কল
কল (ইংৰাজী: Banana) 'মুছেছি' পৰিয়ালৰ অন্তৰ্গত 'মুছা' জাতৰ বিভিন্ন ধৰণৰ বৰ্ণসংকৰ আৰু সাধাৰণ প্ৰজাতিৰ কল পোৱা যায়৷ পৃথিৱীৰ গ্ৰীষ্মপ্ৰধান অঞ্চলত এই ফলৰ যথেষ্ট ব্যৱসায়িক গুৰুত্ব আছে৷ ইণ্ডো-মালয়েছিয়াৰ পৰা উত্তৰ অষ্ট্ৰেলিয়ালৈকে ব্যাপ্ত অঞ্চলটোকে কলৰ জন্ম ঠাই বুলি জনা যায়৷ বৰ্তমান সময়ত পৃথিৱীৰ সকলো সেমেকা গৰম জলবায়ু অঞ্চলত ইয়াৰ খেতি কৰা হয়৷ [1]

সূচী
উৎপত্তিস্থল[সম্পাদনা কৰক]
পৃথিৱীত প্ৰায় ২৮ নিযুত টন মান কল উৎপাদিত হয়৷
লেটিন আমেৰিকা | ৬৫% |
দক্ষিণ-পূব এচিয়া | ২৭% |
আফ্ৰিকা | ৭% |
ব্যৱহাৰ[সম্পাদনা কৰক]
পকা কলৰ উপৰিও পচলা,কলডিল বা কেঁচা কলো পৃথিৱীৰ বিভিন্ন অঞ্চলত খাদ্য হিচাপে ব্যৱহাৰ হয়৷ পকা কল খোৱাৰ উপৰিও তাৰপৰা কলৰ গুৰি,চকলা আদি তৈয়াৰ কৰি সাঁচি খোৱা হয়৷ পাচলি হিচাপে ব্যৱহাৰ কৰা কল বিভিন্ন ঠাইত সিজাই,পুৰি বা ভাজি খায়৷ উগাণ্ডা,টাঞ্জানিয়া আদি দেশত প্ৰধান খাদ্য হিচাপে কল ব্যৱহাৰ কৰে৷ কলৰ শুকান গুৰি আৰু মণ্ডৰ কেঁচুৱাৰ খাদ্য হিচাপে বজাৰত যথেষ্ট চাহিদা আছে৷ কলৰ মিঠা গোন্ধৰ বাবে ইয়াক আইছক্ৰিম প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়৷ কলৰ গা-গছৰ ভিতৰ অংশত ১% শৰ্কৰা,০.৬৮% আঁহযুক্ত খাদ্য আৰু ১% ছাই থাকে৷ গা-গছ আৰু পাতৰপৰা প্ৰস্তুত কৰা কলাখাৰ বিভিন্ন পাচলি ৰান্ধোতে ব্যৱহাৰ কৰে৷ কলৰ প্ৰতি ১০০ গ্ৰাম ছাইত থকা উপাদানসমূহ -
উপাদান | মিলিগ্ৰাম |
---|---|
পটাছিয়াম | ২৫৫ |
মেগনেছিয়াম | ২৭ |
ফছফৰাছ | ৩৩ |
কেলছিয়াম | ৬.৬ |
ছ'ডিয়াম | ৫১ |
ঔষধ হিচাপে[সম্পাদনা কৰক]
সকলো কলৰ ভিতৰত ভীমকলেই পৰিপুষ্টিৰ ক্ষেত্ৰত সৰ্বোত্তম বুলি ধৰা হয়৷ মূত্ৰনলীৰ জ্বলা-পোৰা,প্ৰসাৱ ৰঙচুৱা হোৱা আদি বেমাৰত ভীমকলৰ শিপাৰ ৰস আটাইতকৈ উত্তম আৰু ফলদায়ক৷ পূৰঠ গছৰ শিপা দহ-বাৰডালমান খান্দি উলিয়াই,পৰিষ্কাৰকৈ ধুই ল'ব লাগে৷ সেই শিপা খুন্দি ৰসখিনি উলিয়াব লাগে৷ প্ৰায় ৫০ গ্ৰাম ৰস ২০০ গ্ৰাম কেঁচা গৰুৰ গাখীৰৰ লগত মিহলাই পুৱা খালী পেটত কাব লাগে৷ ইয়াৰ পাৰ্শ্বক্ৰিয়া নাই যদিও গৰ্ভৱতী মহিলাই ব্যৱহাৰ কৰাটো অনুচিত৷
