰ দৰে গোলকীয় স্থান-নিৰূপক ব্যৱস্থাসমূহত সেইবাবে সঠিক মান পাবলৈ আপেক্ষিকীয় প্ৰভাৱ যেনে- পৃথিৱীৰ মহাকৰ্ষণ ক্ষেত্ৰখনৰ প্ৰভাৱ সামৰি লোৱা হয়। আপেক্ষিকীয় প্ৰভাৱক আওকাণ কৰিব গ'লে ইলেক্ট্ৰন অণুৱীক্ষণ যন্ত্ৰ, কণিকা ত্বৰক আদি বহু আহিলাই সঠিকভাৱে কাম নকৰা হ'ব।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Will, Clifford M (August 1, 2010). "Relativity". Grolier Multimedia Encyclopedia. http://gme.grolier.com/article?assetid=0244990-0। আহৰণ কৰা হৈছে: 2010-08-01. 
  2. Will, Clifford M (August 1, 2010). "Space-Time Continuum". Grolier Multimedia Encyclopedia. http://gme.grolier.com/article?assetid=0272730-0। আহৰণ কৰা হৈছে: 2010-08-01. 
  3. Will, Clifford M (August 1, 2010). "Fitzgerald–Lorentz contraction". Grolier Multimedia Encyclopedia. http://gme.grolier.com/article?assetid=0107090-0। আহৰণ কৰা হৈছে: 2010-08-01. 
  4. Planck, Max (1906), "Die Kaufmannschen Messungen der Ablenkbarkeit der β-Strahlen in ihrer Bedeutung für die Dynamik der Elektronen (The Measurements of Kaufmann on the Deflectability of β-Rays in their Importance for the Dynamics of the Electrons)", Physikalische Zeitschrift খণ্ড 7: 753–761 
  5. Miller, Arthur I. (1981), Albert Einstein's special theory of relativity. Emergence (1905) and early interpretation (1905–1911), প্ৰকাশক Reading: Addison–Wesley, ISBN 0-201-04679-2 
  6. Greene, Brian. "The Theory of Relativity, Then and Now". http://www.smithsonianmag.com/innovation/theory-of-relativity-then-and-now-180956622/?no-ist। আহৰণ কৰা হৈছে: 2015-09-26. 
  7. Einstein, Albert (November 28, 1919). "Time, Space, and Gravitation". The Times. 
  8. Maxwell, James Clerk (1880), "On a Possible Mode of Detecting a Motion of the Solar System through the Luminiferous Ether", Nature খণ্ড 21 (535): 314–315, doi:10.1038/021314c0, Bibcode 1880Natur..21S.314. 
  9. Pais, Abraham (1982). "Subtle is the Lord ...": The Science and the Life of Albert Einstein (1st সম্পাদনা). প্ৰকাশক Oxford: Oxford Univ. Press. পৃষ্ঠা. 111–113. ISBN 0192806726. 
  10. Robertson, H.P. (July 1949). "Postulate versus Observation in the Special Theory of Relativity". Reviews of Modern Physics খণ্ড 21 (3): 378–382. doi:10.1103/RevModPhys.21.378. http://cds.cern.ch/record/1061896/files/RevModPhys.21.378.pdf. 
  11. Taylor, Edwin F.; John Archibald Wheeler (1992). Spacetime physics: Introduction to Special Relativity (2nd সম্পাদনা). প্ৰকাশক New York: W.H. Freeman. পৃষ্ঠা. 84–88. ISBN 0716723271. 

অতিৰিক্ত পঠনসামগ্ৰী[সম্পাদনা কৰক]

  • Einstein, Albert (2005). Relativity: The Special and General Theory. Translated by Robert W. Lawson (The masterpiece science সম্পাদনা). প্ৰকাশক New York: Pi Press. ISBN 0131862618. 
  • Einstein, Albert. Relativity: The Special and General Theory. প্ৰকাশক 1920: Henry Holt and Company. https://www.ibiblio.org/ebooks/Einstein/Einstein_Relativity.pdf. 
  • Einstein, Albert; trans. Schilpp; Paul Arthur (1979). Albert Einstein, Autobiographical Notes (A Centennial সম্পাদনা). প্ৰকাশক La Salle, Ill.: Open Court Publishing Co.. ISBN 0875483526. 
  • Einstein, Albert (2009). Einstein's Essays in Science. Translated by Alan Harris (Dover সম্পাদনা). প্ৰকাশক Mineola, N.Y.: Dover Publications. ISBN 9780486470115. 
  • Einstein, Albert (1956) [1922]. The Meaning of Relativity (5 সম্পাদনা). Princeton University Press. 
  • The Meaning of Relativity Albert Einstein: Four lectures delivered at Princeton University, May 1921
  • How I created the theory of relativity Albert Einstein, December 14, 1922; Physics Today August 1982
  • Relativity Sidney Perkowitz Encyclopædia Britannica

বাহ্যিক সংযোগ[সম্পাদনা কৰক]