কমলেশ্বৰ বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কমলেশ্বৰ বৰা
225px
জন্ম ৩ অক্টোবৰ, ১৯২৭
নগাঁও, অসম, ভাৰত
মৃত্যু ৫ নৱেম্বৰ, ২০১৩
গুৱাহাটী, অসম, ভাৰত
জাতীয়তা ভাৰতীয়
প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়

কমলেশ্বৰ বৰা অসমৰ এগৰাকী শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱাৰ বিষয়া আৰু সমাজসেৱক আছিল[1]। তেওঁ কামৰূপ জিলাৰ উপায়ুক্ত, শিক্ষা বিভাগৰ আয়ুক্ত সচিব আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল[2] [3] [4] [5]

জন্ম আৰু শিক্ষাজীৱন[সম্পাদনা কৰক]

কমলেশ্বৰ বৰাৰ জন্ম হৈছিল ১৯২৭ চনৰ ৩ অক্টোবৰত নগাঁৱৰ ফৌজদাৰীপট্টিত [6]। নগাঁৱৰ চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত বৰাই ১৯৪৪ চনত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ ১৯৪৬ চনত নগাঁও মহাবিদ্যালয়ৰ পৰাই আই.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৪৮ চনত কটন কলেজত ভৰ্তি হয়[7]। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক প্ৰথম বৰ্ষৰ ছাত্ৰ হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে[8]। ১৯৫০ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ছাত্ৰ অৱস্থাত তেওঁ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হোৱাৰ লগতে ক্ৰিকেট খেলুৱৈ হিচাপে একাধিকবাৰ ৰাজ্যৰ বাহিৰত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৫০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত কমলেশ্বৰ বৰাগোলাঘাটদেৱৰাজ ৰয় মহাবিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে যদিও ১৯৫৩ চনত অসম প্ৰশাসনিক সেৱালৈ নিৰ্বাচিত হৈ ১৯৫৪ চনৰ জুলাইত প্ৰশাসনিক বিষয়া হিচাপে যোগদান কৰে[9]। পিছলৈ তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ মনোনীত হৈ কামৰূপ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৭ চনত তেওঁ শিক্ষা বিভাগৰ আয়ুক্ত সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ১৯৮৭ চনত যোগ দি ১৯৯২ চনলৈকে কাৰ্যনিৰ্বাহ কৰে। উপাচাৰ্যৰ পদৰ পৰা অৱসৰ গ্ৰহণৰ পিছত বৰা অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ১৯৯৯ চনৰ পৰা ২০০২ চনলৈ বৰা বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য হিচাপে মনোনীত হৈছিল।

কমলেশ্বৰ বৰাই একাধিকবাৰ অসম পেঞ্চনাৰ সন্থাৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে মৃত্যু পৰ্যন্ত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি হৈ আছিল। এগৰাকী সমাজহিতৈষী সুবক্তা হিচাপে পৰিচিত বৰাৰ অসমীয়াৰ লগতে ইংৰাজী আৰু বাংলা ভাষাতো দখল আছিল[10]

মৃত্যু[সম্পাদনা কৰক]

২০১৩ চনৰ জানুৱাৰীত কমলেশ্বৰ বৰাৰ উচ্চ ৰক্তচাপজনিত কাৰণত মগজুৰ ষ্ট্ৰ'ক হোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল। একে বছৰৰে ৫ নৱেম্বৰৰ পুৱা বৰা হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ জি আন আৰ চি হস্পিটেলত মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ আৰু এগৰাকী কন্যাক এৰি গৈছে।


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://amarasom.glpublications.in/Details.aspx?id=15526&boxid=131410734 আমাৰ অসম , ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩
  2. http://anax1b.pressmart.net/asomiya/PUBLICATIONS/AS/AS/2013/11/06/ArticleHtmls/06112013001032.shtml?Mode=1 অসমীয়া প্ৰতিদিন, ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩
  3. http://www.assamtribune.com/scripts/detailsnew.asp?id=nov0613/at09 দ্য আসাম ট্ৰিবিউন
  4. http://www.sentinelassam.com/ghy_city/story.php?sec=1&subsec=0&id=174648&dtP=2013-11-06&ppr=1#174648 দ্য চেন্টিনেল
  5. http://www.assamtribune.com/epaper/nov0613/at05.html দ্য আসাম ট্ৰিবিউন
  6. http://anax1b.pressmart.net/asomiya/PUBLICATIONS/AS/AS/2013/11/06/ArticleHtmls/06112013008040.shtml?Mode=1 অসমীয়া প্ৰতিদিন, ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩
  7. http://amarasom.glpublications.in/Details.aspx?id=15526&boxid=131410734 আমাৰ অসম , ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩
  8. http://anax1b.pressmart.net/asomiya/PUBLICATIONS/AS/AS/2013/11/06/ArticleHtmls/06112013008040.shtml?Mode=1 অসমীয়া প্ৰতিদিন, ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩
  9. http://amarasom.glpublications.in/Details.aspx?id=15536&boxid=125133343 আমাৰ অসম , ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩
  10. http://amarasom.glpublications.in/Details.aspx?id=15536&boxid=125133343 আমাৰ অসম , ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