খাদ্য হিচাপে[সম্পাদনা কৰক]
গুৰ[সম্পাদনা কৰক]
পকা ভীমকলৰ পৰা গুৰ তৈয়াৰ কৰিব পাৰি৷ এক কিল'গ্ৰাম পকা ভীমকল আধা ইঞ্চি ডাঠকৈ কাটি এক লিটাৰ বিশুদ্ধ পানীত বাৰ ঘণ্টা ডুবাই ৰাখি এখন চালনীৰে কলখিনি চাকি লোৱা হয়৷ তাৰ পাছত কলৰ পানীখিনি ৪৫ মিনিট উতলালে গুৰ প্ৰস্তুত হয়৷ কলৰ পৰিমান বাঢ়িলে গুৰ তৈয়াৰ কৰোঁতে সময়ৰ তাৰতম্য হ'ব৷ ভীমকলৰ বাদে চেনিকল আৰু জাতিকলৰপৰাও গুৰ তৈয়াৰ কৰিব পাৰি৷ ভীমকলৰ গুৰৰ সোৱাদ মিঠা,চেনিকলৰ গুৰৰ সোৱাদ মিঠা-টেঙা আৰু জাতিকলৰ গুৰৰ সোৱাদ কম৷ ওজন হিচাপত এক কিল'গ্ৰাম পকা ভীমকলত ১৫০ গ্ৰাম,একে পৰিমাণৰ চেনিকল আৰু জাতিকলৰপৰা যথাক্ৰমে ৮০ গ্ৰাম আৰু ১০০ গ্ৰাম গুৰ পোৱা যায়৷ এই গুৰ কুঁহিয়াৰৰ গুৰতকৈ লেকেটিয়া হয়৷[1]
কল পচলা[সম্পাদনা কৰক]

পচলা হাঁহৰ মাংসৰ লগত ভাজি খোৱাটো বহু সম্প্ৰদায়ৰ মাজত প্ৰচলিত৷ মাছৰ লগত ভাজি খোৱা হব আৰু মচুৰ দাইলৰ লগতো ভাজি খাবলৈ সুস্বাদু ব্যঞ্জন৷ মাটিমাহৰ লগত খাৰৰ পচলা তৃপ্তিকৰ৷
বহাগ বিহুৰ সাতশাকীৰ লগত খোৱা হয়৷ বহাগ মাহৰ পহিলা সপ্তাহত কল পচলা,কঁঠালৰ মুচি খাব লাগে৷ জনবিশ্বাস মতে বহাগত পচলা খালে বছৰটোলৈ শৰীৰ ঠাণ্ডা হৈ থাকে৷ পচলাটোত পানী থাকে বাবে ,শীতল আৰু কোমল৷ সেয়ে ঠাণ্ডা গুণৰ অধিকাৰী৷ [1]
কলাখাৰ[সম্পাদনা কৰক]
খাৰ হ'ল অম্লৰ লগত ক্ৰিয়া কৰি লোন উৎপন্ন কৰা এক শ্ৰেণী ৰাসায়নিক পদাৰ্থ৷ অসমৰ মানুহে খাব পৰাকৈ খাৰ প্ৰস্তুত কৰে৷ ভীমকলৰ বাকলি ৰ'দত বা জুহালত থকা ধোঁৱাচাঙত শুকুৱাই,তাক পুনৰ জুইত পুৰি,তাৰ ছাইখিনিক পানীত দি ,সেই পানীখিনিক খাৰ বা খাৰনি বুলি কোৱা হয়৷ তদুপৰি কলগছৰ পটুৱা (বাকলি) বা মধুনাৰেও (কলগছৰ মাজৰ ডিলা বা সাৰ) একে পদ্ধতিৰে শুকুৱাই খাৰ প্ৰস্তুত কৰা হয়৷ অতীতত অসমীয়াই,বিশেষকৈ অনাৰ্যসকলে নিমখৰ সলনি আঞ্জাত খাৰ দি খাইছিল৷ সেয়ে হয়তো অনা-অসমীয়াই "খাৰখোৱা অসমীয়া" বুলি কয়৷
আঞ্জাত খাৰ ব্যৱহাৰ কৰা হয় প্ৰধানকৈ দুটা কাৰণত৷ প্ৰথমটো কাৰণ,নিমখৰ বিকল্প হিচাপে খাদ্যত খাৰ ব্যৱহাৰ কৰা হৈছিল৷ দ্বিতীয় কাৰণটো হ'ল - সততে নিসিজা শাক-পাচলিত খাৰ দিলে সোনকালে সিজে৷[1]